আমি যেতিয়া কলেজত চূড়ান্ত বৰ্ষত আছিলো সেইবছৰ ফুটবলৰ চূড়ান্ত খেলখন আছিল ৪ নং হোষ্টেল আৰু ৬ নং হোষ্টেলৰ মাজত ৷ সেই খেলখনলৈ তেতিয়াও প্ৰায় এক সপ্তাহমান বাকী ৷ দুয়ো শিবিৰত যুদ্ধ সদৃশ প্ৰস্তুতি ৷ দুয়ো শিবিৰ মানে ৫, ৬ আৰু ৭ নং হোষ্টেল এটা শিবিৰত, আনহাতে ১,২ আৰু ৪ নং হোষ্টেল আনটো শিবিৰত ৷ আমি ৫,৬,৭ৰ শিবিৰত ৷ কথা গৈ এনে পৰ্যায় পালে গৈ যে শ্ৰেণী কোঠাত এটা শিবিৰৰ ছাত্ৰই আনটো শিবিৰৰ ছাত্ৰৰ সৈতে মাত বোল কৰিবলৈকে বন্ধ কৰি দিলে ৷ পেলে (সুব্ৰত) উচ্চতৰ মাধ্যমিকৰ দিনৰে পৰা মোৰ পৰম সুহৃদ ৷ তাৰ দেউতাকে মোক আনকি উচ্চতৰ মাধ্যমিকত স্থানাংক জ্যামেতিও পঢ়াইছিল ৷ সেই পেলেহেন বন্ধুৱেও মোৰ পৰা আতৰি ফুৰা হ’ল ৷
চূড়ান্ত খেলৰ আগ নিশাৰ কথা ৷ মিচিমি ব্যস্ত হৈ
পৰিল চূড়ান্ত খেলৰ বাবে চূড়ান্ত ৰণকৌশল তৈয়াৰ কৰাত ৷ নিশাৰ
আহাৰৰ পাছত বহা সেই অতি গোপনীয় বৈঠকখনত তৈয়াৰ কৰা হৈছে প্ৰতিপক্ষৰ ওপৰত মোক্ষম
আঘাটৰ ৰূপৰেখা ৷ সেই বৈঠকত
এই কথা প্ৰতীয়মান হৈ পৰিল
যে প্ৰতিপক্ষ ইতিমধ্যে হৈ পৰিছে আমাৰ ঘোৰ
শত্ৰু ৷
মিচিমিয়ে অত্যন্ত সাৱধানতা তথা বিচক্ষণতাৰে প্ৰত্যেকজন
খেলুৱৈৰ খেলপথাৰৰ অৱস্থান এখন উকা কাগজত আকি দেখুৱালে ৷ মিচিমিয়ে বুজাই দিলে
কেনেকৈ প্ৰত্যেকেই খেল পথাৰত নিজৰ নিজৰ অৱস্থান পেলেৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি সালসলনি কৰিব
লাগিব ৷ খেল পথাৰত পেলেৰ গতি পূৰ্বানুমান কৰিব নোৱাৰা ধৰনে অত্যন্ত
ক্ষীপ্ৰ ৷ সেয়েহে পেলেৰ আশেপাশেই সকলো
পৰিকল্পনা হৈছিল ৷ ৰঞ্জিত গগৈৰ ওপৰত ন্যস্ত কৰা হৈছিল পেলেৰ ভৰিৰ পৰা বল কাঢ়ি
নিয়াৰ গুৰু দ্বায়িত্ব ৷ বাকী সকলৰ কাম আছিল মূলতঃ
পেলেৰ আশেপাশে এক নিৰন্তৰ আউল লগা পৰিবেশৰ
সৃষ্টি কৰি থোৱাৰ ৷ সকলো নিৰ্দেশনা দি সম্পূৰ্ন কৰি মিচিমিয়ে ছিগাৰেটত এটা
দীঘল হোপা মাৰি সুধিলে,‘‘সকলোৱে বুজিলিনে ?’’ এটা চিৎকাৰে কপাই তুলিলে,‘‘অঅঅঅঅঅঅঅঅঅঅঅঅ!!!’’
চূড়ান্ত খেলৰ দিনা কলেজত অৰ্ধছুটি ৷ পানবজাৰলৈ যোৱা বাছ দুপৰীয়া ১২মান বজাৰে পৰা প্ৰায় খালিকৈয়ে যাবলৈ ধৰিলে ৷ কলেজ চৌহদত এক আচহুৱা পৰিবেশ !
৬ নং হোষ্টেলৰ ১৪জন নিৰ্বাচিত খেলুৱৈয়ে শাৰী পাতি আলিবাটৰ একাষেৰে খোজ দিলে, মূল খেলপথাৰৰ দিশে ৷ প্ৰত্যেক খেলুৱৈৰ ভৰিত চেন্ডেল আৰু আমি কঢ়িয়াই নিছো তেওঁলোকৰ বুটজোতাবোৰ ৷ সেই সময়ত মিনাৰেল ৱাটাৰ নাছিল ৷ সুন্দৰবড়ীৰ পৰা গুনাভিয়ে তাৰ চাইকেলৰ কেৰীয়াৰত ওলমাই লৈ আনিলে কেই বটলমান ছ’ডাপানী ৷
আমি খোজ কাঢ়ি যাওঁতে যদিও নিশব্দে হৈ গৈ আছিলো, প্ৰত্যেকেই কিন্তু আমাৰ শত্ৰু শিবিৰৰ সদস্যসকলকে যেনেকৈ পাৰো তেনেকৈ মনৰ ভিতৰতে শাওপাতেৰে থকা সৰকা কৰি আছিলো ৷ মনত পেলাইছিলো তেওলোক তাচ্ছিল্য কৰিব পৰা সকলোবোৰ মূহুৰ্ত ৷ তাচ্ছিল্য কৰিব পৰা মূহুৰ্ত যেনে কোনো অধ্যাপকে শ্ৰেণী কোঠাত কৰা অপমান বা বিশ্ববিদ্যালয়ৰ কোনো সম্ভাব্যা প্ৰেয়সীয়ে কৰা প্ৰত্যাখান ৷ আমাৰ হোষ্টেলৰ পৰা কলেজ খেলপথাৰৰ মাজৰ সেই ডেৰ কিলমিটাৰ দূৰত্ব সেইদিনা বৰ চমু যেন লাগিল ৷ শত্ৰুপক্ষক কৰিবলৈ লোৱা মানসিক অপমান শেষেই নহ’ল, অথচ আমি আহি পাই গ’লো খেলপথাৰ ৷
খেলপথাৰ পোৱা মাত্ৰেই পৰিস্থিতি আৰু
উত্তেজনাপূৰ্ণ হৈ পৰিল !!
আমি খেলপথাৰৰ পূব সীমাত অৱস্থান ল’লো
৷ কেন্টিনৰ দিশৰ পৰা খেলপথাৰলৈ সোমাব পৰা বাটটো আমি আমাৰ কব্জাত ল’লো ৷ আমাৰ দলৰ নায়কসকলে বীৰদৰ্পে খেলপথাৰলৈ সোমাই গ’ল
৷ তেওঁলোকৰ বুটজোতাই খেলপথাৰৰ কোমল ঘাহৰ দলিচাত কৰি তোলা শব্দই মূহুৰ্তবোৰ আৰু অধিক উত্তেজনাপূৰ্ণ কৰি তুলিলে
৷
খেলপথাৰৰ সিপাৰৰ পৰা ভাহি অহা প্ৰতিটো চিঞৰতেই আমাৰ মন আৰু মেজাজ আসন্ন বিপদৰ পূৰ্ববোধত জিকাৰ খাই উঠিবলৈ ধৰিলে ৷ আমাৰ হাতবোৰে ক্ষণে ক্ষণে জেপত থকা ‘চাৰমিনাৰ’বোৰ বিচাৰিবলৈ ধৰিলে ৷ চাৰমিনাৰ প্ৰতিটো হোপেই ইমান তীব্ৰ আছিল যে
কেতিয়াবা একোটা হোপাত চাৰমিনাৰৰ দৈৰ্ঘ এক চেন্টিমিটাৰলৈকে কমি গৈছে ৷ ৰবিন
ছৌধুৰী চাৰে এই যুদ্ধসদৃশ পৰিস্থিতিত আন এক বিসম্বাদ মুঠেও
বিচৰা নাছিল ৷ গতিকে খেলখনৰ
ৰেফাৰীজন নিৰ্বাচিত কৰা হৈছিল এক মাত্ৰ নিৰপেক্ষ বিকল্প, ৩ নং হোষ্টেলৰ
পৰা ৷
ইতিমধ্যে দুয়োটা দলৰে খেলুৱৈসকলে খেলপথাৰত
তেওঁলোকৰ অনুশীলন আৰম্ভ কৰিছে ৷ গ’লপোষ্টলৈ
সুতীব্ৰ ছট মাৰিবলৈ ধৰিছে ৷ আমি সকলোৱে
অধিৰ অপেক্ষাত ৰৈ আছো অধ্যক্ষ গোস্বামীচাৰৰ খেলুৱৈসকলৰ সৈতে আনুস্থানিক পৰিচয় আৰু
কৰমৰ্দনৰ বাবে ৷ অপেক্ষা কৰি কৰি আমি প্ৰায় অধৰ্য্য হৈ পৰিছো ৷ ভাব হ’বলৈ
ধৰিলে যেন অপেক্ষা লগাতকৈ অলপ বেছি দীঘলীয়া হৈছে ৷ হঠাতে খেলপথাৰৰ সিটো সীমাত থকা শিবিৰত এটা হুৰমুৰ পৰিস্থিতিৰ
উদ্ভব হোৱা যেন অনুমান হ’ল ৷ আমি সকলোৱে পৰম উৎসাহেৰে চালো,‘‘বোধহয় গোস্বামীচাৰ আহিছে ৷’’
আমাৰ আশাৰ বিপৰিতে গোটেই খেলপথাৰখনত ভাঁহি উঠিল এক আচৰিত শব্দ, ‘বেঁহেএএএএএএএএএ’ আৰু সেই শব্দটোৰ পাছত আৰু ভালেমান ‘বেঁহেএএএএএযএএ’ ৷ শব্দবোৰ ভাঁহি আহিছে খেলপথাৰৰ
এচুকৰ পৰা ৷ ভালকৈ মন কৰাত আমাৰ চকু পৰিল গৈ চাৰিটা ছাগলীত ৷ হাফপেন্ট, গেঞ্জী এটা পিন্ধি বিপৰীত শিবিৰৰ
সদস্য, আমাৰে লগৰ মুনিনে এহাতে এডাল এচাৰি ৷ আনহাতেএডাল ৰছীৰে টানি টানি মুনিনে সেই ছাগলীকেইটা খেলপথাৰৰ ভিতৰত ঘুৰাই
ফুৰাইছে ৷ মুনিনে মুখেৰে একো মতা নাই ৷ তথাপিও যেন মুনিনৰ সেই প্ৰদৰ্শণৰ যেন অৰ্থ
আছিল তাহাতৰ শিবিৰৰ নিৰ্ঘাট
বিজয় আৰু বিজয়ান্তৰ মহাভোজৰ আগজাননী!! মুনিনৰ এচাৰিৰ কোবত যেতিয়া
ছাগলীকেইটাই বেবাবলৈ ধৰে খেলপথাৰৰ বিপৰীত সীমাৰ পৰা ভাহি আহে আমাৰ অন্তৰ দেই-পুৰি
নিব পৰা টিটকাৰি !!
"দেখছা না ? এই মুনিন বাবুৰ
পৰা নহব আৰো । কেথেন যে ঠিক হব??’’ মই ঘুৰি চাই দেখো সেই
মন্তব্য আহিছে ইব্ৰাহিমৰ পৰা ৷ ইব্ৰাহিম আমাৰ হোষ্টেলৰ ওচৰতে থকা হোটেল এখনৰ মালিক ৷ নকলেও হ’ব আমাৰ দলৰ গোড়া সমৰ্থক ৷ মই
সুধিলো, ‘কিয়া ?’
উত্তেজিত ভাবে ইব্ৰাহিমে উত্তৰ দিলে,‘‘চাচুন । তিনটা মতা ছাগালৰ মাজত মাইকী ছাগাল কিয় ভৰে আনবা লাগে ? আনাচা যদি মতায়ে আন ৷’’
উত্তেজিত ভাবে ইব্ৰাহিমে উত্তৰ দিলে,‘‘চাচুন । তিনটা মতা ছাগালৰ মাজত মাইকী ছাগাল কিয় ভৰে আনবা লাগে ? আনাচা যদি মতায়ে আন ৷’’
আমি খেলপথাৰৰ যিটো সীমাত বহি আছিলো তাৰ প্ৰায় বিপৰীত সীমা টিঙৰ চকি পাৰি খেলখন উপভোগ কৰিবলৈ অহা
অধ্যাপকসকলৰ বাবে আসনৰ ব্যৱস্থা কৰা হ’ল
৷ ছাগলীকেইটাৰ পাছতে এই কথাটোৱে আমাক আৰু হতাশ কৰি তুলিলে ৷ ‘‘চাৰসকলেও যেন শত্ৰু শিবিৰতহে যোগ দিলে !!’’
অধ্যক্ষৰ সৈতে কৰমৰ্দনৰ আনুষ্ঠানিকতাৰ পাছতে
খেলখনৰ টছ কৰা হ’ল আৰু শুনা গ’ল ৰেফাৰীৰ হুইছেলৰ
শব্দ ৷ খেল আৰম্ভ হ’ল ৷
আক্ৰমণ আৰু প্ৰত্যাক্ৰমণত খেলখন চৰম
উত্তেজনাপূৰ্ণ হৈ উঠিল ৷ নিজৰ মনবোৰৰ ওপৰত কাবু কৰিব নোৱাৰা ধৰনৰ পৰিস্থিতি এটাৰ
সৃষ্টি হ’ল ৷ বল যেনেকৈ খেলপথাৰৰ এটা মূৰৰ পৰা আন এটা মূৰলৈ ঘুৰি ফুৰিব ধৰিলে আমাৰ চকু তথা মনবোৰে বলটোৰ
পাছে পাছে দৌৰিবলৈ ধৰিলে ৷
ৰবিন ছৌধুৰী চাৰ এনে পৰিস্থিতিৰ লগত আগতেও মোকাবিলা কৰিছে ৷ চাৰে খেলখনৰ
এজন লাইনমেন ১ নং হোষ্টেলৰ পৰা আৰু আন জন ৭নং হোষ্টেলৰ পৰা নিৰ্বাচিত কৰি থৈছিল, অৰ্থাৎ এটা শিবিৰৰ পৰা এজন কৈ লাইনমেন ৷ ৭নং হোষ্টেলৰ লাইনমেনজনে ‘হেডমাষ্টৰ’ সদৃশ ভংগীমা এটা লৈ লাইনৰ কাষত ঠিয় দি ৰ’ল ৷ তেওঁ খেলপথাৰখনৰ যিটো সীমাত আছিল আমিও সেই সীমাতেই আছিলো ৷ তথাপিও
আমাৰ শিবিৰৰে লাইনমেনে আমাৰ দিশে এবাৰো ঘুৰি নাচালে ৷ আমাৰ লাইনমেজনে আমাৰ পৰা প্ৰথম গালিটো খাওঁতে বেছি পৰ নালাগিল
৷ কমল মজুমদাৰৰ ক্ষণিকৰ বাবে হোৱা অফচাইডটো আমাৰ লাইনমেনে ধৰি দিলে ৷ শত্ৰুপক্ষক
প্ৰথমটো গ’ল দিয়াৰ পৰা আমি বঞ্চিত হ’লো ৷ গালিটো খাবই লাগিব
লাইনমেনে! খেলপথাৰত কেন্টিনৰ দিশ মানে আমিৰ দিশৰ পৰা শুনা গ’ল ‘উউউউউফফফফফ!!!!’ আনহাতে আনটো দিশৰ পৰা শুনা গ’ল ‘হঅঅঅঅঅঅ’ বুলি
শব্দ এটাৰ লগতে সুহুৰি আৰু ‘বাল্টি বাদন’ৰ কোলাহল ৷
খেল চলি থকাৰ মাজতে এপাকত পেলেয়ে শত্ৰু পক্ষৰহৈ
প্ৰথমটো গ’ল দি দিলে ৷ গ’ল হোৱাৰ কাৰন তেনেই সাধাৰণ আছিল ৷ আগ নিশা মিচিমিয়ে নিৰ্দেশ দিয়াৰ
দৰে ‘ৰঞ্জিব গগৈয়ে পেলেৰ ভৰিৰ পৰা বল কাঢ়ি নিব’ নোৱাৰিলে আৰু ‘বাকী খেলুৱৈ সকলে পেলেৰ আশে পাশে এক নিৰন্তৰ
আউল লগা পৰিবেশৰ সৃষ্টি কৰি ৰাখিব’
নোৱাৰিলে ৷
সেই দুৰ্যোগতেই অনুভব কৰিলো বিষাদ, হতাশা আৰু পৰাভূত হোৱাৰ পৰিস্থিতিত মানব জীৱন মুহূৰ্ততে তচ-নচ হৈ যাব পাৰে ৷ সেই মুহূৰ্তত ভাব হৈছিল এই আমাৰ এই মানব জীৱন ব্যৰ্থতাৰ অন্য
এক নাম মাথো ! খেলপথাৰৰ কেন্টিনৰ সীমাত থকা
প্ৰায় প্ৰতিজন দৰ্শকৰেই হাতে মুৰ আৰু কপালত
৷ আন হাতে খেলপথাৰৰ আনটো সীমাত প্ৰায় প্ৰতিজন দৰ্শকৰে হাতে আকাশৰ দিশে দেখুৱাই
কিবা কিবি উল্লাসৰ অংগী-ভংগী কৰি আছে ৷ অকল অংগী-ভংগীয়ে নে ? তেওঁলোকে অলেখ ধৰনৰ শব্দৰো সৃষ্টি কৰিছে ৷ কেনেকৈ, ক’ৰ পৰা সেইবোৰৰ উৎপত্তি হৈ আছে নাজানো ৷ কিন্তু শব্দবোৰ যথেষ্ট ফলপ্ৰসূ হৈছে ৷ সেই শব্দবোৰে
যেন জ্বলা জুইত ঘিঁউহে ঢালিছে ৷
গ’লৰ পাছত আকৌ খেল আৰম্ভ হ’ল
৷ চুটি চুটি পাছ, মাজে মাজে বলত তীব্ৰ ছট ৷ খেলে আকৌ
উত্তেজনাপূৰ্ণ ৰূপ ল’লে ৷ এনে লাগিল যেন খেলুৱৈসকল সৰুতে
বাগানত দেখা কুকুৰা যুজৰ একোটা একোটা মতা কুকুৰাহে ! আমি
খেলুৱৈসকলক যিমানে পাৰো যেনেকৈ
পাৰো
উত্তেজিত কৰিবলৈ যত্ন কৰিছো,‘নেৰিবি, নেৰিবি !’ আৰু ইয়াত
উল্লেখ কৰিব নোৱাৰা অনেক উৎসাহ যোগাব পৰা কথা বা শব্দৰে ৷
ইতিমধ্যে আমাৰ শিবিৰত থকা ছাৰমিনাৰবোৰ শেষ হৈ
আহিবলৈ ধৰিছে ৷ ইফালে সিফালে চালো ৷ আমাৰ সকলো
চাল-চলন বুজি পোৱা ইব্ৰাহিমে মাত লগালে,‘বিড়ি আছে...দিম নাকি ?’
চাই থাকোতেই ৰেফাৰীৰ দুটা ঈষৎ দীঘলীয়া হুইছেলে খেলখনৰ প্ৰথমাৰ্ধৰ অন্ত পেলালে ৷ আমি
খেলপথাৰৰ পৰা ওলাই অহা আমাৰ খেলুৱৈসকলক ঘেৰি ধৰিলো ৷ গুনাভি আৰু ইব্ৰাহিম ছডাৰ
বটলত গ্লুক’জ আৰু নিমখ মিহলোৱাত ব্যস্ত হৈ পৰিল ৷ মিচিমি ব্যস্ত হ’ল পুনৰ ৰণকৌশল তৈয়াৰ কৰাত ৷ খৰতকীয়াকৈ খেলুৱৈসকলক নিৰ্দেশনা দিব ধৰিলে ৷
তেওঁ কমল মজুমদাৰক ক’লে,‘‘পেলেৰ ওচৰত তোমাৰ
কি কাম ? তুমি হৈছা গ’ল দিয়া মানুহ, গ’ল দিবা ৷ বল ৰিছিভ কৰিবা ৷ তাৰ পাছত হয় গ’ল দিবা, নহয় পাছ দিবা ৷’’ কমলে তাৰ স্বভাবসিদ্ধ ভঙ্গিমাৰে মিচিমিক সুধিলে,‘‘কাক পাছ দিম ?’’ প্ৰশ্ন শুনি মিচিমি কিছুপৰ তভক মাৰি ৰ’ল ৷ ইতিমধ্যে
ইব্ৰাহিম আৰু গুনাভিৰ ছোডাই কমলক নাক মোহাৰিবলৈ বাধ্য কৰাইছে ৷ মিচিমিয়ে কমলক ক’লে,‘‘যাকে দিয়া দিবা, কিন্তু
সাবধান পেলেক বল নিদিবা ৷’’ এইখিনি কৈ মিচিমি ব্যস্ত হ’ল আন আন খেলুৱৈক শেষ মিনিটৰ উপদেশ দিয়াত ৷
বিৰতিৰ পাছত পুনৰ খেল আৰম্ভ হ’ল ৷ ৰঞ্জন ভূঞা, গুনাভি আৰু মই দৰ্শকৰ পৰা আতৰি আহিলো ৷ ক’ৰবাত বহি অকনমান জিৰণি ল’ব খুজিলো ৷ আমাৰ কেইজনমান খেলুৱৈৰ প্ৰদৰ্শনত গুনাভি বাৰুকৈয়ে বিতুষ্ট হৈ আছিল ৷ সি সেই খেলুৱৈ কেইজনৰ ক্ষুৰধাৰ সমালোচনা আৰম্ভ কৰিলে ৷ গুনাভিৰ কথা শুনি শুনি মই বিশেষজ্ঞ মতামত ব্যক্ত কৰিবলৈ ওলাওঁতেই এক আচম্বিত কোলাহলে খেলপথাৰত তোলপাৰ লগালে,‘গঅঅঅঅললললল!!!’ একো বুজি নোপোৱাকৈ সাম্ভাব্য বিপদৰ পৰা নিজকে বচাবলৈ ধৰাৰ দৰে আমি তিনিও জাপ মাৰি উঠিলো ৷ পাছ মুহূৰ্ততে বুজিলো আমি এটা গ’ল দিলো !!! সেইটোৱে ছাগৈ মোৰ ২৩/২৪ বছৰীয়া জীৱনৰ সবাতোকৈ দুখৰ ক্ষণ আছিল ৷ মই দেখা নাপালো কমলেনো কেনেকৈ তাৰ নিখুত হাফ ভলীৰে বলটৌ মোৰ ঘোৰ শত্ৰুৰ গ’লপোষ্টত ভৰাই দিছিল ৷ খেলপথাৰৰ কেন্টিনৰ দিশৰ সীমাৰ পৰা অগনন দৰ্শকে মিচিমি, কমলহঁতক আগুৰি ধৰিলে ৷ কেইটামানে মিচিমিক কান্ধত তুলি ল’লে ৷ আমি আনন্দত আত্মহাৰা হৈ ইমানে চিৎকাৰ কৰিবলৈ ধৰিলো যে কন্ঠনলীয়েও গ’ম পালে কিবা এটা হৈছে !
ৰেফাৰীৰ হুইছেলেৰে পুনৰ খেল আৰম্ভ হ’ল
৷
খেলপথাৰৰ সিটো সীমাৰ পৰা ভালেমান কোলাহল নোহাৱাকৈ আছে ৷ সেই সীমাত
বহি থকা অধ্যাপকসকলক ১নং হোষ্টেলৰ পৰা ষ্টীলৰ গিলাছত চাহ পৰিবেশন কৰা চকুত পৰিল
৷ মই চাৰিওফালে চকু ফুৰালো ৷ খেলপথাৰৰ
চাৰিসীমাত থকা দৰ্শকসকললৈ মন কৰিলো ৷ সেই সময়ত খুব সম্ভব জালুকবাৰী, গুৱাহাটী-১৩ৰ সকলো বাসিন্দা এই খেলপথাৰতেই উপস্থিত আছে ৷ সকলোৱে আহিছে
এইবাৰৰ মহাৰণৰ ফলাফল জানিবলৈ ৷ খেলপথাৰত বলটো এজন খেলুৱৈৰ পৰা আনজনলৈ গৈছে ৷ মোৰ মনটো ভাবুক
হৈ উঠিল ৷ খেলপথাৰৰ নাতিদূৰৈত থকা শৰাইঘাটলৈ মনত পৰিল ৷ মনলৈ আহিল সেইখন মহাৰণৰ
সৈনিক সকললৈ, যিসকলে যুজ কৰিছিল মাথো জয়ী হ’বলৈ ৷ আজিৰ খেলপথাৰো
এক ৰণাংগনত পৰিনত হ’ল ৷ খেলুৱৈ ৰূপী সৈনিকসকলৰ আপ্ৰাণ
প্ৰচেষ্টাই খেলপথাৰৰ সীমা অতিক্ৰম কৰিছে ৷ খেলপথাৰৰ দুই বিপৰীত সীমাত অৱস্থিত দুই শিবিৰৰ
সমৰ্থকসকলৰ মাজত আৰম্ভ হ’ল আন এক ৰণৰ – গালি-শপনিৰ ৰণ ৷ আৰম্ভ হ’ল আমাৰে মাজৰ একালৰ অনেক সতীৰ্থৰ
চৰিত্ৰ হননৰ ৷ খেলপথাৰৰ
মাজত যিদৰে বহু খেলুৱৈ আহত হ’ল ‘ফাউল’ৰ প্ৰকোপত ঠিক তেনেদৰেই দুয়ো শিবিৰৰ বহু সমৰ্থককো আক্ৰমণ কৰা হ’ল অনেক গালি-শপনিৰে ৷ ইতিমধ্যে ঠাট্টা, লাঞ্ছনা আৰু উকিৰ
মাজেৰে অনেক সমৰ্থকৰ অতদিনে লোকচক্ষুৰ পৰা সযতনে লুকুৱাই ৰখা অনেক গুপুত অকথ্য সত্য ৰাজহুৱা কৰা হ’ল ৷
মোৰ চিন্তাত যতি পেলাই আকৌ এটা ৬ নং হোষ্টেলে আৰু এটা গ’ল
দিলে ৷
ৰবিন ছৌধুৰী চাৰক নিজৰ আসনৰ পৰা ঠিয় হোৱা দেখিলো ৷ তেখেতে নিজৰ ঘড়ীলৈ চালে ৷ আমিও চালো ৷ আৰু ১২ মিনিট আছে ৷ এই ১২ মিনিট বোধহয় মোৰ জীৱনৰ দীৰ্ঘতম ১২ মিনিট হ’ব
গৈ !
খেলপথাৰৰ আনটো সীমাৰ পৰা অহা চিঞৰ আৰু শব্দবোৰ প্ৰতি ক্ষণতে তীব্ৰৰ পৰা তীব্ৰতৰ হৈ আহিছে ৷ ভাহি অহা শব্দবোৰৰ উৎস বিভিন্ন ধৰনৰ ৷ তাৰ মাজতে এটা নিৰন্তৰ আহি থকা শব্দ এটা হৈছে মুনিনৰ জাৱা মটৰছাইকেলখনৰ ইঞ্জিন আৰু হৰ্ণৰ শব্দ ৷ মুনিনে আনি খেলপথাৰৰ একাষে বান্ধি থোৱা ছাগলীকেইটা নেদেখা হ’লো ৷ আমাৰ দলৰ খেলুৱৈসকল হঠাতে একো একোজন নিপুন খেলুৱৈলৈ পৰিবৰ্তিত হ’ল ৷ মিচিমিয়ে চিঞৰি চিঞৰি সকলোকে মাথো ক’বলৈ ধৰিছে,‘অই অই বাহিৰত মাৰ...... বাহিৰত লম্বা লম্বা মাৰ....!’
আমাৰ দলে এটা কৰ্নাৰ পাইছে ৷ দাস নামৰ এজন দ্বিতীয় বৰ্ষৰ
খেলুৱৈয়ে এটা সুযোগ সন্ধানী ছট ল’লে
৷ পাছে গ’ল নহ’ল ৷ খেলৰ শেষ পৰ্যায়
পাইছে গৈ ৷ পেলে এতিয়াও আমাৰ বাবে
আতংক হৈয়ে আছে ৷ যেতিয়াই পেলেৰ ভৰিত বল
পৰেগৈ আমাৰ বুকু কপিবলৈ ধৰে ৷ খেলপথাৰত এটা কথাই শুনা গৈছে,‘‘অই.. পেলেক গাৰ্ড দে...অই..
পেলেক গাৰ্ড দে...!’’ আমাৰ চিঞৰত মিচিমিৰ চিঞৰ
তল পৰিছে ৷ মিচিমিয়ে বাৰে বাবে চেষ্টা কৰিছে
পেলেক ৰখোৱাৰ গুৰু মন্ত্ৰ শিকাবলৈ ৷ কিন্তু কোলাহলৰ মাজত মিচিমিৰ মাত দলৰ সতীৰ্থৰ
কানত নপৰা হ’ল গৈ ৷ খঙতে মিচিমিয়ে ক’লে,‘‘অই মোক ক’বলৈ নিদিয়তো,
পাছত হাৰিলে মোক একো নকবি..!’’ ইব্ৰাহিমে
আগুৱাই আহি মিচিমক সান্তনা দিলে,‘‘মিচিমি বাবু, এথেন কায়ো কাৰো শুইনবাৰ নাই... যি হোবাৰ আছে হোবো...কিবা যুদি ক’বাৰ মন গেইছি মোকে
কওঁক... এনকে হাল্লাৰ মাজত শুনা পালি শুনিম...!’’
আকাশ বতাহ কপাই তোলা কোলাহলৰ মাজত কাষেৰে পাৰ হৈ যোৱা কলেজ বাছখনৰো মাত নুশুনা হ’লো ৷
অৱশেষত ৰেফাৰীয়ে এটা দীঘল হুইছেলেৰে মহাৰণৰ
সমাপ্তিৰ জাননী দিলে !!!
খেলপথাৰৰ ৰণৰ অন্ত পৰি যদিও ৰণ সদৃশ আৱহাৱাৰ অন্ত নপৰিল
৷ৰণৰ পাছৰ কাহিনী - ১ : শত্ৰু পক্ষৰ
(এইখিনি মই শুনিছিলো বিপৰীত শিবিৰত থকা মোৰ এজন মিত্ৰ মুখেৰে ৷ পৰাজয় ঠিক পাছত শত্ৰু শিবিৰৰ অৱস্থা)
৪ নং হোষ্টেলৰ নৱক কোনেও সান্তনা দিব পৰা নাই ৷
নৱই তেওঁলোকৰ হোষ্টেলৰ চোতালৰ হেলনীয়া অংশতে লেপেট কাঢ়ি বহি লৈ হুকহুকাই কান্দি আছে
৷ খেলপথাৰৰ পৰা উভতি অহা কেইবাজনো হতাশ সমৰ্থক নৱৰ সৈতে চোতালতে বহি ল’লে
৷ কিছু সময় তেওঁলোক নিৰবে থাকে, পাছ মূহুৰ্ততে তেওঁলোকে
অশ্লীল, অশ্ৰাব্য গালিৰে গোটেইখন কপাই তোলে ৷ তেওঁলোকৰ
গালিবোৰ মূলতঃ কলেজ কেন্টিনৰ ফালৰ পৰা ভাহি অহা বিজয় উল্লাসৰ ধ্বনিবোৰৰ প্ৰত্যুত্ত
৷ ১ নং হোষ্টেলৰ সন্মুখত গোট খোৱা ৰাইজো পৰাজয়ৰ শোকত ম্ৰিয়মান ৷ তেওঁলোকে দলৰে কেইবাজনো খেলুৱৈক গালি-শপনি
পাৰি আছে ৷ ‘বল যদি বাপ্পেকে ভৰিৰ মাজেদি পাৰ হৈ যায় আহিছিলি
কিয় খেলিবলৈ....কেনেকৈ আমুকে তামুকটো কৰিলে...!’ তেওঁলোকে লাইনমেনকেইজনৰ কেইবাটাও সিন্ধান্তৰ ওপৰতো যথেষ্ট অসন্তুষ্টি
প্ৰকাশ কৰিছে ৷ তেওঁলোকৰ মতে
৬ নং ছাত্ৰাবাসে কেইবাটাও কৰ্নাৰ পাব নালাগিছিল আৰু ৪ নং হোষ্টেলক অন্যায় ভাবে
কেইবাটাও কৰ্নাৰৰ পৰা বঞ্চিত কৰা হ’ল ৷ ৰেফাৰী আৰু লাইনমেনকেইজন
কিন্তু খেলৰ পাছতে অন্তৰ্ধান হ’ল ৷
ইতিমধ্যে পৰাজিত শিবিৰৰ ভালেমানজনে ততাতৈয়াকৈ
নিজৰ নিজৰ ৰূমলৈ গ’ল ৷ তেওঁলোকৰ উদ্দেশ্য যিমান পাৰি সোনকালে পানবজাৰলৈ
গৈ দুখ পাহৰিব প্ৰচেষ্টা এটা আৰম্ভ
কৰা ৷
হয়তোবা এখন চিনেমাকে চাব নাইবা বি.এন.ডেইৰ
সন্মুখত থকা ৰেইলিঙত বহি ইতিমধ্যে ভাগৰুৱা হৈ পৰা চকু দুটিক কোনো সুন্দৰীৰ
দৰ্শনেৰে অকনমান জুৰণি দিব ৷ আন দুজনমানৰ
উদ্দেশ্য অশোকালৈ গৈ শীতল বীয়েৰেৰে তেওঁলোকৰ শোক পাতলোৱা !!
খেলপথাৰৰ পৰা অদৃশ্য হোৱা মুনিনৰ চাৰিটা ছাগলীকেইটা
‘নিঃশ্চুপ’ কৰি ৪ নং হোষ্টেলৰ ‘শৰ্মা
আৰু তেওঁৰ সহযোগী’ সকলৰ হাতত গতাই দিয়া হ’ল ৷ ‘নিঃশ্চুপ’ ছাগলীকেইটা ওলমাই
ৰখা হ’ল এখন কাঠৰ খাটৰ আঠুৱা তৰিবলৈ থকা খুটা কেইডালত ৷
অৱশ্যে তাৰ আগতে খাটখনত থকা লেপ-তুলীবোৰ আতৰ কৰি লোৱা হৈছিল
৷ কেইজনমান বিশেষজ্ঞই মাথো দাড়ি খুৰুৱা ব্লেড আৰু সৰু কটাৰীৰেইখনমানৰ সহায়তে ছাগলীকেইটাৰ ‘ডাইচেকচন’
সম্পন্ন কৰিলে ৷ পৰাভূত দলৰ সেই বিশেষজ্ঞসকলে তেওঁলোকৰ বিষাদগাৰ ‘নিঃশ্চুপ’ ছাগলীকেইটাৰ ওপৰতে ভালকৈয়ে উজাৰি দিছে ৷ তেওঁলোকে যেন চাল বখলিৱাৰ অৰ্থহে কাৰোবাক বুজাই
আছে ! নকলেও হ’ব ক্ষণে ক্ষনে তেওঁলোকৰ মুখত শুনা গৈছিল হোষ্টেলবোৰত
বহুল ভাবে প্ৰচলিত দুটা আখৰৰ এটা শব্দ, যি শব্দৰ অবিহনে
কলেজীয়া জীৱন আধৰুৱা হৈ ৰয়!!!
ৰণৰ পাছৰ কাহিনী - ১ : আমাৰ পক্ষৰ
খেলপথাৰৰ পৰা কেন্টিনলৈ আহিবৰ বাবে তেনেই সৰু গেট
এখন আছিল ৷ খেলৰ নায়কসকল খেলপথাৰৰ পৰা সেই
গেটখনেৰে ওলাই আহিবলৈ খোজোতেই তাত হেতা-ওপোৰা লাগিল ৷ লাগিবই !! নালাগিব কিয় ?? সকলোৱে খেলুৱৈসকলক সাবট মাৰি ধৰি
আনন্দ প্ৰকাশ কৰিবলৈ যত্ন কৰিছে ৷ সেই হেতা-ওপোৰাৰ ফলশ্ৰুতি
কেইবাজনো খেলুৱৈ তেতিয়াও খেলপথাৰতে আবদ্ধ হৈ ৰ’ল ৷ সেই
ঠাইডোখৰত ইমানেই চিঞৰ-বাখৰ হ’ল যে
কোনেও কাৰো কথা নুশুনা হ’ল ৷ খেলপথাৰত আবদ্ধ খেলুৱৈ কেইজন
চিঞৰি চিঞৰি হায়ৰাণ হৈ গৈছে ৷ তেওঁলোকৰ বাবে খেলপথাৰত সোমাই থকাতো বৰ সুবিধাজনক হৈ
থকা নাই ৷ খেলপথাৰৰ সিটো সীমাৰ পৰা অহা ভাবুকি ক্ৰমাৎ বাঢ়ি আহিছে ৷ এনেতে দেখিলো
খেলপথাৰৰ ভিতৰৰ পৰা কোনোবাই কমল মজুমদাৰক দাঙি খেলপথাৰৰ ফেঞ্চিঙখন পাৰ কৰি দিবলৈ যত্ন কৰিছে ৷ আমি দৌৰ মাৰি ফেঞ্চিঙখনৰ ওচৰলৈ গৈ হাত দাঙি ৰলো ৷ আমাৰ কমল যেন এটা আলুৰ বস্তাহে ! তাৰ পাছত আৰু কেইবাটাও ‘আলুৰ বস্তা’ ফেঞ্চিঙখনৰ ওপৰেদি পাৰ হ’ল ৷
আমি সকলোৱে গৈ ইউনিয়ন বিল্ডিঙৰ ওচৰত থকা বটগছজোপাৰ
তলত গোট খালো গৈ ৷ খেলুৱৈ কেইজনে গছজোপাৰ তলতে বহি পানী খাই ভাগৰ পলুৱাবলৈ যত্ন
কৰিলে ৷ আমাৰে দুজনমান গ’ল কেন্টিনৰ পৰা খেলুৱৈ কেইজনৰ বাবে কিবা খোৱা বস্তু
অকনমান আনিবলৈ ৷ কিন্তু কেন্টিন বন্ধ !! বন্ধ হ’বইতোন ৷ কেন্টিনৰ ৰান্ধনি, পোৱালী সকলো খেল চোৱাত ব্যস্ত
আছিল ৷ ৰান্ধনিজন কেন্টিনৰ বাৰান্ডাতে ঠিয় হৈ আছিল ৷ গতিকে তেওঁক কেইটামান কনীকে
সিজাই দিবলৈ কোৱা হ’ল ৷ ৰান্ধনি জপিয়াই উঠিল,‘‘বাপ্পা
ঐ কি কোএ হে ? আপ্নালোকে মোক মাৰ্বা খুজ্চ্ছি নিকি
? ইতা আপ্নালোকক ডিমা উহে দিবা গেলি ৰাতি হাৰা পাৰ্টিৰ চোলি মাখাই গেলা
খাই মোক ডিমা উহোবা দিবা ৷ আইভো । মোই নোৰু দোক বাপাহাৰে ..!’’
৫-৩০ মিনিটৰ বাছখনে ইতিমধ্যেই ইউনিয়ন বিল্ডিঙৰ পৰা গুৱাহাটী অভিমুখি
যাত্ৰা আৰম্ভ কৰিলে ৷ বাছখনত মূলতঃ ৫,৬ আৰু ৭ নং হোষ্টেলৰ আবাসীৰে ভৰি
আছিল ৷ কেন্টিনত হোৱা তিক্ত অভিজ্ঞতাৰ পাছত আমি পাছৰ বাছখনৰে খেলুৱৈসকলক ৬ নং হোষ্টেললৈ
পঠিয়াবলৈ সিন্ধান্ত গ্ৰহণ কৰিলো ৷ (এইখিনিতে পাঠক সকলক বুজাই
দিওঁ, গুৱাহাটীৰ পৰা অহা বাছ কলেজ চৌহদত সোমায়ে প্ৰথম ৰখাই ৭ নম্বৰত ৷ তাতেই ইব্ৰাহিমৰ দোকানখনো
আছে ৷ তাৰ পাছত ৰখাই ৬ আৰু ৫ নম্বৰৰ
কাৰনে ৷ দুয়োটা একেলগে আছে ৷ তাৰ পাছত বাছখন আহি ৰখেহি ৮ নম্বৰ অৰ্থাৎ ছাত্ৰীনিবাসৰ কৰনে ৷ তাৰ পাছত
বাছ ৰখে গৈ ইউনিয়ন বিল্ডিঙত ৷ তাতেই কলেজ, কেন্টিন, খেলপথাৰ
তথা ১, ২ আৰু ৪ নম্বৰ আছে ৷ তাৰ পাছ পাছ ৰখে গৈ তালুকদাৰৰ
তাত ৷ সেই অঞ্চলত মুলতঃ হোটেল কেইখনমান আৰু আন আন দোকান কেইখনমান আছে ৷ তাৰপাছত
বাছ ৰখে গৈ ৩ নম্বৰতে ৷ তাৰ পৰা বাছখনৰ গুৱাহাটী অভিমুখি ওভটনি যাত্ৰা আৰম্ভ হয় ৷ )
বাছ আহি ইউনিয়ন বিন্ডিং পোৱাৰ লগে লগে আমি খেলুৱৈ
সকলক বাছখনত ঠেলি-হেচুকি উঠাই দিলো ৷ তাৰ পাছত যেয়ে যেনেকৈ পাৰে বাছখনত
উঠিবলৈ যত্ন কৰিলো ৷ বাছখনত থকা
যিকোনো লোহা-লক্কৰত কোনোমতে ভৰিটো থৈ যেনেকৈ পাৰি ওলমিবলৈ ধৰিলে ৷ ফাল্গুনী সিঙ উঠিলৈ গৈ বাছৰ মুধছত ৷ তাকে
দেখি তালুকদাৰ কন্ডাক্টৰ জাঙুৰ খাই আহিল ৷ তালুকদাৰে বাছৰ চালকক চিঞৰি এটা মাৰি আদেশ
দিলে ‘‘ইঞ্জিন বন্ধ কৰ্ আৰু নামি আহ’’ ৷ লগে লগে আমাৰ মনত পৰিল তালুকদাৰ কন্ডাক্টৰৰ বিৰোধী
শিবিৰৰ সৈতে বিশেষ দৰহম-মৰহম আছে ৷ চালকে ইঞ্জিন বন্ধ কৰি
বাছৰ পৰা নামিবলৈ লওঁতেই কোনোবাই তালুকদাৰৰ সেই সম্পৰ্কৰ কথা ৰাজহুৱা কৰি দিলে ৷
লগে লগে কোনে পায় আৰু !!! আমি সকলোৱে বাছখন ঠেলিবলৈ আৰম্ভ কৰিলো ৷ তাকে দেখি চালকে ভয় খাই দৌৰ মাৰি
আহি নিজৰ আসনত বহিল গৈ ৷ ইতিমধ্যে তালুকদাৰ আৰু আমাৰ মাজত এটা বুজাপৰা হ’ল – বাছখনে খেলুৱৈ সকলক ৬ নম্বৰত থৈ আহিব আৰু তাৰ
পাছত ইউনিয়ন বিল্ডিঙলৈ উভটি আহি বাছখনৰ প্ৰকৃত যাত্ৰাৰ বাকী চোৱা পুনৰ আৰম্ভ কৰিব
৷ তেতিয়ালৈ কলেজ চৌহদত সন্ধিয়া নামি আহিল...........!
ৰণৰ পাছৰ কাহিনী - ২ : শত্ৰু পক্ষৰ (এইখিনি মই শুনিছিলো বিপৰীত শিবিৰত থকা মোৰ এজন মিত্ৰ মুখেৰে ৷ )
পেলে ৪ নম্বৰলৈ অকলশৰেই উলটি গৈ আছে ৷ তেওঁ আচলতে
১ নম্বৰৰ সন্মুখতে বহু পৰ অকলশৰে বহি আছিল ৷ কেনেও তেওঁৰ সৈতে কথা পাতিবলৈকো সাহস
গোটাব পৰা নাছিল ৷ অৰ্জুনে পেলেক ‘চাদা এখোলা’ মলি দিলে ৷ তাৰ পাছত কেনোবাই পেলেক নেমু পানী এগিলাছ খুৱালে ৷ পেলে আহি ৪
নম্বৰৰ বাৰান্ডাত উঠি পৰম আক্ৰোশত চিঞৰি উঠিল,‘‘কুট্টা!!!
অহা বছৰ চাই ল’ম ....... ক’ত যাবি ??’’ তাৰ পাছত গোটেই ৪ নম্বৰ নিটাল
মাৰিলে ৷ তেতিয়ালৈকে সকলো উচুপনি শেষ হৈছিল ৷ সেই সময়ত ৪ নম্বৰত কেইজনমান ‘চিনিয়ৰৰো চিনিয়ৰ’ আছিল ৷ তেওঁলোকে পেলেক বৰ ভাল
পাইছিল ৷ তেনে এজন ‘চিনিয়ৰ’ আছিল বৰা
দা ৷ বৰাদা কলেজত নাম আছিল এজন নমস্য তথা ভয় কৰিব লগা ‘চিনিয়ৰ’
হিচাবে ৷ বৰাদাই খেলখনৰ পৰাজয়ৰ বাবে বৰ আঘাট পাইছিল ৷ কিন্তু তেওঁ
পৰাজয়তকৈও বেছি আঘাট পাইছিল পেলেৰ মানসিক অৱস্থাটোৰ বাবে ৷ বৰাদাই জানিছিল বাহ্যিক
ভাবে পেলে দেখাত স্বাভাবিক ভাবেই আছে, কিন্তু ভিতৰি ভিতৰি
ভাগি পৰিছে ৷ পেলে হোষ্টেললৈ উভটি অহা দেখি কেইবাজনেও গৈ পেলেক সমবেদনা জনাবলৈ
যত্ন কৰিছিল ৷ বৰাদাই সকলোকে ইংগিততে বুজালে পেলেক অকলশৰীয়াকৈ এৰি দিবলৈ ৷ সমবেদনা-জ্ঞাপনকাৰী
সকলে পেলেৰ পৰা আতৰি গৈ আন এটা চুকত গোট খালে গৈ ৷ আকৌ আৰম্ভ হ’ল খেলখনৰ ওপৰত আলোচনা-মন্তব্য ৷ ওচৰৰে ২ নম্বৰৰ পৰাও
দুটামানে আহি আলোচনাত ভাগ ল’লে ৷
“আমাৰ
লাকটোৱে বেয়া বুজিছ .....” ‘‘লাক বেয়া হ’বলৈ কুফা কেইটামান লাগিব’’,আন এটা ক’লে ৷
“ কুফা ? ঠিক কৈছ ! কুফাটো কোন নো?”, প্ৰথমৰজনে সুধিলে ৷
অকনমান সময় কোনেও একো কোৱা নাই ৷ প্ৰত্যেকেই নিজৰ নিজৰ মন মাজতে খেলখনৰ মূল অপৰাধী ‘কুফা’ক বিচাৰিবলৈ ধৰিলে ৷
“ হাওঁ...” আলোচনাত ভাগ ল’বলৈ অহা ২ নম্বৰৰ এজন অতিথি বক্তা চিঞৰ মাৰি উঠিল ৷ ‘‘আগে এই হোষ্টেলৰ আপি মাখাক খেলা চাবা আহা দেইখ্চিলি না কেথেনবা ??’’
“নাই দেখা’’, অজিতে উত্তৰ দিলে ৷
“হমমমমম....বুইজলি না, কায় নু কুফা??’
“এই হোষ্টেলৰ আপি মাখাই হ’ল কুফা ৷ কায় নু তাহাক মাইতছিল হা ?? আমাৰ কুনবা চেনীয়েই হ’ব !’’
লগে লগে ২ নম্বৰৰ আন এজন অতিথি বক্তাই প্ৰতিবাদ কৰিলে,‘‘কিয় তেনেকৈ কৈছ ? তাহাত মখাক চাই চাইয়ে চাৰিটা বছৰ ইয়াত পাৰ কৰিলো ৷ তাহাত মখাক চাই চাইয়ে বেক নোপোলাকৈ পাছ কৰি আহিলো ৷ এতিয়া ফুটবল বেয়া খেলি হৰাৰ কাৰনে ছোৱালীবোৰ কুফা হৈ গ’ল ?’’
আলোচনা আৰু বিতৰ্কই গতি সলনি কৰিবলৈ লওঁতেই ৰান্ধনি ঘৰৰ ফালৰ পৰা দৌৰি অহা ‘শৰ্মাৰ সহযোগী’ এজনে অজিতক খুন্ডা এটা মাৰি দিলে ৷
অজিৎ জাঙুৰ খাই উঠিল,‘অই.. দেখা নাই নেকি? এনেয়ে মন-চম বেয়া ৷ ক’ত যাৱ এনেকৈ ?’
‘শৰ্মাৰ সহযোগী’ ঘৰ গৌৰীপুৰৰ ফালে ৷
সি হোফাই-ফোপাই উত্তৰ দিলে,‘‘বাবু মৰিচ মানে জলকীয়া আনিবাৰ যাং ৷ বৰা বাবু আৰ পেলে বাবুয়ে কৈছে যে হোষ্টল ১ আৰ ২ ৰ স'কগিলান বাবু আমৰ এটি ছাগল খাবাৰ আইসবে ৷ শৰ্মা বাহেতো এলা না কবাৰ নাপায় কাৰণ ওমাৰ যে চাইৰটা ছাগল নাকত দিবাৰ পাবৰ না হয় ৷ মোক পাঠাইল ১ কিলো মৰিচ আইনবাৰ, ভাল কৰিয়া বাটিয়া ছাগলৰ মাংসত দেৱাৰ জন্যে.......ঝালা খায়া উস্ আস্ কৰি আৰ কত খাইবে ??? হোৱা যাইবে !’’
‘শৰ্মাৰ সহযোগী’য়ে কি ক’লে সিহে বুজি পালে ৷ কিন্তু যিমান জোৰত দৌৰ মাৰি আহিছিল সমান জোৰতে দোকান ফালে গতি কৰিলে ৷
ৰণৰ পাছৰ কাহিনী - ২ : আমাৰ পক্ষৰ
বাছখনে খেলুৱৈসকলক ৬ নম্বৰত নমাই পুনৰ বাৰ ইউনিয়ন বিল্ডিং এৰে মানে সন্ধিয়া ৬
বাজি গ’ল ৷ সেই বাছখন মূলতঃ ১, ২ আৰু ৪ৰ ল’ৰাৰে ভৰি পৰিল ৷ তেওঁলোক কোন কিয় গুৱাহাটীলৈ যাবলৈ ওলাইছে সেয়া অনুমান কৰিব
পৰা বিধৰ ৷
কমল মজুমদাৰ খেলুৱৈৰ বাবে ব্যবস্থা কৰা বিশেষ বাছখনেৰ হোষ্টেললৈ নগ’ল ৷ তেওঁ আমাৰ সৈতে খোজ কাঢ়িয়ে উভটিবলৈ থিৰাং কৰিলে ৷ গুনাভিয়ে তেওঁক নিজৰ ছাইকেলৰ কেৰীয়াৰত বহাই লৈ যাবলৈ সন্মত হ’ল ৷ সেইয়া কৰিবলৈ ওলোৱা বাবে কিন্তু গুনাভিয়ে ‘ভাইয়া দোকান’ত ওভতাই দিবলৈ থকা ছ’ডাৰ বটলকেইটা বটগছৰ তলতে এৰি থৈ যাব লগা হ’ল ৷ গুনাভিয়ে ঘোষণা কৰিলে যদি ‘ভাইয়া দোকানী’য়ে যদি বটলকেইটাৰ দাম বিচাৰে তেনেহ’লে সি ভাইয়া দোকানীয়ে তাক ঘুৰাই দিবলৈ বাকী থকা বহু পুৰণি ধাৰ এটাৰ সৈতে সেই বটলৰ দামৰ মিমাংসা কৰি পেলাব ৷ ইব্ৰাহিমে এই কথাটো বৰ ভাল নাপালে ৷ কেনেকৈ পাব ?? ভাইয়া দোকানী হৈছে ইব্ৰাহিমৰ শহুৰেক ৷ ইব্ৰাহিমে হয়তো ভাবিলে শহুৰেকে তেখেতৰ জীয়েকৰ যোগে দি তাক বটগছৰ তলৰ পৰা ছ’ডা বটলকেইটা বুটলি আনিবলৈ বাধ্য কৰোৱাব পাৰে ৷ গতিকে ইব্ৰাহিমে কথাটোৰ প্ৰতিবাদ কৰিলে ৷ পাছে তাৰ প্ৰতিবাদ কাৰো কানত নপৰিল ৷ ছ’ডা বটলৰ সলনি গুনাভিৰ ছাইকেলৰ কেৰীয়াৰত কমল আৰামত বহি ল’লে আৰু আমি খোজ ল’লো ৷ তেতেলীয়াৰ ফালৰ পৰা খেল চাবলৈ অহা চেঙেলীয়া ল’ৰাৰ দল এটাৰ মাজৰে পৰা এটাই কমলক দেখি ক’লে,‘‘দাদা বৰ বঢ়িয়া খেলিলে ৷ মজাৰ গ’ল দিলে ৷’’ দলটোত থকা বাকীবোৰে বিৰাট এটা উকি মাৰিলে ৷ উকিৰ পাছতে সিহতবোৰে ধ্বনি দিবলৈ ধৰিলে,‘‘হোষ্টেল চিক্স জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ !!’’ মই মনতে ভাবিলো উকিটো বুজিলো, কিন্তু কিয় এই ‘‘‘জিন্দাবাদ, জিন্দাবাদ’’?? হয়তো তেতিয়া অসম আন্দোলন তুংগত আৰু ‘‘জিন্দাবাদ, জিন্দাবাদ’’ আমাৰ হাড়ে-হিমজুৱে সোমাই গৈছে !
আমি গৈ হোষ্টেল যেতিয়া পালো গৈ তেতিয়ালৈ সন্ধিয়া
নিশাৰ দুৱাৰ ডলিত পাওঁ পাওঁ ৷ দূৰৈৰ পৰায়ে দেখিলো ৫ আৰু ৬ নম্বৰত চকুত লগা
আলোকসজ্জা ৷ প্ৰতিখন খিৰিকেৰ পৰা বাহিৰলৈ একোটাকৈ লাইটে পোহৰ মাৰি আছে আৰু হোষ্টেল
দুটা আলোকপিন্ডলৈ পৰিণত হৈছে ৷
হয়তো অকমান আতৰেদি যোৱা ৰাষ্ট্ৰীয় ঘাই পথৰ পৰাও হোষ্টেল দুটা জিলিকি আছিল ৷ মই থকা
৩৩ নম্বৰ ৰূমটোৰ পৰাও দুটা লাইটে পোহৰ মাৰি আছে ৷ মনত পৰিল ৫-৩০
বাছখনতে নৰুল উভটি
আহিছিল ৷ তাৰেই কাম হ’ব এইটো ৷ মনটো ভাল লাগি গ’ল আমাৰ
কোঠাৰ পৰাও বিজয়ৰ আলোকপিন্ডলৈ পোহৰ আহিছে !! নিজৰ জয়তকৈয়ো ঘোৰ শত্ৰুৰ পৰাজয়ে
মনলৈ আনি দিছে এক বুজাব নোৱাৰা ধৰনৰ আনন্দ ৷ ক’ত বেবাই থকা
কেইটামান দুৰ্ভগীয়া ছাগলী আৰু ক’ত আমি !!!
ছাগলীৰ কথা মনলৈ অহাৰ লগে লগে পেটবোৰ কলমলাই আহিল ৷ দিনটো কমখন দৌৰা-ধপৰা হোৱা নাই ৷ গোটেইবোৰে ইব্ৰাহিমক ‘‘ৰুটি, আলু ভাজি, কনী ভুজিয়া আৰু পিয়াজ কটা’ তৈয়াৰ কৰিবলৈ ক’লো ৷
‘‘ইব্ৰা, তই বনাগৈ যা ৷ আমি গা ধুই আধা ঘন্টামানৰ ভিতৰতে গৈ আছো ৷’’
ইব্ৰাহিম উচপ খাই উঠা দি উঠিল ৷
‘‘কিইইইই???’’, তাৰ মুৰত যেন সৰগহে ভাগি পৰিল ৷
‘‘ৰুটি আলু ভাজা ? মই এথেন তুহাৰ কাৰনে বানম ?? মই কণী কিনবা জাউং । ?? দেখছা না ??? মোৰ কি ভাগাৰচাগাৰ নাই ?? গোটেই দিন তুহাৰ লগত বলখেলাৰ কাম কৰি কৰি হাত ভৰি কান মুখ চব বিহে গেইছে ৷ হাওঁ কাই যাব এথেন কনী কিনবা ??? কাই আটা মাৰব ??? মোৰ দোকান বন্ধ ৷ ইনিভাৰচিটিত আপী চাবা যা আৰু তাৰ কেন্টিনত আধা ভাজা চিংৰা খা যা ৷ যা যা ৷”
এইবুলি কৈ কৈ ইব্ৰাহিম আমাৰ উত্তৰলৈ বাট নাচাই গুনাভিৰ সৈতে খোজ দিলে, সুন্দৰবড়ীৰ দিশে ৷
‘‘ইব্ৰা, তই বনাগৈ যা ৷ আমি গা ধুই আধা ঘন্টামানৰ ভিতৰতে গৈ আছো ৷’’
ইব্ৰাহিম উচপ খাই উঠা দি উঠিল ৷
‘‘কিইইইই???’’, তাৰ মুৰত যেন সৰগহে ভাগি পৰিল ৷
‘‘ৰুটি আলু ভাজা ? মই এথেন তুহাৰ কাৰনে বানম ?? মই কণী কিনবা জাউং । ?? দেখছা না ??? মোৰ কি ভাগাৰচাগাৰ নাই ?? গোটেই দিন তুহাৰ লগত বলখেলাৰ কাম কৰি কৰি হাত ভৰি কান মুখ চব বিহে গেইছে ৷ হাওঁ কাই যাব এথেন কনী কিনবা ??? কাই আটা মাৰব ??? মোৰ দোকান বন্ধ ৷ ইনিভাৰচিটিত আপী চাবা যা আৰু তাৰ কেন্টিনত আধা ভাজা চিংৰা খা যা ৷ যা যা ৷”
এইবুলি কৈ কৈ ইব্ৰাহিম আমাৰ উত্তৰলৈ বাট নাচাই গুনাভিৰ সৈতে খোজ দিলে, সুন্দৰবড়ীৰ দিশে ৷
ৰণৰ পাছৰ কাহিনী - ৩ : শত্ৰু পক্ষৰ
(এইখিনি মই শুনিছিলো বিপৰীত শিবিৰত থকা মোৰ এজন মিত্ৰ মুখেৰে ৷ )
হোষ্টেল ৪ৰ খোৱা ঘৰৰ দুৱাৰ ৮ বাজি ৩০ মিনিটৰ লগে লগে খোল খালে ৷ কিন্তু আজি আন দিনাৰ দৰে কোনো ধৰনৰ ঘন্টা বজোৱা নাই ৷ ইমান দুখৰ দিনত ঘন্টা বজালৈ শৰ্মাৰ সহকাৰীৰ সত যোৱা নাই ৷ যথাৰীতি প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰসকলে ৯ বজাৰ ভিতৰত খাই-বই খোৱাঘৰ অজৰাই দিলে ৷ তেওঁলোকৰ লগতে কিন্তু দুজনমান চূড়ান্ত বৰ্ষৰ ছাত্ৰও আছে ৷ এই চূড়ান্ত বৰ্ষৰ ছাত্ৰকেইজনে হোষ্টেল সোমোৱা দিন ধৰি প্ৰথম খেপতে নিশাৰ আহাৰ গ্ৰহণ কৰি আহিছে ৷ তেতিয়ালৈকে পৰিস্থিতি স্বাভাবিকেই হৈ আছে ৷ অৱশ্যে শৰ্মাৰ ১ কেজি জলকীয়াই সকলোকে চকুৰ পানী নাকৰ পানী বোৱাবলৈ বাধ্য কৰাইছে ৷
প্ৰথম খেপে খাই যোৱাৰ পাছত খোৱা ঘৰত ভিৰ নোহোৱা হ’ল ৷ চেগা-চোৰোকাকৈ এজন-দুজনে আহি আছে, খাই আছে ৷ শৰ্মা আৰু তেওঁৰ সহকাৰীসকলে যিমান পাৰে সিমান ভাব-লেশ বিহীনভাবে কাম কৰি যাবলৈ যত্ন কৰিছে ৷ তেওঁলোকো নিজৰ হোষ্টেলৰ পৰাজয়ত দুঃখিত ৷ তেওঁলোকেই দিনটোৰ উত্তেজনাৰ অন্তত জিৰণি ল’ব বিচাৰিছে ৷ কিন্তু তাৰ আগতে সকলো বাবুক খুৱাই ল’ব লাগিব ৷
প্ৰথম অৱস্থাত শব্দটো শুনি এনে লাগিলে যেন এবাহ মৌৰ গুণগুননি ৷ ভালকৈ মন কৰি দেখিলো সেইয়া প্ৰকৃততে এদল জ্যেষ্ঠ আবাসীহে ৷ বাৰুকৈয়ে ডেমকেয়াৰ পানী খাই আহি খোৱা ঘৰত সোমাবলৈ ধৰিছে ৷
‘‘ইছ ইছ কি হৈ গ’ল ?? ইছ ইছ কি হৈ গ’ল ??’’ এই বুলি দুজনমানে কোৱাৰ পাছতে উচুপনি আৰু কান্দোনৰ ৰোল উঠে ৷ মনতে ভাবিলো খেলত হৰাৰ দুখ ছাগৈ ৷
তাৰ পাছতহে উৰহি গছৰ ওৰ ওলাল ৷
‘‘সদায় ফিল্ডত চৰি থকা ছাগলীকেইটা !!! উফ উফ কি যে হৈ গ’ল ??’’
‘‘অই শৰ্মা কি কৰিলি তাহাতক ?? ইছ ইছ !!’’
‘‘জোল বনালো দ’ক!’’,শৰ্মাৰ নিৰ্লিপ্ত উত্তৰ ৷
‘‘ইছ ইছ...!” ,আকৌ উচুপনি আৰু কান্দোনৰ ৰোল ৷
‘‘আমাক চাবলৈ দে !’’
‘‘যেনেকৈ আছে তেনেকৈয়ে তাহাতক চাবলৈ দে !’’
শৰ্মাই এজন সহকাৰীক পাগঘৰৰ বাল্টিত থৈ দিয়া মাংসৰ আঞ্জাৰ পৰা এক কৰচ জোল লৈ আহিবলৈ ইংগিত দিলে ৷
ডেমকেয়াৰ পানী খাই অহাকেউজনে কৰচত থকা জোলখিনি মনযোগেৰে চালে ৷
‘‘হমমমমমম.. দেখাত ভালেই হৈছে’, এজনে মন্তব্য কৰিলে ৷
আন এজনে কৰচৰ পৰা এটুকুৰা মাংসলৈ মুখত ভৰালে ৷
‘‘উহ !! উৱাআআআ!! আইৱৌ !! জলা !!!!!!!’’
শৰ্মাৰ ফালে চাই,‘‘(এটা বিশেষ শব্দ) কিয় ইমান জলা দিলি ?’’
তেওঁ শৰ্মাক আৰু দকছিবলৈ লওঁতেই ডেমকেয়াৰ পানী লৈ অহা সকলৰ সকলোতকৈ শান্ত স্বভাবৰ জনে মাত লগালে,
‘‘ৰচোন !! শৰ্মা নহবওঁ পাৰে বুজিছ ? মই ছাগলীকেইটাক মৃনাল বৰুবা চাৰৰ বাৰীত সোমাই সদায়ে জলকীয়া খাই থকা দেখিছো ৷
চাল্লা বদমাছ ছাগলী ......!!!!!’’
......................................................................................................................................................
টোকা :
১)এই কাহিনীটো এটা ফেছবুক পোষ্ট কৰা বিভিন্ন মন্তব্যৰ গদ্যৰূপ ৷
২০১১ চনৰ ২৮ এপ্ৰিল তাৰিখে মাখন লাল দাসচাৰে পেছবুকৰ AECIANS নামৰ গোটটোত এখন ফুটবল খেল বিষয়ে এটা তেনেই সৰু পোষ্ট কৰিছিল ৷ সেই পোষ্টত ১২ মে তাৰিখলৈকে মুঠ ১৩৮টা মন্তব্য হৈছিল ৷ সেই মন্তব্য সমূহ প্ৰধানকৈ জীৱন্ত বৰগোহাই দাদাৰ আছিল ৷ তেখেতে সেই মন্তব্যবোৰৰ যোগেদি এখন ফুটবল খেল আৰু সেই খেলখনৰ লগত সাঙোৰ খাই থকা অন্যান্য কাহিনী সমূহৰ বৰ্ননা কৰিছিল ৷
২) সময়ৰ সোতত সেই ৰসাল বৰ্ননা ফেছবুকৰ বুকুত হেৰাই গৈছিল ৷ অৱশেষত এদিন শ্ৰীমতী নিৰ্মালী দাসে এই খেলখন বিচাৰি উলিয়ালে ৷ তাৰ পাছতে উক্ত পোষ্টটি আৰু তাত থকা মন্তব্য সমূহ এটা ‘ডক ফাইল’ কৰি সংৰক্ষণ কৰা হ’ল ৷
৩) আজি কিছুদিন আগৰ কথা ৷ এদিন অভিজিতক
লগ পাওঁতে ক’লে,‘প্ৰতিভূ দা আপুনি এইখন
অসমীয়া লিপিত লিখি দিয়কচোন ৷ গোটৰ বাহিৰতো ৰাইজে মজা লওঁক ৷’
কথামতেই কাম ৷ এদিন জীৱন্তদালৈ ফোন কৰি কথাটো জনালো, অনুমতি ল’লো,‘দাদা অসমীয়া লিপিত লিখি বাকী ৰাইজৰ কাৰনে উলিয়াই দিওঁ ৷
জীৱন্তদাই বৰ উৎসাহে ক’লে,‘‘লিখা লিখা ময়ো সহায় কৰি দিম ৷’’
কথামতেই কাম ৷ এদিন জীৱন্তদালৈ ফোন কৰি কথাটো জনালো, অনুমতি ল’লো,‘দাদা অসমীয়া লিপিত লিখি বাকী ৰাইজৰ কাৰনে উলিয়াই দিওঁ ৷
জীৱন্তদাই বৰ উৎসাহে ক’লে,‘‘লিখা লিখা ময়ো সহায় কৰি দিম ৷’’
৪) মই এই লিখনিত বিশেষ একো সাল-সলনি নকৰাকৈয়ে ওপৰোক্ত ‘ডক ফাইল’ৰ
মন্তব্যসমূহৰ অনুবাদৰ এটা চেষ্টাহে কৰিছো মাথো ৷
৫) এই বৰ্নান ৰসাল কৰি তোলাৰ বাবে জীৱন্তদাৰ লগতে
মাখন লাল দাস চাৰ, শান্তি নাৰায়ন
দা, মৃন্ময় বৰুৱা দা, মোৰ অনুজ প্ৰতিম ৰাজদীপ কৰ, অভিজিৎ কলিতা প্ৰমূখ্যে ভালেমান বন্ধুৱে আগভাগ
লৈছিল ৷
৬) মই অসমীয়ালৈ অনুবাদ কৰোতে বিকাশ দাস, অঞ্জন শৰ্মা, কল্লোল কুমাৰ বৰুৱা আৰু ৰিদীপ কুমাৰ নাথে মোক বিশেষ ভাবে সহায় কৰিছিল ৷
hank you Pratibhu. It gave me a great opportunity to travel my down memory lane to track down few of my most exiting moments of my life. It refreshed my memory in such a way that I dont have to fuel myself with few pegs of whisky to count each minutes of that nail biting wartime with my closest friends who became my sworn enemies for 2 days ahead and 2 days past of the great match. ...With my tearful tribute to Mishimi...!!
ReplyDelete