Friday 25 January 2013

বাজাজা কাব



চাকৰি বাদ দি ঠিকাদাৰ লো গুৱাহাটীতে থাকো কামবন বিশেষ নাই সাঁচতীয়া ধন কেইটাৰে চলি আছো দেউতাৰ UMH6239 ফিয়াটখন সদায় চলাবলৈ সামৰ্থ নাই গতিকে স্কুটাৰ এখনেৰে এটা বেলেগ ধৰনৰ ব্যৱস্থা কৰি লো

মোৰ অন্তৰংগ বন্ধু এজনৰ এখন বাবাজ কাব স্কুটাৰ আছিল স্কুটাৰখনৰ ৰঙটো আচৰিত ধৰনৰ নীল, হয়তো পৃথিবীত তেনে নীলা ৰঙৰ সেইখনেই একমাত্ৰ স্কুটাৰ আছিল আমি দুয়োটাই সেইখন চলাওঁ প্ৰায় সকলো ঠাইলৈ দুয়ো একেলগেই যাওঁ, একেলগেই থাকো সেইযে কাপ-প্লেট, বুন্দিয়া-ভুজিয়া ! তেনে ধৰনৰ একে লগে বন্ধুৱেই স্কুটাৰ চলাই, মই পাছ ফালে বহু
কামৰ অন্তত সন্ধিয়াৰ ব্যস্ততা থাকে হয় গনেশগুৰিত তালুকদাৰৰ দোকানৰ সন্মুখৰ আড্ডা, নহয় সৰুমটৰীয়াত তদানিন্তন মুখ্যমন্ত্ৰীৰ ব্যক্তিগত বাসগৃহৰ কাষৰ ঘৰটোত হোৱা ৰামীৰ আড্ডা নাইবা কোনোবা বাৰত অকনমান ৰঙ্গীন সময় ৷ সেইবোৰ শেষ কৰি বন্ধুক ঘৰত নমাই বাজাজ কাবখন লৈ মই সদায় ৰাতি ১১ মান বজাত ঘৰ পাওঁ গৈ ৷ পাছ দিনা ৰাতিপূৱা বন্ধুক ঘৰৰ পৰা লৈ আহো ৷
আকৌ দিনটো ব্যস্ততা নাইবা কৰ্মহীনতাৰ মাজেৰে পাৰ হয় ৷ আকৌ সন্ধিয়া আহে, লগতে লৈ আহে ব্যস্ততা ৷

এবাৰ বন্ধু অফিছৰ কামত গুৱাহাটীৰ বাহিৰলৈ গল কেইদিনমানৰ বাবে ৷ বাবাজ কাবখন মোক দি গল ৷ এদিন মই উলুবাৰী হৈ পল্টন বজাৰ অভিমুখে গৈ আছো ৷ তেতিয়াৰ দিনত উলুবাৰীত উৰনীয়া সেতু নাছিল ৷ চাৰি আলিত ৰৈ আছো, ট্ৰেফিক পুলিছৰ সেউজ সংকেতৰ বাবে ৷ মই একেবাৰে সন্মুখত ৷ এপাকত ট্ৰেফিক পুলিছজনে হুইছেল বজাই মোক তেওঁৰ ওচৰলৈ যাবলৈ ইংগিত দিলে ৷ মনতে ভাবিলো,‘কিয়বা মাতিছে ?’ বাজাজ কাব ষ্টাৰ্ট হৈয়ে আছিল ৷ পালো গৈ ট্ৰেফিক পুলিছজনৰ ওচৰ ৷ বাজাজ কাবখনলৈ দেখুৱাই মোক সুধিলে,‘এইখন বিক্ৰী কৰিব নেকি ?’
মই কলো,‘নাই নাই নকৰো ৷
মোক যাবলৈ দিলে ৷
চাৰি আলিটো পাৰ কৰিয়ে ভাবিলো চিগাৰেট এটা খোৱা যাওঁক ৷
পানদোকান এখনৰ ওচৰত ৰৈ ফিল্টাৰ এটা জ্বলাই বাজাজ কাবখনৰ ওচৰ পাইছো মাত্ৰ, আকৌ পুলিছৰ হুইছেল,‘হেৰি হেৰি এইফালে আহক ৷
মই অলপ বিৰক্ত হোৱাৰ দৰেই কলো,‘নাই নাই বিক্ৰী নকৰো ৷
পুলিছজনে মোৰ কথাত বৰ গুৰুত্ব নিদি কলে,‘গাড়ীৰ কাগজ দেখুৱাক ৷
গাড়ীৰ কাগজ খুজিলে বুলিয়ে কেনেকৈ দেখুৱাম আকৌ ? মই যেতিয়াৰে পৰা সেইখনত উঠিছো তেতিয়াৰে পৰা সেইখনৰ একো কাগজ নাই ৷ আমি তেনেকৈয়ে চলাই  থাকো ৷ আগতে দুবাৰ এবাৰ  পুলিছে নৰখোৱা নহয় ৷ তেতিয়া আমি কওঁ,‘কাগজ ঘৰত আছে ৷ আজি গেৰেজৰ পৰা আনিছো ৷ লগত নাই ৷পুলিছে আমাৰ মুখলৈ অলপ অদ্ভুত ধৰনে চাই  যাবলৈ দিয়ে ৷ সেইদিনা উলুবাৰীৰ পুলিছজনকো তাকেই কলো ৷ পুলিছজনে পাছে মোৰ মুখলৈ চোৱাতকৈ স্কুটাৰখনৰ ফালে চাই কলে,‘এইখনটো গেৰেজৰ পৰা অনা যেন লগা নাই ৷ থানালৈ যাব লাগিব ৷
মই দেখিলো কথা বিষম !
পুলিছজনক অলপ আতৰলৈ মাতি নি বুজাবুজি  এটালৈ আনিবলৈ চেষ্টা এটা চলালো ৷ পাছে এই বিষয়ত মোৰ কোনো পূৰ্বৰ অভিজ্ঞতা নাছিল ৷ পুলিছজনে কলে,‘নাই নাই সেইবোৰ নহব ৷ বাইদেৱে ধৰিছে ৷ নোৱাৰো একো কৰিব ৷ থানালৈ যাব লাগিব ৷
মই ইফালে-সিফালে চালো ৷ কোন বাইদেউ, কাৰ বাইদেউ দেখো নেকি বিচাৰিলো ৷ নাই কোনো বাইদেউ নাছিল তাত ৷ মনতে অলপ ভয়ো খালো ৷ থানালৈ নি কৰিব কি মোক ? এৰেষ্ট ?? নে গৰু পিটন ??
মোক পাছৰ ছিটত বহাই পুলিছজনে বাজাজ কাব ষ্টাৰ্ট কৰিলে ৷ গৈ আছো থানালৈ বুলি ৷ অপ্সৰা চিনেমা হল মান পাওঁতে ভয়ে ভয়ে সুধিলো,‘থানাত হব কি ?’
পুলিছজনে কলে,‘এইখন ৰাখি থব ৷ আপুনি কাগজ লৈ আহি মোকলাই লৈ যাব ৷
মনতে ভাবিলো,‘হে ভগৱান !! কাগজ কত পাম এতিয়া ??’

কেইদিনমান পাছত বন্ধু ঘুৰি আহিলে ৷  কি হল কলো তাক ৷ জাউৰিয়ে জাউৰিয়ে গালি পাৰিলে ৷ মোৰ জৰিমনাও বৰ সাংঘাটিক ধৰনৰ হল ৷ সদায়ে দেউতাৰ UMH6239 ফিয়াটখনলৈ ওলাই আহিব লগাত পৰিলো ৷
বন্ধুক পৰামৰ্শ দিলো,‘‘ DTO তাত কাগজ বনাই লওঁ ৷
সি মোক বুজাই,‘ইমান সহজ নহয় ৷
তাক সোধো,‘কিয় ?’
উত্তৰ দিয়ে,‘‘এহ বাদ দে ৷’’

সেইসময়ত হাতীগড় চাৰিআলিত আমাৰ এটা অফিছ আছিল ৷ এদিন বন্ধুৱে মোক কলে,‘‘ল থানাৰ পৰা আহো গৈ ৷ কাগজ হেৰোৱাৰ এজাহাৰ এখন দি আহো ৷ তাৰ পাছত DTOলৈ যাম ৷’’
মই কথা শুনি ভাল পালো ৷ সোনকালে বাজাজ কাবখন উলিয়াব লাগে ৷ UMH6239 তেল ভৰাই ভৰাই হায়ৰান হৈ গৈছো
থানাত দৰখাস্ত দি অফিছলৈ ১২ মান বজাত ঘুৰি আহি অফিছ পালো মনটো ভাল সেইখন থানাৰ .ছি. সৈতে আমাৰ ব্যক্তিগত চিনাকি আছে আহমেদ দা বুলি মাতো কামটো সোনকালে কৰি দিম বুলি কৈছে
বন্ধু অফিছৰ পৰা ৰবালৈ ওলাই
দুইমান বজাত ঘুৰি আহিয়ে মোক লে,‘‘ অই অই থানালৈ যাব লাগিব ’’
মোক এক প্ৰকাৰ চোঁচৰাই অনাদি আনিলে
আমি গৈ একেবাৰে .ছি. টেবুল পালো গৈ .ছি. টেবুলত নাছিল
বন্ধুৱে মোক লে,‘‘ফাইলটোত বিচাৰচোন দৰখাস্তখন আছে সেইখন ফুটাব লাগিব ’’
মই বুজা-নুবুজাকৈ সুধিলো,‘‘ফুটাব লাগিব মানে চুৰ কৰিব লাগিব ??’’
হে ভগবান !!!!!!!!!!!!!!!!!
আমি দুই বন্ধু থানাত সোমাই .ছি. টেবুলত ফাইল খুচৰি দৰখাস্ত চুৰ কৰিবলৈ চেষ্টা কৰি আছো
পালো গৈ দৰখাস্ত বিচাৰি একে কোবে টান মাৰি সেইখন উলিয়াই পকেটত ভৰাই ফুটপাথ পালো
ফুটপাথত মই অকনমান টানকৈ তাক সুধিলো,‘‘এইবোৰৰ মানে কি ?’’
বন্ধুৱে মোক যিখিন শুনালে তাৰ সাৰমৰ্ম এনে ধৰনৰ :
‘‘
বাজাজ কাবখনৰ মালিক প্ৰকৃততে সি নহয় সেইখন গৰাকী আচলতে আমাৰ লগৰে ৰাজৰ দেউতাকহে হায়াৰ ছেকেন্ডেৰী পাছ কৰি ৰাজ উচ্চ শিক্ষাৰ বাবে অসমৰ বাহিৰলৈ প্ৰায় / বছৰ আগতে এবাৰ ৰাজ গুৱাহাটীলৈ আহোতে বন্ধু গৈছিল ৰাজক লগ কৰিবলৈ ৰাতি দেৰী হোৱাৰ কাৰনে বন্ধুৱে স্কুটাৰখনলৈ ঘৰলৈ আহিছিল তাৰ পাছত সি সেইখন ঘুৰাই দিবলৈ পাহৰিলে ৰাজহঁতৰ খূড়ায়ো খুজিবলৈ পাহৰিলে গতিকে সেইখন সেইদিন ধৰি তাৰ লগতে আছে দৰখাস্তখনত বন্ধুৱে ভুলতে স্কুটাৰখন তাৰ বুলি লিখি দিলে সেইকাৰনেই আমি .ছি. টেবুলৰ পৰা দৰখাস্তখন চুৰ কৰি আনিলো আৰু DTO অফিছলৈ নোযোৱাৰ ৰহস্যও সেইও সেইটোৱে ৷ স্কুটাৰৰ মালিক সি নহয় আন কোনোবাহে !!’’
মই বন্ধুক কলো,‘‘ল তেনেহলে ৰাজহঁতৰ খূড়াৰ পৰায়ে লিখাই আনো গৈ ৷’’
বন্ধুৱে বুজালে সেই কামফেৰাও কৰিব পৰা নাযাব ৷ খূড়া পুতেকৰ সৈতে বম্বেত আছে ৷
কি বিপাক ????

ৰামীৰ আড্ডাত কথাটো ওলাল তাতেই খবৰ পালো আনিছদাৰ আমাৰস্কুটাৰ সোমাই থকা থানাৰ লগত বেছ ভাল তেওঁক লে কাগজ নোহোৱাকৈয়ে স্কুটাৰ ওলাই আহিব
‘‘
কোন আনিছ দা??’’
‘‘
কোন আনিছদা কিয় লাগে তহঁতক ??  আনিছদাৰ  তিনিখন নাইট ছুপাৰ আছে তহঁতৰ কাম হৈ যাব ’’
পাছদিনা আনিছদাৰ পৰা খবৰ আহিল টকা দুশ দি স্কুটাৰখন মোকলাই আনিব পাৰিম
দুয়ো গৈ  স্কুটাৰ সোমাই থকাথানা পালো গৈ
থানাৰ চৌহদত সোমায়ে দেখিলো, এটা চুকত বাজাজ কাবখন পৰি আছে
চুচুক চামাক কৈ সোমাই লো ভিতৰত কেইবাজনো পুলিছ বহি আছে আমি সোমাই যোৱা দেখি আটায়ে আমাৰ ফালে প্ৰশ্নবোধক দৃষ্টিৰে চালে
মই অলপ ঘেহাই ঘেহাই বাজাজ কাবখনৰ ফালে দেখুৱাই লো,‘‘আনিছাদাই পঠিয়াইছিল সেইখন নিবলৈ আহিছো ’’
এজন পুলিছ বিষয়া আমাক দেখি হাঁহি হাঁহি লে,‘‘ভয় খুৱাই দিছিল হে আপোনালোকে !! আনৰ স্কুটাৰ ধৰিলে মোকলাবলৈ দৌৰা-দৌৰি লাগি যায় আজি একমাহ ধৰি  আপোনালোকৰ  খা-খবৰে নাই আহক আহক বহক ’’
আমি দুয়ো বহিলো
কিবা বহী এখন উলিয়াই পুলিছ বিষয়াজনে লে,‘‘ৰেজিষ্ট্ৰেছন নাই, ইঞ্চিউৰেঞ্চ নাই, লাইচেঞ্চ নাই, নাম্বাৰ প্লেট নাই, হেলমেট নাই….. হমমমমমম!!!!! ফাইন ২৯০০ টকা হৈছে ৷ দিয়ক আৰু লৈ যাওঁক স্কুটাৰখন ’’
মই বলৈ ওলাইছিলো,‘‘কিন্তু আনিছদাই……..’’
মোক আধাতে ৰখাই বন্ধু ঠিয় পুলিছ বিষয়াজনক লে,‘‘এটা কাম কৰক আপুনি মোক ৩১০০ টকা দিয়ক মই আপোনাক ৬০০০ টকাত এইখন বিক্ৰী কৰিলো ’’
পুলিছ বিষয়াজনে লে,‘‘নাই নাই মই ধেমালি কৰিছো আনিছে কোৱা মতেই কিন্তু থানাৰ পৰা ওলোৱাৰ আগতে স্কুটাৰত নাম্বাৰ প্লেট লগাই লাগিব ’’
আমি স্বস্তিৰ নিশ্বাস লো
থানাৰ পৰা ওলাই আহিলো
মই লো,‘‘ কটনক হোষ্টেলৰ ওচৰত এটা পেইন্টাৰ আছে চিনি পাওঁ তাকেই লৈ আহো ’’
বন্ধু,‘‘সেইবোৰ বাদ দে এইফালে আহ ’’
দুয়ো গৈ পালো গৈ থানাৰ ওচৰতে থকা বাটাখনৰ সন্মুখত থকা এখন হাৰ্ডৱেৰৰ দোকান
এটা ৫০ মিলিলিটাৰৰ কলা ৰঙৰ টেমা আৰু এডাল ব্ৰাছ কিনিলো
(
সেইসময়ত নাম্বাৰ প্লেটবোৰ বগাত কলা আখৰেৰে লিখা হৈছিল )
বন্ধুৱে একো নকলেও বুজিলো পল্টন বজাৰ থানাত সেইদিনা পেইন্টাৰৰ কাম কৰিব লাগিব
ৰঙে, ব্ৰাছে সুসজ্জিত হৈ থানা পালো গৈ
ইফালে সিফালে বিচাৰি বন্ধুৱে পানী এবাল্টি আনি বাজাজ কাবত ঢালি সেইখন ধুলে ধুলি-মাকতি নোহোৱা কৰিলে ফটা-কাণি এখনেৰে নাম্বাৰ প্লেটৰ ঠাইডোখৰ মোক পৰিস্কাৰ কৰি দিলে
মই এম.এফ. হুছেইন ছাহাবৰ দৰে ভংগীমা এটা দি নাম্বাৰ প্লেট লিখিবলৈ আৰম্ভ কৰিলো
AXA…
ইমান পৰে মনে মনে আমাক চাই থকা .ছি. ছাহাবে মাত লগালে,‘‘নম্বৰটো জানো নে ?’’
আমি সমস্বৰে লো,‘‘হয় হয় চাৰ এইটোৱে নম্বৰ !’’
এপাকত মই বন্ধুক লো,‘‘অই কাপোৰখন দেচোন এই 9টো বেকা হৈ গৈছে ৷ মচি লৈ আকৌ লিখো ৷
বন্ধু,‘‘ব দে থাকক ৷ এইখন টেম্পৰেৰী নাম্বাৰ প্লেট ৷ ওলায়ে কটনৰ হোষ্টেলৰ ওচৰ পেইন্টাৰটোৰ তালৈ লৈ গৈ ভাল কৈ লিখাই লম ৷
.ছি. ছাহাব ৰব নোৱাৰিলে,‘‘হেৰী আপোনালোকে নাম্বাৰ প্লেট লিখিব নালাগে ৷ এনেকৈয়ে লৈ যাওঁক ৷ আজি ৫ বছৰে কাগজ নোহোৱাকৈ চলাই আছে ৷ কটনলৈ নি কত আৰু এইখন লিখোৱাব ??? মাত্ৰ কেতিয়াও ভুলতো এইফালে নাহিব আৰু !!!’’

.ছি. ছাহাবক তেওঁৰ সিদ্ধান্ত সলনি কৰিবলৈ আমি সময় নিদিলো ৷ তেওঁৰ কথা শেষ হোৱাৰ আগতেই আমি বাজাজ কাব লৈ থানাৰ চৌহদৰ বাহিৰ পালো গৈ ৷
২০০ টকাৰ ভেটি এতিয়াও বাকী আছেস্কুটাৰ সোমাই থকাথানাখনত ৷

No comments:

Post a Comment