Saturday 16 February 2013

পাৰিজাত, কি হৈছে জানো পায় !!



মা আৰু ভন্টিক দুৰ্গাপুৰলৈ বুলি ৰেলত তুলি উভটি আহি আছো ৷ গনেশগুৰি পাইছো ৷ SMS এটা আহিল ৷
this is my Durgapur no.
কোনে পঠিয়ালে জানিবলৈ উপায় নাই ৷ প্ৰেৰণ কৰোতাৰ নাম নাই ৷ এওঁ ক’লে,‘ ভাস্কৰৰ নম্বৰ নেকি ? সি দুদিনামামন আগেয়ে দুৰ্গাপুৰত জইন কৰিছে ৷’
হ’ব পাৰে ভাস্কৰ ৷

হ’ব পাৰে ভাস্কৰ ৷ সি মোৰ বান্ধবী পাৰিজাতৰ ভায়েক ৷ এওঁ আৰু মই তাৰ আৰু পাৰিজাতৰ  কথা পাতি পাতি ঘৰ পালো ৷ বাটত মোবাইলটোত আৰু দুটা SMS অহাৰ শব্দ হ’ল ৷ গাড়ীখন ৰখাই SMS কেইটা চাবলৈ মন নগ’ল ৷ ঘৰতে চাম গৈ বুলি ভাবিলো ৷

ঘৰ আহি পায় দেখো এটা SMSত লিখা আছে PARIJAT আৰু আনটোত pari jat ৷ আৰে ??? কথা কি ? ভাস্কৰৰ SMS পাছত বায়েকে আকৌ দুটা নম্বৰৰ পৰা কিয় SMS কৰিলে ?
প্ৰথমে ভাস্কৰলৈকে ফোন লগালো ৷ তাৰ খা-খবৰ ল’লো, মাহঁত দুৰ্গাপুৰলৈ গৈ থকাৰ খবৰ দিলো ৷ তাৰ মাজতে তাক সুধিলো, ‘পাৰিজাতে নতুন নম্বৰ কিয় লৈছেনো ?’
সি আচৰিত হৈ ক’লে,‘‘ ক’ত লৈছে নো ? মই অকনমান আগতে কথা পাতিছো ৷ মোক একো কোৱা নাই দেখোন ?’’

ফোনটো ৰখাৰ পাছত ভাবিলো,‘‘ কোন পাৰিজাত এই দুজনী ? ক’ৰ পাৰিজাত এই দুজনী ?’’
এওঁৰ ফালে চালো এবাৰ, এবাৰ মোবাইলটোৰ ফালে চালো ৷
‘‘হেৰা কোন এই দুজনী ?’’
‘‘মই সেইবোৰ নাজানো ৷ চাবা কিন্তু সেইবাৰৰ দৰে নহয় যাতে !’’
‘‘ধেই কি নো একেবোৰ কথাকে কৈ থাকা হে তুমি ?’’

প্ৰথম SMSৰ PARIJATলৈ ফোন কৰিলো ৷
ফোনটোত দুবাৰমান ৰিং হোৱাৰ পাছতে সিফালৰ কোনোবা এজনে মাত লগালে,‘‘ আরে অমর তোকে খুজে আমি হায়রাণ ৷ মাইরি মাথাটা খারাব হয়ে যায় ৷’’
মই অলপ আচৰিত হৈ সুধিলো,‘‘ কি কৈ আছে এইবোৰ ?’’
‘‘ অ আপনি অমর নই ?’’
‘‘কোন অমৰ ?’’
‘‘চরি চরি রং নাম্বার ৷’’

ধুই !!!!!!!!!!
মাথা তাৰ হে বেয়া হৈছে বোলে ৷

পাছৰ SMSৰ PARIJATলৈ কৰো নকৰোকৈ ফোন কৰিলো ৷
এইবাৰ ছোৱালী এজনীয়ে মাত লগালে ৷ পাছে মাত শুনিয়ে গম পালো এইজনী মোৰ লগৰ পাৰিজাত নহয় ৷ এইজনীয়ে মোক ক’লে,‘‘ কি লাগে ?’’
খঙেই উঠি আহিল,‘‘ কি লাগে মানে ?? আপুনি SMS কৰিছে ৷ আপুনিহে জানিব কি লাগে ৷’’
‘‘মই SMS দিছো ? কি SMS দিলো ?’’
সঁছা কথা কৈছো সেইজনী সন্মুখত থকা হ’লে মাৰ মাৰি দিলো হয় ৷
‘‘ময়ো তাকে সুধিব খুজিছো কি SMS দিছে মোক এইবোৰ ? কথা নাই বতৰা নাই মাত্ৰ pari jat বলি লিখিছে !’’
সিফালৰ পৰা হাঁহিবলৈ ধৰিলে ৷
‘‘ অ অ দাদা সেই SMSটো আপোনালৈ গ’ল নেকি ? চৰি চৰি দাদা বেয়া নাপাব ৷’’
‘‘ মানে ?’’
‘‘ মানে দাদা মই বয়ফ্ৰেন্ডলৈ SMS কৰিব খুজিছিলো pari jabo ৷ কিন্তু মোৰ নতুন টাছ্ স্ক্ৰীণ মোবাইলটোৰ পৰা SMS কৰিবলৈ মই বৰ টান পাওঁ ৷ pari jaboটো pari jat গ’ল ৷ সি বুজি পাব বুলি মই ঠিক নকৰিলো ৷ প্লিজ বেয়া নাপাব ৷’’
‘‘ হেৰা লিখিলা ভুলকৈ বুজিলো ৷ কিন্তু মোলৈ পঠিয়ালা কিয় ?’’
‘‘ দাদা তাৰ নাম্বাৰতে পঠিয়াছিলো, আপোনাৰ তালৈ কেনেকৈ গ’ল জানো পায় ?’’

মনতে ভাবিলো,‘‘ জানো পায় কি হৈছে এইবোৰা ?’’


3 comments:

  1. যত সব গন্দগোল সদাই প্ৰতিভুৰ লগত হে হব পাই :) পাৰি জাত !

    ReplyDelete
  2. নাজানো কেনেকৈ হয় এইবোৰ

    ReplyDelete
  3. কৃষ্ণ!!

    ReplyDelete