Saturday 9 February 2013

ৰাম দিবস (RUM DAY)




মাজতে শুনিলো আজি হেনো ৰ’জ ডে, আজি বোলে ছক’লেট ডে ইত্যাদি ইত্যাদি ডে ৷
মই বেলেগ ধৰনৰ ডে এটাৰ বিষয়ে জনাব খুজিছো ৷

প্ৰতি বছৰ ১৬ আগষ্ট তাৰিখে পালন কৰা হয়
ৰাম দিবস
( Rum Day)

ৰাম(RUM)ৰ চমু বুৰঞ্জী
১৭ শতিকা আগ ভাগত কেৰেবিয়ান দ্বীপপুঞ্জৰ কুহিয়াৰ খেতিত কাম কৰা দাসসকলে ৰাম আবিস্কাৰ কৰিছিল ৷ কালক্ৰমত এই পানীয় বিধে জনপ্ৰিয়তা লাভ কৰিবলৈ ধৰিলে ৷  জলদস্যুসকলৰ বাবে ৰাম চিৰ পৰিচিত সংগী হৈ পৰিল ৷ পাছৰ কালত আমেৰিকান ঔপনিবেশিক সকল আৰু নাবিক সকলে বৰ্হি বিশ্বৰ সৈতে ৰামৰ পৰিচয় কৰাই দিলে ৷

১৬৬৪ চনত উত্তৰ আমেৰিকাৰ ষ্টেটেন দ্বীপত বিশ্বৰ প্রথমটো ৰামৰ ভাটিখান স্থাপন কৰা হয় ৷
ৰাম উৎপাদন কৰা হয় লালী-গুৰ আৰু কুহিয়াৰ খেতিৰ আন আন উপজাত সামগ্ৰীৰ সহায়ত ৷ ৰাম নিঃসন্দেহে এবিধ শক্তিশালী ৰাগীয়াল পানীয় ৷
 

কেনেকৈ পালন কৰিব ৰাম দিবস
ৰাম এক উপভোগ্য পেয় ৷
ৰাম দিবসত আপুনি আপোনাৰ বন্ধুসকলক আপোনাৰ ঘৰলৈ নিমন্ত্ৰন জনাব লাগে ৷
প্ৰত্যেকজন অভ্যাগতক ৰাম পাঞ্চেৰে আপ্যায়ন কৰা উচিত ৷
ৰাম পানীৰ সৈতে পান কৰাতকৈ বিভিন্ন ধৰনৰ ককটেল তৈয়াৰ কৰিব পৰা যায় ৷ ৰামৰ পৰা তৈয়াৰ কৰিব পৰা কেইবিধমান ককটেইল হৈছে -
Raspberry Schnapps, Pina Colada তথা Malibu (নাৰিকলৰ সৈতে ৰাম)

টোকা
১) গোলাপ দিবসত ভালেমানজনে মোলৈ গোলাপ পঠালে ৷ ১৬ আগষ্টৰ দিনাখনো কোনোবাই নিমন্ত্ৰন জনাব বুলি আশা কৰি ল’লো ৷
২) এনেকুৱা নহয় যে মাথো ৰাম দিবসহে আছে ৷ মন কৰিলে আন আন দিবসো উদযাপন কৰিব পৰা যায় ৷
১৮ মে : হুইস্কি দিবস
৬ আগষ্ট : ৰুট বিয়েৰ দিবস
২৭ জুলাই : বেগ পাইপাৰ দিবস
২০ জুন : আইছ ক্ৰীম ছ’ডা দিবস
১৭ জুলাই : হালধীয়া গাহৰি দিবস
আৰু এনে অনেক দিবস আছে ৷
উৎস http://www.altiusdirectory.com/Society/national-rum-day.html


No comments:

Post a Comment