জাগীৰোডত W/L অৰ্থ জনাৰ পাছত
মোৰ মন তৃপ্তিৰে ভৰি
পৰিল ৷ বাহিৰলৈ চাই
চাই আপোন পাহৰা হৈ গৈ আছো
৷ পাছে বৰ বেছি
পৰ বাহিৰলৈ চাই থাকিব
নোৱাৰিলো ৷ বাছৰ ভিতৰত
আৰম্ভ হ’ল চিৰতন-হৰতনৰ যুজ ৷ নগাওঁৰ পৰা নো শিৱসাগৰ কেতিয়া পালো গৈ গমেই নাপালো ৷ বাছৰ পৰা নামি
জেপৰ ধনকেইটা হিচাব কৰিহে
গ’ম পালো নগাওঁৰ পৰা শিৱসাগৰলৈ ১২০০ টকামান ভৰিব লগাত পৰিলো ৷ ৰাতিলৈ সেই কেইটা মোকলাব লাগিব
৷
কইনাৰ ঘৰ নাজিৰালৈ যোৱাৰ বাটত পোৱা চুণপোৰা তিনি আলিত ৷ শিৱসাগৰত বাহৰ পতা হৈছিল বৰপুখুৰীৰ পাৰত থকা অসম চৰকাৰৰ কোনে এক ক’লনিত ৷ ৰাতি মেহফিল ভালেই জমি উঠিল ৷ দৰা আকৌ এক বিশেষ ধৰণৰ নৃত্যত বিশাৰদ ৷ তেওঁ সেইদিনা বহু ৰাতিলৈ নাচিলে ৷
পাছদিনা ৰাতিপুৱা ৭ মান বজাতে গা-পা ধুই মই চুট-বুট পিন্ধি তৈয়াৰ ৷ দৰাৰ মাকে মোৰ ফালে চাই সুধিলে,‘জোৰণ পিন্ধাবলৈ তয়ো যাবি নেকি ? ৰাতিপুৱাই বাথৰূমটো বন্ধ কৰি ৰাখিছ কেলৈ ?’
মই সেমেনা-সেমেন কৰি ক’লো,‘নাই খুড়ী মই আকৌ জোৰণ পিন্ধাবলৈ কিয় যাম ? মই মেলাচকৰৰ ফালে চক্কৰ এটা মাৰিবলৈ যাম ৷’
সেই সময়ত মোৰ বিয়া হোৱা নাছিল আৰু মোৰ ভাবী পত্নীৰ ঘৰ মেলাচকৰত ৷
এফালে গগুৰ জোৰণ ওলাল আনফালে মই গৈ মেলাচকৰ পালো গৈ ৷
জোৰণত কি হ’ল নাজানো , মই পাছে লুছী আৰু কনী তৰকাৰীৰে এপেট খাই ১০মান বজাত আহি বাহৰ পালোহি ৷

দৰা আৰু বাকী লগৰ
বন্ধু সকল টোপনিত লালকাল ৷
মই চিন্তা কৰি দেখিলো বিয়া কাইলৈ ৷ দুলীয়াজানৰ পৰা এপাক মাৰি আহিব পৰা যায় দেখোন ৷ দৰাক কথাটো জনাই দুলীয়াজানলৈ বুলি ওলালো ৷ দৰাই চকু দুটা নেমেলাকৈয়ে ক’লে,‘কাইলৈ কিন্তু সময়ত আহি যাবি ৷’
সেই সময়ত দুলীয়াজান গ’লে অইল ক’লনিৰ ডি.এক্স-১১৮ত মোৰ স্থায়ী বাহৰ ৷ মই যোৱা বুলি খবৰ পায় অইলত কৰ্মৰত মোৰ কলেজীয়া দিনৰ দুটা ৰূমমেট অনি আৰু পদুম আহি ওলাল ৷ আকৌ আৰম্ভ হ’ল স্মৃতি ৰোমন্থণ ৷ যথাৰীতি মোৰ ভাগতেই পৰিল আমাৰ কলেজীয়া দিনৰ ওলোটা-ওভটা কান্ডবোৰৰ কথা আকৌ এবাৰ কৈ যোৱাৰ ৷
পাছ দিনা দুইমান বজাত আমি শিৱসাগৰলৈ বুলি ৰাওনা হ’লো ৷ ৫মান বজাত শিৱসাগৰ পাব পাৰিলে ভাল হ’ব ৷ অকনমান সময় দৰাটোৰ সৈতে ফুৰ্তি কৰিব পাৰিম ৷ সুযোগ পালে ৰূমমেট কেইটাৰ সৈতে মেলাচকৰতো চক্কৰ এটা মাৰি আহিব পাৰিম ৷
চেপনলৈ ঠিকে আহি পালো ৷ সোমাই দিলো খাৰঘৰীয়াৰ ধাবাত ৷ তাতেই অলপ পলম হৈ গ’ল ৷ বন্ধুৰ বিয়া বুলি অলপ ৰঙীন মেজাজৰ হৈ ল’লো ৷ শিৱসাগৰ পাওঁতে ৬মান বাজিল ৷ দৰাৰ বাহৰ পায় গম পালো বৰযাত্ৰী কেতিয়াবাতে গ’ল হেনো ৷ কইনা ঘৰৰ ঠিকনা ভালকৈ বুজি লৈ ৰাওনা হ’লো চুণপোৰা অভিমুখে ৷ আক-তাক সুধি উলিয়ালো গৈ কইনাঘৰ ৷

কইনাঘৰত সোমাই দৃশ্য দেখি চকু কপালত উঠিল ৷ চকী-মেজ সকলো ওলট পালট ৷ বৰযাত্ৰীৰ ফালৰ
মানুহটো বাদেই কুকুৰ দুটামানৰ বাহিৰে আৰু বেলেগ কোনোৱে নাই ৰভাতলীত ৷ অকমান আগুৱাই
গৈ দেখিলো এজন বয়সীয়াল ভদ্ৰলোক বহি আছে আৰু তেখেতৰ সন্মুখত এটা বিলাতী সুৰাৰ বটল ৷
আমি নিজৰ মাজতে কথা পাতিলো,‘বিয়া কিবা কাৰনে নহ’ল গৈ ছাগৈ আৰু তেখেতে এটা ট্ৰেজেডী
ফালি আছে ৷ ব’ল ব’ল ইয়াৰ পৰা যোৱাই ভাল হ’ব ৷’
সিদ্ধুৱে মাত লগালে,‘মই গৈ সুধি আহো ৷ তহঁত গাড়ীত বহগৈ যা ৷’
সিদ্ধু আগুৱালে বয়সীয়াল ভদ্ৰলোকজন ফালে আৰু আমি উলটিলো গাড়ীলৈ ৷
বহু পৰ অপেক্ষা কৰাৰ পাছতো সিদ্ধু উলটি নহাত আমি বিবুদ্ধিত পৰিলো ৷
‘তাক কেনেবাকৈ বান্ধি থৈ দিলে নেকি ?’
আমি আটাইকেইটা চুচুক-চামাক কৈ আকৌ ৰভাতলী পালো গৈ ৷
আমাক দেখি বয়সীয়াল ভদ্ৰলোকজনে মাত লগালে,‘দৰাৰ বন্ধু হৈ ক’ত ৰৈ আছা ? আহা আহা অলপ ছেলিব্ৰেট কৰো ৷’
কথাখিনি শুনিহে আমাৰ মুখলৈ পানী আহিল ৷
ইতিমধ্যে ঘৰৰ ভিতৰৰ গিলাছ আৰু পানীও আহিল ৷
কথা পাতি বুজিলো লগ্ন আবেলি চাৰি বজাতে আছিল আৰু সাতমান বজাত আমাৰ দৰাই কইনালৈ উভটি গ’ল ৷
আমি ব্যস্ত হ’লো আমাৰ ছেলিব্ৰেচেনত !
সামৰণি :

নাই কাহিনী শেষ হোৱা নাই ৷
আপুনি হয়তো ভাবিছে এই লেখাটোৰ নাম দৰা-ধৰা কিয় ?
আমাৰ ছেলিব্ৰেচেন চলি আছে ৷
তাৰ মাজতে মোৰ ফোনটো বাজিল ৷
০৩৬১-২৭…. জাতীয় নম্বৰ এটা ৷
কোনোবাই গুৱাহাটীৰ পৰা কৰিছে ৷ কোনে ধৰিব এই ছেলিব্ৰেচেনৰ মাজত অচিনাকি ফোন ?
কিন্তু তিনি চাৰিবাৰমান বজাৰ পাছত মই ফোন ধৰিবলৈ বাধ্য হ’লো ৷

‘প্ৰতিভূ ক’ত আছা হে ? সকলো ৰৈ আছে তোমাৰ কাৰনে ৷ দৰা ধৰা হৈ ইমান দেৰী কৰিলে কেনেকৈ হ’ব
? আৰু দৰাৰ সাজটো তোমাৰ তাত আছে নহয় ৷ আহোতে
লৈ আহিবা ৷’
মনত পৰিল গুৱাহাটীত সুবুৰ আজি বিয়া আৰু মই
দৰা ধৰা !!!!!!!!!!!!!
pise biya khon holne nai ??
ReplyDelete