সামৰণি :
বহুতৰে ধাৰনা হ’ব পাৰে এইটো এটা সঁচা ঘটনা ৷
সেয়ে দৃঢ় ভাবে কওঁ, ‘‘এইটো এটা মনে সজা গল্প ৷’’
বহুতেই সঁচা বুলি ভাবিব পাৰে কাৰন, এই গল্পত থকা ভালেমান চৰিত্ৰ নাম মোৰ ভালেমান সহপাঠীৰ নাম সৈতে মিলি যায় ৷ নামকেইটা হে মিলিছে তাৰ বাহিৰে একো কথাতে কোনো ধৰনৰ সাদৃশ্য নাই ৷
বহুতৰে ধাৰনা হ’ব পাৰে এইটো এটা সঁচা ঘটনা ৷
সেয়ে দৃঢ় ভাবে কওঁ, ‘‘এইটো এটা মনে সজা গল্প ৷’’
বহুতেই সঁচা বুলি ভাবিব পাৰে কাৰন, এই গল্পত থকা ভালেমান চৰিত্ৰ নাম মোৰ ভালেমান সহপাঠীৰ নাম সৈতে মিলি যায় ৷ নামকেইটা হে মিলিছে তাৰ বাহিৰে একো কথাতে কোনো ধৰনৰ সাদৃশ্য নাই ৷
কথাবোৰ অলপ স্পষ্ট কৰি দিওঁ ৷
হয় মোৰ ৰূমমেটৰ নাম মৃদু, মৃদুমলয় সোনোৱাল ৷ তাৰ ভুতলৈ অকনমান ভয় নথকা নহয় ৷ এইটোও সঁচা কথা সি এবাৰ ৰেলিং বেকা কৰিবলৈ যত্ন কৰিছিল ৷ তাৰ বাহিৰে আন একো কথাতেই এই কাহিনীৰ মৃদুৰ সৈতে মোৰ প্ৰকৃত ৰূমমেটৰ সৈতে সাদৃশ্য নাই ৷
দিবাকৰ, অনিৰ্বান, দীপক, নয়ন, ভাস্কৰ, কছম’ৰ বিশ্ব, কল্যাণ এইবোৰ মোৰ সহপাঠী আছিল ৷ আমি একে লগে আছিলো ৷ গল্প এটা লিখোতে সিহঁতৰ নামবোৰকে দিবৰ মন গ’ল কাৰনে দি দিলো ৷ তাৰ বাহিৰে আন একো সাদৃশ্য নাই ৷
উদাহৰন স্বৰূপে শৌচাগাৰত
দীপকে মৃদুৰ ৰখীয়া হোৱা নাছিল ৷ বৰং সি আৰু মৃদুৱে মোৰহে ৰখীয়া হৈছিল ৷ হয় মোৰ ৰূমমেটৰ নাম মৃদু, মৃদুমলয় সোনোৱাল ৷ তাৰ ভুতলৈ অকনমান ভয় নথকা নহয় ৷ এইটোও সঁচা কথা সি এবাৰ ৰেলিং বেকা কৰিবলৈ যত্ন কৰিছিল ৷ তাৰ বাহিৰে আন একো কথাতেই এই কাহিনীৰ মৃদুৰ সৈতে মোৰ প্ৰকৃত ৰূমমেটৰ সৈতে সাদৃশ্য নাই ৷
দিবাকৰ, অনিৰ্বান, দীপক, নয়ন, ভাস্কৰ, কছম’ৰ বিশ্ব, কল্যাণ এইবোৰ মোৰ সহপাঠী আছিল ৷ আমি একে লগে আছিলো ৷ গল্প এটা লিখোতে সিহঁতৰ নামবোৰকে দিবৰ মন গ’ল কাৰনে দি দিলো ৷ তাৰ বাহিৰে আন একো সাদৃশ্য নাই ৷
উদাহৰণ স্বৰূপে, আমাৰ লগত যি নয়ন আছিল সি বৰ সুখ্যাতিৰে পাছ কৰিছিল ৷ বৰ্তমান সি স্থায়ী ছিকাগো চহৰ বাসিন্দা ৷
উদাহৰণ স্বৰূপে, পৰীক্ষা শেষ কৰি ছামিমৰ সৈতে পাৰ্টী নকৰা নহয় ৷ পাছে বি.এন.ডেৰ এই পাৰ্টীৰ সৈতে একো সম্বন্ধ নাছিল ৷ আমি পাৰ্টী অশোকাত কৰিছিলো ৷
এইটো যে এটা কল্পনা প্ৰসুত গল্প তাৰ আন এক উদাহৰণ আমি ১৯৮৮চনত উচ্চতম মাধ্যমিকৰ পৰীক্ষা দিয়াই নাছিলো, বৰং ১৯৮৯চনতহে দিছিলো ৷
পাছে আৰু এটা সৰু কথা নথকা নহয় ৷
আমি পৰীক্ষা দিয়া বছৰ কিন্তু মঙলবাৰ আৰু শনিবাৰ এটাত ক্ৰমে মাধব আৰু বিপুলদাৰ ছতিয়না গছজোপাৰ ওচৰত অলপ লতিঘটি নোহোৱা নহয় ৷
মাধব এতিয়া এখন চিকিৎসা মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাবে কৰ্মৰত ৷
বিপুলদা এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ O.S.D ৷
পাছে তেওঁলোকৰ কথা মি ইয়াত লিখা নাই ৷
বাকী কোনো ল’ৰা পৰীক্ষাৰ নামত শিলিগুড়ীলৈ গুছি যোৱা নাছিল ৷
মানবৰ ৰূম |
মুল কাহিনী
হোষ্টেলত আমাৰ এটা নিয়ম আছিল ৷ নিশা ভাত খাই উঠি আমি কেইটামান মানবৰ ৰুমলৈ গৈ আড্ডা মাৰো ৷ ছিগাৰেট, চাধা আৰু আড্ডাৰ প্ৰায় আধা ঘন্টামানৰ এটা ভাল লগা বিৰতি ৷ মানব যায় অনিৰ্বানৰ ৰুমলৈ ৷ সিহঁতে বোধহয় ফিজিক্স, কেমেষ্ট্ৰীৰ কথা পাতে ৷ দহ বজাৰ লগে লগে মানব নিজৰ ৰুমলৈ উভটি অহাৰ লগে লগে আমাৰ আড্ডাৰ অন্ত পৰে ৷ নিজৰ ৰুমলৈ উভটি আহো ৷
উচ্ছতৰ মাধ্যমিকৰ পৰীক্ষা আৰম্ভ হ’ল ৷ মানবৰ ৰুমৰ আড্ডা নিয়ম মাফিক চলি আছে ৷
১৯৮৮ চনৰ ফেব্ৰুৱাৰী নে মাৰ্ছ মাহৰ কোনো এক মঙলবাৰৰ কথা ৷ মাহটো পাহৰিলো যদিও মঙলবাৰ বুলি মনত আছে ৷ কিয়, কেনেকৈ আপোনালোকে বুজি পাব সময়ত ৷
সেই মঙলবাৰৰ নিশা আমাৰ আড্ডা চলি আছে ৷ এপাকত কোনোবা এটাই মাত লগালে, ‘‘আৰে এঘাৰ বাজিবৰ হ’ল দেখোন ! মানব অহা নাই যে ?’’
‘‘এঘাৰ বাজিবৰ হ’ল ???’’দৌৰা-দৌৰিকৈ নিজৰ নিজৰ ৰুমলৈ উভটি আহিলো ৷ দুটামানে মানবক বিচাৰিবলৈ ধৰিলে ৷ ৰুমলৈ আহিয়ে মই বিচনাত উঠিলো, ৰুমমেট মৃদু পঢ়া টেবুলত বহিল ৷ চকু দুটা মুদিবলৈ নৌ পাওঁতেই বাহিৰত হুলস্থুল এটা শুনিলো ৷
‘কি হৈছে অ মৃদু ?’
মৃদু পঢ়াৰ পৰা উঠি বাহিৰলৈ ওলাই গ’ল ৷ অলপ পাছতে সি দৌৰ মাৰি আহি মোক বিচনাৰ পৰা উঠাই ক’লে, ‘‘ব’ল ব’ল ! মানবক বিচাৰি পাইছে ৷’’
টিঙিচ কৈ খঙটো উঠি আহিল ৷
‘‘মানবক যদি বিচাৰি পালেই তেনেহ’লে আকৌ বাহিৰলৈ কিয় যাব লাগে ?’’
‘‘এহ্ তই ব’ল না !’’
উপায় নাপায় বাহিৰলৈ ওলাই আহিলো ৷ মানবৰ ৰুমত সকলোৱে ভিৰ কৰিছে ৷ গৈ দেখো মানব শুই আছে বিচনাত ৷ কোনোবাই তাৰ মুৰত তেল মালিছ কৰিছে, আন এটাই গৰম হৰলিক্স খুৱাবলৈ যত্ন কৰিছে ৷
মই ধৰিব পৰা নাই কি হৈছে ৷
সংকল্পৰ পৰাহে গম পালো ঘটনাটো কি ৷
আমাৰ হোষ্টেলৰ খোৱা ঘৰটোৰ পাছফালে এজোপা চতিয়না গছ আছে ৷ তাৰ কাষতে দেৱালৰ ওচৰত এটা প্ৰশ্ৰাবগাৰ আছে ৷ ৰাতি মানব হেনো তালৈ যাওঁতে কোনোবাই তাক পাছ ফালৰ পৰা গতা মাৰি দিলে ৷ কোনে গতা মাৰি দিলে মানবে গম নাপালে ৷ সংকল্পই হেনো পেচাব কৰিবলৈ যাওঁতে মানবক চতিয়না গছৰ ফেৰেঙণিত ওলমি থকা অৱস্থাত দেখি নমাই আনিলে ৷
‘‘ধুই আজি বেছিকৈ ‘পু টানিলে’ ছাগৈ ! টোপনিৰ জালত গৈ গছতে শুলে গৈ ৷ ব’ল ব’ল আমিও শুই থাকো ৷’’
মানবৰ কথা নাজানো, মোৰ চকু জাপ খাই আহিছে ৷ মই নিজৰ ৰুমলৈ উভটি আহিলো ৷ মৃদু থাকি গ’ল ৷ সি যে গোটেই খবৰখিনি লৈ আহিব মই জানো ৷ এনেকুৱা ধৰনৰ কথাবোৰত তাৰ বৰ আগ্ৰহ ৷ সময় কিমান হৈছিল নাজানো, কিন্তু টোপনিৰ মাজতে এবাৰ চকু দুটা মেলি দেখিলো মৃদু পঢ়া টেবুলত বহি আছে ৷
এপাকত সি আহি মোক মাত দিলে, ‘‘আজি কি বাৰ তই জান নে ?’’
‘‘কুকুৰ ! এক গোৰ মাৰি দিম ৷ ৰাতিখন কিহৰ কুইজ পাতিছ ?’’
‘‘অই তই জাননে আজি মঙলবাৰ ৷’’
‘‘মৃদু, মোক এতিয়া শুব দে ৷ আৰু এতিয়া মঙলবাৰ হৈ থকা নাই ৷ বুধবাৰ হ’ল ৷ বৃহস্পতি আৰু শুকুৰবাৰ পৰা হ’লেই শনিবাৰে ফিজিক্স আছে ৷ তোৰ কথা নাজানো মোক শুব দে ৷’’
‘‘নহয় অ মানব যে ওলমি আছিল সেইদিনা মঙলবাৰ আছিল ৷’’
‘‘আব্বে ছন ! মানব ওলমি থকাৰ লগত মঙলবাৰ বুধবাৰৰ কি কথা আছে ?’’
‘‘ধেই তই নাজান নেকি ?’’
মই আঠুৱাৰ তলত বহি ল’লো ৷ ‘‘মই কি নাজানো ?’’
‘‘ৰাজাই কৈছে মঙলবাৰে হেনো ভুত ওলায় ৷ কথাটো হয় নেকি ?’’
‘‘মঙলবাৰ ? ভুত ? পাগল হৈছ নেকি ? মানে তহঁতে কথা পাতিলি মানবক ভুতে গতা মাৰিছিল ? কাম নাই আৰু ! আব্বে সি আগতে তেতিয়াও মনিপুৰী মাল টনা নাই ৷ যোৱাকালি বেছি হৈছিল ৷ হয়ে তেনেকুৱা ৷ শুই থাক এতিয়া ৷’’
‘‘নহয় মানে..’’
‘‘মৃদু মা কছম কৈছো ! তই আৰু এবাৰ ভুতৰ নাম ল’বি আৰু মই তোক টানি নি মুতণিত পেলাই থৈ আহিম ৷ শুব দে !’’
বুধবাৰ পুৱাই গম পালো, হোষ্টেলত বহুতকে মঙলবাৰৰ ভুতে পালে ৷ কেইবাটাও ভুতৰ কথা পাতি আছে ৷ আমি এইবোৰ বিশ্বাস নকৰা কেইটাই চাহ খাই খাই বেলেগ কথাত মন দিলো ৷ আৰে ভাই এই কুৰি শতিকাত গুৱাহাটীৰ মাজ মজিয়াত ভুতৰ কথা পাতিম নেকি ?
‘‘মালবিকাক যোৱা কালি লাগিছিল কিন্তু..’’, ‘‘ডিম্পীক আকৌ কেতিয়া লগ কৰিবি ?...’’,‘‘শনিবাৰে ফিজিক্স শেষ কৰি বি.এন.ডেৰ পৰা হাফ এটা আনিম দেই ৷’’ … ইত্যাদি ইত্যাদি ৷
বুধ, বৃহস্পতি পাৰ হৈ শুকুৰবাৰ পালে গৈ ৷ ফিজিক্সত ফেইল মাৰিম যেনেই লাগিছে ৷
কল্যান, নয়নহঁতৰ ওচৰত টিউচন ল’ব লগা অৱস্থা এটা হৈছে ৷ মই পঢ়া টেবুলৰ পৰা উঠিবলৈকে সাহস কৰিব পৰা নাই ৷ মাজে মাজে কোনোবা এটাই আহি ছিগাৰেট বা মনিপুৰৰ পৰা অহা বিধ দি যায় ৷
তাৰ মাজতে এপাকত মৃদুৱে মাত লগালে, ‘‘অই গৰু ! কাইলৈ শনিবাৰ তই জাননে ?’’
‘‘নাজানিম ? কাইলৈ মোৰ বিয়া ৷ আব্বে কুকুৰ ফিজিক্স আছে, ফিজিক্স ! পাগল হৈ যাম ৷’’
‘‘তই খালি ফিজিক্স ফিজিক্স কৈয়ে থাক ৷ আব্বে কাইলৈ শনিবাৰ ৷ কাক বা নিয়ে কাইলৈ !’’
মই মৃদুৰ ফালে চাই সুধিলো, ‘‘কাক বা নিয়ে মানে ? কোনে, ক’লৈ নিব ?’’
‘‘গৰু তোকেই নিব ! নাস্তিক চালা !! ভুত মঙলবাৰে ওলায় আৰু শনিবাৰে ওলায় ৷ কাইলৈ শনিবাৰ আৰু মই কৈছো চাই থাক তোকে নিব ৷’’
‘‘অই মৃদু, তোক এইবোৰ ৰাজাই কৈছে নে ?’’
মৃদু মনে মনে আছে ৷
‘‘চা মৃদু, তই ডাঙৰীৰ পৰা আহিছ, পঢ়ি শুনি মানুহ হ’বলৈ ৷ এই ৰাজা কুকুৰৰ কথা শুনি শুনি নিজৰ মৰণ চপাই নল’বি ৷ পঢ়া শুনাত মন দে ৷ আৰু শনিবাৰে যদি ভুত ওলায় দেখা যাব ৷ তই ভয় খাব নালাগে ৷ মোৰ ওচৰত ভুতৰ তাবিজ আছে ৷’’
‘‘দেখা দেখা !’’
‘‘শুই থাক ৷ কাইলৈ দেখাম ৷’’
শনিবাৰ, বিয়লি ৫ মান বাজিছে ৷ পৰীক্ষা দি, বন্ধুৰ দোকানত আড্ডা মাৰি, ছোৱালী জোকাই হোষ্টেল আহি পালো ৷
দূৰৰ পৰায়ে দেখিলো, খোৱা ঘৰৰ পাছফালে থকা চতিয়না গছজোপাৰ ওচৰত ল’ৰাৰ ভিৰ লাগিছে ৷
তাৰ মানে শনিবৰীয়া ভুত ওলাল নেকি ?
গম পালো মঙলবাৰৰ দৰেই ঘটনা ৷ এইবাৰ কোনোবাই দিন দুপৰতে বিমানদাক গতা মাৰি দিলে ৷ পাৰ্থক্য ইমানেই যে বিমানদা চতিয়না গছৰ সলনি পৰিল গৈ প্ৰশ্ৰাবখিনিৰ ওপৰত ৷ মই গৈ পাওঁতে যোজা চলিছে বিমানদাক তাৰ পৰা তুলি লৈ গৈ গা ধোৱা ঘৰৰ ওচৰত থকা পানীৰ চৌবাচ্চা দুটাৰ ওচৰলৈ লৈ যোৱাৰ ৷ তাৰ পাছত তেওক তাতেই পৰিস্কাৰ কৰা হব ৷
বিমানদাৰ সৈতে ব্যস্ত থকা কেইজনৰ বাহিৰে বাকী সকল ব্যস্ত হ’ল ভুতৰ চাল-চলন, ভুতৰ বৈশিষ্ট, ভুতৰ হবি আদিৰ ওপৰত আলোচনাত ৷ নক’লেও হ’ব, মৃদু সেই আলোচনাৰ অংশ লোৱা সকলৰ ভিতৰৰ এজন অন্যতম ৷
ৰাতি ভাত খাই উঠি মন কৰিলো পেচাব কৰিবলৈ চতিয়ান জোপাৰ ফালে কোনো যোৱা নাই ৷ যোৱা নাই মানে ভুত বিশ্বাস নকৰা সকলো যোৱা নাই ৷ মানবৰ ৰূমৰ আড্ডা মঙলবাৰেই শেষ বাৰৰ বাবে বহিছিল ৷ গতিকে মই পোনে পোনে নিজৰ ৰূম পালো গৈ ৷ পাছৰ মঙলবাৰে কেমেষ্ট্ৰী আছে ৷ অৰগেনিকে খাই দিব যেন আশংকা এটা বহু দিনৰে পৰা আছে ৷ পঢ়িবলৈ বহিলো ৷
মৃদু আহি ৰূম সোমাইছেহে ৷ মই মাত দিলো, ‘‘মৃদু এই খুকুৰীখন দেখিছ ? ভুতৰ কথা যদি ভুলতেও
তোৰ মুখৰ পৰা ওলাই, এইখন তোৰ পেটত ভৰাই দিম ৷’’
মৃদুৱে মোৰ কথাত বিশেষ গুৰুত্ব নিদি পঢ়াত বহিল ৷
মাজে মাজে সি ভোৰ-ভোৰাবলৈ ধৰিলে, ‘‘তিনিবাৰত নিবাৰ, তিনিবাৰত নিস্তাৰ নাই ৷ তিনিবাৰত নিবাৰ, তিনিবাৰত নিস্তাৰ নাই ৷’’
মই মনতে ভাবিলো ই পঢ়িছে কি ?
‘‘অই গৰু, কি কৈ আছ ?’’
‘‘আব্বে তই হৈছ নাস্তিক মানুহ ৷ তই ভুতৰ কথা কি জানিবি ? ভুতে তিনিবাৰ গতা নামাৰে ৷ এইবাৰ লৈ যাব ৷ মঙলবাৰে নিব বুলি কৈছে ৷’’
অৰগেনিক, ইনঅৰগেনিকে মোক বাপ বাপ দেখুৱাই দিছে ৷ মনতে ভাবিলো মৃদুৰ সৈতে অকনমান ভুতৰ কথা পাতি ল’লে মনটো পাতল হ’ব ৷
‘‘ৰাজাই কৈছে নেকি ? সি ইমানবোৰ কথা কেনেকৈ জানিলে নো ?’’
‘‘ৰাজাহঁতৰ ঘৰৰ ওচৰতে এখন কালীবাড়ী আছে ৷ তাৰ আহঁতগছ জোপাৰ তলত হেনো এজন নাগা সন্যাসী থাকে ৷ তেওঁৰ পৰায়ে ৰাজাই ভুতৰ বহুতো কথা শিকিলে ৷ তই জাননে আমাৰ দৰে ভুতৰো এখন পৃথিবী আছে ?’’
‘‘ভুতৰ পৃথিবী ?’’
‘‘আব্বে সেইখন পৃথিবী নহয় আমাৰ বিশ্বব্ৰহ্মান্ডখনৰ দৰেই এখন ভুতৰ বিশ্বব্ৰহ্মান্ড ৷ ভুতে মানুহবোৰ টান মাৰি হেনো তালৈ লৈ যায় ৷ আমাৰ ইয়াত যিবোৰ বস্তু আছে তাতো সেইবোৰ বস্তু থাকে ৷’’
মৃদুৰ কথা শুনি অলপ ভয় খালো ৷ ভুতে টান মাৰি লৈ যাব সিহতৰ বিশ্বব্ৰহ্মান্ডখনলৈ সেইখিনিকে কথাটো ঠিক আছে ৷ এইখন বিশ্বব্ৰহ্মান্ডত বৰ বিশেষ একো কৰিব পৰা নাই ৷ নতুন এখনত কিবা এটা ভাল হ’বও পাৰে ৷ কিন্তু আমাৰ বিশ্বব্ৰহ্মান্ডখনৰ দৰে যে সকলো বস্তু তাতো আছে সেই কথাটোত ভয় লাগি গ’ল ৷ তালৈ গৈ যদি ভুতৰ ফিজিক্স, কেমেষ্ট্ৰী পঢ়িব লাগে পগলা হৈ যাব লাগিব !
মৃদুৱে ৰাজাৰ পৰা শিকি অহা নাগা সন্যাসীৰ ভুত-তত্ত্বৰ ওপৰত ভাষন দি গ’ল ৷ লৱনুদাৰ মুখত universe mutliverseৰ কথা শুনিছিলো ৷ সঁচাকৈয়ে বাৰু আমাৰ ব্ৰহ্মান্ডখনৰ সমান্তৰালকৈ আন এখন ব্ৰহ্মান্ড আছে নেকি ? মৃদুৰ ভাষন কেতিয়া শেষ হ’ল ক’ব নোৱাৰো ৷
পাছদিনা পঢ়া টেবুলত বহি Modern Approach To Chemisrtyখন পৌৰাণিক যুগৰ গ্ৰন্থ যেন হে লাগিবলৈ ধৰিলে ৷ ভুতৰ জগতৰ কেমেষ্ট্ৰী কেনেকুৱা হ’ব সেই কথা জানিবলৈহে বেছি মন গ’ল ৷ এনেও পৰীক্ষাৰ ৰিজাল্টৰ পাছত মই ভুতেই হ’ব গৈ লাগিব ৷
ৰাজাৰ ৰূম পালো গৈ ৷
‘‘এই তোৰ মতে বাৰু মঙলবাৰে ভুত ওলাব নেকি ?’’
ৰাজাই আচৰিত হৈ মোৰ ফালে চালে, ‘‘ওলাব নেকি মানে ? আৰে ভুত সদায়ে থাকে, সদায়ে ওলায় ৷ কিন্তু মঙলবাৰ আৰু শনিবাৰে সিহতে মানুহ টানি নিয়ে ৷’’
‘‘তই ভুত দেখিছ ?’’
ৰাজাই ঢেক-ঢেকাই হাঁহি দিলে, ‘‘আৰু আমি ভুত দেখা নাপাওঁ ৷ সিহতে আমাক দেখি থাকে কিন্তু ৷ আচল কথা কি জান নে ? আমি ভুত দেখা নাপাওঁ এই কথাটোও একদম ১০০ % সঁচা নহয় ৷ পাওঁ দেখা, কিন্তু বুজি নাপাওঁ ৷’’
‘‘আব্বে কি বকি আছ অ ? দেখা নাপাওঁ, দেখা পাওঁ !’’
‘‘ভুত আহি আমাৰ কাৰোবাৰ শৰীৰত সোমাই যায় ৷ ধৰ আহি মোৰ শৰীৰতে সোমাই গ’ল ৷ তই ভাবি থাকিব মই তোৰ চিনাকী গোলোকগঞ্জৰ ৰাজা ৷ কিন্তু মই আচলতে এটা ভুত ৷ দুদিন তোৰ সৈতে কথা পাতি থাকিম ৷ তাৰ পাছত শনিবাৰ বা মঙলবাৰে লৈ যাম তোক আমাৰ দুনীয়ালৈ ৷ তই গমেই নাপাবি তোৰ চিনাকীবোৰৰ মাজতে কেইটা ভুত আছে ৷’’
তাৰ পাছতে ৰাজাই হা হা কৈ আচৰিত ধৰনে হাঁহিবলৈ ধৰিলে ৷ এনে অৱস্থা পালেগৈ যে তাৰ মুখেৰে লেলাউটি ওলাই গ’ল ৷ তাৰ ৰূপ দেখি মোৰ সন্দেহ হ’ল ই ‘গোলোকগঞ্জৰ ৰাজা’ নে ‘ভুত ৰাজা’ ৷
‘‘অই মই কছম’ৰ পৰা আহো গৈ ৷ বিশ্বৰ পৰা নটছ অকনমান আনিব আছে ৷ তই থাক ৷’’
‘‘সাবধানে থাকিবি ৷’’
বিশ্বৰ তালৈ গৈ থাকোতে চিন্তা কৰি গ’লো ৰাজাই কোৱা কথাবোৰ ৷
অন্ততঃ এটা সঁচা কথা কৈছে সি ৷
‘‘তই গমেই নাপাবি তোৰ চিনাকীবোৰৰ মাজতে কেইটা ভুত আছে ৷’’ মই কেইবাটাও ভুতক চিনি পাওঁ ৷
বিশ্বৰ তাৰ পৰা নটছ আনি পঢ়িবলৈ আৰম্ভ কৰিলো ৷ অকনমান পঢ়িয়ে বুজিলো মোক ভুতে পালে ৷ পঢ়াত মন বহাব নোৱাৰা হৈছো ৷ ৰাজাৰ ৰূমলৈ খোজ দিলো ৷
মঙলবাৰ আহিল ৷ কেমেষ্ট্ৰী পৰীক্ষা শেষ হ’ল ৷ সেই নিশা ভাত-পানীও সোনকালেই খালো ৷ চতিয়ানৰ ফালে যোৱা কেতিয়াবাই বন্ধ হ’ল ৷ দহমান বজাত আহি ৰূম সোমালো ৷ মঙলবৰীয়া ভুতৰ কথা মনৰ পৰা আতৰি যোৱা নাই ৷ মৃদুক সুধিলো, ‘‘অই একো হোৱা নাই দেখোন !’’
‘‘হ’ব ৰ ৷ মঙলবাৰ এতিয়াও শেষ হোৱা নাই ৷ ৰাজাই কৈছে তিনিবাৰত নিবাৰ ৷’’
‘‘অই এই ‘নিবাৰ’ মানে কি ?’’
‘‘নাজানো মই ৷ ৰাজাই কৈছে ৷ নিবাৰ মানে লৈ যোৱা নেকি জানো !’’
মই নিবাৰ-চিবাৰ বাদ দি পঢ়াত মন দিলো ৷ কেমেষ্ট্ৰী বেয়া হোৱা নাই ৷ অহা শনিবাৰে অংক আছে ৷ যেনে তেনে পাছ কৰিব পাৰিলেই হ’ব ৷
অকনমান পাছতে দুৱাৰত কোনোবাই টক-টকালে ৷ সঁচা কথা কৈছো মৃদুৰ সৈতে ময়ো উচপ খাই উঠিলো ৷
মনতে ভাবিলো, ‘‘ভুতে দুৱাৰত টোকৰ মাৰি আহে নেকি বাৰু ? ৰাজাক সোধা নহ’ল নহয় ৷’’
সাহস গোটাই সুধিলো, ‘‘কোন ?’’
সিফালৰ পৰা বিজয় দাস দাদাৰ মাত, ‘‘নয়ন আছে নেকি তোমালোকৰ ৰূমত ?’’
বাহিৰলৈ ওলাই আহিলো ৷ দেখিলো আৰু দুটামান ৰৈ আছে ৷ তাৰ মাজতে ৰাজাও আছে ৷
‘‘এইবোৰ বাৰু মই চিনি পোৱা মানুহবোৰ নে ভিন্ন জগতৰ পৰা অহা কোনোবা ভুত ?’’
কোনোবাই কৈছে, ‘‘আছে সি বেলেগ কৰবাত ৷’’
আন এটাই কৈছে, ‘‘ছিনেমা চাব গৈছে ৷’’
বিজয়দাৰ খং উঠি আহিল, ‘‘সি কিয় ছিনেমা চাব যাব ? যোৱা দুবছৰত সি এখনো ছিনেমা চোৱা নাই ৷ এতিয়া সি পৰীক্ষাৰ মাজত ছিনেমা চাব যাব ?’’
ৰাজাই মাত লগালে, ‘‘নয়নে ছিনেমা চাব নাযায় ৷ তাক ভুতেই নিলে ৷ তিনিবাৰত নিবাৰ ৷’’
মই মনতে ভাবিলো ৰাজাই কেনেকৈ ইমান নিশ্চিত হৈ কথাবোৰ কৈছে ৷
মন কৰিলো মৃদুৱে মোৰ হাতত খামোছ মাৰি ধৰিছে ৷
এঘাৰমান বজালৈ নাইট শ্ব চাই বিভিন্ন ছিনেমা হ’ল পৰা দলে দলে ল’ৰাবোৰ উভটি আহিল ৷ এটা দলটো নয়ন নাই ৷
ইতিমধ্যেই হোষ্টেলৰ সকলোবোৰ ল’ৰা আহি সৰু ফিল্ডখনত জুম বান্ধিলে ৷ সকলোৰে চকু-মুখত এক উৎকন্ঠাৰ চিন ৷ ভাগে ভাগে ল’ৰা ওলাল ৷ এটা দল গ’ল থানালৈ এজাহাৰ দিবলৈ ৷ আন এটা দল গ’ল মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালৰ ইমাৰ্জেঞ্চীত খবৰ কৰিবলৈ ৷ বহুতেই ধাৰনা কৰিছে কৰবাত কিবা এটা দুৰ্ঘটনাত নয়ন আহত হৈছে ছাগৈ ৷ ৰাজাৰ নেতৃত্বত আন এটা দল ওলাল খাল-ডোং, আহঁত গছ – বট গছবোৰ নিৰিক্ষণ কৰিবলৈ ৷ সেই দলটোৱে ধাৰনা কৰিছে ‘তিনিবাৰত নিবাৰ’ ৷ ভুতে নয়নক লৈ গ’ল ৷
(আগলৈ)............
সাংঘাটিক লিখিছে দেই ভুদা, আপোনৰ লিখনী মোৰ সদায় প্ৰিয়। এনেও ভুতৰ কাহীনি পালে মই গো গ্ৰাসে গিলো তাতে যদি আকৌ খুহুতীয়া ৰস অকন থাকে তেনেহলে তো কথাই নাই। বাক্য গাঠনিৰ লগতে উপস্থাপন অতি সুন্দৰ। পাঠকক উত্কণ্ঠাত ৰাখিব পৰাতোৱেই লিখকৰ ডাঙৰ গুণ বুলি মোৰ ভাৱ হয় আৰু আপোনাৰ লিখনিত এয়া স্পষ্ট হৈ পৰিছে। পিছৰ খণ্ডলৈ উত্কণ্ঠাৰে বাট চাই ৰলো।
ReplyDeleteis it like cid?finish soon .i am waiting for the last part
ReplyDeleteভাল লিখিছে দেই । ৰাতি পঢ়িহে ভাল লাগে এনেকুরা ঘটনাবোৰ, সেয়ে এই মাত্র পঢ়ি শেষ কৰিছো, মানে ১১টাত । পৰরর্ত্তী খন্ডলৈ বাট চালো ।।
ReplyDeleteআগলৈ মানে কি? পিছৰডোখৰ লিখক সোনকালে৷
ReplyDelete