Wednesday, 27 March 2013

মাহী আৰু PhD


মাহীৰ কথা ৷
নিজৰেই মাহী, যথেষ্ট মৰম কৰে, আগ্ৰহ কৰে ৷ তেখেতৰ ঘৰলৈ গ’লে ভাত নোখোৱাকৈ ঘুৰি আহিব নোৱাৰি ৷
‘‘তই ক’ত কি খাই আহিছ সেইটো তোৰ কথা ৷ তোৰ পেটত ঠাই আছে নাই তই জানিবি ৷ কিন্তু মোৰ ঘৰলৈ আহিছ যেতিয়া ভাত খাবই লাগিব ৷’’
জনা বুজা হোৱাৰে পৰা সাধাৰনতে মাহীৰ ঘৰলৈ যোৱাটো কমাই দিলো, ‘ভাত খোৱাৰ’ ভয়তে ৷ সময় নাই, অসময় নাই সা-সোৱাদ নথকা ভাত-দাইল অকল মৰমৰ খাতিৰতে আৰু কিমান খাম ?

পাছে ফোন কৰি মাহীৰ খা-খবৰ লৈ থাকো ৷ মানুহজনী সঁচাকৈয়ে সাদৰী আৰু অলপ আজলী ৷

কিন্তু মাহীৰ ছোৱালীৰ বিয়াৰ পাছৰে পৰা বিপদ আৰু বাঢ়িল ৷ ফোন কৰিবলৈকো দিগদাৰ হোৱা হ’ল ৷ ফোন কৰি ‘মাহী ভাল নে’ বুলি সোধাৰ পাছত মাহীয়ে আৰম্ভ কৰে
‘‘জানে নে আমাৰ ৰক্তিমে আমুক কৰিলে,
আমাৰ ৰক্তিম লন্ডনলৈ যাব,
আমাৰ ৰক্তিমে আমুক কিনিলে,
আমাৰ ৰক্তিমে…..’’
আধা ঘন্টা, কেতিয়াবা এক ঘন্টা জোৱায়েক ৰক্তিমৰ কথা কৈ থাকে ৷ শুনি  শুনি অতিস্থ হৈ যোৱা হ’লো ৷
মাহীৰ উপস্থিতিত একো কথা পাতিব নোৱাৰি ৷ আৰম্ভ হৈ যায় ‘আমাৰ ৰক্তিম’ ৷

মাজতে মই বৰকৈ শকত হ’লো ৷ মামাহঁতৰ ঘৰত কিবা এটা অনুস্থান আছিল ৷ মই, মামাৰ ল’ৰা আৰু আন দুটামানে কথা পাতি আছো ৷ মই ক’লো, ‘‘নক’বি আৰু মোৰ ওজন নব্বৈ পাৰ হৈ গ’ল ৷’’ মনেই কৰা নাছিলো মাহী ওচৰতে গৈ আছিল বুলি, ‘‘ থ থ তোৰ নব্বৈহে হৈছে নেকি ? আমাৰ ৰক্তিমৰ এশ পাৰ হৈ গ’ল ৷’’ কেইমাহ মান পাছৰ কথা ৷ বিয়া এখনত কোনোবাই মোক সুধিলে,‘‘কেনেকৈ খিনাইছা হে ?’’ মই উত্তৰ দিবলৈ নাপালোৱে ৷ মাহীয়ে উত্তৰ দিলে, ‘‘আমাৰ ৰক্তিমে দহ কিলমিটাৰ খোজ কাঢ়ে, আমাৰ ৰক্তিমে……….’’
শেহলৈ মই মাহীৰ এই ‘আমাৰ ৰক্তিম’টো ভাল পোৱা হ’লো ৷ বিয়া, সকাম এইবোৰলৈ মাহী যাব বুলি গম পালে মই দাদা, ভিনদেউহঁতৰ লগত বাজী মৰা হ’লো ৷
‘‘মাহীৰ মুখে দি দহ বাৰ ‘আমাৰ ৰক্তিম’ উলিয়াই দিম, কিমান দিব কওঁক ?’’
কিছুদিন আগেয়ে মাহীৰ ল’ৰাৰ বিয়া গৈ গ’ল ৷ নতুন বোৱাৰী দিপ্তী আহিল ৷ মই শ্ৰীমতীক ক’লো, ‘‘এইবাৰ ‘আমাৰ দিপ্তী’ আৰম্ভ হ’ব চাই থাকিবা ৷’’
শ্ৰীমতী আকৌ মাহীৰ পৰম ভক্ত ৷
জাঙুৰ খাই আহিল,‘‘তেনেকৈ নক’বা দেই ৰক্তিম সঁচাকৈয়ে ভাল ৷ কয় সেইকাৰনে আৰু ৷’’
সঁচাকৈয়ে আৰম্ভ হৈ গ’ল ‘আমাৰ দিপ্তী ৷’
দিপ্তীয়ে লাহদৈগড়ৰ ফালৰ স্কুল এখনত কাম কৰে ৷ মাহীৰ কথা শুনি এনে লাগিবলৈ ধৰিলে সেই স্কুলখন ভাৰতৰ ভিতৰতে থকা শ্ৰেষ্ঠতম স্কুল ৷ এওঁ কয়, ‘‘লাহদৈগড়ত ভাল স্কুল থাকিব নোৱাৰে নেকি ?’’

কেইদিনমান আগেয়ে আমাৰ ঘৰলৈ মাহী আহিছিল ৷ কথাই কথাই মই দিপ্তীৰ খবৰ ল’লো ৷
মাহীয়ে মোক জনালে দিপ্তীৰ বায়েকে হেনো মেঘালয়ৰ বিশ্ববিদ্যালয় এখনৰ পৰা ডক্টৰেট ডিগ্ৰী কৰি আছে ৷ টকা প্ৰায় দুই লাখ মান লাগে ৷ হ’লেও বৰ ভাল ডক্টৰেট ডিগ্ৰী দিয়ে হেনো ৷ উপদেশ দিলে টকা দুটামান গ’লেও শ্ৰীমতীৰ কাৰনে হেনো মই চিন্তা কৰি চাব পাৰো ৷

তেতিয়াৰে পৰা এওঁ লাগি আছে, ‘বেংকৰ ল’ন লৈ হ’লেও PhD কৰিহে এৰিব হেনো ৷’

খবৰ লৈ গম পালো মেঘালয়ৰ বিশ্ববিদ্যালখনৰ নাম CJM University ৷ কি কৰো জানো পায় !

1 comment: