Monday 25 March 2013

জয়ন্ত চলিহাৰ সংসাৰ - ১


(জয়ন্ত চলিহা এজন চাকৰিয়াল ৷ গুৱাহাটীতে থাকে ৷ বিবাহিত ৷ তেওঁ মাজে মাজে, সুবিধা পালে মোৰ লগত বহি আড্ডা মাৰে ৷ মোক কয়, ‘‘হেৰা লিখিবা হে !’’
এইয়া চলিহাৰে কাহিনী, চলিহাৰ মুখেৰে )

এদিন সন্ধিয়া, ভাগৰুৱা শৰীৰ এটা লৈ অফিছৰ পৰা আহি ঘৰ সোমাইছো ৷
‘‘আহিলা ?’’, শ্ৰীমতীয়ে সুধিলে ৷
‘‘ওঁ’’, বুলি কৈ জোতাজোৰ খুলিবলৈ ধৰিলো ৷
তাৰ পাছত অকনমান সময় নিৰলে বহি চিন্তা কৰি ল’লো, ‘‘চাল্লা এনেকুৱা চাকৰি আৰু নকৰো ৷ নিকিনা গোলাম পাইছে ? কুত্তা চালা বছ দেখুৱাব আহিছে ? তাৰ শহুৰেকৰ ঘৰৰ গোলাম পাইছে ? বছগিৰি দেখুৱাব আহিছে ? চাকৰি বাদ দি দিম চিনি পোৱা নাই !’’
শ্ৰীমতীয়ে আৰম্ভ কৰিলে, ‘‘আফিছতো বহি থাকিবা, ঘৰতো আহি বহি থাকিবা ! তুমি যাবা নে নোযোৱা কোৱা ? নহ’লে মই অকলেই যাওঁ ৷’’
মই চিন্তা কৰিলো ক’লৈ বা যোৱাৰ কথা আছিল ৷ মাহ শেষ হ’বৰ হৈছে ৷ গতিকে বজাৰ কৰিবলৈ যাম বুলি কোৱা যে নাই সেই কথাটোত মই নিশ্চিত ৷ কিন্তু তেনেহ’লে ক’লৈ যোৱাৰ কথা কৈছে বাৰু ? একোকে মনত পৰা নাই ৷ বুজিলো কাণত তুলা ভৰাব লাগিব ৷ তথাপিও সুধিলো, ‘‘হেৰা ক’লৈ যোৱাৰ কথা আছিল ?’’
‘‘মই জানোৱে ! তুমি এনেকুৱাই কৰিবা ! কিমান দিনৰ পৰা কৈ আছো ৷ মই কি কৈছিলো বাদ দিয়া হে ! তাই নিজেই ফোনো কৰিছে ৷ ফোন কৰিছে মানে তোমাকেই কৰিছে ৷ আৰু এতিয়া তুমি..........’’

মনতে ভাবিলো কৈ দিওঁ নেকি, ‘মই কি কৰিলো নো ? আৰে ভাই পাহৰি গ’লো আৰু ৷ বুঢ়া হৈছো ৷ কি কৰিম এতিয়া ?’’ নক’লো তেনেকৈ ৷ হিচাব কৰি পালো আৰু অকনমান সময় মনে মনে ৰৈ থাকিলে তেওঁৰ মুখেৰেই গম পাম কথাটো নো কি ৷

ছোফাখনৰ পৰা উঠি শোৱণি কোঠাৰ ফালে গ’লো ৷ ক’ৰবালৈ যে যাব লাগিব সেই কথাটো গম পাইছো ৷ গা-পা ধুই লোৱাই ভাল হ’ব বুলি ভাবিলো ৷
‘‘হেৰা গা ধুই লওঁ ৰ’বা ৷ দহ মিনিট সময় লাগিব ৷’’
‘‘মোৰ বাইদেউৰ মেৰেজ এনিভাৰছেৰী পাহৰি যাবা আৰু ফেছবুকত পাতি লোৱা বাইদেউৰ বাৰ্থডে নাপাহৰা ৷ আজি কৈ দিম মামুবাক তুমি আচলতে কেনেকুৱা ৷’’
‘কি কেনেকুৱা মই ? কেনেকুৱা হে ? আৰু ফেছবুকত বাৰ্থডে কোনোবাই মনত ৰাখে নেকি ? নটিফিকেচন আহে, মনত নাৰাখো ৷ তোমাৰ মামু বায়েৰা হৈছে বেকৱাৰ্ড ৷ ডিজাইনাৰ শাড়ী পিন্ধিলে কি হ’ব আজিলৈকে এটা ফেছবুক একাউন্টেই নাই ৷’ মনতে ভাবিলোহে দেই তেনেকৈ ৷

গা ধুই আহি দৌৰা-দৌৰি কৈ পেন্ট ছাৰ্ট পিন্ধি ল’লো ৷ মনতে ভাবিলো অলপ খৰ-খেদা কৰি দিলে মনটো ভাল হ’ব ছাগৈ ৷ এওঁকো অলপ দৌৰা-দৌৰি কৰা দেখিলো ৷
এইবাৰ আপত্তি কৰিলে, ‘‘হেৰা তোমাৰ নহ’ব বুজিছা ?’’
মনতে ভাবিলো এইবাৰ বা কি কৰিলো ?
‘‘এইখন কি ? কি এইখন ?’’
ভালকৈ চাই দেখিলো সেইখন এখন টাৱেল ৷ গতিকে ভাবি চিন্তি উত্তৰ দিলো, ‘‘বম্বে ডায়িঙৰ টাৱেল ৷’’
‘‘এই তিতি থকা টাৱেলখন বিচনাত কিয় ৰাখিলা ?’’
‘‘অহ্ ছৰী ! ভুল হৈ গ’ল ৷’’
‘‘তুমি নিজে একো এটা কাম নক’ৰা ৷ মই ঘৰটো এফালৰ পৰা চিজিল কৰিম আৰু তুমি এফালৰ পৰা লেতেৰা কৰিবা ৷ নোৱাৰো আৰু মই ৷ যাম গৈ মাৰ ঘৰ ৷’’
টাৱেলখন লৈ শ্ৰীমতী পাছফালৰ বাৰান্ডাৰ ফাললৈ গ’ল ৷
ইতিমধ্যে মই মামুবাৰ ঘৰলৈ যাবলৈ সাজু হ’লো ৷ মাত দিলো, ‘‘ব’লা ৷’’

মুখেৰে একো মাত নিদিয়াকৈ গাড়ীত বহিল ৷ চিন্তা কৰিলো ৰুক্মিনিগাওঁৰ পৰা চান্দমাৰীলৈ প্ৰায় ৭/৮ কিলমিটাৰমান বাট ৷ গাড়ী যদি ১৪০ কিলমিটাৰ/ঘন্টামানত চলাই দিব পালো তেনেহ’লে ছাগৈ এওঁৰ মুখ মেল খোৱাৰ আগতেই গৈ পাম গৈ মামুবাৰ ঘৰ ৷
পাছে জি.এছ. ৰোডত গাড়ী উঠাৰ লগে লগে আকৌ আৰম্ভ হ’ল, ‘‘নোৱাৰিছো আৰু তোমাক লৈ ৷ কোৱাচোন টাৱেলখন কিয় বিচনাত থৈছিলা ?’’
মই আন্তৰিকতাৰে ক্ষমা খুজিলো, ‘‘ভুল হৈছিল ৷ আজিৰ পৰা নকৰো তেনেকুৱা ৷ গড প্ৰমিজ !’’
‘‘সদায়ে তেনেকৈ কোৱা ৷’’

মই গাড়ী পেন্টালুনছৰ সন্মুখত ৰখালো ৷
শ্ৰীমতীয়ে সাৱধানবাণী শুনালে, ‘‘নোৱাৰা ছিগাৰেট খাব ৷ মামুবাৰ ঘৰলৈ যাম ৷’’
মই গাড়ীখন ৰখোৱাৰ আচল উদ্দেশ্য বাখ্যা কৰিবলৈ যত্ন কৰিলো, ‘‘নহয় মানে ভাবিছিলো মামুবাই ডিজাইনাৰ ড্ৰেছ পিন্ধি ভাল পায়, গতিকে পেন্টালু....’’
‘‘অ ব’লা তেনেহ’লে ৷’’
এওঁ বায়েকৰ কাৰনে ময়ুৰপক্ষীৰ পাখিৰ দৰে ৰঙ-বিৰঙৰ কাপোৰ এজোৰ পচন্ড কৰিলে ৷ তাৰ পাছত তেওঁ বেলেগ কাপোৰ দুজোৰমান বৰ লিৰিকি-বিদাৰি থকা দেখিলো ৷ মই মনতে ভাবিলো তিতা টাৱেল শুকুৱাবলৈ সুযোগ এটা পালো ৷
‘‘হেৰা সেই সেউজীয়া ড্ৰেছজোৰ ভাল লাগিছে ৷ লৈ লোৱা ৷’’
‘‘নালাগে মোক ’’ বুলি কৈয়ে ওচৰতে ৰৈ থকা ছেলছ গাৰ্ল গৰাকীক সুধিলে, ‘‘কিমান অ’ফ আছে ?’’

মই কেছ কাউন্টৰাট বিল দিলো, এওঁ হাঁহি মুখে পেকেটকেইটা ল’লে ৷ পেন্টালুনছৰ পৰা গাড়ীলৈকে হাঁহি মুখেই আহিলে ৷ মামুবাৰ ঘৰৰ পাৰ্টীৰ মেনু কি, তেজপুৰ পৰা কোন কোন আহিব আদিৰ খবৰ দিলে ৷
মোৰ মুখতো হাঁহি বিৰিঙিল, হওঁক তেওঁ টকা অলপ খৰছ হ’ল যদিও তিতা টাৱেলখনৰ পৰা ৰক্ষা পালো ৷

বৰকৈ মন গৈছিল যদিও ছিগাৰেটটো নজ্বলালো, আজি শ্ৰীমতীকে সন্তুষ্ট কৰি ৰাখোচোন বাৰু ৷
গাড়ীত উঠি এওঁ প্ৰিয় এলবামটোৰ গান বজাই দিলো ৷

মোৰ ফালে চাই শ্ৰীমতীয়ে কৈ উঠিল, ‘‘তোমালোক তেনেকুৱাই ! কোৱাচোন তিতা টাৱেলখন কিয় বিচনাত থৈছিলা ?’’

মোৰ গাড়ীৰ স্পীড’মিটাৰৰ কাটা আৰু মোৰ মস্তিস্কৰ পাৰা দুয়ো উৰ্ধগামী হ’বলৈ ধৰিলে ৷




No comments:

Post a Comment