Sunday 24 March 2013

cheering for my team makes me feel younger


Today I learnt someone said playing football is better than reading The Gita.

খেল তিনি বজাত আছিল মই খেল পথাৰ পালো গৈ আঢ়ৈ বজাত ফিল্ডত গুৰুঙৰ বাহিৰে কোনো নাই আন হাতে Green Valley Football Academy সম্পুৰ্ন দল অনুশীলনত ব্যস্ত
‘‘
অই বাকীকেইটা ?’’
‘‘প্ৰতিভূ দা ! আহিলে ? আহি আছে পাব আৰু ’’সদায়ে সেইটোৱে হয়
প্ৰথম গুৰুঙ, তাৰ পাছত মই, তাৰ পাছত অগ্নি আৰু তাৰ পাছত টীম !
গম পালো বেছি ভাগৰে পৰীক্ষা চলি আছে

এটা দুটা কৈ আহিল কেইবাটাও পৰীক্ষা লৰ পৰা বাহিৰে বাহিৰে আহিছে

ৱাৰ্ম আপ আৰম্ভ কৰিলে  গুৰুঙে এটা এটা কৈ ড্ৰীল কৰোৱাই গ’ল ৷ 



চা-চিনাকি পৰ্ব শেষ হ’ল ৷ 

Gurung, Doloi, Aldrin, Moran,Abel,Ranadeep,Langthasa,Lun, Thangdpw, Ujjal, Amul Boro, William, Raj, Lingo

খেল আৰম্ভ অকনমান খেল চোৱাৰ পাছতে গম পালো পুলক গোস্বামী দাদাই ভাল টীম বনাইছে গ্ৰীণ ভেলীয়ে I – League খেলে এই দলটো গ্ৰীণ ভেলীৰে ফুটবল একাডেমীৰ দল বল বেছি ভাগ সময় আমাৰ হাফতে থাকিল
আমি কথা পাতিলো, ‘‘আৰে ভাই, এইকেইটা হৈছে প্ৰফেছনেল প্লেয়াৰ ভাল খেলিবই লাগিব আমাৰ কেইটাও ভাল টক্কৰ দিছে দিয়া !’’
হঠাতে পাই লো পেনাল্টি !!!!!!!
দলৈয়ে ১০০ মিটাৰ ৰেছত  দৌৰাৰ দৰে দৌৰ মাৰিলে, পেনাল্টি বলৈ
পাছে লে ৰানাদীপে
উফফফফফ!!
বল তুলি দিলে কীপাৰৰ হাতত !!!!!!!!!!!
তাৰ পাছত গ্ৰীণ ভেলীয়ে আৰম্ভ কৰিলে আক্ৰমণৰ পাছত আক্ৰমণ
কিন্তু আমাৰ লকীপাৰ ALDRIN KUJUR is on fire !!!!!!!!!!!!!!
কুজুৰ
ষ্টপাৰ দলৈ আৰু কুজুৰ নাথাকিলে কি হেতেন নাজানো কিন্তু প্ৰথম হাফ শেষ

টীম বেঞ্চলৈ (?) আহিল  আমাৰ চকু কিন্তু ৰানাদীপৰ ওপৰত  ৰানাই ফিল্ডৰ মাজত বহি কান্দি আছে  গুৰুঙ দৌৰ মাৰি  তাৰ ওচৰলৈ  আমিও পালো গৈ 
‘‘বাদ দে বাদ দেহৈ যায় !’’
কোনোবাই তাক মাজাৰ মেংগ জুছৰ বটল এটা দিলে  সি নাখায় 
ধমক দিলো, ‘‘কিয় নাখাবি ? খা ’’অগ্নিয়ে মাত দিলে, ‘‘আৰে বাবাইয়েৰ লছ (year loss) লেও মানুহে ইমান দুখ নকৰে ’’গুৰুঙে আৰম্ভ কৰিলে ষ্ট্ৰেটেজী 
‘‘
আৰে ইহঁত হৈছে প্ৰফেচনেল প্লেয়াৰ  সৰু সৰু পাছ খেলিলে বল সিহঁতৰ ভৰিলৈ যাব গৈ  লং পাছ খেলিব লাগিব  আৰু হাৱাত নোৱাৰে খেলিব  এৰিয়েল খেলিব লাগিব  চাঞ্চ পালেই কাউন্টাৰ মাৰিবি ৷’’


দ্বিতীয় হাফ আৰম্ভ
গুৰুং তেতিয়াও খেলিবলৈ নমা নাই
সকলোৰে এটাই কথা, ‘‘গুৰুং কেতিয়া নামিবি ?’’

অকনমান পাছতে এটা সোমাই
কুজুৰে একো কৰিব নোৱাৰিলে
তাৰ পাছত আৰু এটা
এইটো নালাগিছিল, কিন্তু হৈ
- মানে আজি হাৰিলো ষ্টেমিনা শেষ হৈ আহিছে ৰাবোৰৰ পাৰিব আৰু !
আমি খেলত কৈ বেলেগ কথাত মন দিবলৈ ধৰিলো


হঠাতে ৰাইট ফ্লেংকেৰে চন্দ্ৰ মোহনে দি দিলে এটা সাংঘাতিক


প্ৰথম গ’ল : চন্দ্ৰ মোহন  
‘‘হওঁক - লেও ভাল খেলিছে আৰে ভাই এটা প্ৰফেচনেল টীমৰ লগত ইঞ্জিনিয়াৰীং পঢ়ি থকা ৰাৰ টীম এটা যে নমাব পাৰিছো সেয়ে বহুত তাতে আজি পৰীক্ষা দি আহিছে !’’
আমি কথা পাতি থাকোতেই আবেলে  দি দিলে দুই নম্বৰ লটো !
- !!!!!!!!!!!

এইবাৰ কোনে পাই আৰু !!!!!!
‘‘
জিকিম জিকিম !’’তাৰ পাছত ৰানাদীপে দেখুৱাই দিলে তাৰ খেল 
 - !!!!!!!!!!!!!!!!!!!
অকনমান পাছত ৰেফাৰীৰ হুইছেল 
খেল শেষ 
হেন্ডশ্বেক কৰি আহিবলৈ খোজোতেই গুৰুঙে মাতিলে, ‘‘প্ৰতিভূ দাআপোনাৰ লগত ফটো ’’



এইখন গুৰুং, মৰান, দলৈহঁতৰ শেষ খেল ফাইনেল ইয়েৰৰ ৰা আৰু মাত্ৰ কেইদিনমানহে আছে কলেজত
এই ৰা কেইটাই পঢ়া শুনাৰ ইমান হেঁচাৰ মাজতো ফুটবল খেলিবলৈ এৰি দিয়া নাই অকনো কৰো পৰা সহায় নোপোৱাকৈয়ে খেলি ফুৰে ফুটবল তাৰ মাজতে পঢ়া, পৰীক্ষা, প্ৰজেক্ট, চাকৰিৰ ইন্টাৰভিউ !
আৰু যেতিয়াই খেলিবলৈ যায় ভাস্কৰ গগৈ, ৰূপজিৎ ভৰালী, অগ্নি আৰু মোক খবৰ দিয়ে
বহুতেই ভাবে  আমি বুঢ়া কেইটা আকৌ কিয় যাওঁ ?
এটা কাৰনতেই যাওঁ, ‘‘cheering for my team makes me feel younger !” 







No comments:

Post a Comment