Sunday, 24 March 2013

cheering for my team makes me feel younger


Today I learnt someone said playing football is better than reading The Gita.

খেল তিনি বজাত আছিল ৷ মই খেল পথাৰ পালো গৈ আঢ়ৈ বজাত ৷ ফিল্ডত গুৰুঙৰ বাহিৰে কোনো নাই ৷ আন হাতে Green Valley Football Academy সম্পুৰ্ন দল অনুশীলনত ব্যস্ত ৷
‘‘
অই বাকীকেইটা ক’ত ?’’
‘‘প্ৰতিভূ দা ! আহিলে ? আহি আছে ৷ পাব আৰু ৷’’সদায়ে সেইটোৱে হয় ৷
প্ৰথম গুৰুঙ, তাৰ পাছত মই, তাৰ পাছত অগ্নি আৰু তাৰ পাছত টীম !
গম পালো বেছি ভাগৰে পৰীক্ষা চলি আছে ৷

এটা দুটা কৈ আহিল ৷ কেইবাটাও পৰীক্ষা হ’লৰ পৰা বাহিৰে বাহিৰে আহিছে ৷

ৱাৰ্ম আপ আৰম্ভ কৰিলে ৷ গুৰুঙে এটা এটা কৈ ড্ৰীল কৰোৱাই গ’ল ৷ 



চা-চিনাকি পৰ্ব শেষ হ’ল ৷ 

Gurung, Doloi, Aldrin, Moran,Abel,Ranadeep,Langthasa,Lun, Thangdpw, Ujjal, Amul Boro, William, Raj, Lingo

খেল আৰম্ভ হ’ল ৷ অকনমান খেল চোৱাৰ পাছতে গম পালো পুলক গোস্বামী দাদাই ভাল টীম বনাইছে ৷ গ্ৰীণ ভেলীয়ে I – League ত খেলে ৷ এই দলটো গ্ৰীণ ভেলীৰে ফুটবল একাডেমীৰ দল ৷ বল বেছি ভাগ সময় আমাৰ হাফতে থাকিল ৷
আমি কথা পাতিলো, ‘‘আৰে ভাই, এইকেইটা হৈছে প্ৰফেছনেল প্লেয়াৰ ৷ ভাল খেলিবই লাগিব ৷ আমাৰ কেইটাও ভাল টক্কৰ দিছে দিয়া !’’
হঠাতে পাই গ’লো পেনাল্টি !!!!!!!
দলৈয়ে ১০০ মিটাৰ ৰেছত  দৌৰাৰ দৰে দৌৰ মাৰিলে, পেনাল্টি ল’বলৈ ৷
পাছে ল’লে ৰানাদীপে ৷
উফফফফফ!!
বল তুলি দিলে গ’ল কীপাৰৰ হাতত !!!!!!!!!!!
তাৰ পাছত গ্ৰীণ ভেলীয়ে আৰম্ভ কৰিলে আক্ৰমণৰ পাছত আক্ৰমণ ৷
কিন্তু আমাৰ গ’লকীপাৰ ALDRIN KUJUR is on fire !!!!!!!!!!!!!!
কুজুৰ
ষ্টপাৰ দলৈ আৰু কুজুৰ নাথাকিলে কি হ’ল হেতেন নাজানো কিন্তু প্ৰথম হাফ শেষ হ’ল ০ – ০ ৷

টীম বেঞ্চলৈ (?) আহিল ৷ আমাৰ চকু কিন্তু ৰানাদীপৰ ওপৰত ৷ ৰানাই ফিল্ডৰ মাজত বহি কান্দি আছে ৷ গুৰুঙ দৌৰ মাৰি গ’ল তাৰ ওচৰলৈ ৷ আমিও পালো গৈ ৷
‘‘বাদ দে বাদ দে, হৈ যায় !’’
কোনোবাই তাক মাজাৰ মেংগ জুছৰ বটল এটা দিলে ৷ সি নাখায় ৷
ধমক দিলো, ‘‘কিয় নাখাবি ? খা ৷’’অগ্নিয়ে মাত দিলে, ‘‘আৰে বাবা, ইয়েৰ লছ (year loss) হ’লেও মানুহে ইমান দুখ নকৰে ৷’’গুৰুঙে আৰম্ভ কৰিলে ষ্ট্ৰেটেজী ৷
‘‘
আৰে ইহঁত হৈছে প্ৰফেচনেল প্লেয়াৰ ৷ সৰু সৰু পাছ খেলিলে বল সিহঁতৰ ভৰিলৈ যাব গৈ ৷ লং পাছ খেলিব লাগিব ৷ আৰু হাৱাত নোৱাৰে খেলিব ৷ এৰিয়েল খেলিব লাগিব ৷ চাঞ্চ পালেই কাউন্টাৰ মাৰিবি ৷’’


দ্বিতীয় হাফ আৰম্ভ হ’ল ৷
গুৰুং তেতিয়াও খেলিবলৈ নমা নাই ৷
সকলোৰে এটাই কথা, ‘‘গুৰুং কেতিয়া নামিবি ?’’

অকনমান পাছতে এটা গ’ল সোমাই গ’ল ৷
কুজুৰে একো কৰিব নোৱাৰিলে ৷
তাৰ পাছত আৰু এটা ৷
এইটো হ’ব নালাগিছিল, কিন্তু হৈ গ’ল ৷
০ -২ মানে আজি হাৰিলো ৷ ষ্টেমিনা শেষ হৈ আহিছে ল’ৰাবোৰৰ ৷ ক’ত পাৰিব আৰু !
আমি খেলত কৈ বেলেগ কথাত মন দিবলৈ ধৰিলো ৷


হঠাতে ৰাইট ফ্লেংকেৰে চন্দ্ৰ মোহনে দি দিলে এটা সাংঘাতিক গ’ল ৷


প্ৰথম গ’ল : চন্দ্ৰ মোহন  
‘‘হওঁক ১- ২ হ’লেও হ’ব ৷ ভাল খেলিছে ৷ আৰে ভাই এটা প্ৰফেচনেল টীমৰ লগত ইঞ্জিনিয়াৰীং পঢ়ি থকা ল’ৰাৰ টীম এটা যে নমাব পাৰিছো সেয়ে বহুত ৷ তাতে আজি পৰীক্ষা দি আহিছে !’’
আমি কথা পাতি থাকোতেই আবেলে  দি দিলে দুই নম্বৰ গ’লটো !
২ -২ !!!!!!!!!!!

এইবাৰ কোনে পাই আৰু !!!!!!
‘‘
জিকিম জিকিম !’’তাৰ পাছত ৰানাদীপে দেখুৱাই দিলে তাৰ খেল ৷
৩ -২ !!!!!!!!!!!!!!!!!!!
অকনমান পাছত ৰেফাৰীৰ হুইছেল ৷
খেল শেষ ৷
হেন্ডশ্বেক কৰি আহিবলৈ খোজোতেই গুৰুঙে মাতিলে, ‘‘প্ৰতিভূ দা, আপোনাৰ লগত ফটো ৷’’



এইখন গুৰুং, মৰান, দলৈহঁতৰ শেষ খেল ৷ ফাইনেল ইয়েৰৰ ল’ৰা ৷ আৰু মাত্ৰ কেইদিনমানহে আছে কলেজত ৷
এই ল’ৰা কেইটাই পঢ়া শুনাৰ ইমান হেঁচাৰ মাজতো ফুটবল খেলিবলৈ এৰি দিয়া নাই ৷ অকনো কৰো পৰা সহায় নোপোৱাকৈয়ে খেলি ফুৰে ফুটবল ৷ তাৰ মাজতে পঢ়া, পৰীক্ষা, প্ৰজেক্ট, চাকৰিৰ ইন্টাৰভিউ !
আৰু যেতিয়াই খেলিবলৈ যায় ভাস্কৰ গগৈ, ৰূপজিৎ ভৰালী, অগ্নি আৰু মোক খবৰ দিয়ে ৷
বহুতেই ভাবে  আমি বুঢ়া কেইটা আকৌ কিয় যাওঁ ?
এটা কাৰনতেই যাওঁ, ‘‘cheering for my team makes me feel younger !” 







No comments:

Post a Comment