যোৱাকালিৰ কথা ৷
মই বেলতলাৰ ওচৰতে হোটেল এখনত বহি কিবা কিবি খাই আছো ৷ মোৰ কাষৰ টেবুলখনত বহি তিনিজনমানে কথা পাতি আছে ৷ মোৰ আনৰ কথা শুনাৰ অভ্যাস নাই ৷ পাছে মিছা ক’লে কি হ’ব ? শুনিলো তেওঁলোকে কি কথা পাতি আছিলে ৷ ইন্টাৰেষ্টেনিং কথোপকথন ৷
এজনে কৈছে তেখেতে সৰু থাকোতে প্ৰথম বাৰৰ বাবে মদ কেনেকৈ কিনিছিল ৷ তেখেতৰ কাহিনী শুনি আন এজনে তেখেতৰ অভিজ্ঞতাৰ কথা বৰ্ননা কৰিলে ৷ এই দ্বিতীয় ব্যক্তিজনৰ কাহিনীকে ক’ব খুজিছো চমুকৈ ৷ (চমুকৈ নকৈয়ো উপায় নাই, আনৰ পৰা শুনা কাহিনীহে, সম্পূৰ্নকৈ মনত নাই ৷) তেওঁলোকৰ কথাৰ পৰায়ে গম পাইছিলো মানুহজনৰ নাম দত্ত ৷
...............................................
দত্তই কৈ গৈছে,‘‘মই তেতিয়া এইটৰ পৰা নাইন পাইছো ৷ আমি চাৰিজন বন্ধু পালোগৈ কোকৰাঝাৰ চহৰ ৷ বাছৰ পৰা নামিয়ে কিনি ল’লো বজাৰ কৰা মোনা এটা ৷ তাৰ পৰা ৰেল লাইনে ৰেল লাইনে খোজ কাঢ়ি পালো গৈ চহৰৰ এটা মুৰত থকা বিলাতী সুৰাৰ দোকানখন ৷ দুটাই বাহিৰত পহৰা দিলো যাতে কোনো চিনাকী মানুহ দেখিলে চিঞৰ এটা মাৰিব পৰা যায় ৷ আন দুজন সোমাই গ’ল দোকানৰ ভিতৰলৈ ৷ কিনি আনিলে দুটা ফুল ৷’’
দত্তৰ কথা শুনি থকা কেইজনৰে এজন অলপ কম বয়সীয়া আছিল ৷ তেওঁ সুধিলে,‘‘দুটা ফুল আৰু আপোনালোক চাৰিজন ? তাকো প্ৰথম বাৰতে ?’’
দত্তই বেছ বিৰক্তিৰে ক’লে,‘‘অ অ দুটা ফুল ! বিয়েৰ ৷ আমি কি জানো বিয়েৰ বেলেগ বস্তু, হুইস্কী বেলেগ বস্তু ৷’’
‘‘অ অ তাৰ পাছত ?’’
দত্তই আকৌ কৈ গৈছে,‘‘তাৰ পাছত আমি সোমালো গৈ আশোকা ৰেষ্টুৰেন্টত ৷’’
কথা শুনি থকা অলপ কম বয়সীয়া জনে আকৌ সুধিলে,‘‘ তাৰ মানে গুৱাহাটীৰ কথা ?’’
দত্তই খঙেৰেই ক’লে,‘‘শুনি থাকা না ৷ তাৰ পাছত সোমালো হোটেলৰ কেবিনত ৷ পৰঠা আৰু মাংসৰ অৰ্ডাৰ দিলো ৷ তাৰ পাছত আইনাৰ গিলাছত বাকী দিলো দুআঙুল মান বিয়েৰ আৰু তাৰ ওপৰত গ’ল্ডস্পট ৷’’
কথা শুনি থকা অলপ কম বয়সীয়া জনে আকৌ সুধিলে,‘‘ গ’ল্ডস্পট আকৌ কি বস্তু ?’’
এইবাৰ কথা শুনি থকা বাকী কেইজনে কম বয়সীয়াজনক ডাবি দি ক’লে,‘‘এহ্ শুনি থাক না ৷ এতিয়া মিলিন্ডা, তেতিয়া গ’ল্ডস্পট ৷ গ’ল্ডস্পট মাৰকেট লীডাৰ আছিল ৷’’
দত্তই আকৌ কাহিনী আৰম্ভ কৰিলে,‘‘আমি কি জানো বিয়েৰ কেনেকৈ খাব লাগে ৷ ছিনেমাত যেনেকৈ দেখিছো তেনেকৈয়ে কৰিছো ৷ খাই বৈ হ’ল ৷ ওলাই আহিলো আশোকা হোটেলৰ পৰা ৷ ৰেল লাইন পাৰ হৈ আকাশবাণী নামৰ ৰেডিও দোকানখনৰ ফালে খোজ কাঢ়ি গৈ আছো ৷
এনেতে আমাৰ মাজৰে এটা মাত লগালে – ধুই এনেয়ে খালো দুটা ফুল ৷ একো ধৰাই নাই !!!
তাকে শুনি আন এটাই মাত লগালে – সাবধান !!! তাৰ মানে পুৰা ধৰিছে ৷ কিন্তু তই একো গম নাপাবি ধৰিছে বুলি ৷ এইটোকেই ‘ধৰা’ বুলি কয় ৷’’
সেইদিনা হেনো দত্ত আৰু তেওঁৰ লগৰ তিনিজন চাৰিঘন্টা আকাশবানী নামৰ দোকানখনৰ বাৰান্ডাত থকা চিৰি কেইটাত বহি থাকিব লগা হৈছিল ৷
‘ধৰিছে নে নাই ধৰা’ ধৰিব নোৱাৰাৰ বাবে !!!

বুজিলো বুজিলো কোন আছিল সেইজন
ReplyDeleteতাৰ পিছত দত্ত আৰু লগৰকিজনে চাহপাত চোবাই খালে যে মুখৰ গোন্ধ নাককিয়া কৰিবলৈ . . কথাত বৰ ৰস পাই তাতে বহি থকা সেই অলপ (মানে অকনমান) বয়সীয়া ধুনীয়াকৈ ডেকা ল'ৰাজনযে, চুলি খিনি অলপ দীঘল, তেওঁ হাহি হাহি টেবুলতে বাগৰি পৰিল যে . . মোক আজি কাহিনীটো তেৱেঁই ফ'নত ক'লে . . .
Deleteএই Anonymousজন কোন বা আকৌ ?
Deleteসেই GOLDSPOT চিনি নোলোৱাজন কোন বাৰু ?
Deleteপ্ৰভু বোলাজন আছিল কিজানি :)
ReplyDeleteআছিল আছিল
Deleteআকাশবাণী বিখ্যাত দোকানটো নাই এতিয়া,চাৰিআলিটোৰ নামেই আকাশবাণী হৈ পৰিল।
ReplyDelete