Monday, 25 March 2013

তিনিবাৰত নিবাৰ (এটা আধৰুৱা কাহিনী)............ দ্বিতীয় খন্ড

মুল কাহিনী 
আমি কেইটামান হোষ্টেলতে ৰৈ লো ভবেন কাইৰ লগত চুপাৰ চাৰো আহিল
মৃদুৱে মাত দিলে, ‘‘ধৰি ভুতে নয়নক লৈ ৰাজাহঁতে তাক আহঁত গছ এজোপাত বিচাৰি পালে তেতিয়া কি ?’’
‘‘
আব্বে মাইকেল !!!! তাক গছৰ পৰা নমাই আনিব তাৰ পাছত দিবাকৰে তাক হৰলিস্ক বনাই খুবাব আৰু আমি গৈ শুই থাকিম ’’
মৃদুৱে লাহেকৈ লে, ‘‘নহয় মই সুধিছো সেইটো আমাৰ নয়ন নে ভুতৰ নয়ন ?’’
মোৰ খং উঠি , ‘‘তই মনে মনে থাকচোন ’’
আচলতে মৃদুৰ কথা শুনি খং যিমান উঠিছিল তাতকৈ ভয় বেছি খালো মনতে ভাবিলো, ‘‘শনিবাৰে শেষ পৰীক্ষা তাৰ পাছত হোষ্টলৰ ফালে ঘুৰিও নাচাওঁ এই ভুতবোৰৰ লগত নাথাকো ’’

এটা  এটা কৈ তিনিওটা দলেই উভটি আহিল থানাৰ পৰা উভটি অহা দলটোৱে জনালে এজাহাৰ দিয়া হৈ লগতে এইটোও জনালে গুৱাহাটীত যোৱা কেই ঘন্টামানত কোনো পথ দুৰ্ঘটনা ঘটা নাই হস্পিতালৰ পৰা উভটি অহা দলটোৰ মতেওমহেন্দ্ৰ মোহন কোনো আহত যুৱক ভৰ্তি হোৱা নাই
মৃদুৱে প্ৰশ্ন কৰিলে, ‘‘যুবক হোৱা নাই যদি কোনোবা যুৱতী হৈছে নেকি ? ৰাজাই কৈছে ..’’
মই মৃদুৰ হাতত টান মাৰি দিলো সি মনে মনে থাকিল
হাতত জোৰ লৈ লৈ ৰাজাৰ দলটোও আহিল
‘‘
কি পালি ?’’
‘‘
নাই নয়নক নাপালো কিন্তু বেলেগ এটা বস্তুহে দেখা পালো তাৰ মানে ……..’’
‘‘
কি দেখা পালি ?’’
‘‘
এজোপা আহঁত গছৰ ডাল এটা ভাঙি মাটিত পৰি আছে ’’
‘‘
কি পৰি আছে ? আহঁত গছৰ ডাল ? তাৰ লগত নয়নৰ কি সম্পৰ্ক ?’
মই ৰাজাৰ মুখখন ভালকৈ মন কৰিলো দেখিবলৈ গোলোকগঞ্জৰ ৰাজা যেনেই লাগিছে !
‘‘
মানে ভুতে যেতিয়া কাৰোবাক লৈ যায় তেতিয়া চিন হিচাবে গছৰ ডাল ভাঙি থৈ যায় ’’
চুপাৰ চাৰে গল হেকাৰী এটা মাৰি লে,‘‘যোৱা যোৱা তোমালোক শুই থাকা গৈ ময়ে কাইলৈ কিবা এটা কৰিম ময়ো যাওঁ এতিয়া ’’
চুপাৰ চাৰ গৈ
আমি ৰাজাৰ আশে পাশেই থাকি লো মই আৰু মৃদু অৱশ্যে ৰাজাৰ পৰা যিমান পাৰি সিমান দূৰৈত অৱস্থান কৰিলো মোৰ কিয় জানো মনতে ৰাজাৰ ওপৰত এটা সন্দেহ বলৈ ধৰিলে অকনমান সময় পাছ আমি দুয়ো ৰূমলৈ ঘুৰি আহিলো
মই বিচনাখনত আঠুৱা লগাবলৈ ধৰিলো মৃদু পালে গৈ খিৰিকিখনৰ ওচৰ সি কি কৰি আছে মই
 
বৰ মন কৰা নাই মৃদুৱে গালি পৰাৰ দৰেই লে, ‘‘অই গৰু অকনমান হেল্প কৰ না !’’
ঘুৰি চাই  দেখো সি খিৰিকিৰ ৰেলিঙ কেইডাল টানি আছে
‘‘
অই অই কি কৰিছ ?’’
‘‘
দেখা নাই নেকি ? বেকা কৰিছো ’’
‘‘
বেকা কৰিছ ? কিয় ?’’
‘‘
আব্বে গৰু ! বাকীবোৰৰ ৰূমত দুখন দুখন দুৱাৰ আৰু আমাৰ মাত্ৰ এখন দুৱাৰ নাজান নেকি ?’’
‘‘
জানো, কিন্তু তাতে কি ?’’
‘‘
ধেই টান না ! ভুত এখন দুৱাৰেৰে সোমালে বাকীবোৰ আনখনেৰে পলাব আমি কেনেকৈ পলাম ?’’
‘‘
তাৰ মানে ভুত যদি দুৱাৰেদি আহে আমি খিৰিকিৰে পলাম !!’’
হে প্ৰভু কোনে এইটোক বুজাব ‘‘কানুনৰ দৰে ভুত কা হাথ ভি লম্বে তে হ্যায় !’’
উপায় নাপায় মৃদুৰ সৈতে ৰেলিঙৰ লোহা টানিবলৈ ধৰিলো
লোহা টানি থাকোতে মৃদুৱে সুধিলে, ‘‘চুপাৰে যে কৈছে কাইলৈ কিবা এটা কৰিব তাৰ মানে কি ?’’
‘‘
মৃদু মই একো নাজানো আৰু শুন এই লোহা বেকা নহ এতিয়া শুই থাক ৰাতিপুৱা কিবা এটা কৰিম ’’
‘‘
নহয় যদি আজি ৰাতি….’’
‘‘
শুই থাক বুলি কৈছো নহয় ’’

শুবলৈ চেষ্টা কৰিলো যদিও টোপনি নাহিল বাৰে বাৰে দুৱাৰখনৰ ফালেই চাই থাকিলো কেতিয়ানো চকু দুটা জাপ খালে গম নাপালো  
পুৱা বাহিৰত মেল আৰম্ভ শনিবাৰে অংক, আজি বুধবাৰ অকনমান আড্ডা মাৰি পাৰি খোৱা ঘৰ আৰু আমাৰ ব্লকৰ মাজৰ খালি ঠাইডোখৰতে কেইবাটাও বহি, ঠিয়হৈ আড্ডা মাৰি আছে নকলেও আড্ডাৰ বিষয় বস্তুনয়নৰ আকস্মিক অন্তৰ্ধান আৰু ৰাজৰ ভুত সম্পৰ্কীয় ভাষন বিশেষ নতুন তথ্য বা খবৰ একো ওলোৱা নাই অকনমান সময় কথা-বতৰাবোৰ শুনি বুজিলো ৰাজৰ কথাত উপস্থিত ৰাইজ লাহে লাহে অতিষ্ঠ বলৈ ধৰিছে সি মুখ মেলিলেই কোনোবা নহয় কোনোবাই তাক হয় বাধা দিয়ে নহয়ডাউনদিয়ে
‘‘
আব্বে ৰাজা বন্ধ তোৰ এই ফাটা লেকচাৰ !’’
‘‘
আজিৰ তাৰিখত তই এনেকৈ ভুতৰ কথা কৈ কৈ মাথা গৰম কৰি নাথাকিবি !’’
মই মনতে ভাল পালো ভুতৰ এংগলটো নাই যেতিয়া নয়নৰ অন্তৰ্ধানত মৃদুৰ আগ্ৰহ কমি আহিব   ৰূমত অন্ততঃ পঢ়া শুনাত মন দিব পাৰিম

ৰূমলৈ আহিবলৈ লওঁতেই দেখিলো তামোল চোবাই চোবাই ভবেন কাই আহি আছে
‘‘
আপোনালোকে জানে নে এই হোষ্টলৰ আচল কাহিনী ?’’
‘‘
হোষ্টেলৰ আচল কাহিনী ? সেইটো আকৌ কি ?’’

ভবেনকায়ে আৰম্ভ কৰিলে হোষ্টেলৰ আচল কাহিনী
‘‘
এইটো কলেজ হোষ্টেল ১৯২৯ চনত কিন্তু বৃটিছ সকলে এইটো ১৯১৪-১৫ চন মানতে সাজিছিল প্ৰথম বিশ্বযুদ্ধৰ সময়ত এইটো এখন হস্পিতাল আছিল আৰু আপোনালোকে এই ৰুমটো দেখিছে ?’’
আমি আটায়ে ভবেনকায়ে দেখুৱাই দিয়াৰ ফালে চাবলৈ মুৰ ঘুৰালো তেওঁ আচলতে দেখুৱাইছে এটা বন্ধ গুদাম ঘৰৰ ফালে আমি কেনেও একো নোকোৱা দেখি ভবেনকায়ে মাত লগালে, ‘‘এইটো বৃটিছসকলে মৰ্গ হিছাবে ব্যৱহাৰ কৰিছিল ’’
মৰ্গ শব্দটো শুনাৰ লগে লগে গুদামৰ ফালে ঠিয় হৈ থকা দুটামান একে জাপে আহি আমাৰ ওচৰ পালে লৱনু দা নে কোনোবা এজন চিনিয়ৰে অলপ জেৰা কৰাৰ দৰেই ভবেনকাইক সুধিলে, ‘‘আমাৰ এই হোষ্টেলত তিনিবছৰ হে আজিলৈ শুনা নাই ইয়াত হস্পিতাল আছিল আপুনি আকৌ কৈছে মৰ্গৰ কথা !’’
ভবেনকায়ে তামোলৰে ৰঙা হৈ থাক দাত কেইটা উলিয়াই ধেক ধেকাই হাঁহি বলৈ ধৰিলে, ‘‘কেই বছৰ  আপোনাৰ ? তিনি বছৰ ? মোৰ ৩০ বছৰ হৈ হাঃ হাঃ মোক সুধিছে কেনেকৈ গম পালো ? হাঃ হাঃ বহু কথাই   জানো ’’
ভবেনকাইৰ ৰূপটো দেখি মোৰ মনতে সন্দেহ ৰাজাই যে কৈছিল ভুতে মানুহৰ শৰীৰত সোমাই যায় আৰু আমি গমকে নাপাওঁ মানুহ নে ভুত এইজন বাৰু কোন ? আমাৰ ভবেন কাই নে ভুতৰ ভবেন কাই ?
ভবেন কায়ে আকৌ বলৈ আৰম্ভ, ‘‘মই জানো কোনটো ৰূমত কোনে চিপজৰী লৈছিল মই জানো হোষ্টেলত মাজে মাজে কিয় জুনুকাৰ মাত শুনা যায় ’’
‘‘
কিয়, কিয় …..’’


সকলোৱে আহি ভবেনকাইক বেৰি ধৰিলে ময়ো গৈ তেওঁৰ ওচৰ পালো গৈ ভবেনকায়ে কৈ হোষ্টেলৰ কোনটো ৰূমত কোনে কেতিয়া কেনেকৈ আত্মহত্যা কৰিছিল লগতে লে এক ৰহস্যময়ী নাৰীৰ কথা বহুজনে হেনো দুই নম্বৰ ব্লকৰ বাৰান্দাত দেখিছে এই জুনুকা পিন্ধি ঘুৰি ফুৰা নাৰী গৰাকীক বহুজনে হেনো শুনিছে সেই জুনুকাৰ মাত মই মনতে ভাবিলো, ‘‘ময়ো দেখোন দুই নম্বৰ ব্লকত এবছৰ আছিলো কেতিয়াও কোনো জুনুকা পিন্ধা নাৰীক দেখা মনত নপৰে বা জুনুকাৰ মাত শুনা মনত নপৰে ’’

ৰমেনদাই আমাৰ ফালে চাই গালি পাৰিলে, ‘‘অই তহঁতৰ পৰীক্ষা নাই ? যা যা ইয়াত আকৌ দেখিলে কোবাই ধৰি ভাঙি দিম ’’
পৰীক্ষা থকা কেইটা অনিচ্ছাস্বত্তে নিজৰ ৰূমলৈ যাবলৈ বাধ্য লো ৰমেনদাৰ ঠিক নাই কৈছে যেতিয়া কোবাই ভৰি ভাঙি দিবও পাৰে আহি থাকোতে ভাবিলো, ‘‘ৰমেনদা বাৰু ভুত নেকি ?’’

পঢ়া টেবুলত এনেয়েহে বহি থাকিলো বাৰে বাৰে ভবেনকাইৰ কথা, ৰাজাৰ জ্ঞান আদি মনলৈ আহিবলৈ ধৰিলে তাৰ মাজে মাজে তাৰকেশ্বৰ চৌধুৰী চাৰ, সীতানাথ লহকৰ চাৰ আদিলৈকো মনত পৰে তেতিয়া জোৰ কৰি অংকত মন বহাবলৈ যত্ন কৰো ভুত আৰু অংকৰ সৈতে কাবাদী কাবাদী খেলি চাৰি মান বজালৈকে টেবুলত বহি থাকিলো অংক কিমান কৰিলো, কিমান বুজিলো নাজানো কিন্তু ৰাজাক কথা এটা সুধিব লাগিব বুলি নিশ্চিত লো

আবেলি আমিবোৰে সাধাৰনতে হোটেল কেলীফৰ্নিয়াত অকনমান সময় বহি আড্ডা মাৰো মই গৈ পাওঁ মানে দেখো চাৰিটা বহি আছে
‘‘
ৰাজা নাই ?’’
মই নাম লোৱা মাত্ৰেই ৰাজা আহি উপস্থিত

‘‘অই ৰাজা, কথা এটা বুজাই দে তই যে কৈছিলি কিছুমান মানুহ আচলতে মানুহ নহয় মনত আছে ?’’
ৰাজাই মুৰ দুপিয়ালে
‘‘
কেনেকৈ গম পাম মানুহ নে ভুত ?’’
‘‘
মানুহটোৰ ফালে ভাল কৈ চাবি ভৰি কেইটা অনবৰতে মন কৰি থাকিবি যদি মানুহৰ ৰূপত থকা ভুত তেতিয়া দেখিবি খোজ কাঢ়ি থাকোতে তাৰ ভৰিৰ পতা পাছফাললৈ ঘুৰ খাই যাব আৰু তাৰ ছাঁটো মন কৰি থাকিবি গৈ থাকোতে হঠাতে দেখিবি ছাঁ নোহোৱা হৈ যায় কেই ছেকেন্ডমানৰ কাৰনে আৰু এটা লক্ষণ আছে ’’
মৃদু ইতিমধ্যে আহি হাজিৰ
‘‘
কি সোনকালে মই পঢ়িবলৈ যাব লাগে ’’
ৰাজাই অলপ মাতটো সলনি কৰি লে, ‘‘চকুবোৰলৈ মন কৰিবি বেলেগ দেখিবি ?’’
‘‘
বেলেগ দেখিম মানে ?’’
‘‘
তাৰমানে নৰমেল নেদেখিবি ’’
বাকী কেইটাই এই চকু বেলেগ দেখাটো কিমান বুজিলে নাজানো, মই কিন্তু বুজিলো মোৰ দ্বাৰা এইটো টেষ্ট নহ মই ভৰিৰ পতা আৰু ছাঁৰ টেষ্টকে কৰিম বুলি ঠিক কৰিলো
চাহ-পৰঠা খাই হোষ্টেল উভটো মানে সন্ধিয়া
মৃদু, ৰাজা আৰু বাকীকেইটাক আগবাঢ়িবলৈ দিলো মই সবাতোকৈ পাছত খোজ কাঢ়ি যাওঁতে মই   আটাকেইটাৰে ছাঁ আৰু ভৰিৰ পতাবোৰ মন কৰি লো বিশেষ সন্দেহজনক একো চকুত নপৰিল এপাক ৰাজাই এটা শিলত উজুটি খাওঁতে তাৰ ভৰি পতা ঘুৰ খাই যোৱাৰ দৰে লাগিছিল কিয় নাজানো মোৰ কিন্তু ৰাজাৰ ওপৰত বৰকৈ সন্দেহ বলৈ ধৰিছে !
হোষ্টেল পাই উঠি ৰুমলৈ নগলো এটা এটা কৈ কেইবাটাৰো ৰূমলৈ লো ছাঁ, পতা, চকু যি পাৰো লক্ষ্য কৰিবলৈ ধৰিলো ৰাজাই কোৱা দৰে একো চকুত নপৰিল, কিন্তু দুটামানৰ ওপৰত সন্দেহ নোহোৱা নহয়
ভুতৰ ভয়ে হোষ্টেলত সকলোকে কোঙা কৰাৰ দৰেই ৰাতি বজাৰ আগতেই সকলো ভাত পানী খাই আজৰি হৈ যায় প্ৰশ্ৰাব কৰিবলৈ যতেই মন যায় তেই কৰিবলৈ ধৰিলে বাৰান্দাত ঠিয় হৈয়ো দুই একে কৰিবলৈ ধৰিলে অৱশ্যে নিজৰ ৰূমৰ সন্মুখতে প্ৰশ্ৰাব কৰাৰ আন এক কাৰনো আছিল ৰাজাৰ মতে ভুতে হেনো প্ৰশ্ৰাবলৈ ভয় কৰে

কোনোবা দুটা লগ লেই ভুতৰ কথা আৰম্ভ হৈ যায়
নয়নলৈ মনত পেলাওঁ কিবা তাৰ ? ভুতে বা তাক নি কি কৰিছে ? সংকল্পৰ মতে যদি পঢ়িবলৈ লগাই দিছে মৰি বাপ্পেকে !
এবাৰ মিন্টু শালৈক লগ পালো সি বৰ গহীণ ভাবে মোক লে, ‘‘বুজিছ ১৪ নম্বৰৰ কেছটো সঁচা মই কেইবাদিনো দেখিছে সেই মানুহজনীক ’’
‘‘
কানতলীয়া চৰ চিনি পাৱ ? দুবছৰে তোৰ মনত নপৰিল ! এতিয়া শুনাব আহিছ ?’’
‘‘
নহয় মই মানে আগেতে মানে …..’’
‘‘
তোৰ বাজে লেকচাৰ ডাইনামিক্সৰ বহিখন দে ’’

এইবোৰৰ মাজে মাজে অৱশ্যে আমি পৰীক্ষা থকাকেইজনে পঢ়িবলৈ দুৰ্বল প্ৰচেষ্টা চলাই থাকিলো শুকুৰবাৰৰ নিশা ভাত পানী খাই পঢ়িবলৈ বহিছো মৃদুৱে মাত লগালে, ‘‘অই না !’’
পঢ়াৰ পৰা মুৰ নোতোলাকৈয়ে সুধিলো, ‘‘লৈ যাৱ ?’’
‘‘
এহ্ মোৰ বৰ জোৰত লেট্ৰিণ লাগিছে ’’
‘‘
তই হাগিবি আৰু মই গৈ কি কৰিম ?’’
‘‘
আৰে দেখা নাই নেকি লেট্ৰিণ কেইটা কিমান দূৰত আছে তাক ইমান আন্ধাৰ ! মোৰ ভয় লাগে ধেই না ভাই !’’
মৃদুৰ অৱস্থা দেখি বেয়া লাগিল
‘‘
’’
আমি দুয়ো অকনমান আতৰত থকা শৌচাগাৰকেইটাৰ ওচৰ পালো গৈ মৃদু ভিতৰলৈ সোমাই , মই বাহিৰত ৰৈ থাকিলো
‘‘
অই, মই দৰ্জাখন বন্ধ নকৰো তই কিন্তু গুছি নাযাবি পাৰ্টনাৰ ’’
‘‘
অই মৃদু আৰম্ভ কৰিলি নেকি ?’’
‘‘
নাই কৰা কিয় ? কিবা ওলাইছে নেকি বাহিৰত ?’’ তাৰ মাতত ভয়ৰ চিন
‘‘
নাই মানে মোৰ ইয়াত অকলে অকলে থাকিবলৈ ভয় লাগিছে আৰু এটাক মাতি আনো ’’
কাম-কাজ শেষ কৰি ৰূম পালো গৈ 
মৃদুক লো, ‘‘কাইলৈ শেষ পৰীক্ষা তই কি কৰিবি নাজানো মই আৰু নোৱাৰিছো আবেলিয়ে যাম গৈ ’’
মৃদুৱে মুখেৰে একো মাত নিদি পঢ়াত মন দিলে
পঢ়ি থাকোতে মনলৈ বাৰে বাৰে আহিল হোষ্টেলত পাৰ কৰা দিনবোৰৰ কথা নয়নলৈকো মনত পৰিল

মাজে মাজে অংককেইটালৈকো চকু নোযোৱা নহয় সেইকেইটা দেখি মেট্ৰিকত ৪টা লেটাৰ, ষ্টাৰ মাৰ্কছ, অংকত ১০০ৰ ভিতৰত ১০০ আৰু কাইলৈ গেৰা মাৰিম ! চেহ্ ভুতে যদি মোকেই লৈ যোৱা লে ভাল আছিল !
এবাৰ ভাবিলো মৃদু টোপনি যোৱাৰ পাছত মই পলাই যাওঁ নেকি ? পলাই মানে ৰেলত উঠি দিল্লীৰ ফালে যাম গৈ তাত গৈ কৰিম আৰু কিবা কিন্তু মানুহে ভাবি থাকিব শনিবৰীয়া ভুতেই নিলে


এইবোৰ কৰি থাকোতেই ৰাতিপুৱা হওঁ হওঁ গম পালো শুবলৈ লে গন্ডগোল হৈ যাব সান নাপাম গতিকে পঢ়া টেবুলতে বহি থাকিলো কাহিলিপুৱাতে টুথব্ৰাছত লগেট অকনমান সানি বাহিৰলৈ ওলাই লো হোষ্টেলৰ গেটেৰে বাহিৰলৈ ওলাই গৈ অকনমান আতৰত থকা পুলটোত বহি দাত মাজি আছো সেই আহল-বহল ৰাষ্টাটোত মোৰ বাহিৰে কুকুৰ দুটামানহে আছে অংকৰ পৰীক্ষাটোৰ কথা চিন্তা কৰি আছো আৰু তিনি ঘন্টামান পঢ়িব পাম পাৰিম !
এনেতে মন কৰিলো ৰেল ষ্টেচনৰ দিশৰ পৰা আহিছে এখন ৰিক্সা ৰাতিপুৱা আহে ৰিক্সা ৰেলষ্টেচনৰ ফালৰ পৰা গুৰুত্ব নিদিলো ৰিক্সাখন মোৰ কাষেৰেই পাৰ হৈ যাত্ৰীজন বৰ চিনাকি যেন লাগিল দেখিছিলো জানো ? পাছে সাজ-পোচাক, কেশ বিন্ন্যাস সকলো ফালৰে পৰা বৰ জধলা চকুদুটাও বেলেগ ধৰনৰ, এবনৰ্মেল টাইপ ! ৰজাই কোৱা ভুত নেকি বাৰু ?
ৰিক্সাখন গৈ ৰখিল গৈ আমাৰ হোষ্টেলৰ গেটৰ মুখত
‘‘
ৰাতিপুৱাই আকৌ কোন আহিল ?’’ মনতে ভাবিলো
জাপ এটা মাৰি ৰিক্সাৰ পৰা নমা মানুহজনৰ (নে ভুত ?) কাষেদি উধাতু খাই দৌৰ মাৰিলো   ‘‘বিজয় দা, বিজয় দা’’ বুলি দৌৰ মাৰি গৈ নম্বৰ ৰূমত এটা প্ৰচন্ড গোৰ মাৰিলো বিজয়দা চকু মোহাৰি মোহাৰি উঠি আহে মানেৰিক্সাত অহাজনতিনি নম্বৰ ৰূম আহি পালে মোক ঠেলা এটা মাৰি লে, ‘‘যাব দে মোক ’’
তাৰ পাছততেওঁগৈ নয়নৰ