জয়ন্ত চলিহা এজন চাকৰিয়াল ৷ গুৱাহাটীতে থাকে ৷ বিবাহিত ৷ তেওঁ মাজে মাজে, সুবিধা পালে মোৰ লগত বহি আড্ডা মাৰে ৷ মোক কয়,‘‘হেৰা লিখিবা হে !’’
যোৱাকালি জয়ন্ত চলিহা দৌৰ মাৰি অহা দি আহি মোৰ অফিছ পালে ৷
মুৰে কপালে হাত দি বহি দিলে, ‘‘মৰিলো বুজিছা নে ?’’
‘‘কি হ’ল নো ?’’
‘‘হেৰা এই অৰিফ্লেমৰ ক্ৰীম ক’ত পায় জানানে ?’’
‘‘অৰিফ্লেম?’ ৰাতিপুৱাই ৰাতিপুৱাই অৰিফ্লেম লগা হ’ল যে ? কেছ কি পাৰ্টনাৰ ?’’
‘‘তুমি জানানে নাজানা ?’’
‘‘পাবা ছাগৈ ডাঙৰ কছমেটিকৰ দোকানত ৷’’
‘‘ধেই তুমিও মোৰ দৰেই মক্কেল হে ৷ এইবোৰ হেনো দোকানত নাপায় ৷ মই মেধিৰ দোকান, আমাৰ ৰাজুদাৰ দোকানকে ধৰি কেইবাখনটো বিচাৰিলো ৷ ক’তো নাপায় ৷ কিবা এজেন্টৰ তাত পায় ৷’’
‘‘এজেন্ট ? কি কৈছাহে ? এই অৰিফ্লেমটো স্ন’-ক্ৰীম নহয় জানো ?’’ মই অলপ সন্দেহেৰে সুধিলো ৷
‘‘অ’ হে ! জানা যদি কোৱা নহ’লে মই যাওঁ ৷’’
মই একো সহায় কৰিব নোৱাৰা যেন দেখি জয়ন্ত উভটি গ’ল ৷
তাৰ পাছতহে মনত পৰিল, ‘‘কিয় জানো তাক অৰিফ্লেম লগা হ’ল ?’’
কিছু সময়ৰ পাছত কৰো নকৰো কৈ ফোন কৰিলো, ‘‘বন্ধু কথা এটা হ’ল নহয় ৷’’
সিফালৰ পৰা উৎসাহেৰেই ক’লে, ‘‘অ কোৱাচোন ৷’’
‘‘মানে তোমাক অৰিফ্লেমৰ কথা কিয় লগা হ’ল ?’’
‘‘হেৰা প্ৰতিভূ অৰিফ্লেম বিচাৰি পালো হে !’’
‘‘পালা বুজি পালো ৷ কিন্তু অৰিফ্লেম কিয় লগা হ’ল ?’’
‘‘অ’ সেইটো ! দেওবাৰে ৰাতিপুৱা তোমাৰ তাতে ব্ৰেকফাষ্ট কৰিম ৷ তেতিয়াই বুজাম ৷’’
তাৰপাছতে লাহেকৈ ক’লে, ‘‘তুমি মোক এটা সহায়ো কৰি দিব লাগিব ৷’’
আজি পুৱাই আহি হাজিৰ হ’ল জয়ন্ত ৷
দুয়ো বহি লেকচাৰ আৰম্ভ কৰিলো ৷
দেশৰ কথা পাতিছে, বতৰৰ কথা পাতিছে ৷
মই ভাবিছো, ‘‘অৰিফ্লেম কি হ’ল ?’’
অকনমান পাছত নাটকীয় ভাবেই আৰম্ভ কৰিলে
‘‘হেৰা তুমি নাইট ক্ৰীমৰ কথা জানা নে ?’’
‘‘নাইট ক্ৰীম ?’’
‘‘নাজানা ? ময়ো নাজানিছিলো হে !’’
‘‘তাতে কি হ’ল ?’’
‘‘যোৱাকালি কামলৈ যাবলৈ ওলালো ৷ ছেভিং কৰি উঠি ক্ৰীমৰ টেমা এটা দেখি ঘঁহি দিলো ৷ এওঁ ধৰিলে নহয় - তাৰমানে তুমি এইটো ঘঁহি ঘঁহি শেষ কৰিছা ? মই এনেয়ে জয়তুন বিবিক সন্দেহ কৰি আছো ৷’’
‘‘জয়তুন বিবি কোন আকৌ ?’’
‘‘এহ্ আমাৰ ঘৰত কাপোৰ ধুবলৈ আহে ৷ সেইবোৰ বাদ দিয়া আচল কথা শুনা ৷ তাৰ পাছত এওঁ মোক ধৰিলে নহয় ৷’’
জয়ন্তই তাৰ দুৰৱস্থাৰ কথা বৰ্ননা কৰিবলৈ ধৰিলে ৷
শ্ৰীমতী চলিহাই জেৰা কৰিবলৈ ধৰিলে,‘‘তুমি ইমান পঢ়া শুনা কৰা মানুহ, অৰিফ্লেমৰ নাম শুনা নাই ? খুব দেখোন ইন্টাৰনেট কৰি থাকা !’’
জয়ন্তই থেৰো-গেৰো কৰাৰ বাহিৰে উপায় নাই ৷ সি হেনো মনতে ভাবিলে, ‘‘ইন্টাৰনেটত অৰিফ্লেম আকৌ কেনেকৈ জানিম ?’’
শ্ৰীমতী চলিহাই ক’বলৈ ধৰিলে, ‘‘অৰিফ্লেম কি নাজানা নাই বাৰু ৷ কিন্তু নাইট ক্ৰীম যে দিনত নঘঁহে নাজানা নেকি ? নাইট মানে ৰাতি তুমি দিনত কিয় ঘঁহিছা ? ইমানো নাজানা নে ?’’
জয়ন্তই লগে লগে গৈ মুখখন ধুই ক্ৰীমখিনি আতৰাই দিলে ৷
‘‘এতিয়া ক্ৰীম আতৰাই কি লাভ হ’ব ? মই এইবোৰ নাজানো মোক এটা নতুন নাইট ক্ৰীম লাগিব ৷ ’’
উপায় নাপায় জয়ন্তই টকা ১০০ শ্ৰীমতী চলিহাৰ হাতত ধৰাই দিলে ৷
শ্ৰীমতী চলিহাৰ কান্দোন আৰম্ভ হ’ল, ‘‘এইটো কি দিছা ? জানানে কিমান দাম এইটোৰ ? ৮০০ টকা !’’
দাম শুনি এইবাৰ জয়ন্তৰ অৱস্থা কান্দো কান্দো হ’ল ৷
মনতে ভাবিলে, ‘‘ইমান দামী বস্তু এটা এনেকৈ ৰাখিব লাগে নেকি ?’’
জয়ন্তই চাহৰ কাপটো হাতত লৈ মোৰ ফালে চালে ৷
‘‘বুজিলা কথাটো ?’’
‘‘অৰিফ্লেম কিয় লগা হ’ল বুজিলো ৷ কথাটো হ’ল ক্ৰীম পালা নে নাই ? কিবা এজেন্টৰ কথা কৈছিলা যে !’’
‘‘পালো পালো ৷ মেইন অফিছেই পাই গ’লো ৷ অগ্নিৰ অফিছৰ তলতে আছে ৷’’
‘‘আৰু তুমি যে কৈছিলা মই কিবা এটা সহায় কৰি দিব লাগে , সেইটো আকৌ কি ?’’
‘‘মানে কাইলৈ মই অৰিফ্লেমৰ অফিছলৈ যাম ৷ তাত হেনো লাইন পাতি কিনিব লাগিব ৷ বহুত মাইকী মানুহ থাকিব ৷ তুমিও মোৰ লগত যাব লাগিব ৷ না নক’বা কিন্তু ৷’’
মই খাই থকা চাহখিনি মোৰ নাকে মুখে সোমাই গ’ল দেখোন !!
(কাইলৈ আমাৰ দুয়োকে অৰিফ্লেমৰ লাইনতে পাব, কিবা দৰকাৰ থাকিলে জনাব )

No comments:
Post a Comment