Tuesday, 26 March 2013

জয়ন্ত চলিহাৰ সংসাৰ - ২


(জয়ন্ত চলিহা এজন চাকৰিয়াল ৷ গুৱাহাটীতে থাকে ৷ বিবাহিত ৷ তেওঁ মাজে মাজে, সুবিধা পালে মোৰ লগত বহি আড্ডা মাৰে ৷ মোক কয়,‘‘হেৰা লিখিবা হে !’’
এইয়া চলিহাৰে কাহিনী, চলিহাৰ মুখেৰে )

মোৰ কাৰনে মাহৰ প্ৰতিটো দিনেই মাহৰ শেষ যেন হৈ থাকে ৷
ষষ্ঠ বেতন আয়োগৰ মতেই বেতন পাওঁ, তথাপিও দেখোন নোজোৰে গৈ ৷

ঘৰৰ বজাৰ সমাৰ, হোটেলত খোৱা, ফুৰা-চকা আদিৰ লগতে গাড়ীৰ ল, ফ্লেটৰ ল, জীবন বীমা, 
বেংকত জমা, পোষ্ট অফিছত জমা এইবোৰতো টকা খৰছ কৰিব লাগে ৷ মাজে মাজে ভাব হয় বিজনেছ কৰা হলেই ভাল আছিল ৷
অফিছৰ পৰা আহি ঘৰ সোমাইছো ৷ 



‘‘আহিলা ?’’
‘‘
ওঁ’’
‘‘
বজাৰলৈ যাব লাগিছিল ৷’’
‘‘
হেৰা গোটেই মাহৰ বজাৰ কৰি থৈছো দেখোন ! আৰু কি বাকী থাকিল নো ? নেকি কাপোৰৰ বজাৰ ?’’
‘‘
তোমাৰ খালি ঠাট্টা ! মইহে যেন কাপোৰ কিনো ! মামুবাৰে ভাল ৷ ভিনদেৱে সপ্তাহে সপ্তাহে এজোৰকৈ কাপোৰ দিয়ে ৷ আৰু মই দুমাহত এজোৰ কাপোৰ কিনিলেও ইমান কথা শুনিব লাগে ৷ নালেগে মোক একো ৷ যাম গৈ মই মাৰ ঘৰলৈ ........৷’’
আৰম্ভ হৈ ল শ্ৰীমতীৰ কান্দোন ৷
মই ধৰিব পৰা নাই কেতিয়ানো মই কি কথা কলো যাৰ বাবে এওঁ কান্দিব লগা হল ৷
‘‘
হেৰা শুনাচোন ৷ কি নো কথাই কথাই কান্দি থাকা হে ? আৰু ভিনিৰ কথা বেলেগ ৷ তেওঁৰ দৰে যদি মোৰো ব্যৱসায় থাকিল হয় সপ্তাহে সপ্তাহে কিয় মই তোমাক দৈনিক এজোৰ এজোৰ কাপোৰ দিলো হয় ৷ কিন্তু মই নামতহে হলো ভাৰত চৰকাৰৰ অফিছাৰ কামত এজন সাধাৰন মুলাজিম ’’
কথাষাৰ কৈ মই শেষ কৰিব পালো কি নাপালো এওঁ আগতকৈয়ো জোৰে জোৰে কান্দিবলৈ ধৰিলে, ‘‘ অ অ তুমি সদায় মোৰ ভিনদেউক বেয়া বুলি কৈ থাকা ৷ তেওঁ তোমাৰ খাইছে নেকি কিবা ? ভিনদেউৰ টকা আছে কাৰনে সকলোৱে হিংসা কৰে মানুহটোক ৷ কৈ দিছো ভিনদেউৰ কথা বেয়া কৈ নকবা ৷’’
‘‘ব বাৰু দিয়া আজিৰ পৰা মনত ৰাখিব ৷ কি বজাৰ কৰা কৰিবা ৷ যোৱা ৰেডী হৈ আহা গৈ ৷’’
‘‘শুনা কাপোৰৰ বজাৰ নাই দিয়া, পাকঘৰৰ বজাৰহে অকনমান আছে ৷’’

হাহিমেই নে কান্দিমেই ধৰিব পৰা নাই ৷ যদি আটা-মৈদাৰ বজাৰেই আছিল ইমানখন কন্দা-কটা কৰিলা কিয় ?’, ভাবিলোহে মনতে দেই ৷
 
মুখ ফুটাই কলো, ‘‘অ অ ময়ো ভাবিয়ে আছিলো ৷ লিষ্টখন লৈছা নে লিখি ?’’
‘‘লৈছো লৈছো ৷’’
‘‘শুনা তাতে আৰু দুটামান লিখি লোৱাচোন ৷ কেলগছৰ কৰ্নফ্লেকছ্, আছাৰ, পাপৰ, তোমাৰ নতুন টুথব্ৰাছ আৰু.... ৷ বলা মেধিৰ তাত বহি বহি মনত পেলাম ৷’’
‘‘মেধি ? মেধিৰ তালৈ কিয় যাম আকৌ ?’’
‘‘আৰে পাকঘৰৰ বজাৰ মেধিৰ তাত নকৰি কত কৰিবা ? আজি অতবছৰে দেখোন তাতেই বজাৰ কৰো !’’
‘‘তোমাৰ খালি মেধি মেধি মেধি !! অকনমানো মডাৰ্ন নহলা ! নকৰো মেধিৰ তাত বজাৰ ৷’’
মই মনে মনে ৰলো ৷ মেধিৰ দোকানত মোৰ খাটা চলে ৷ খাটা চলে মানে মেধিৰ কাৰনেই মোৰ ঘৰ চলি আছে ৷ মই মেধি মেধি নকৰি কি কৰিম ?
‘‘মেধিৰ তাত নকৰা যদি কত কৰিবা ?’’
‘‘দেখা নাই ওলায়ে পেন্টালুনছখন ? তাত কৰিম ?’’
মোৰ সন্দেহ হল এওঁ পাঙিছে কি ? পেন্টালুনছ আৰু পাকঘৰৰ বজাৰ ? তাত কাপোৰ পায় বুলিহে জানো মই ৷ মুখৰ পৰা ওলাই গ, ‘‘তাত পাকঘৰৰ বজাৰ কৰিব পাৰি নেকি ?’’
‘‘তুমি বুজিছা সেইযে পানীকৰা গাওঁৰ গাৱলীয়া
 হৈয়ে থাকিবা ৷ আমাৰ মামুবাহঁতে সদায়ে তাত বজাৰ কৰে ৷ গ্ৰীণ কাৰ্ডো আছে ৷’’
‘‘হেৰা এই গ্ৰীণ কাৰ্ডনো কি বস্তু ? আমেৰিকাত বহুত বছৰ থাকিলে পায় হেনো !’’
‘‘আমাৰ মামুবাই আমেৰিকা নোযোৱাকৈয়ে পেন্টালুনছতে পালে গ্ৰীণ কাৰ্ড ৷’’

পালো গৈ দুয়ো পেন্টালুনছ ৷ মই গাড়ীৰ পৰা নামতো দুহাতে দুটা বজাৰ কৰা মোনা লৈ নামিলো ৷ এওঁ জেক জেকাই উঠিল, ‘‘এই বজাৰ কৰা মোনা দুটা আকৌ কিয় লৈছা ?’’
ব খুজিছিলো, ‘বজাৰ কৰিবলৈ আহিছো সেয়ে আনিছোপাছে কলো, ‘‘নাই নাই কত আনিছো ? মই এইকেইটা গাড়ীৰ আগৰ পৰা পাছলৈ নিব থব খুজিছো ৷’’

বজাৰ কৰিলো পেন্টালুনছত ৷ বজাৰ কৰিলো মানে বাছিল, এভকেড’, অৰিগেন’,
 মই নাম নজনা বটলৰ ভিতৰত থকা দুবিধমান ৰস ৷ ইমানেই বজাৰ ৷ মনতে ভাবিলো, ‘ভাল সাৰিলো ৷ 

নামি আহি থাকোতে এওঁ এপাকত কলে, ‘‘লাচোন তোমাৰ কাৰনে পেন্ট এটা লওঁ ৷’’
মই সুধিম বুলিও নুসুধিলো, ‘‘পেন্ট এটা লওঁ বুলি যে কৈছা বিল কোনে দিব ? তুমি নে মই ?’’

সোমালো মোৰ পেন্ট চাবলৈ ৷ শ্ৰীমতীয়েই পচন্ড কৰি দিলে এটা পেন্ট ৷
‘‘তোমাক এই কৰ্ডৰ পেন্টত ভাল দেখিব ৷’’
‘‘অ অ বেছ ভাল লাগিছে ৷ থেংক ইয়ু দেই ৷’’
‘‘মেনচন নট ৷ ৰবাচোন মই কিবা এটা চাই লওঁ ৷’’
মনতে ভাবিলো, ‘এইটোৱে বাকী আছিল ৷
এফালৰ পৰা চাই গৈছে ৷ কি চাইছে , কি মিলাইছে মই নালাগে ওচৰতে ভগৱান
 থকা হলেও ছাগৈ বুজি নাপালে হয় ৷
এপাকত মই গৈ কলো, ‘‘তুমি আৰামত চাই লোৱা, মই বিল কাউন্টাৰৰ ওচৰতে ৰৈ আছো ৷ আৰু শুনা কিবা দৰকাৰ হলে মিছকল এটা দি দিবা ৷’’
‘‘ব হ, মোক মাত্ৰ ফিফটিন মিনিটছ লাগিব ৷’’

কেইবাটাও
  ফিফটিন মিনিটছপাছত এদম কাপোৰ লৈ এওঁ ওলাল গৈ বিল কাউন্টাৰ ৷ আহোতে মুখখন ফুলাই আহিছে ৷ মই মনতে অকনমান শান্তি পালো, অকনমান আশাৰ বেঙণি দেখিলো, ‘মুখ ফুলি অহাৰ মানে এনেকুৱাও হব পাৰে যে তেওঁ আহি কব - চোৱা ইমানবোৰ কাপোৰ চালো এজোৰো পচন্ড নহল ৷ বলা যাওঁ ৷তেওঁ পাছে কলে, ‘‘মই দুজোৰমান কাপোৰ লৈছো মানে লব খুজিছো ৷ যদি প্ৰব্লেম হয় তেনেহলে ....’’
‘‘ধেই তুমি কি প্ৰব্লেমৰ কথা কৈছা ৷ একো নাই লোৱা না !’’

বিল তৈয়াৰ কৰা ছোৱালীজনীয়ে মোক কলে, ‘‘চাৰ আপোনাৰ বিল ৫০০০ৰ ওপৰত হৈছে ৷ গতিকে আপুনি এটা অফাৰ পাইছে ৷ মাথো ১৯৯ টকা দিলেই
 আপুনি পাব এটা ২৩ পিছ্ ডিনাৰ ছেট ’’ 
এওঁৰ ফালে নোচোৱাকৈয়ে মি কলো, ‘‘ব দি দিয়া ৷’’
এওঁ মাত দিলে, ‘‘নালাগে নালাগে দেই ৷ এনেয়ে ১৯৯ টকা খৰছ কৰিব নালাগে ৷ আৰু ঘৰত দুটা নে তিনিটা ছেট এনেয়ে পৰি আছে ৷’’
মই বিল তৈয়াৰ কৰা ছোৱালীজনীক কলো, ‘‘নালাগে দিয়া ডিনাৰ ছেট ৷ এনেয়ে বিল বনোৱা ৷’’
বিল পৰিশোধ কৰি পাকঘৰৰ বস্তু, মোৰ এটা পেন্ট, এওঁৰ কেইজোৰমান কাপোৰলৈ গাড়ী পালো ৷

ঘৰলৈ আহি আছো ৷
এওঁ মাত দিলে, ‘‘তোমাৰ কাম নাই, এনেই এনেই জিনাৰ ছেটটো কিয় লব খুজিছিলা ?’’
মই যুক্তি দৰ্শাবলৈ যত্ন কৰিলো, ‘‘তুমি দেখোন ছুমৰ বিয়াত ডিনাৰ ছেট দিম বুলি কৈছিলা ৷ ফেঞ্চিবজাৰত এইটো ডিনাৰ ছেট ২৫০০ বা ৩০০০ মান কলে হয় ৷ সেইকাৰনে মই ভাবিছিলো ১৯৯ টকাত পাইছো লৈ লওঁ ৷ আজিৰ পৰা নকওঁ দিয়া তেনেকৈ ৷’’
‘‘তোমাৰ এই স্বভাবটৌ নগল ৷ তেতিয়াই বুজাই কব নোৱাৰিলা ? ঘুৰোৱা গাড়ী এতিয়া ৷’’







1 comment: