Thursday, 28 March 2013

জয়ন্ত চলিহাৰ সংসাৰ - ৩


(জয়ন্ত চলিহা এজন চাকৰিয়াল ৷ গুৱাহাটীতে থাকে ৷ বিবাহিত ৷ তেওঁ মাজে মাজে, সুবিধা পালে মোৰ লগত বহি আড্ডা মাৰে ৷ মোক কয়,‘‘হেৰা লিখিবা হে !’’
১০ বছৰমান আগৰ কথা ৷ চলিহা প্ৰথমবাৰ বাবে সপত্নীক দিল্লীলৈ গৈছিল ৷ জয়ন্তৰেই কাহিনী

"
বুজিছা প্ৰতিভূ দিল্লীত বিহু দেখি গলো ৷"
সি আচলতে কি কৈছে মই বুজা নাই ভালকৈ ৷ গতিকে কলো, ‘‘হে ! ময়ো এবাৰ দেখিছিলো ৷ গুৰগাওঁ, নয়ডাৰ ফালে বহুত অসমীয়া আছেতো, পাতে তেওঁলোকে ৷’’
সি মোৰ ফালে এনেকৈ চালে যেনে ভস্মহে কৰি দিব ৷ 
ছিগাৰেট এটা জ্বলাই সুধিলো, ‘‘কিয় কি হ?’’
‘‘এহ্ নক’বা আৰু ! এওঁ পগলা
কৰি দিলে  ৷  ৰাতিপুৱা চাৰে ন বজাত জনপথত আৰম্ভ কৰিছো ৰাতি ন বজাত হোটেল পালো গৈ ৷’’
‘‘
জনপথত আকৌ কি চাইট ছিয়িং কৰিলা ?’’
‘‘
ধেই কত চাইট ছিয়িং কৰিম আকৌ ৷ প্ৰথমে জনপথ তাৰ পাছত লাজপট নগৰ, তাৰ পাছত আৰু কি কি ! বিহু দেখি লো বুজিছা’’
মই মনতে ভাবিলো, ‘গোটেই দিল্লীখনতে বিহু দেখিলে দেখোন ?’

মই মনে মনে থকা দেখি জয়ন্তই আৰম্ভ কৰিলে
‘‘
দহ বছৰমান আগৰ কথা বিয়াৰ পাছত এওঁক লৈ ফুৰিবলৈ গৈছিলো বুজিছা হনিমুন বুলিয়ে বা পাৰি নৈনিতাল, আলমোৰা, ৰানীখেট, কছৌনি, পিন্ডাৰী প্লেছিয়াৰ ফুৰাই আনিলো ’’
মই মাত লগালো, ‘‘হেৰা হনিমুনত শ্ৰীমতীক গ্লেছিয়াৰ দেখুৱালা ? তুমি মানুহ মাৰি দিবা দেখোন !’’
জয়ন্তই গহীন ভাবে লে, ‘‘হনিমুনত গ্লেচিয়াৰ নেদেখুৱাই বুলি কোনে কৈছে ? আৰু আচলতে সেইটো হনিমুন নাছিল আচল হনিমুনত আমি ট্ৰাকত উঠি শ্বিলঙলৈ গৈছিলো এতিয়া শুনিবা নে দিল্লীৰ কথা ?’’
‘‘
কোৱা কোৱা মই মনে মনে আছো ’’

জয়ন্তই দিল্লীৰ ঘটনাৱলীৰ বৰ্ননা কৰি লো
জয়ন্ত চলিহাৰ কাহিনী জয়ন্ত চলিহাৰ মুখেৰে )

পোন্ধৰদিন মান ঘুৰি ফুৰি আমি দিল্লীলৈ ঘুৰি আহিলো তাত দুৰাতি কটাই গুৱাহাটীলৈ ঘুৰি অহাৰ আহিম শ্ৰীমতী বৰ হাঁহি মুখে আছে গতিকে মই মনতে ভাবিলো  দুৰাতি হোটেলত জিৰণি পাৰি প্ৰথম ৰাতি ভালে ভালেই পাৰ

পাছ দিনা পুৱাৰ কথা

‘‘
হেৰা কিমান আৰু কুম্ভকৰ্ণৰ দৰে শোৱা হে ? উঠা বজাৰ আগতেই যাম কিন্তু ’’
মই খকমকাই উঠিলো ৷
‘‘হেৰা ন বজাতে ক’লৈ যোৱাহে ? ইমান সোনকালে ক’ত কি কৰিবা গৈ ?’’
‘‘মামু বাইদেৱে কৈছে ন বজামানতে জনপথ পাব গৈ লাগিব ৷ প্ৰথমে গৈ নাপালে একো লাভ নাই হেনো ৷’’
মোৰ উশাহ-নিশাহ বন্ধ হ’বৰ উপক্ৰম হ’ল ৷ মামুবাই ন বজাত জনপথ পাবলৈ কৈছে, তাকো প্ৰথমে পাবলৈ কৈছে ? মই জনপথ মানে মেডামৰ ঘৰৰ কথাই জানো ৷ মামুবাৰ আকৌ মেডামৰ সৈতে কি সম্পৰ্ক ? ভিনিহি ব্যৱসায়ী মানুহ ৷ ভিনিহি তেওঁলোকৰ ওচৰৰ পুজা আৰু বিহু কমিটিৰ সভাপতি ৷ সেই বুলি যে মেডামৰ সৈতে দৰহম-মৰহম আছে মই ভবা নাছিলো ৷

কোবা-কুবিকৈ ওলাই, অট’ এখনলৈ  পালোগৈ জনপথ ৷ এওঁ
PCO এটালৈ যাব খুজিছে ৷ উদ্দেশ্য মামুবালৈ ফোন এটা কৰি গন্তব্যস্থান ঠিকনা বিচাৰিব হেনো ৷
‘‘হেৰা সেইটো কাৰনে নালাগে দিয়া ফোন কৰিব ৷ মই জানো ঠিকনা, ১০ জনপথ ৷’’
শ্ৰীমতীয়ে মোৰ কথা কিমান বুজিলে, কিমান বিশ্বাস কৰিলে নাজানো ৷ সোমাই গ’ল PCO এটাৰ ভিতৰলৈ ৷ তাৰ পৰা ওলাই আহি মোক ক’লে, ‘‘নাজানা যদি এনেয়ে কিয় মাতষাৰ মাতি দিয়া ? ১০ জনপথ বুলি কোনে ক’লে তোমাক ? ব’লা এইফালে ৷’’
মই শ্ৰীমতীৰ পাছে পাছে খোজ ল’লো ৷ মনতে ভাবিলো, ‘‘মেডামে ঘৰ সলনি কৰিলে, নেচনেল মিডিয়াই খবৰ নাই পোৱা ৷ অথচ মামুবাৰ জহত এতিয়া মই জানো ৷ India Todayৰ অফিছ ওচৰতে আছে ৷ সোমাই গৈ দি দিওঁ নেকি স্কুপ এটা ?’’

এওঁ ৰৈ দিলে সৰু দোকান এখনৰ সন্মুখত ৷ মোৰ ফালে চাই এটা ঈষৎ হাঁহি মাৰিলে ৷ মই ক’লো, ‘‘ব’লা আকৌ ৷ ৰৈ দিলা যে ?’’ মেডামক লগ পাবলৈ মোৰো মন গৈছে ৷
এওঁ মোক আচৰিত কৰি ক’লে, ‘‘আমি এইখন দোকানলৈকে আহিছো ৷’’
মই তেতিয়াহে দোকানখনলৈ মন কৰিলো ৷ তেনেই সাধাৰন দোকান ৷ মনোহাৰী সামগ্ৰী, বিভিন্ন ধৰনৰ ‘ইমিটেছন জুৱেলাৰী’, ৰাজস্থানী পাথৰৰ গহনা আৰু তেনে ধৰনৰ বস্তু সজাই ৰাখিছে ৷
মনতে ভাবিলো, ‘‘এইখন মেডামৰ দোকান ? তেওঁ ইয়াত থাকে ? কি আচৰিত !’’
‘‘ইয়াত কি কৰিবা আকৌ ?’’
‘‘কি কৰিম মানে বজাৰ কৰিম আকৌ ! মামুবাই কৈছে ৰাতিপুৱাই ইয়ালৈ আহিলে বস্তু আধা দামতে পোৱা যায় ৷ বহনিৰ সময়ত এনেয়ে দি দিয়ে ৷’’
তেতিয়াহে বুজিলো মামুবাৰ সৈতে এওঁ কিহৰ আলোচনা কৰিলে ৷
জনপথত বজাৰ কৰোতে কৰোতে এঘাৰমান বাজিল ৷ টোপোলাৰ ভিতৰত সোমাল ‘ইমিটেছন জুৱেলাৰী’, ৰাজস্থানী পাথৰৰ গহনা, ৰাজস্থানী ডিজাইনৰ কুশ্বন ক’ভাৰ আৰু কিবা কিবি ৷ পাছে মানিব লাগিব বস্তুবোৰ কম দামতে পোৱা যেন অনুমান হ’ল ৷

বজাৰ কৰি হোৱাৰ পাছ দুয়ো এগিলাছ এগিলাছ কুহিয়াৰৰ ৰস পান কৰিলো ৷ মনতে ভাবিলো, ‘এতিয়া হোটেলত ভালকৈ শুম ৷ আবেলি ইন্ডিয়া  ওলাই আহিম ৷ ৰাতি কনাট প্লেছ দেখুৱাম ৷ বছ হৈ যাব দিল্লী দৰ্শন ৷’
এওঁ মাত লগালে, ‘‘এতিয়া আমি লাজপট নগৰ যাম ৷’’
মই উচপ খোৱাৰ দৰেই সুধিলো, ‘‘লাজপট নগৰ ? কোন থাকে তাত ?’’
উচপ খোৱাৰে কথা ৷ এওঁ যে  দিল্লীত এখন লাজপট নগৰ আছে বুলি জানে মোৰ ভাব হোৱা নাছিল ৷
‘‘তাত আকৌ কোন থাকিব ? তুমি এইবোৰ একো নাজানা ৷ তাত কাপোৰ কম দামত পায় ৷’’
‘হমমম… ৷ বুজিলো কোনে খবৰ দিলে’, মনতে ভাবিলো ৷

লাজপট নগৰত বজাৰ আৰম্ভ হ’ল ৷ কিমান টি-ছাৰ্ট, পেন্ট, ছুৰিদাৰ-কামিজ কিনিলো হিচাব নাই ৷ খুদুৱণি মাৰিবলৈকে সুধিলো, ‘‘আৰু দুখনমান বজাৰ আছে ৷ যাবা নে তালৈ ?’’
‘‘কিয় নাযাম আকৌ ? মামুবাই কৈছে সৰোজিনীতো ভাল বজাৰ আছে ৷ তাৰ পৰা চাইথ এক্স যাম ৷ তাৰ পৰা কেৰল বাগ ৷ একেবাৰে শেষত পালিকা বজাৰ ৷’’
অকনমান ৰৈ কান্দো কান্দো ৰূপ এটা লৈ জয়ন্তই কৈ গ’ল, ‘‘কানত ধৰিছো আৰু জীৱন দিল্লীত বজাৰ নকৰো ৷ ১২ ঘন্টা বজাৰে বজাৰে তলৌ-তলৌকৈ ঘুৰি ফুলিলো ৷ শেষত বজাৰ কৰা বস্তু ভৰাবলৈ তেৰশ টকা খৰছ কৰি দুটা কাপোৰৰ এয়াৰ বেগ কিনিহে ৰক্ষা পৰিলো ৷’’

মামুবাৰ উপদেশত দিল্লী সপত্নীক জয়ন্ত চলিহা




No comments:

Post a Comment