Sunday, 31 March 2013

জয়ন্ত চলিহাৰ সংসাৰ - ৫

সৌজণ্য - অগ্নি মিত্ৰ(১) 
(জয়ন্ত চলিহা এজন চাকৰিয়াল ৷ গুৱাহাটীতে থাকে ৷ বিবাহিত ৷ তেওঁ মাজে মাজে, সুবিধা পালে মোৰ লগত বহি আড্ডা মাৰে ৷ মোক কয়,‘‘হেৰা লিখিবা হে !’’
এইয়া চলিহাৰে কাহিনী, মোৰ মুখেৰে )

৩১ মাৰ্ছ কথা

মই, ৰামনুজ, মৃন্ময় আৰু জয়ন্ত চলিহা পুৱাই পালো গৈ আমাৰ পুৰণি গাড়ীৰ যাদুঘৰ () গাড়ীৰ মাজত ভালেমান সময় কটাই আমি ত্ৰিদিবদাৰ ৰিজৰ্টত সোমালো ৷ অকমান সতেজ হৈ লওঁ বুলি ফষ্টাৰছ্ কেইটামান খুলি লো

ভালে মান কথা ওলাল
স্বাভাবিক ভাবেই প্ৰথমেই সাহিত্যৰ কথাই ওলাল ৰামানুজয়ে আগৰে পৰায়ে সাংঘাতিক লিখে মই বহুতৰে আগত বহুবাৰ  কৈছো, ‘‘এই ৰামানুজটো এলেহুৱা সি যদি ইচ্ছা কৰে ফাইভ পইন্ট ছামওৱানতকৈ ওপৰৰ কিতাপ এখন লিখিব পাৰে ’’ ৰামানুজ বাৰু ৰামানুজয়ে আজিকালি মৃন্ময়ে সুন্দৰ লিখিবলৈ লৈছে এনে হৈছে প্লট পালেই তাৰমন মেই লাড্ডু ফুটে পাছে সাহিত্যৰ কথা সোনকালেই বাদ দিব লগা জয়ন্তৰ সাহিত্যৰ লগত কোনো ধৰনৰ সম্পৰ্ক নাই আমাৰ আলোচনাৰ ফালে কোনো ধৰনৰ গুৰুত্ব নিদি জয়ন্ত ব্যস্ত ফষ্টাৰছ্ ওপৰত

আমি তিনিও জয়ন্তলৈ মন কৰি কি ক’ম কি নক’ম ভাবি থাকোতেই
ৰামানুজয়ে মাত লগালে, ‘‘মোক এটা কথা কওকচোন ৷’’
আমি সকলোৱে তাৰ ফালে চালো ৷
সি কৈ গ’ল, ‘‘Female Brain বুলি কিবা বস্তু থাকে নে নাই ?’’
মৃন্ময় ক’লে, ‘‘কিয় নাথাকিব ৷ আছে, আছে ৷’’
ৰামানুজয়ে মৃন্ময়ৰ ফালে এটা ৰহস্যপূৰ্ণ হাঁহি মাৰি ক’লে, ‘‘অই, তই বেটা সাহিত্যিক মানুহ সাহিত্যই কৰি থাক, এই ফ্ৰয়ডৰ কথা কি বুজি পাবি ?’’
মই মনে মনে ৰ’লো ৷ Female Brainৰ ওপৰত মোৰ কোনো ধৰণৰ ধাৰনা নাই ৷ মোৰ শ্ৰীমতী ভাল বন্ধুৰ দৰে ৷ গতিকে মই কাহানিও একো ভাবিব লগা হোৱা নাই ৷
জয়ন্তৰ ফালে চালো ৷ সি তেতিয়াও ফষ্টাৰছ্ লৈ ব্যস্ত ৷
ৰামানুজে কৈ গ’ল, ‘‘ব্ৰেইনৰ ছেক্সুৱেলিটি ক’ৰ পৰা আহিলে আকৌ, কেনেকৈ আহিলে আকৌ ? যেনেকৈ ফিমেল লিভাৰ, ফিমেল গলব্লাডাৰ আদি থাকিব নোৱাৰে তেনেকৈয়ে ব্ৰেইন বুলিও বস্তু থাকিব নোৱাৰে ৷’’

এইবাৰ জয়ন্তই ফষ্টাৰছৰ পৰা মুৰ তুলিলে ৷
‘‘হেৰা ৰামানুজ, তুমি বীমা কোম্পানীৰ মানুহ বীমাকে কৰি থাকা ৷ এই মানব শৰীৰৰ ওপৰত কিহৰ ভাষণ দি আছা ? তুমি কিমান গবেষণা কৰিছা হে ?’’
জয়ন্তক মই বহু বছৰৰ পৰা চিনি পাওঁ ৷ আজি দেখিছো জয়ন্ত চলিহা is on fire ৷ মই
ঠিকেই বুজি পালো এই ৩১ মাৰ্ছ আৰু ফষ্টাৰছেই এনে কৰিলে ৷

ময়ে
মাত লগালো, ‘‘হেৰা জয়ন্ত কি ইমান ছিৰিয়াছ হৈ থাকা হে ?’’
‘‘
তোমালোকৰ কথা বেলেগ মই চৰকাৰী চাকৰীয়াল মানুহ ’’
মই খঙেৰেই লো, ‘‘দেওবাৰে কিহৰ চৰকাৰী চাকৰিহে ?’’
‘‘
আৰে নাজানা ? আজি ৩১ মাৰ্ছ ’’
৩১ মাৰ্ছৰ কথা শুনিয়ে কিয় জানো মই ৰামানুজৰ ফালে চালো
‘‘
বছ ইমান টেনচন কিয় লৈছে ? মই বীমা কোম্পানীৰ মানুহ হৈ ইয়াত বহি আছো আপুনিও বহি থাকক না’’, ৰামানুজৰ খাৰাংখাছ কথা ৷
বিৰক্তিৰে জয়ন্তই উত্তৰ দিলে, ‘‘ধুই ! বীমা কোম্পানী ! মই ইয়েৰ এন্ডিঙৰ কথা ভাবি থকা নাই ৷ বেলেগ কথা ভাবি আছো হে ৷’’
মৃন্ময় মনে মনে বহি আছিল ৷ এইবাৰ সি টপককৈ মাত দিলে,‘‘দাদা ভাবক ভাবক ৷ ভাবোতে ভাবোতে যদি কিবা প্লট পায় মোক ক’ব ৷ মই ফাটাফাটি কিবা এটা লিখি দিম ৷’’
‘‘কি ভাবি আছা হে জয়ন্ত ?’’
মোৰ ফালে ঘোপাকৈ চাই উত্তৰ দিলে, ‘‘আৰে ভাই তোমাৰ কাৰনেই য’ত চব গৰবৰ হৈ গ’ল ৷ আজি দেওবাৰে অফিছ বুলি শুই আছো ৷ তুমি ফোন কৰিলা ফুৰিবলৈ যাওঁ বুলি ৷ গতিকে খৰধৰকৈ ওলালো ৷ এওঁৰ ‘ফিমেল ব্ৰেইন’ আকৌ কমখন বুলি ভাবিছা ? ধৰিলে নহয় বন্ধৰ দিনা ক’লৈ যাওঁ বুলি ৷ তেতিয়া ৩১ মাৰ্ছটো উলিয়ালো ৷’’
‘‘দাদা মানি গৈছো ! দাদা মানি গৈছো !আপোনাৰ পৰা শিবলৈ বহুত কথা আছে ৷’’
মৃন্ময় আৰু ৰামানুজয়ে একেলগে কৈ উঠিল ৷
জয়ন্তই ভোৰভোৰালে, ‘‘শিকিবলৈ কি বহুত কথা আছে হে ? মই ৰিজৰ্টলৈ আহিম বুলি নতুন
DSLRটো লৈ আহিলো ৷ এতিয়া ঘৰত গৈ ঘমৰ-ঘন্ট লাগি যাব ৷’’
‘‘মানে কি হ’লনো তাতে ?’’
‘‘কি হ’ল মানে ?
এতিয়া এওঁ SMS দিছে ‘৩১ মাৰ্ছত অফিছত কেমেৰা লাগে নেকি ?’ মই ভাবি পোৱা নাই কি উত্তৰ দিম ৷’’

টোকা
(১) 
https://www.facebook.com/photo.php?fbid=10200964074730518&set=a.3880441375934.2167710.1425780112&type=1&theater

No comments:

Post a Comment