Friday 1 March 2013

দৰা ধৰা



জাগীৰোডত W/L অৰ্থ জনাৰ পাছত মোৰ মন তৃপ্তিৰে ভৰি পৰিল বাহিৰলৈ চাই চাই আপোন পাহৰা হৈ গৈ আছো পাছে বৰ বেছি পৰ বাহিৰলৈ চাই থাকিব নোৱাৰিলো বাছৰ ভিতৰত আৰম্ভ চিৰতন-হৰতনৰ যুজ নগাওঁৰ পৰা নো শিৱসাগৰ কেতিয়া পালো গৈ গমেই নাপালো বাছৰ পৰা নামি জেপৰ ধনকেইটা হিচাব কৰিহে পালো নগাওঁৰ পৰা শিৱসাগৰলৈ ১২০০ টকামান ভৰিব লগাত পৰিলো ৰাতিলৈ সেই কেইটা মোকলাব লাগিব

কইনাৰ ঘৰ নাজিৰালৈ যোৱাৰ বাটত পোৱা চুণপোৰা তিনি আলিত ৷ শিৱসাগৰত বাহৰ পতা হৈছিল বৰপুখুৰীৰ পাৰত থকা অসম চৰকাৰৰ কোনে এক লনিত ৰাতি মেহফিল ভালেই জমি উঠিল দৰা আকৌ এক বিশেষ ধৰণৰ নৃত্যত বিশাৰদ তেওঁ সেইদিনা বহু ৰাতিলৈ নাচিলে

পাছদিনা ৰাতিপুৱা মান বজাতে গা-পা ধুই মই চুট-বুট পিন্ধি তৈয়াৰ দৰাৰ মাকে মোৰ ফালে চাই সুধিলে,‘জোৰণ পিন্ধাবলৈ তয়ো যাবি নেকি ? ৰাতিপুৱাই  বাথৰূমটো বন্ধ কৰি ৰাখিছ কেলৈ ?’
মই সেমেনা-সেমেন কৰি লো,‘নাই খুড়ী মই আকৌ জোৰণ পিন্ধাবলৈ কিয় যাম ? মই মেলাচকৰৰ ফালে চক্কৰ এটা মাৰিবলৈ যাম

সেই সময়ত মোৰ বিয়া হোৱা নাছিল আৰু মোৰ ভাবী পত্নীৰ ঘৰ মেলাচকৰত
এফালে গগুৰ জোৰণ ওলাল আনফালে মই গৈ মেলাচকৰ পালো গৈ
জোৰণত কি নাজানো , মই পাছে লুছী আৰু কনী তৰকাৰীৰে এপেট খাই ১০মান বজাত আহি বাহৰ পালোহি
 
দৰা আৰু বাকী লগৰ বন্ধু সকল টোপনিত লালকাল
মই চিন্তা কৰি দেখিলো বিয়া কাইলৈ ৷ দুলীয়াজানৰ পৰা  এপাক মাৰি আহিব পৰা যায় দেখোন ৷ দৰাক কথাটো জনাই দুলীয়াজানলৈ বুলি ওলালো ৷ দৰাই চকু দুটা নেমেলাকৈয়ে কলে,‘কাইলৈ কিন্তু সময়ত আহি যাবি ৷

সেই সময়ত দুলীয়াজান গ’লে অইল ক’লনিৰ ডি.এক্স-১১৮ত মোৰ স্থায়ী  বাহৰ ৷ মই যোৱা বুলি খবৰ পায় অইলত কৰ্মৰত মোৰ কলেজীয়া দিনৰ দুটা ৰূমমেট অনি আৰু পদুম আহি ওলাল ৷ আকৌ আৰম্ভ হ’ল স্মৃতি ৰোমন্থণ ৷ যথাৰীতি মোৰ ভাগতেই পৰিল আমাৰ কলেজীয়া দিনৰ ওলোটা-ওভটা কান্ডবোৰৰ কথা আকৌ এবাৰ কৈ যোৱাৰ ৷

পাছ দিনা দুইমান বজাত আমি শিৱসাগৰলৈ বুলি ৰাওনা হ’লো ৷ ৫মান বজাত শিৱসাগৰ পাব পাৰিলে ভাল হ’ব ৷ অকনমান সময় দৰাটোৰ সৈতে ফুৰ্তি কৰিব পাৰিম ৷ সুযোগ পালে ৰূমমেট কেইটাৰ সৈতে মেলাচকৰতো চক্কৰ এটা মাৰি আহিব পাৰিম ৷

চেপনলৈ ঠিকে আহি পালো ৷ সোমাই দিলো খাৰঘৰীয়াৰ ধাবাত ৷ তাতেই অলপ পলম হৈ গ’ল ৷ বন্ধুৰ বিয়া বুলি অলপ ৰঙীন মেজাজৰ হৈ ল’লো ৷ শিৱসাগৰ পাওঁতে ৬মান বাজিল ৷ দৰাৰ বাহৰ পায় গম পালো বৰযাত্ৰী কেতিয়াবাতে গ’ল হেনো ৷ কইনা ঘৰৰ ঠিকনা ভালকৈ বুজি লৈ ৰাওনা হ’লো চুণপোৰা অভিমুখে ৷ আক-তাক সুধি উলিয়ালো গৈ কইনাঘৰ ৷
 
কইনাঘৰত সোমাই দৃশ্য দেখি চকু কপালত উঠিল ৷ চকী-মেজ সকলো ওলট পালট ৷ বৰযাত্ৰীৰ ফালৰ মানুহটো বাদেই কুকুৰ দুটামানৰ বাহিৰে আৰু বেলেগ কোনোৱে নাই ৰভাতলীত ৷ অকমান আগুৱাই গৈ দেখিলো এজন বয়সীয়াল ভদ্ৰলোক বহি আছে আৰু তেখেতৰ সন্মুখত এটা বিলাতী সুৰাৰ বটল ৷ আমি নিজৰ মাজতে কথা পাতিলো,‘বিয়া কিবা কাৰনে নহ’ল গৈ ছাগৈ আৰু তেখেতে এটা ট্ৰেজেডী ফালি আছে ৷ ব’ল ব’ল ইয়াৰ পৰা যোৱাই ভাল হ’ব ৷’
সিদ্ধুৱে মাত লগালে,‘মই গৈ সুধি আহো ৷ তহঁত গাড়ীত বহগৈ যা ৷’
সিদ্ধু আগুৱালে বয়সীয়াল ভদ্ৰলোকজন ফালে  আৰু আমি উলটিলো গাড়ীলৈ ৷
বহু পৰ অপেক্ষা কৰাৰ পাছতো সিদ্ধু উলটি নহাত আমি বিবুদ্ধিত পৰিলো ৷
‘তাক কেনেবাকৈ বান্ধি থৈ দিলে নেকি ?’
আমি আটাইকেইটা চুচুক-চামাক কৈ আকৌ ৰভাতলী পালো গৈ ৷
আমাক দেখি বয়সীয়াল ভদ্ৰলোকজনে মাত লগালে,‘দৰাৰ বন্ধু হৈ ক’ত ৰৈ আছা ? আহা আহা অলপ ছেলিব্ৰেট কৰো ৷’
কথাখিনি শুনিহে আমাৰ মুখলৈ পানী আহিল ৷
ইতিমধ্যে ঘৰৰ ভিতৰৰ গিলাছ আৰু পানীও আহিল ৷
কথা পাতি বুজিলো  লগ্ন আবেলি চাৰি বজাতে আছিল আৰু সাতমান বজাত আমাৰ দৰাই কইনালৈ উভটি গ’ল ৷
আমি ব্যস্ত হ’লো আমাৰ ছেলিব্ৰেচেনত !

সামৰণি :
 
নাই কাহিনী শেষ হোৱা নাই ৷
 
আপুনি হয়তো ভাবিছে এই লেখাটোৰ নাম দৰা-ধৰা কিয় ?
 
আমাৰ ছেলিব্ৰেচেন চলি আছে ৷
তাৰ মাজতে মোৰ ফোনটো বাজিল ৷
০৩৬১-২৭…. জাতীয় নম্বৰ এটা ৷
কোনোবাই গুৱাহাটীৰ পৰা কৰিছে ৷ কোনে ধৰিব এই ছেলিব্ৰেচেনৰ মাজত অচিনাকি ফোন ?
কিন্তু তিনি চাৰিবাৰমান বজাৰ পাছত মই ফোন ধৰিবলৈ বাধ্য হ’লো ৷
 
 ‘প্ৰতিভূ ক’ত আছা হে ? সকলো ৰৈ আছে তোমাৰ  কাৰনে ৷ দৰা ধৰা হৈ ইমান দেৰী কৰিলে কেনেকৈ হ’ব ? আৰু  দৰাৰ সাজটো তোমাৰ তাত আছে নহয় ৷ আহোতে লৈ আহিবা ৷’
 
মনত পৰিল গুৱাহাটীত সুবুৰ আজি বিয়া আৰু  মই দৰা ধৰা !!!!!!!!!!!!!

  



1 comment: