Thursday 14 February 2013

১৪ ফেব্ৰুৱাৰী, ২০১৩


এওঁ আৰু প্ৰাপ্তিক স্কুলত নমাই মই পালোগৈ বান্ধবীৰ ঘৰ তাৰ পৰা দুয়ো ৰাওনা লো সোনাপুৰ অভিমুখে
আধা বাটত লো,‘আজি প্ৰথমবাৰৰ বাবে ভেলেন্টাইচ ডেত ওলাই আহিছো
বান্ধবীয়েও হাঁহি মাৰি লে,‘ ময়ো
স্প্ৰীং ভেলী ৰিজৰ্ট, ডেকা চাং ৰিজৰ্ট, ব্ৰহ্মপুত্ৰ জাংগল ৰিজৰ্ট পাৰহৈ প্ৰায় ডেৰ কিলমিটাৰমান আগুৱাই গাড়ীখন জংঘলৰ মাজৰ ওখোৰা-মোখোৰা বাটটোত একাষৰীয়া কৰি ৰখাই দিলো তাৰ পৰা দুয়ো খোজ কাঢ়িবলৈ আৰম্ভ কৰিলো দুটা কেকুৰী পাৰ হৈয়ে চকুত পৰিল আমাৰ গন্তব্য স্থান এটা স্বপ্নৰ অনুস্থান – Treasured Wheels.  

ট্ৰেজাৰড হুইলছ
এইটো মূলতঃ এটা পুৰনি গাড়ীৰ সংগ্ৰহালয় যদিও ইয়াত গাড়ীৰ 
বাহিৰেও দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বা তাৰ আগৰ অন্যান্য ভালেমান সামগ্ৰীৰ অকৰ্ষনীয় সংগ্ৰহ আছে
আমাক দেখিয়ে চিৰ পৰিচিত হাহিটোৰে পিকলুদা আগুৱাই আহিলে মই ভাবি আচৰিত হওঁ এই মানুহজনৰ কষ্ট কৰিব পৰা ক্ষমতা দেখি, আচৰিত হওঁ যুজাৰু মনোভাব দেখি অকলেই, হয় প্ৰায় অকলেই এটা অসম্ভৱক সম্ভৱ কৰি দেখুৱাইছে





মইয়ে লো,‘আগতে গোটেইখন পাক মাৰি লওঁ তাৰ  পাছত কথা পাতিম
বিশ্বযুদ্ধৰ সময়ৰ পেট্ৰল পাম্প
আমি টিলাটোত পাক মাৰিবলৈ আগবাঢ়িলো প্ৰথমেই চকুত পৰিল পেট্ৰল পাম্পটো পিকলুদাই এই দুটা ডিগবৈৰ পৰা কিনি আনিছিল বহুদিন ধৰি সেই দুটা বাহিৰত পৰি পৰি পচিবলৈ ধৰিছিল অবশেষত দুয়ো এতিয়া ঠিয় হৈ আছে আজিৰ পৰা ৭০ বছৰমান আগৰ সম্ভ্ৰমেৰে বহু পৰ সেই দুটাৰ সন্মুখত ৰৈ ঠিয় হৈ থাকিলো কেনে অৱস্থাত আছিল এই দুটা নিজৰ চকু দুটাকে বিশ্বাস কৰিব পৰা নাই মই




তাৰ পাছত আমি আগবাঢ়িলো পিকলুদাই দেখোন কৈছিল এটা ট্ৰী হাউছৰ কথা আৰু চকুৰ আগত ওলাল তিনিটাকৈ ট্ৰী হাউছ তাতে  এটা ট্ৰী হাউছ আকৌ দুমহলীয়া  
দুমহলীয়া ট্ৰী হাউছ
প্ৰাপ্তিহঁতে বৰ ভাল পাব লগে লগেই পৰিকল্পনা কৰিলো এটা শনিবাৰে আহি নিশাটো কটাব লাগিব মই বগাই গৈ এটাৰ ওপৰ পালোগৈ অকনমান কাম বাকী আছে তথাপিও পাৰি সুন্দৰ হৈছে

তাৰ পাছত আমি আগবাঢ়িলো মটৰটাইকেল, চাইকেল, গ্ৰামফোন, পিয়ানো, কেমেৰা, বিশ্বযুদ্ধত মাৰ্কিন সৈন্যই ব্যবহাৰ কৰা হেলমেট, বিভিন্ন আপুৰুগীয়া আলোকচিত্ৰ, কিতাপ তথা বাতৰিকাকতৰ সংগ্ৰহখিনিৰ ফালে


পিকলুদা আহি আমাক লগ দিলে এজোপা সোনাৰুৰ তলত তিনিও বহি কথা পাতিবলৈ ধৰিলো
কাম কিমান আগবাঢ়িছে, কি কি অসুবিধা আহিছে, আমি কেনে দৰে সদায় কৰিব পাৰো আদি আলোচনা কৰিলো দৰমহাৰ টকাৰে সজা অনুস্থান টকাৰ বৰ টনাটনি তথাপিও কামবোৰ কৰিব লাগিব

পিকলু ডেকা
 
চাহ অকমান দি জিতুৱে
আলীয়ে আহি মাত দিলে,‘দাদা আপোনাৰ গাড়ীৰ চাবিটো দিয়ক কিয় ইমান দূৰত থৈ আহিছে টাটা নেন’, মাৰুটি কাৰ আহি যায়, ৱেগনাৰ কিয় নাহিব ?’

পিকলুদা উঠি পুজাৰীৰ ওচৰলৈ গনেশ পুজা এভাগ আছে আমি আচলতে গৈছিলো সেই পুজাৰ কাৰনেই
ময়ো পুজাৰীৰ ওচৰলৈ যাওঁ বুলি ভাবোতেই চকুত পৰিল সোনাৰু, মদাৰ, চজিনাৰ ফুলে ফুলে মৌ চুহি উৰি ফুৰা এজাক ৰঙা, নীলা, হালধীয়া চৰাই মই এটা চৰাইৰো নাম নাজানো কিন্তু বান্ধবী এগৰাকী আগশাৰীৰ ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ তেওঁ কেমেৰাত বন্দী কৰিলে মই নাম নজনা অনেক চৰাইৰ ফটো


Blue Winged Leaf Bird
Crimson Sun Bird


Oriental White Eys
Red Vented Bulbul


 








অনেক চৰাই মই নাম জনা চৰাই মাথো দুটাহে ওলালসখীয়তি আৰু বগলী আমি চাই থাকোতেই এজাক বগলী পৰা জানো উৰি আহি এজোপা লঠঙা গছত যেন পাৰি দিলে এখন শুকুলা চাদৰ কি মনোৰম দৃশ্য !
কথা পাতিলো অহা ২৩ বা ২৪ ফেব্ৰুৱাৰীৰ ৰাতিপুৱা মান বজাতে আহিম চৰাই চাম মই শুনি আছিলো বাৰ্ড ৱাটছিঙৰ কথা , কিন্তু সপোনটো ভবা নাছিলো এই অভিজ্ঞতা ইমান মনোমোহা ! 

তাৰ পাছত মই ইফালে সিফালে চাই ঘুৰি ফুৰিছো দিনৰ মান বজাত বাগানৰ পৰা পাত তুলি উলটি আহিছিল এজাক তিৰোতা মনত পৰি ভেলেন্টাইচ ডে ! ফটো তুলিবলৈ আৰম্ভ কৰিলো

অসম দেশৰ ছোৱালী
কিনো ভাবি আছিল তেখেতেহে জানিব











এখনৰ পাছত এখন মনোমোহা ফটো আটাইকে পুজালৈ নিমন্ত্ৰন জনালো অকমান আচহুৱা পালে, অলপ সংকোছ কৰিলে নিজৰ মাজতে কিবা-কিবি কথা পাতিলে তাৰ পাছত আটাই কেইগৰাকী সংগ্ৰহালয়লৈ সোমাই আহিল

পুজা শেষ প্ৰসাদ বিলালো তাৰ পাছত খিছিৰি আৰু লাব্ৰা ভাজিৰে ভোজ আৰম্ভ আটায়ে তৃপ্তিৰে খালে

তিনিমান বজাত আমি ঘৰলৈ বুলি উভটি আহিলো
আহি থাকোতে লো,‘ভেলেন্টাইচ ডে ভালেই

টোকা :
)
Treasured Wheels
লৈ যাবলৈ  দুটা পথ আছে
নং পথখানাপাৰা, যোৰাবাটহৈ সোনাপুৰৰ স্প্ৰীং ভেলী ৰিজৰ্ট, ডেকা চাং ৰিজৰ্ট আৰু ব্ৰহ্মপুত্ৰ জাংগল ৰিজৰ্টৰ অভিমুখে যাব লাগে ব্ৰহ্মপুত্ৰ জাংগল ৰিজৰ্ট পাৰ হৈ আগুৱাই যাব লাগে প্ৰায় ডেৰ কিলমিটাৰমান পকী পথ আছে তাৰ পাছত পাহাৰীয়া ওখোৰা-মোখোৰা বাট যদি তেনে বাটত চলোৱাৰ অভ্যাস নাথাকে তেনেহলে গাড়ী পথৰ একাষত থৈ দুটা কেকুৰী খোজ কাঢ়িলেই Treasured Wheels পাব গৈ শুকান বতৰত যিকোনো সৰু গাড়ীলৈ যাব পৰা যায় মাথো অকনমান সাবধানে গাড়ী চলাব লাগিব বৰষুণৰ বতৰত 4 wheel drive নাথাকিলে শেষৰ পকী পথ শেষ হোৱা অঞ্চলতে গাড়ী ৰাখি খোজ কঢ়াই শ্ৰেয়
নং পথনাৰেংগী সেনা চাউনীৰ মাজেদি যোৰাবাট আমচিং ওলাব পাৰি সেনা চাউনিত কেতিয়াবা প্ৰশ্ন কৰিব পাৰে গন্তব্যস্থান সম্পৰ্কে তেনে ক্ষেত্ৰত যোৰাবাট-আমচিং বা পথালিপানী বুলি লেই যাবলৈ দিব দুচকীয়া বাহন আনিলে হেলমেট থকাটো অনিবাৰ্য্য দুচকীয়া বাহন দুজন যাত্ৰী থাকিলে দুজনেই হেলমেট পিন্ধি থাকিব লাগিব নহলে সেনা চাউনিত প্ৰবেশ কৰিবলৈ নিদিব সেনা চাউনীৰ পৰা ওলায়ে আমচিং যোৰাবাট  ট্ৰেকাৰ আস্থানৰ তিনিআলি পাব তাৰ পৰা সোঁফাল চাৰি কিলমিটাৰ বাট আগুৱাই লে  Treasured Wheels পাব গৈ
)
ইয়াত উল্লেখ কৰা চৰাইবোৰ নাম মই অনুমানতহে লিখিছো যদি কিবা ভুল হৈছে মোক জনালে নথৈ সুখী

5 comments:

  1. সুন্দৰ বৰ্ণনা পিছে প্ৰতিভু দা প্ৰথম ৰাস্তাটোৰ ঠিক কোনখিনিতে হাউ ওৱে ৰে সোমাই যাব লাগিব কওকছোন

    ReplyDelete
    Replies
    1. After coming down from the Jorabat Hills and moving towards Nagaon there are a cluster of Dhabas and Eateries on both side of NH. There is a new one named "ORANGE RESORT" (almost everyting painted in shocking orange color). Just after crossing that on the left hand side of NH there are sign boards for "LAXMIBAI INSTITUTE OF PHYSICAL EDUCATION"/"SPRING VALLEY RESORT"/"THE BRAHMAPUTRA JUNGLE RESORT".
      The is the point where you are to take a left turn, move straight (pass a BIMAL AUTO SERVICE CENTRE on the right hand side of the Bye Lane), reach the entrance of LAXMIBAI INSTITUTE OF PE. Take another left turn. Move Straight crossing Spring valley, Deka Chang and Brahmaputra Resort in order.

      Delete
  2. পূজাত এৰাতি কটাব পাৰিলে ভাল আছিল

    ReplyDelete