Thursday, 28 February 2013

এফালে W/L আৰু আন ফালে सी/फ़ा



ৰেলৰ ডাউন এক্সপ্রেছ বা আপ এক্সপ্রেছ মানে কি নো ? আপ দাউন বোৰ কিয় হৈ থাকে ? --- Vikramjit Kakati

মন পৰি গ’ল জি.ল. আৰু ধুবুৰী পেছেঞ্জাৰ নামৰ ট্ৰেইন দুখনলৈ ৷
বঙাইগাওঁ তাপ বিদ্যুৎ কেন্দ্ৰ, চালাকাটিৰ পৰা গুৱাহাটী আহিব পৰাকৈ মাথো এই দুখনেই ৰেল গাড়ী আছিল সেই সময়ত ৷ ৰাতিপুৱাই উঠো, ৰাতিলৈ আহি গুৱাহাটী পাওঁ ৷
সাধাৰনতে জি.ল. খনত আহো ৷ জি.ল. মানে গৌহাটী-লক্ষ্নৌ ৷ এতিয়া সেইখনৰ নাম হ’ল গৈ অৱধ আসাম এস্কপ্ৰেছ ৷ কিবা কাৰনে জি.ল.খনৰ বহু পলম হ’লে ধুবুৰী পেছেঞ্জাৰখনত আহো ৷ এই ৰেলগাড়ীখনৰ আন এটা নাম আছিল – মামাৰ গাড়ী ৷ শুনা কথা, দেখা নাই ৷ হাত দাঙিলেই হেনো ধুবুৰী পেছেঞ্জাৰ ৰৈ যায় ৷

চালাকাটিৰ পাছতে  বাসুগাওঁ, ডাংতল, নিউ বঙাইগাওঁ, বঙাইগাওঁ…..
আহি থাকে ৰেল গাড়ী ৷
মই সাধাৰনতে ৰেলত উঠিয়ে খিড়িকী কাষৰ আসন এখন জোগাৰ কৰি লওঁ ৷ ৰেলগাড়ীৰ ঝক ঝক ঝুক ঝুক শব্দৰ সৈতে মোৰ মনো উৰা মাৰে ক’ৰবালৈ ৷ তাৰ পাছত বাহিৰলৈ চাই চাই আত্ম বিভোৰ হৈ আহি আহি থাকো ৷ বিভিন্ন ধৰণৰ প্ৰশ্ন মনলৈ আহে ৷ দেউতা বা তেওঁৰ বন্ধুসকলক পাছত সোধো ৷ বেছি ভাগ প্ৰশ্নৰে উত্তৰ বিচাৰি পাওঁ ৷
তেনে কোনো  এক যাত্ৰাত চকুত পৰিল ৰেলৰ আলিৰ কাষত থকা এখন হালধীয়া ফলক ৷ মন কৰিলো অলপ ব্যৱধানৰ অন্তৰে অন্তৰে সেই ফলকখন ৰেলআলিৰ কাষত দি থোৱা আছে ৷ হালধীয়া ফলকখনত কলা আখৰেৰে এফালে লিখা থাকে W/L আৰু আন ফালে লিখা থাকে
सी/फ़ा ৷ এই ফলক খনৰ অৰ্থ কি ?
দেউতাক সুধিলো,‘দেতা এই
W/Lৰ মানে কি ?’
উত্তৰ,‘নাজানো ৷ কাৰোবাক সুধিব লাগিব ৷’
দেউতাই মোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি নাপালে ৷  
মই বিজ্ঞ বুলি জ্ঞান কৰা সকলোকে প্ৰশ্নটো কৰিলো ৷ বেছি ভাগেই মোক ওলোটাই প্ৰশ্ন কৰে,‘ক’তনো এইবোৰ বিচাৰি থাক তই ?’
৮০ দশকৰ আৰম্ভণিত গুৱাহাটীলৈ বাছ চলিবলৈ ধৰিলে ৷ মোৰে ৰেলগাড়ীৰ যাত্ৰা লাহে লাহে কমি আহিল ৷ কিন্তু প্ৰশ্নটো পাহৰি যোৱা নাছিলো ৷ মনত পৰিলেই আৰু লগতে উত্তৰ দিব পৰাকৈ জ্ঞান আছে বুলি ধাৰনা কৰিব পৰা মানুহ পালেই মই প্ৰশ্নটো কৰো ৷

১৯৭৭/৭৮ চনমানৰ পৰা আহি ১৯৯৫ পালো গৈ ৷ উত্তৰ বিচাৰি পোৱা নাই ৷
মোৰ ৰূমমেট দিগন্ত বড়াই ১৯৯৫ মানত ৰেল বিভাগত যোগ দিলে ৷
তাক  প্ৰশ্নটো কৰিলো ৷
‘ধেই একোকে বুজি পোৱা নাই কি কৰিব লাগে ৷ তই আকৌ কি
W/L W/L কৰি আছনো ?’
‘হ’ব তই তোৰ কাম শিকাৰ লগতে এইটো কি সেইটো সুধি আহিবি ৷’
পাছে দিগন্ত বেছি দিন ৰেলবিভাগত নাথাকিল ৷ সি অন্য চাকৰিত যোগ দিলে গৈ আৰু ময়ো W/Lৰ সাথৰৰ উত্তৰ
নোপোৱাকৈয়ে থাকিলো ৷

১৯৯৯ চন প্ৰাজ্ঞল গগৈৰ বৰযাত্ৰী হৈ বাছেৰে শিৱসাগৰলৈ গৈ আছো ৷ জাগীৰোডৰ ৰেল ফাটেকৰ ওচৰত আকৌ দেখা পালো W/L ৷
আৰে মোৰ কাষত বহি থকা দৰা দেখোন দৰাটো দেখোন ৰেল বিভাগৰ অভিযন্তা ৷
‘অই গগু , এই W/L মানে কি নো ?’
‘কি W/L ? সেই হালধীয়া হালধীয়াখনৰ কথা কৈছা নেকি ?’
‘অ অ সেই হালধীয়া W/Lৰ কথা কৈছো !’
‘সেইটো হৈছে Whistling Limit ৷ হিন্দিত কয়
सीटी फ़ासला ৷ সেইটো পাৰ হোৱাৰ পাছত ৰেলৰ চালকে হৰ্ণ বজাব লাগে ………’

কিয় বজাব লাগে, কি কথা
 বুজাই আছে মোক ৰেলৰ ইজ্ঞিনিয়াৰ চাহাবে ৷
মই কিন্তু আকৌ আত্ম বিভোৰ হ’লো বাহিৰলৈ চাই চাই ……………..


Monday, 25 February 2013

ভুমিকম্প আৰু খৰি

৬ আগষ্ট, ১৯৮৮
সীতানাথ ব্ৰহ্মচৌধুৰী ছাত্ৰাবাস ৷

শুই আছো আৰামত ৷ হঠাতে বাহিৰত সাংঘাতিক হুলস্থুল এটা হ’ল ৷ কাণ থিয় কৰি শুনিবলৈ যত্ন কৰিলো, কি হৈছে ৷
কাষৰ বিচনাখনৰ পৰা মৃদু বাহিৰলৈ দৌৰ মাৰিলে,‘ভুমিকম্প, ভুমিকম্প !’
ময়ো একে জাপে বিচনাৰ পৰা নামি দৌৰ মাৰিলো ৷
ৰুমৰ বাহিৰ ওলায়ে গম পালো, কি সাংঘাটিক ভুমিকম্প ৷

থাৰ্ড ব্লকৰ বাৰান্ডাখনে ভুপৃষ্ঠৰ লগত ৯০ ডিগ্ৰী কোণ এটা কৰি আছে দেখোন
তাৰমানে
আমাৰ হোষ্টেল লুটি খাই গ’ল !!!!ময়ো এৰি দিয়া ভকত নহয় ৷ আঠু কাঢ়ি লৈ চুচৰি চুচৰি আগ বাঢ়িলো ৷ মোৰ অৱস্থা দেখি মৃদু কোনোবা ফালৰ পৰা দৌৰ মাৰি আহি ক’লে, ‘‘ব’ল ব’ল কি চুচৰি ফুৰিছ ?’’
টান মাৰি উঠাই দিলে ৷
তেতিয়াহে বুজি পালো বাৰান্ডাখন ঠিকেই আছে, মানে ভুপৃষ্ঠৰ সমান্তৰাল হৈয়ে আছে ৷
মইহে হামখুৰি খাই পৰি বাৰান্ডাখন লুটি খাই গ’ল বুলি ভাবিছিলো ৷

উঠি দৌৰ মাৰিলো ৷
মোৰ মুৰত খেলালে ভুমিকম্প বুলি দিকবাদিগ হেৰুৱাই কাষতে থকা ছোৱালী হোষ্টেলত সোমাই দিওঁ গৈ নেকি ?
সেই ফালে দৌৰ মাৰিছোহে এনেতে দেখিছো লন্ডন ব্ৰীজ আৰু কমনৰুমৰ মাজত থকা খৰিৰ দ’মতোৰ ওপৰত সকলো বহি আছে আৰু মোলৈ চাই চিঞৰিছে,‘ঐ ঐ ক’ত যাৱ ??? খৰিৰ ওপৰলৈ আহ ৷’

একে জাপে খৰিৰ দ’মৰ ওপৰ পালো গৈ ৷

বহি লৈ সুধিলো,‘ সকলো ইয়াত যে ?’

তাতেই ভুমিকম্পৰ সময়ত ল’ব লগীয়া সুৰক্ষা সম্বন্ধীয় প্ৰথম শিক্ষা লাভ কৰিলো ৷

‘ভুমিকম্প আহিলে মাটিৰ ওপৰত থাকিব নালাগে ৷ কাৰন মাটি ফাট মেলি বহু মানুহ হেনো তললৈ সোমাই যায় ৷ খৰিৰ ওপৰত থাকিলে ফাটবোৰত খৰিবোৰ লাগি ধৰিব আৰু তেতিয়া আমি বাচি যাম ৷’

এই জ্ঞান লাভ কৰি মই খৰিৰ ওপৰতে জ্ঞান দিওতাজনৰ ভৰিত ধৰি সেৱা এটা জনালো ৷

C.G.ত ফিষ্ট

আজি কটনৰ দিন কাহিনী মনত পৰিছে ৷
১৯৮৭ চন, আগষ্ট মাহ মানৰ কথা হ’ব লাগে ৷
আমি হোষ্টেল সোমাবৰ ১০/১৫ দিনমান হৈছে ৷

ৰেগিং চলি থকা দিনৰ কথা ৷
সঁচা কথা ক’বলৈ গ’লে একো ৰেগিং হোৱা নাছিল, কিন্তু তেতিয়া আমি ১৬ বছৰীয়া ল’ৰা, প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছো ৷ গতিকে কোনোবাই চকু পকাই কিবা এটা সুধিলেই ৰেগিং কৰা যেন লাগে, অলপ ভয় লাগে ৷

ৰেগিং চলি থাকোতে বুজিলো চি.জি. (Cotton Girls)ৰ ফালে যোৱাটো দুৰৰ কথা, চোৱাও নিষেধ ৷ আগতে আমাৰ লগৰবোৰ যিকেইজনী আমাৰ বৌ হ’ব গৈ সেইকেইজনীৰ চিলেকছন হ’ব তাৰ পাছতহে আমি চি.জি. ফালে যাব পাৰিম ৷
কথাটো মনত ৰাখিলো ৷

এদিনৰ কথা ৷
ক্লাছ কৰি আছো ৷ লগৰে কোনোবাই খবৰ দিলে সেইদিনা হেনো চি.জি. ত ফ্ৰেছাৰছ,‘যাবি নেকি ?’
‘যাবি নেকি মানে ? মাতিলে যাম আকৌ !’
‘মাতিছে মাতিছে ! নগ’লে বেয়া পাম বুলি কৈছে ৷’
‘সঁচা ???’
‘কি সঁচা ?? যাব নোৱাৰিম বুলি কওঁতে তাইৰ চকুপানী ওলাই যাওঁ যাওঁ হৈছিল ৷’
‘যাম তেনেহ’লে !’
‘কিন্তু চি.জি. যোৱা মানা যে ?’
‘ধেই ভিৰৰ মাজত সোমাই থাকিম কোনে গম পাব ?’

সন্ধিয়া গৈ পালো গৈ চি.জি. ৷ আমাৰ হোষ্টেলৰ পৰা মই আৰু দুটা, থাৰ্ড মেছৰ পৰা আৰু কেইটামান ৷
আমাক দেখি আমাৰ লগৰ ‘খুড়ী’ আৰু আন দুজনীমান আগবাঢ়ি আহিল ৷
আথেবাথে বহুৱালে গৈ ৷

গপছত বহি আছো ৷ এপাক দেখো সন্মুখৰ শাৰীত বহি দুজনে ঘোপাকৈ চাই আছে আমাৰ ফালে - হোষ্টেলৰ মনিটৰ দুজন ৷
চকুৰ চাৱনি মই অলপ পঢ়িব জানো ৷ সেই জ্ঞানেৰে মই যি বুজিলো তাৰ মানে হৈছে,‘তহঁত কেইটা ইয়াত কেনেকৈ ওলালি ? ব’ল আজি হোষ্টেলত মজা দেখুৱাম ৷’

বুকুখন ঢপঢপাই গ’ল ৷ পাছে চাৰিওফালে চাই দিলে মনিটৰৰ চকুৰ চাৱনি পাহৰি যাওঁ ৷ ইমান বোৰ ধুনীয়া ছোৱালী একেগলে আগতে কেতিয়াও দেখা নাই ৷ ধুনীয়া ধুনীয়া মেখেলা চাদৰ পিন্ধি পিন্ধি থিয় হৈ আছে ৷
বুকুৰ ঢপঢপনি কিন্তু নকমিল, ওলোটাই চৰিলহে ৷

এটা সময়ত ফ্ৰেছাৰছ শেষ হ’ল ৷
মিঠা দৈ আৰু মিঠাই খোৱাৰ লগে লগে অভ্যৰ্থনাৰো অন্ত পৰিল ৷
দুজনীমানে আমাক গেটৰ ওচৰলৈকে আগবঢ়াই বিদায় জনালে ৷

আৰম্ভ হ’ল ইংৰাজীৰ সেই বাক্যটো Long Walk Back To The Pavillion ৷

মনে মনে গৈ হোষ্টেল সোমাইছোহে মাত শুনিলো,‘অই অই এইফালে আহ, এইফালে আহ ৷ ক’ৰ পৰা আহিছ এই ৰাতিখন ৷ ব’ল ৰুমত সোমা আগতে ৷’

পাছদিনা দুপৰিয়ালৈ গাল পিঠি ফৰফৰাই থাকিলে ৷
কিন্তু চি.জি. ফিষ্ট খাইহে এৰিলো !!

অগ্নিভৰ কাহিনী

পাতনি
এই কাহিনী অগ্নিভৰ ৷
তাক কৈ থাকিলেও সি দেখোন ব্লগ এটা আৰম্ভ নকৰে দেখোন ? ফেছবুকৰ দেৱালত হেৰাই যোৱা যেন দেখি মোৰ ব্লগলৈকে লৈ আনিলো ৷
অগ্নিভৰ কাহিনী অগ্নিভৰ মুখেৰে :

প্ৰথম খন্ড
আমি তেতিয়া ইঞ্জিনীয়াৰিঙৰ 2nd Semesterত ৷
Physics Labৰ পৰীক্ষা দিবলৈ ওলাইছো ৷
মই আৰু মোৰ লগৰ এটা একেলগে হোষ্টেলৰ পৰা গৈ লেবত সোমালোগৈ ৷ ফিজিক্সৰ চাৰ বহি আছে ৷
ৰোল নং বোৰ মাতি মাতি টেমা এটাৰ পৰা কাগজৰ টুকুৰা টানিবলৈ দি আছে ৷ কাগজৰ টুকুৰাবোৰত এক্সপেৰিমেন্টবোৰৰ নাম লিখা আছে ৷ এটুকুৰা কাগজত দুটা এক্সপেৰিমেন্টৰ নাম থাকে ৷ দুয়োটায়ে কৰিব লাগে ৷ এজন ছাত্ৰক দুবাৰ কাগজ টানিবলৈ সুবিধা দিয়া হয় ৷
কিছু সময়ৰ মোৰ পাল পৰিল পাছত ৷ প্ৰথমবাৰ টানত যি দুটা এক্সপেৰিমেন্ট পৰিল সেই দুটা নোৱাৰিম বুলি কোৱাত দ্বিতীয়বাৰ টানিবলৈ দিলে ৷ এইবাৰ যি দুটা এক্সপেৰিমেন্টৰ নাম ওলাল পাৰিম যেন লাগিল ( কিনো পাৰিম যেন লাগিল ? লগত বস্তু আছিল কাৰনে পাৰিম বুলি ভাবিলো আৰু !!) ৷ মনতে ভাবিলো,‘‘এইবাৰলৈ বাচিলো ৷’’
লগৰটোলৈ ৰৈ আছো ৷
তাৰ ৰোল নং মোৰ পাছতেই আছিল ৷ বৰদলৈ চাৰে তাক কাগজ টানিবলৈ দিলে ৷ সি টানিলে ৷ তাৰ লগত থকা ‘বস্তুৰ’ লগত কাগজত থকা এক্সপেৰিমেন্ট মিলা নাই ৷ গতিকে সি নোৱাৰো বুলি ক’লে ৷ সি দ্বিতীয়বাৰ টানিলে ৷ এইবাৰো সি কৰিব পৰা এটাও এক্সপেৰিমেন্ট নাপালে ৷ সি চাৰক ক’লে,‘‘নোৱাৰো চাৰ ৷’’
চাৰে তাক ক’লে,‘‘ next time আহিবা দিয়া ৷’’
তাৰ মানে তাৰ বেক লাগিল !!

সি অলপ দেৰি ৰৈ দিলে ৷ বাকীবোৰৰ হোৱাৰ পাছত সি আকৌ লাহেকৈ চাৰ ওচৰলৈ গৈ অনুৰোধ এটা কাতৰ কৰি চালে ৷ এই অনুৰোধে বৰ কাম নিদিয়াত সি ‘বৈদ্য চেন্টি’ দিয়াত লাগিল ৷
…. বেক লাগিলে ঘৰত কাৰ কি হ’ব ইত্যাদি ইত্যাদি…
চাৰৰ মনটো অৱশেষত কুমলিলগৈ ৷ লগৰটোক আকৌ এটুকুৰা কাগজ টানিবলৈ দিলে ৷
‘‘…. হে ভগৱান !! এইবাৰো কমন নপৰিল দেখোন ???’’ ….
চাৰ তাক সুধিলে,‘‘তুমিয়ে কোৱাচোন কোন কেইটা পাৰিবা ৷’’
লগৰটোৱে তপৰাই মাত দিলে,‘‘চাৰ মোক Potentiometerটো দিয়ক …’’
(Potentiometerৰ এক্সপেৰিমেন্টৰ ‘বস্তু’ তাৰ জেপত সোমাই আছে )
চাৰে বৰ দুখেৰে ক’লে,‘‘সেইটো নোৱাৰিবা নহয় কৰিব ৷ পটেঞ্চিয়মিটাৰটো বেয়া হৈ আছে ৷’’
লগৰটোৱে এক ছেকেন্ডো পলম নকৰি ক’লে,‘‘চাৰ দিয়ক দিয়ক সেইটোকে দিয়ক ! মই পটেঞ্চিয়মিটাৰটো ঠিক কৰি ল’ম ৷’’
এই কথাটো শুনাৰ পাছত ছাগৈ চাৰৰ হাৰ্টফেইল হ’বলৈ বাকী থাকিল ৷ চাৰে তৎক্ষনাতে ক’লে,‘‘যোৱা যোৱা যি মন যায় তাকে কৰা গৈ কোনোবা এটাৰ লগত ৷’’
চাৰ যেন কোনোবা সাংঘাটিক দুৰ্ঘটনা এটাৰ পৰা হে ৰক্ষা পৰিল !!

দ্বিতীয় খন্ড
চেহ্!! ছেমিষ্টাৰ পৰীক্ষালৈ আৰু পাঁচদিনহে আছে গৈ ৷ কি কৰা যায় চিন্তা কৰি বিচনাতে বাগৰি আছো ৷
নিজৰ মনটোক নিজেই বুজাই আছো,‘‘ এইবাৰ যি হ’ল হ’ল ৷ নেক্সট টাইমৰ পৰা এক দম পাক্কা !!!! প্ৰথম দিনাৰে পৰাই পঢ়া শুনা আৰম্ভ কৰিব লাগিব কিন্তু ৷’’ (এই কথাটো মেট্ৰিক দিবলৈ ওলোৱাৰে পৰা ভাবি আছো !)

‘‘অই দানব, পানবজাৰ যাবি নে ? আৰু অভিজিৎ আৰু সুজয়ৰ নোটছখিনি ওফেঞ্চিবজাৰলৈ গৈ জেৰক্স কৰাব লাগিব ৷ (আচল কথা হ’ল দুটাকৈ টপাৰ থাকোতে আকৌ নিজে নোটছ বনাই পঢ়িব পাৰি জানো ?) ৷
এইবুলি দানবকৈ কথাখিনি কৈ উঠিছোহে, এনেতে মন কৰিলো সিফালৰ পৰা বৰ আমন-জিমনকৈ ৰবি আহি আছে ৷

‘‘আব্বে কি হ’ল তোৰ ??? হ’ল নে নাই ???’’ এইবুলি সুধিছিলোহে মাথো, সিফালৰ পৰা জেকজেকাই উঠিল সি,‘‘চাল্লা, নিদিওঁ যা পৰীক্ষা ! ইমান খাতিৰ কোনে কৰি থাকিব ?’’
তাৰ মুখৰ ভাব-ভংগীতে বুজিলো কথা বিষম ৷
সেই সময়তে আকৌ আমাৰে লগত ছে, শেখৰহঁতো আহি ওলাল ৷ সকলোৰে এক্সপাৰ্ট এডভাইজৰ পাছত আমি সকলোৱে এটা সিদ্ধান্তত উপনিত হ’লো ৷ তাক ক’লো,‘‘চা, বাকী সকলোৱে তোক ক্লীয়েৰেঞ্চ দিছে ৷ তই গৈ প্ৰিঞ্চিপাল চাৰক পোনে পোনে ৰিকুৱেষ্ট এটা কৰি চাচোন ৷ কিবা কৈ কেপ্টেইন চাৰক বাইপাছ কৰি ক্লীয়েৰেঞ্চ দিব পাৰে নেকি সুধিছা এবাৰ ৷’’
‘‘এই কেপ্টেইন চাৰ আচলতে কেপ্টেইন নহয় বে !! মেজৰ, জেনেৰেল এইবোৰহে কিবা হ’ব লাগিছিল ৷ শুনা মতে কেপ্টেইন চাৰৰ আগত বাঘা বাঘা মানুহো পেপুৱা লাগি মৰে হেনো ৷’’ তপককৈ শেখৰে মাত লগালে ৷

‘‘আব্বে ব’ল পানবজাৰৰ পৰা আহো গৈ ৷’’ এটাই মাত লগালে ৷
মনটো আকৌ ভাল লাগি গ’ল ৷
‘পৰীক্ষালৈ পাঁচদিন’ চিন্তাটো দেখোন নাইকিয়া হৈ গ’ল !!!
পানবজাৰ !! কি যে এটা যাদুকৰী শব্দ !!!!

পাছ দিনা শুই উঠি চাহ খাই হোষ্টেলৰ সন্মুখৰ চিৰিটোত বহি আছো ৷
ৰবিক খৰধৰকৈ আহি থকা দেখিলো ৷
সি ওচৰ পায়ে মেলি দিলে মেডিকেল কলেজ আৰু গুৱাহাটীত থকা সমস্ত নাৰ্ছিং হোমবোৰৰ পৰা গোটাই অনা এসোপা চাৰ্টিফিকেট ৷
‘‘আজি প্ৰঞ্চিক বৈদ্য চেন্টি দিব লাগিব ......’’
এইদৰে অলপ আড্ডা মাৰি সি কলেজৰ ফালে খোজ ল’লে, তাৰে শেষ ক্লীয়েৰেঞ্চটো গোটাবৰ কাৰনে ৷

ৰবিয়ে প্ৰিঞ্চিপাল চাৰৰ কোঠাত সোমাই আৰম্ভ কৰিলে তাৰ আবেগিক কাহিনী ৷ সি চাৰক বুজাবলৈ যত্ন কৰিলে কিয় তাৰ এটেন্ডেঞ্চ ১৭%তে ৰৈ গ’ল (হ’ব লাগিছিল ৭০%) ৷ ঘৰত সি কিমান যে কাম কৰিব লাগে ! আকৌ মাজে মাজে তাৰ বেলেগ বেলেগ বেমাৰবোৰো হৈ থাকে ৷ প্ৰমান হিচাবে মেডিকেল চাৰ্টিফিকেটবোৰ দেখুৱালে ৷

সি কথাবোৰ কৈ থাকোতে তাৰ শৰীৰত সেই দিনা ট্ৰেজেডী কিং উত্তম কুমাৰ, ট্ৰেজেডী মীনা কুমাৰী সকলোৰে আত্মা আহি সোমাইছিল নেকি নাজানো ৷
তাৰ কথা শুনি প্ৰিঞ্চিপাল চাৰো হিলি গ’ল !!
‘‘ এটা কাম কৰা ৷ এতিয়া মইটো একো কৰিব নোৱাৰিম ৷ তুমি গৈ Universityত Registrarক লগ কৰা আৰু কথাখিনি বুজাই দিয়া ৷ কিবা কৰিলে তেখেতেই কৰিব পাৰিব ৷’’

ৰবি এখেন্তেকো বিলম্ব নকৰি Registrarৰ কোঠাৰ আগত উপস্থিত হ’ল গৈ ৷ লাহেকৈ দুৱাৰত থকা পৰ্দাখনৰ ফাকেৰে মুৰটো সুমুৱাই ৰবিয়ে মাত দিলে,‘‘May I come in Sir…’’
Registrarৰে ব্যস্ততাৰ মাজৰে পৰা মুৰটো দাঙি তাক দেখি অতিষ্ঠ হোৱাৰ দৰে ক’লে,‘‘হৌৰা তোমাৰ লাজ নাই নেকি ?’’ (ৰবিয়ে ইতিমধ্যে তেখেতক কেইবাৰো লগ ধৰি থৈছে ৷)
ৰবিয়ে যিমান লাহেকৈ পাৰি সিমান লাহেকৈ উত্তৰ দিলে,‘‘চাৰ মোৰ লাজ নাই দিয়ক ৷’’
ৰবিৰ উত্তৰ শুনি Registrarৰো অলপ অপ্ৰস্তুত হৈ গ’ল ৷
তেখেতে ৰবিক ভিতৰলৈ মাতিলে ৷
ৰবিয়ে মনতে ভাবিলে,‘‘কিবা এটা হ’ব যেন লাগিছে দেখোন !!’’
তাৰ দুখ ভৰা কথাখিনি আকৌ এবাৰ শুনাৰ পাছত Registrarৰে ক’লে,‘‘তুমি যদি প্ৰিঞ্চিপালৰ পৰা লিখাই আনিব পাৰা তেনেহ’লে সোমবাৰৰ পৰীক্ষ দিব পৰা কৰি দিম দিয়া মই ৷’’

কিবা এটা হৈছে গৈ !
Registrarৰ পৰা দৰখাস্তখনৰ ওপৰত DO THE NEEDFUL বুলি লিখাই ৰবি আকৌ প্ৰিঞ্চিপাল চাৰৰ দুৱাৰৰ মুখত উপস্থিত হ’ল গৈ ৷
প্ৰিঞ্চিপাল চাৰৰ কথা শুনি ৰবিয়ে মুৰে কপালে হাত দিলে ৷
সি হেনো কেপ্টেইন চাৰৰ পৰা লিখাই আনিব লাগিব !!!!!!!!!
‘‘নহ’লে মই একো কৰিব নোৱাৰিম ৷’’ প্ৰিঞ্চিপাল চাৰে তাক ক’লে ৷

তাৰমানে বল গৈ আকৌ কেপ্টেইন চাৰৰ ওচৰ পালে গৈ !!!

ধেই !!!
গালো বালো খোলাকটিৰ তাল হ’ল ৷
তথাপিও এটা শেষ আশালৈ ৰবিয়ে কেপ্টেইন চাৰৰ ঘৰলৈ বুলি খোজ দিলে ৷

চাৰৰ ঘৰ পাই গম পালে কথা বেলেগ দেখোন !
কিবা এটা অপাৰেচনৰ কাৰেনে চাৰ গৈ Down Town আছে গৈ ৷
ৰবিয়ে মনতে হিচাব এটা কৰিলে,‘‘আজি বৃহস্পতি বাৰ ......আৰু পৰীক্ষা সোমবাৰৰ পৰা ....আৰু চাৰ আছে গৈ Down Town ভৰ্তি হৈ অপাৰেচনৰ কাৰনে ............. নাই !!!!!!!!!!!’’

এইবাৰ ৰবি গৈ পালে গৈ Down Town ৷
অলপ বিচাৰ-খোচাৰ কৰি পালে গৈ কেপ্টেইন চাৰৰ কেবিন ৷
‘‘অহ্ !! সৰ্বনাশ দেখোন ???’’
নাৰ্ছ দুগৰাকীমানে কেপ্টেইন চাৰক Stretcher এখনত উঠাই কৰবালৈ নিবলৈ সাজু হৈছে ৷

তাক দেখি চাৰে আচৰিত হৈ সুধিলে,‘‘তুমি আকৌ ইয়াত কি কৰি আছা ?’’
চাৰে আৰু কিবা কোৱাৰ আগতেই সি ক’লে,‘‘চাৰ বাকী চব হৈ গ’ল ৷ মাত্ৰ আপোনাৰ চহীটোহে বাকী ৷ সেইটো দি দিলে মোৰ ছেমিষ্টাৰটো lose নোহোৱাকৈ .........’’
চাৰে তাৰ কথা শুনি অসহ্য হৈ ক’লে,‘‘দেখা নাই নেকি হে মই O.T. লৈ যাবলৈ ওলাইছো ?? তাৰ পৰা ওলাই আহি কিবা এটা চাই দিম দিয়া ৷’’

ৰবিৰ মুখৰ পৰা ওলাওঁ-নোলাওঁ কৈ ওলাই গ’ল,‘‘চাৰ আপুনি যদি তাৰ পৰা ওলাই নাহে ????????????’’

‘‘কি ???? দিয়া দিয়া কাগজখন দিয়া ৷’’ বুলি ৰবিৰ হাতৰ পৰা কাগজখন আৰু নাৰ্ছ এগৰাকীৰ পৰা পেন এটা থাপ মাৰি লৈ চাৰি দি দিলে ৰবিৰ শেষ ক্লীয়েৰেঞ্চ ৷

(বিধিসন্মত সতৰ্কবাণী :
এনে ধৰনৰ দুসাহসিক কাৰ্য্য অত্যন্ত বিপদজনক ৷ স্কুল, কলেজ, অফিছ, কাছাৰী আদিত এনে ধৰনৰ কাৰ্য্য কৰিবলৈ চেষ্টা নকৰাই শ্ৰেয় ৷

এইয়া এক প্ৰকাৰৰ সাধুকথা বুলি ভাবি ল’লে আমি নথৈ আনন্দিত হ’ম ৷
ধন্যবাদেৰে

অগ্নিভ দত্ত
প্ৰিটোৰীয়া, দক্ষিণ আফ্ৰিকা, ০১/০২/২০১৩)

Sunday, 24 February 2013

DEATH ANGEL

আজি কিছুদিন আগৰ কথা ৷
মই জোনালী পথৰ পৰা গনেশগুৰি হৈ ভেটাপাৰালৈ আহি আছো ৷
মোৰ গাড়ীৰ সন্মুখত এখন স্কুটাৰ ৷
নম্বৰটো মনত নাই, কিন্তু আজিকালিযে AS01, AS02 জাতীয় নম্বৰবোৰ আছে তাৰ আগৰ নম্বৰ ৷
যিজনে চলাই আছে তেখেতক মই ভালকৈ দেখা নাই ৷ কিন্তু অনুমান কৰিছো লগ পালে খূড়া বুলি সম্বোধন নকৰিলেও দাদা বুলি কৰিলো হয় !

মই চকুত স্কুটাৰখন পৰিল নম্বৰ প্লেটখনত লিখি থোৱা দুটা শব্দ -- DEATH ANGEL ৷
অৰ্থাৎ  মৃত্যুদূত হ’ব ছাগৈ মনতে ভাবিলো ৷



লগতে ভাবিলো,‘দাদাই বাৰু কিয় লিখিল লৈছে তেনেকৈ ? বোধহয় তেখেতে ডেকাকালতে লিখি লৈছিল ৷ এতিয়াও আছে আৰু সেই শব্দ দুটা ৷ এনেকুৱাও হ’ব পাৰে সেইখন দাদাৰ স্কুটাৰ নহয়ে ৷ আন কোনোবা ডেকা ল’ৰাৰ হয় ৷ আজি দাদাৰ দৰকাৰ হ’ল বাবে লৈ আহিছে !’

এনেদৰে ভাবি ভাবি চিৰিয়াখানৰ পৰা আহি সুন্দৰপুৰ পালো গৈ ৷ ৰাধাগোবিন্দ বৰুৱা পথটো যথেষ্ট ভিৰ আছিল আৰু ইমান পৰে দাদাৰ স্কুটাৰখন মোৰ আগে আগে আহি আছিল ৷

তাৰ পাছত বাট মুকলি হ’ল ৷
তেতিয়াহে গম পালো দাদা কোননো ??
তেওঁ হয় বিশ্ব বিজয়ী মটৰছাইকেল চালক ভেলেন্টিনো ৰ’ছি নাইবা মাইকেল ডুহানেই হ’ব লাগিব ৷
যি গতিত, যি ভংগীমাত দাদাই সেই স্কুটাৰখন চলাবলৈ ধৰিলে মই অকনমান সময় তবধ মানি চাই ৰ’লো ৷

পলকতে DEATH ANGEL চকুৰ আঁৰ হ’ল ৷
মই যানযট আদি পাৰ কৰি ২ কিলমিটাৰমান বাট প্ৰায় ২০ মিনিট সময়ত অতিক্ৰম কৰি ৰাজধানী মছজিদ পালো গৈ ৷

ৰাজেন্দ্ৰ প্ৰসাদ পথৰ মাজত যথেষ্ট ভিৰ জমা হৈছে ৷
মই মোৰ গাড়ীখন ৰখাই চাবলৈ যত্ন কৰিলো কি হৈছে
নো

DEATH ANGEL একাষে পৰি আছে আৰু দুজনমানে দাদাক কোলাত তুলিবলৈ যত্ন কৰিছে ..............

Tuesday, 19 February 2013

ৰেগিং - ১ নং খন্ড



সেই বছৰ সীতানাথ ব্ৰহ্মছৌধুৰী ছাত্ৰাবাসত সোমাৱা ছাত্ৰাবাসত সোমাৱা ছাত্ৰ সকলৰ ভিতৰত ময়ে প্ৰথম হাজিৰ হলো গৈ ৷
আবেলি চাৰিমান বজাত তিনি লম্বৰ ব্লকত থকা লন্ডন ব্ৰীজত ৰাইজ গোট খাইছে ৷
মোক প্ৰশ্ন কৰিলে,‘‘চিগাৰেট খাৱ নে নাই ?’’
মই হাঁহি মাৰি কলো,‘‘দে এটা, খাব মন গৈছে ৷’’
‘‘ঐ ঐ কি কৈছে শুন এইটোৱে ! চিগাৰেট খাব, তাকো আমাৰ আগত !!!’’
আৰু দুটামান প্ৰশ্ন কৰিলে ৷
কথা বিষম দেখি সীমান্ত দাই মোক টান মাৰি লৈ গল ৷
‘‘তুমি কি তই তই কৈ কথা কৈ আছা ?? আপুনি বুলি কিয় কোৱা নাই ??’’
মই আচৰিত !!
‘‘বন্ধুক আকৌ আপুনি বুলি কিয় কব লাগে ?’’
‘‘ধেই তোমাতকৈ ডাঙৰ নহয় নেকি ? চিনিয়ৰ তোমাতকৈ ৷ গতিকে তুমি বুলি কবা ৷ আৰু চিনিয়ৰৰ আগত চিগাৰেট নাখাবা ৷ সন্মান কৰিবা ৷’’
সেই ৰাতি সিমান্ত দা, বনজিত দা, সৌমেন দা আৰু কোন কোন আছিল জানো কেইজনমানে মোক ভালকৈ বুজালে হোষ্টেলৰ নিয়মবোৰ ৷ মোক লগত লৈ ঘুৰি ফুৰে ৷ যিমান পাৰে বচাই ৰাখে ৰেগিঙৰ পৰা ৷

এনেও ওলোটা কামত মোৰ মস্তিস্কই বৰ খৰকৈ কাম কৰে ৷
গতিকে মই বুজি গলো ৰেগিং মানে কি , কেনেকৈ ৰেগিং কৰা হয়, কেনেকৈ ৰেগিঙৰ পৰা কেনেকৈ বাচিব লাগে ইত্যাদি কথা ৷
এনেকুৱা হল গৈ যে কোনোবাই সুধিলে মই ওলোটাই প্ৰশ্ন কৰিব পৰা হলো,‘‘কোনে কৈছে হোষ্টেলত ৰেগিং হয় বুলি ?’’

এবছৰ পাছত নতুন লৰা আহিল ৷
আমি ছিনিয়ৰ হলো, ৰেগিং কৰিব পৰা হলো ৷
পাছে মোৰ মতে মই কাকো ৰেগিং কৰা নাছিলো ৷

কিন্তু মই কি ভাবো সেই মতে কেতিয়ানো কিবা কাম হয় ?
ফ্ৰেছাৰছ হৈ যোৱাৰ দুমাহ মান পাছত এদিন ১১ জনৰ নামত ৱাৰেন্ট আহিল - ৰেগিঙৰ কাৰনে হেনো লৰা এজনে হোষ্টেল এৰি গল ৷
হে প্ৰভু !!!!!

পাছে ১১জনৰে ১০ জনে বৰ চিন্তা কৰিব লগা নহল ৷
কাৰন ১১ নম্বৰ জন আছিল হোষ্টল চুপাৰ :D

চাৰক কলো,‘‘চাৰ কেছটো কেনেকৈ কি কৰে কৰক ৷ আমাৰ কথা বাদ দিয়ক আপুনিয়ো বেয়া কৈ ফছিল দেখোন !’’
......................................
এনেয়ে কওঁ
১) সাজি সাজি লিখিছো ৷
২) সময় পালে পাছৰ খন্ডটো লিখিম ৷

DGPৰ ভয়ৰ সৈতে Grill সলনি Girl



এবাৰ মোৰ বন্ধু এজনে অসমৰ এজন প্ৰাক্তন DGPৰ সৈতে চেটিং কৰি থাকোতে লিখিলে
‘(নামটো) Sur’
হে প্ৰভু কি হৈ হ’ল!!!!!!!!!!!!!!
ভুল চকুত পৰাৰ লগে লগে বন্ধুৰ বুকু ধিপলিং ধাপলাং কৰিবলৈ ধৰিলে ৷
Sorry Sorry কৈ ৰক্ষা পোৱা নাই ৷
এনে অৱস্থা পাৰিলে ইন্টাৰনেটে দি গৈ ভৰিতে পৰি দিব
‘চাৰ বেয়া নাপাব বেয়া নাপাব, মোৰ ভুল হৈ গ’ল ৷’

DGP চাৰে কৈছে ,‘কি কোৱা হে ?? তোমাৰ কথা শুনি ময়ে ঘামি গ’লো ৷ DGPক চোৰ বুলি কৈ দিলা ৷ মই ক’ত, কেতিয়া কি চুৰ কৰিলো ভাবি ৰক্ষা পোৱা নাই ৷ এতিয়াহে বুকুৰ ধপধপনি কমিছে ৷’

বন্ধুৱে কথাটো কোৱাৰ পাছত মোৰ মনত পৰিল বেলেগ এটা কথা ৷
মই তেতিয়া ঠিকা কৰো ৷
এবাৰ মুখ্য প্ৰবন্ধক, ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰনলৈ এখন চিঠি দিছিলো ,
Dear Sir,
..
….
So in view of the above I request you a provide a girl.
..
Thanking you
Pratibhu Dutta

ৰাথোৰ চাহাবে মোক সুধিলে,‘‘আপ লেড়কী লে কে ক্যা কৰ’গে ?’’
তেতিয়াহে দেখিলো grill খন girl হৈ থাকিল ৷

নৈশবাছৰ খিৰিকী কাষৰ চিট



উনাশী-আশী চন মানত মই প্ৰথমবাৰৰ বাবে নৈশবাছ দেখিছিলো নেকি জানো !

বন্ধত চালাকাটিৰ পৰা গুৱাহাটীলৈ আহো মথুৰা নগৰত, ঠিকডাউন টাউন কাষতে খুড়াদেউৰ ঘৰত এদিনমানৰ বাবে বাহৰ পাতো তাৰ পৰা সাধাৰনতে ৰত্নগিৰি নামৰ নৈশ বাছ এখনত গোলাঘাটলৈ যাওঁ

এতিয়া যে অসম সচিবালয়ৰ মুখ্যদ্বাৰ আছে তাৰ ওচৰতে ৰাতি গুৱাহাটী-শ্বিলং পথত থিয় হৈ ৰৈ থাকো ৰত্নগিৰিৰ বাবে ব্লু হিল’, ‘গ্ৰীণ ভেলী’, ‘আসাম ভেলী’, ‘কেপিটেল’, ‘ত্ৰিশূলকিমান বাছ আহে ! বাছ এখন অহা দেখিলেই ডিঙি মেলি মেলি চাওঁ কেনেবাকৈ ৰত্নগিৰি আহিছে নেকি !
বাছবোৰ আহি অকনমান সময়ৰ কাৰণে ৰখে

কেইখনমান বাছত আকৌ ভিডিও থাকে সেইবোৰভিডিও কোছ্বুলি কয় হেনো কেতিয়াবা ৰৈ থাকোতেই অকনামন সময়তা থেইয়া তা থেইয়া কৰি নাচি থকা জিতেন্দ্ৰ বা জয়া প্ৰদাক দেখা পাওঁ গোলাঘাটলৈ যোৱা এখনো বাছত ভিডিও নাথাকে ডিব্ৰুগড়লৈ যোৱা বাছত ভিডিও থাকে দেউতাক কওঁ,‘‘অহা বাৰ বন্ধত আহোতে প্ৰথমে মামাৰ ঘৰলৈকে যাম দিয়া নহলে ’’ আচল কথাটো মামাৰ ঘৰ মানে ডিব্ৰুগড়লৈ যাওঁতেই চিনেমা এখন চাবলৈ পাম

বহু দিন নৈশ বাছত যোৱা নাই
তথাপিও মোৰ বহু নৈশ বাছ যাত্ৰাৰ এটা যাত্ৰা মনত পৰিছে তাকেই খুজিছো

মৰানৰ পৰা গুৱাহাটীলৈ খিৰিকি কাষৰ চিট :

১৯৯২ চনৰ ২৪ জানুৱাৰীৰ নিশা
মৰানৰ পৰা গুৱাহাটীলৈ আহিম
তাৰিখ মনত আছে কাৰণ এইটো অইল কলনীত মানু বাইদেউৰ বিয়া খাই উভটি অহাৰ কথা ৰৈ আছো ডিব্ৰুগড়ৰ ফালৰ পৰা অহাআসাম ভেলী বাছ এখনৰ কাৰণে এটা সময়ত বাছ আহিল মই উঠি নিজৰ চিটলৈ গৈ দেখো কোনোবা এজন বহি আছে
‘‘
ককাইদেউ, এইটো মোৰ চিট ’’
তেখেতে কাষৰ চিটটো দেখুৱাই লে,‘‘‘ ভাইটি তুমি মোৰ চিটতে বহা মই ইমান দূৰ বহি আহিলোৱে তাতে মই আকৌ খিৰিকিৰ কাষৰ চিটত বহাৰ বৰ হেপাহ ’’
বিয়াত টোপনি খটি ময়ো ভাবিলো মোৰ কাৰণেও খিৰিকিৰ কাষত বহা বা মাজৰ ফালৰ চিটত বহা একেই কথা মইটো শুই থাকোতেককাইদেউ কান্ধতে মুৰটো তেখেত পোৱা নাই কাষত কোন বহিছে !
‘‘
বহক আপুনি তাত মই ইয়াতে বহিছো
বহিছো বুলি লো মাত্ৰকেই বহি লৈ মই শুবলৈ সাজু জানুৱাৰী মাহৰ নিশাৰ বাছৰ যাত্ৰা ভীষণ ঠান্ডা জোতা, খুলি চিটত ভৰি তুলি ৰঙা-লা নগা শ্ব এখন উলিয়ালৈ ভালকৈ মেৰিয়াই লো
কেতিয়া টোপনি আহিল মনত নাই কিন্তু বাছখনে মৰান এৰা মই নাপালো !

এপাকত চকু এটা লাহেকৈ মেলি দেখো বাছ বোকাখাটত মনালিছা হোটেলৰ সন্মুখত ৰৈ আছে কাষতে বহি থকা ককাইদেৱে প্ৰায় আতুৰত পৰি চিঞৰ মৰাৰ দৰেই মোক লে,‘‘চাওঁ চাওঁ অকনমান আতৰহৈ দিয়াচোন ’’ ময়ো টোপনিৰ জালতে খপ-জপকৈ ভৰি কেইটা আতৰাই দিলো যাতে তেখেত ওলাই যাব পাৰে
মই মনতে ভাবিলো,‘‘ভাল শুলো কিন্তু ! বিয়াত দুদিন শোৱা নাই ৷’


এপাকত খিৰিকি কাষত বহা ককাইদেউ ঘুৰি আহিল
‘‘
ককাইদেউ বাহিৰলৈ গৈছিল ?’’
‘‘
বৰ জোৰত লাগিছিল হে ’’
‘‘
জোৰত লাগিছিল ? আপুনি দেখো বহিয়ে আছিলে ? মোক আগতেই মাত দিব লাগিছিল ’’
‘‘
এহ্ কি কোৱা হে ভাইটি !! তোমাক শিৱসাগৰৰ পৰা মাতি দি আছো শিবসাগৰত জগাওতে চিঞৰি চিঞৰি গালি পাৰিলা মুতুৰা নেকি বুলি যোৰহাটত জগাওতে যি কেইটা মাত মাতিলা সেই কেইটা তুমি শিকিলা তুমিহে জানা দেও এতিয়া হেৰি নহয়  তুমি তোমাৰ  খিৰিকিৰ কাষৰ চিটতে বহা মোৰ খিৰিকিৰ কাষৰ চিটত বহাহেপাহ পলাল ’’