১৯৯৮ চনৰ কথা ৷
মোৰ যাবলৈ বৰ এটা মন নাছিল ৷ আচলতে বাছত উঠি যাবলৈ বৰ আমনি
পাওঁ ৷ তথাপিও কমলে নেৰা নেপেৰাকৈ ধৰাত যাবলৈ ওলালো ৷
লক্ষ্য স্থান ৰঙানদী জলবিদ্যুৎ প্ৰকল্প৷
কমল আৰু মই দুয়ো খা-খবৰ কৰি গম পালো অৰুনাচল ৰাজ্যিক পৰিবহন
নিগমৰ বাছ এখন চলে ৷ পল্টন বজাৰৰ বাছ আস্থানলৈ গৈ খা-খবৰ কৰি গম পালো বাছৰ টিকট আজলী
নামৰ হোটেলখনৰ ১০১ নম্বৰ ৰূমত পোৱা যাব ৷
আজলী হোটেলত ৰাজ্যিক পৰিবহনৰ টিকট ?? বাছৰ কন্ডাক্টৰজন সেইখন
হোটেলতে থাকে ৷ সেই গতিকে বাছ আস্থানৰ সলনি তাৰে পৰায়ে টিকেট দিয়ে ৷কথাটোত মই বৰ আমোদ
পালো ৷
বিচাৰি বিচাৰি ওলালো গৈ আজলী হোটেলৰ ১০১ নম্বৰ ৰূম ৷ টোকৰ
মাৰিলো ৷ পেট মোহাৰি মোহাৰি দুৱাৰ খুলি দিলে এজন শকত আবত মানুহে ৷ চকু দুটা দেখিয়ে
গম পালো অলপ ধৰি আছে ৷ মনতে ভাবিলো, ‘‘হয় জানো এইজন ৰাজ্যিক পৰিবহনৰ কন্ডাক্টৰ ?’’
থেৰো-গেৰো কৰি ক’লো, ‘‘টিকেট ?’’
‘‘কাহা যায়েগা ?’’
‘‘ৰঙানদী দুই থো ৷’’
‘‘প-ৰ-টি থী ?’’
কমল আৰু মই একো বুজি নাপায় ভেবা লাগি চাই ৰ’লো ৷
কন্ডাক্টৰে আকৌ মাত লগালে, ‘‘আন্ডাৰ আও ৷’’
ভিতৰ সোমায়ে আমাৰ চকু পৰিল টেবুলৰ ওপৰত থকা বটলৰ ওপৰত ৷
কমল ওস্তাদ মানুহ ৷ কিবা কিবি কৈ কৈ কন্ডাক্টৰক ৰাজি কৰোৱাই
ল’লে ৷ আজলী হোটেলৰ ১০১ নম্বৰ ৰূমত মই, কমল আৰু কন্ডাক্টৰ বহি গ’লো ৷ আহিবৰ সময়ত আমি
টকা জমা দি দুটা টিকেট লৈ আহিলো ৷
পাছ দিনা বাছত উঠি আৰম্ভ কৰিলো ৰঙানদীৰ যাত্ৰা ৷ বাছৰ ভিতৰত
সোমায়ে আৰম্ভ কৰিলো কমলক গালি পাৰিবলৈ ৷ এটা সময়ত টোপনি আহিল ৷ পুৱা চকু মেলি গম পালো
অৰুনাচল সোমালো গৈ ৷
বাহিৰলৈ চাই গৈ আছো ৷ বেছ আমোদ পাইছো ৷ যি ঠাইত দলঙখন আছে
তাত কোনো নদী নাই, আকৌ যি ঠাইত নদী আছে তাত দলঙখন নাই ৷ এডোখৰ ঠাইৰ নাম হাৱা পাছ
(HAWA PASS)
কমল আৰু মই কথা পাতি পাতি গৈ আছো ৷
‘‘হেৰা কমল এই ৰাষ্টাটো জিৰো নামৰ ঠাই এখনত শেষ হয় ৷ আমাৰ
কাম শেষ হ’লে এপাক মাৰি আহিম হে ৷ জিলা সদৰ যেন পাওঁ ৷ চাব লগা কিবা থাকিবও পাৰে ৷’’
‘‘এটা কথা কোৱাচোন ৷ ঠাইখনৰ নাম জিৰো কিয় ?’’
‘‘সেইটো আকৌ মই কেনেকৈ জানিম ?’’
কমলে আকৌ ক’লে, ‘‘জিৰো মানেনো কি হ’ব পাৰে ?’’
‘‘মই জনাত জিৰো মানে ইংৰাজীৰ zeroৰ অৰ্থ হৈছে শূন্য ৷’’
কমলে কিবা ভাবি ক’লে, ‘‘তেনেহ’লে নাযাওঁ দিয়া জিৰোলৈ ৷ তাত
একো নাই যেন লাগিছে ৷ জিৰো, শূন্য !’’
ইতিমধ্যে গম পালো আমাৰ কাষতে বহি থকা পৰিয়ালোটো ‘‘‘প-ৰ-টি
থী’ত নামিব গৈ ৷ আমাক সুধিলে আমি ‘‘‘প-ৰ-টি থী’ত ক’ত থাকিম ৷ মনতে ভাবিলো বৰ হোজা মানুহ
৷ হাঁহি মাৰি বুজালো বৰ ডাঙৰ যে কাম চলি আছে, ৰঙানদী প্ৰকল্প আমি তালৈহে যাম ৷ মানুহজনে
আকৌ ক’লে, ‘‘তাকেই সুধিছো প-ৰ-টি থীত ক’লৈ যাম ?’’
এই ‘‘প-ৰ-টি থী’’ শব্দটো কেইবাবাৰো শুনিলো ৷ মানুহজনক সুধিলো
‘‘প-ৰ-টি থী’’ মানে কি ? অলপ আচৰিত হৈ তেওঁ তেখেতৰ হাতত থকা টিকটো দেখুৱালে ৷ তাত লিখা
আছে গন্তব্য স্থান 43 KM ৷ নিজৰ টিকট দুটা উলিয়াই চালো ৷ তাতো লিখা আছে 43 KM ৷ এই
43 KM মানে কি আকৌ ? প-ৰ-টি থী যে 43 বুজিলো ৷ কিন্তু কিয় 43 বা প-ৰ-টি থী ? বাছত কোনেও
একো উত্তৰ দিব নোৱাৰিলে ৷
আমি আমাৰ কাষ বহি যোৱা পৰিয়ালটোৰ সৈতে ‘‘প-ৰ-টি থী’’ বাছৰ
পৰা নামিলো ৷ তাৰ পাছত তেওঁলোকৰ পৰায়ে সহায় লৈ প্ৰকল্পৰ অতিথিশালাত উপস্থিত হ’লো গৈ
৷
তাতে লগ পালো আমি একে কলেজতে পঢ়া হৰিহৰ দাদাক ৷ তেখেতক কথাই
কথাই সুধিলো, ‘‘দাদা, এই 43 KMৰ কথাটো কি ? ঠাইখনৰ নাম 43 KM কিল’মিটাৰ কিয় ?’’
‘‘ক’ত আৰু ঠাই ? এইখিনিত আগতে কোনো নাছিল ৷ গতিকে ঠাইখনৰো
একো নাম নাছিল ৷ পাছত প্ৰকল্পৰ কাম আৰম্ভ হওঁতে নাম এটা দিব লগা হ’ল ৷ 43 KM কিল’মিটাৰৰ খুটাটো এই ঠাইখনত আছে ৷ সেয়ে 43 KM
!!’’
মই লগে লগে সুধিলো, ‘‘এই ৰাষ্টাটো গৈ জিৰোত শেষ হোৱা নাই
জানো ? মানে 0 কিল’মিটাৰৰ খুটাটো জিৰোত আছে নেকি বাৰু ?’’
No comments:
Post a Comment