পঞ্চম শ্ৰেণীত থাকোতে মোৰ হাতত থকা কলমটোৰ কথা ৷
চিঞাহী ভৰাই কলমটো ‘টানকৈ বন্ধ’ কৰিলো
৷ কেইদিনমান গ’ল ৷ চিঞাহি শেষ হ’লত আকৌ
চিঞাহি ভৰাবলৈ লৈ লেঠা লাগিল ৷ কোনো মতেই খুলিব পৰা নাই ৷ দেউতাক দিলো নোৱাৰিলে ৷
মই আমাৰ ঘৰৰ ওচৰৰ থকা শক্তিশালী বুলি গণ্য কৰা প্ৰতিজন ব্যক্তিকে দিলো ৷ নাই
সকলোৱে হাত দাঙি দিলে ৷
মোৰ চকু পানী ওলাও ওলাও অৱস্থা ৷
মোৰ কলমটোৰ কি হ’ব এতিয়া ?
লগৰবোৰৰ সৈতে কথা পাতিলো ৷ উপায় এটা ওলাল ৷ কলমটো পঠিয়াই
দিব লাগিব দাৰা সিঙলৈ ৷
দাৰা সিঙে পাৰিব লাগে ৷ কাৰন আমি জনাত সেই সময়ত পৃথিবীত
দাৰা সিঙতকৈ শক্তিশালী ব্যক্তি আন কোনো নাই ৷
‘‘ঠিকনা ক’ত পাম বাৰু ??’’
এটাই খবৰ দিলে বিস্ময় নামৰ আলোচনীখনলৈ যদি চিঠি এখন লেখো
তাত ঠিকনাটো পোৱা যাব ৷
‘‘সময় অকনমান লাগিব দেখোন ? তেতিয়ালৈকে
মই কেনেকৈ লেখিম ?’’
‘‘আৰে মোৰ কলম দুটা আছে, এটা তোক
দি দিম ৷’’
বেলেগ এটাই ক’লে, ‘‘সেইবোৰ বাদ দে ৷ তই ইমান টানকৈ কেনেকৈ বন্ধ কৰিলি
?’’
কথাটো তেতিয়াহে ভাবিলো ৷ হয়টো কথাটো ! এই কলমটো কোনেও খুলিব পৰা নাই ৷
কিন্তু
কোনে বন্ধ কৰিছিল এই কলমটো ?
মই !!!!!!!!!!!!!
মোৰ নিজকে দাৰা সিঙতকৈয়ো শক্তিশালী যেন লাগিবলৈ ধৰিলে ৷
ঘৰলৈ ঘুৰি আহিলো ৷ মায়ে সুধিলে, ‘‘ইমান
দেৰি ক’ত আছিলি ?’’
মোৰ উত্তৰ দিবৰ মন নাছিল ৷ তথাপিও মাৰ প্ৰশ্নত তথা মাতত
থকা সুৰটোৰ ভয়তে কলমটোৰ কথা জনালো ৷ মায়ে ক’লে, ‘‘মোক দে
৷ মই খুলি দিম ৷’’
মই দুখৰ মাজতো মোৰ হাঁহি উঠি গ’ল ৷ মই নোৱাৰিলো, দেউতাই নোৱাৰিলে, চুবুৰীৰ আটাইবোৰ He-Man ফেইল মাৰিলে ৷ দাৰা সিঙেই এতিয়া
একমাত্ৰ ভৰষা ৷ তাৰ পাছত যদি মায়ে কয় ‘‘‘‘মোক দে ৷ মই খুলি
দিম’’, হাঁহি উঠিবৰে কথা ৷ তথাপিও কলমটো
মাক দিলো ৷
মায়ে কলমটোত অকনমান গৰম পানী ঢালি দিলো ৷ তাৰ পাছত ক’লে, ‘‘হো ল ৷’’
মই আচৰিত হৈ কমলটো চালো ৷ কি হ’ল নো আকৌ ? কলমটো খোল খালে জানো ? লাহে কৈ
পাক এটা মাৰি চালো ৷ খোল খাই গ’ল ৷
এতিয়াৰ দিনত হোৱা হ’লে কব পাৰিলো হয়, ‘‘মেন্টছ খাৱো, ডিমাগ কি বট্টি জলাৱো !’’
No comments:
Post a Comment