Tuesday 7 May 2013

FAN নাই


মোৰ লেপটপটোৰ কিবা এটা হ’ল ৷ ভালেমান কাম আছিল ৷ কেইবাখনো প্ৰশ্ন কাকত সোমাই থাকিল ৷ এনেয়ে বেকাৰ,  তাতে এতিয়া ফেছবুকটো সোমাব নোৱাৰা হ’লো ৷ কি কৰিম কি নকৰিম বুলি পূৱা ৭ মান বজাতে জ্যোতিলৈ ফোন কৰিলো, ‘‘হেৰা এই ন বজালৈকে শুয়ে আছা নে ?’’
সিফালৰ পৰা খকমকাই জ্যোতিয়ে মাত দিলে, ‘‘৯ টা ক’ত বাজিলে ? সাতেই বজা নাই দেখোন ?’’
‘‘তুমি অফিছ কেই বজাত যাবা ? মোৰ লেপটপটো বেয়া হ’ল !’’
‘‘মই ন বজাত পাম গৈ, লৈ আহিব আপুনি ৷’’

ফোনটো থৈ দেখিলো, ভন্তিৰ লেপটপটো আছে ৷ সেইটো অন কৰিলো ৷ প্ৰথম সমস্যা তাত অসমীয়া ছফ্টৱেৰ একো নাই ৷ পূবেৰুণ ইনছটল কৰি ল’লো ৷   তাৰ পাছত ফেছবুকত সোমাই চকু জলক তবক ৷ তাত আখৰবোৰ ওলট পালট ৷ মনত পৰিল বন্ধু বনজিৎ পাঠকলৈ ৷ ফোন এটা কৰি বুলি ভাবি ভাবি ফেছবুকতেই লেখি দিলো সমস্যাটোৰ কথা ৷
লগে লগে সমাধান আহিল, ‘‘এইটো কৰক, সেইটো কৰক ৷’’
সেই সমস্যাও সামাধান হ’ল ৷

এইবাৰ আন এক সমস্যা ৷
মোৰ লেপটপটো আছিল HPৰ এইটো Lenovoৰ ৷ Keyboard দুয়োটাতে বেলেগ বেলেগ ৷ Ctrl  বুলি টিপা মাৰিলে  কিবা Fnত টেপা খায়, Alt মাৰিলে Ctrl টেপা খায়, Enter, shift আৰু del  বিচাৰিকে পোৱা নাই ৷
বুজি নাপাও এনেকুৱা কৰে কিয় ? আগতেও মনলৈ এনে ভাব এবাৰ আহিছিল ৷
হীৰো হন্ডাৰ মটৰ চাইকেলত যদি ১ টা ওপৰ ৩ তল, তেনেহ’লে ইয়ামাহাত ৪ ওপৰ নে তেনে কিবা ধৰণৰ আছিল ৷ মই গীয়েৰৰ কথা কৈছো ৷ কি সাংঘাতিক যাতনা আছিল ঔ !!

আখৰ ওলোটা দেখি হোৱা জলক তবকৰ পৰা আৰু এটা কথা মনলৈ আহিল ৷ কম্পিউটাৰৰ আখৰ ওলট পালট কিয় হয় বুজিলো বাৰু ৷ কিবা হেনো ডিফল্ট ফন্টৰ বাবে হয় ৷ কিন্তু মানুহৰো যে আখৰ ওলট পালট হয় সেইটো কিয় হয় বাৰু ???????????
মোৰ মতে চকু আৰু মগজুৰ মাজৰ স্নায়বিক বিজুতিৰ বাবে হয় ৷ আন কাৰোবাৰ তেনে হয় নে নহয় নাজানো মোৰ কিন্তু প্ৰায়ে হয় ৷ বাতৰি কাকতত দিয়া এটা বাতৰি, মোৰ পঢ়িব মন যায় বেলেগ এটা বাতৰি ৷ হেডলাইটত থাকে কিবা এটা মই পঢ়ি বুজি পাওঁ মনে বিচৰা খবৰটোহে ৷ স্নায়বিক বিজুতিৰ উদাহৰণ এটা দিওঁ বাৰু , বাতৰি কাকতৰ পৰা নহয় দোকান নাম ফলকৰ পৰা ৷

১৯৯২ চনৰ দেউতাহঁত নাৰেংগীত থকা অ.ৰাবি.প.ৰ আবাসিক এলেকাত থাকিবলৈ ল’লে ৷ মই কলেজ হোষ্টেলত থাকো ৷ ঘৰলৈ অহা যোৱা স্বাভাবিকতে চিটি বাছেৰেই কৰো ৷ মনত নাই এতিয়া তথাপিও বোধহয় ৬ নং বাছ !
বাছখন নাৰেংগীৰ পৰা চান্দমাৰী দিশে আহি বন্দনা চিনেমাহ’ল পাৰ হৈয়ে ভালে মান পৰ ৰৈ থাকে, যাত্ৰীৰ অপেক্ষাত ৷ মই প্ৰথমেই চিনেমাৰ পোষ্টাৰবোৰ চাই লওঁ ৷ তাৰ পাছতে মোৰ চকুত পৰে এখন সৰু দোকান ৷ মহিলাৰ কাপোৰ চিলোৱা দোকান ৷ দোকানখনৰ ভিতৰত সুন্দৰী সমাগম নোহোৱা নহয় পাছে মোক আকৰ্ষণ কৰে দোকানখনৰ নাম ফলকখনেহে ৷ নাম ফলকখনত একো নাম লিখা নাই, তাত মাথো বৰ বৰ হৰফেৰে লিখা আছে -  FAN নাই !!!!
মই বুজি নাপাওঁ, দোকানৰ মালিকে কিয় এনে এটা পদক্ষেপ ল’ব লগা হ’ল ৷ মহিলাৰ কাপোৰ চিলাই সেইখন দোকানত ৷ কিমান ধুনীয়া নাম দিব পাৰিলে হয় ৷ অথচ নাম ফলকত লিখা আছে FAN নাই !!!!

সেই বাটেদি বহু দিন অহা যোৱা কৰিলো ৷ সদায়ে চকুত পৰে সেই অসহায় ঘোষণ FAN নাই !!!! অসহায় ঘোষণা বুলি এই কাৰনেই কৈছো ৷ ভাবি ভাবি মই এটা সিদ্ধান্তত উপনিত হ’লো যে মহিলাৰ কাপোৰ চিলোৱা সেই দোকানখনত দোকানৰ  গ্ৰাহকে ফেন বিচাৰি বিচাৰি ইমানেই আমনি কৰিলে যে শেহত মালিকে উপায়ান্ত হৈ নামফলকতে FAN নাই বুলি লেখি দিলে ৷ গ্ৰাহকে দূৰৈৰ পৰায়ে দেখিব দোকানখনত FAN নাই আৰু সুন্দৰীৰে ভৰি থকা দোকানখনত ফেন বিচাৰি আমনি নকৰিব ৷
মনতে আকৌ ভাবিলো, ‘‘এই লেডিজ লেইলৰিং খনত বাৰু কেনেকুৱা গ্ৰাহকে ফেন বিচাৰি যায় ?’’
উত্তৰ বিচাৰি বেছি কষ্ট কৰিব নালাগিল ৷ বুজিলো, ‘‘মোৰ দৰে বাঘৰ আগতেল খোৱাবোৰেই যায় !!’’

প্ৰায় সকলোবোৰ উত্তৰেই পালো ৷ সেই ‘‘FAN নাই’’ নামফলকখনে মোক আকৃষ্ট নকৰা হৈ আহিল ৷
এদিন ৬ নং বাছ “FAN নাই”ৰ সন্মুখত লগাতকৈ বেছি সময় ৰৈ আছিল ৷ নাচাওঁ বুলিও মোৰ চকু ‘‘FAN নাই’’ ফলকখনত ৷

আৰে কি দেখিছো এইবোৰ !!!!!!!!!!!!!!!!!!
ফলকখনত দেখোন লেখা আছে

ENA ইনা !!!!!!!!!!!!!
চকু আৰু মগজুৰ মাজৰ স্নায়বিক বিজুতি !!

No comments:

Post a Comment