মই যে মোৰ ব্লগ অবিশ্ৰান্তত লেখিবলৈ ল’লো তাৰ পাছত মূলতে
আছে বহুকেইটা ঘটনা৷ তাৰে এটা ঘটনা আছিল ‘তপন শৰ্মা’ৰ বিয়া ৷
অচিনাকী নম্বৰ এটাৰ পৰা ফোন আহিল, ‘‘দাদা মই বাপনে কৈছো ৷’’
মই অলপ অপ্ৰস্তুত হৈ উত্তৰ দিলো, ‘‘অ..অ ….. ….. কোৱা
!’’ আচলতে মই ধৰিব পৰা নাই কোন তপন শৰ্মা ৷
‘‘দাদা মই AECৰ পৰা পাছ কৰিছো ৷ আপুনি মোক চিনি নাপাব ৷ আপোনাৰ
লগত দেখা সাক্ষাৎ হোৱা নাই মোৰ ৷’’
মোৰ ভ্ৰু কোচ খাই আহিল,‘‘মই তেওঁ চিনি নাপাওঁ, তেওঁ মোক লগ
পোৱা নাই ৷ তেনেহ’লে ফোন বাৰু কিয় কৰিছে ? কিবা বেলেগ কথা আছে নেকি ? চাকৰি-বাকৰি,
ঠিকা-ঠুকুলিৰ কথা ?’’
‘‘দাদা, অহা ১৩ তাৰিখে মোৰ বিয়া ৷ বিয়া টংলাৰ পৰায়ে পাতিছো
৷ আপুনি আহিব লাগিব কিন্তু ৷’’
মোৰ এনে লাগিল যেন তপনে গ্ৰীক জাতীয় ভাষা এটাত কথাবোৰ কৈছে
৷ মই একো বুজি পোৱা নাই ৷ না মই তেওঁক চিনি পাওঁ, না মোক তেওঁ চিনি পায় আৰু বিয়াৰ নিমন্ত্ৰণ
টংলালৈ !!
‘‘হেৰি নহয় আপুনি মানে তুমি মোৰ ফোন নম্বৰ ক’ত পালা বাৰু
?’’ মই সোধো নোসোধোকৈ সুধিলো ৷
‘‘অ’ দাদা, মোক নীৰজে দিলে, আপোনাৰ নম্বৰ ৷ সিয়ে আপোনাৰ কথা
কৈ দিলে মোক ৷ সেই কাৰনে ফোন কৰিলো ৷’’
তাৰ মানে ‘গুৰু ঘন্টাল’ এই নীৰজ !!! তপনো কম নহয় ৷ নীৰজে
মোৰ কথা তাৰ আগত ক’লে, তাকে শুনি তাৰ ইমান আপোন আপোন লাগিল যে বিয়ালৈকে মাতি দিলে ৷
মনতে ভাবিলো, ‘‘কিয় যাম বাৰু মাতিলে বুলিয়ে ? বেগানী ছাদী মেই আব্দুল্লা দিৱানা ৷ কাম
নাই আৰু মোৰ !’’
মই কথাটো পাহৰিলো ৷ ১২ ফেব্ৰুৱাৰী, শনিবাৰৰ দিনা নিশা নীৰজৰ
ফোন আহিল ৷ ‘‘দাদা কাইলৈ যাব নহয় ?’’
মই আচৰিত হৈ সুধিলো, ‘‘ক’লৈ ?’’
নীৰজে আৰু আচৰিত হৈ সুধিলে, ‘‘কিয় বাপনৰ বিয়ালৈ নাযায়
?’’
মোৰ খং উঠি গ’ল, ‘‘ধেই কাম নাই নেকি ? নাযাওঁ নাযাওঁ ৷’’
নীৰজে হাঁহি হাঁহি ক’লে, ‘‘অ.কে. দাদা, তেনেহ’লে ১১ বজাত
সাজু হৈ থাকিব ৷ মই আৰু অগ্নিয়ে গৈ প্ৰথমে আপোনাক উঠাম আৰু তাৰ পাছত মৃন্ময়দাক উঠাম
৷’’
এনেয় মই তাৰ নাম ‘গুৰু ঘন্টাল’ ৰখা নাই ৷ মই তাক ক’লো ‘মই নাযাওঁ’ আৰু সি মোক বুজালেগৈ
কিখন ?
পাছদিনা তপনৰ শৰ্মা বিয়ালৈ বুলি ১১ বজাতে সাজু ৷ এওঁ মোক
সুধিলে, ‘‘টংলালৈ বিয়া খাব যোৱা ৷ কাৰ বিয়া
নো ?’’
আমাৰ অসমখনৰ পৰা মুৰ নডঙাকৈয়ে ক’লো, ‘‘বাপন শৰ্মাৰ বিয়া ৷’’
এওঁ অলপ আচৰিত হৈ সুধিলে, ‘‘কোন বাপন শৰ্মা আকৌ ?’’
প্ৰশ্নটো শুনিয়ে মোৰ অলপ খং উঠিল ৷ কি বুলিনো কওঁ, ‘‘ময়ো
নাজানো বুলি ৷’’ গতিকে ক’লো, ‘‘তুমি মোৰ গোটেইবোৰ বন্ধুকে চিনি পোৱা নেকি কিবা ? এইজন
স্পেছিয়েল বন্ধু ৷’’
এওঁ আৰু জেৰা নকৰিলে ৷ নীৰজ আৰু অগ্নি আহিল ৷ মোক উঠাই মৃন্ময়দাৰ
ঘৰ পালো গৈ ৷ তাৰ পাছত দাদাৰ ক’লা ৰঙৰ ‘ছেভী’খনত আমি টংলালৈ যাত্ৰা আৰম্ভ কৰিলো ৷
চাংসাৰি মান পাওঁতে অগ্নিয়ে প্ৰশ্ন কৰিলে, ‘‘বাপন মানে তিনি
নম্বৰৰ বাপন নহয় জানো ?’’
নীৰজে বুজালে কোন বাপন শৰ্মা ৷ মই বুজিলো অকল ময়ে নহয় অগ্নিয়েও চিনি নাপায় কাৰ বিয়া
খাব গৈ আছে ৷ মই লাগে কৈ এওঁ যে মোক জেৰা কৰিছিল সেইখিনি ক’লো ৷ মৃন্ময়দাই কথাটোত ইমানেই
ৰস পালে যে গাড়ী নি ট্ৰাকৰ পাছফালে খুন্দা মাৰি দিব ওলাইছিল ৷
সেইয়াই আৰম্ভণি আছিল ৷ তাৰ পাছত আমি চাৰিজন অসমৰ ইমূৰৰ পৰা
সিমূৰ সেই ক’লা ‘ছেভী’খনত উঠি বিভিন্ন মাংগলিক অনুস্থানত দেখা দি ফুৰিছো ৷ সেই টংলাত
খোৱা বিয়াখনৰ পাছতো আমি ৩০০ কিল’মিটাৰ গাড়ী
চলাই গৈ বিয়া খাইছো গৈ ৷ বিয়াঘৰত মানুহ আচৰিত হৈ যায় যেতিয়া গম পায় দৰা বা কইনাক আমি
সেইদিনাহে প্ৰথম লগ পাইছো ৷ আমাৰ কথা হ’ল, ‘‘মাতিছে যেতিয়া যামই আমি ৷’’ নীৰজক মই এটা
ফকৰা যোজনা শিকাই দিছো সি তেনেকুৱা পৰিস্থিতিত সেইটো শুনাই দিয়ে, ‘‘নামাতিলে ভোজলৈকো
যাবা, মাতিলে ৰণলৈকো নাযাবা ৷’’
পাছে কথাটো আৰম্ভ হৈছিল ব্লগত লেখিবলৈ আৰম্ভ কৰাৰ পৰা ৷ প্ৰথম
যাত্ৰাতে মই বাকী তিনিজনক শুনাইছিলো ‘অশান্ত প্ৰহেলিকা’ৰ কাহিনী ৷ তিনিওজনে মৰ মন দি
শুনিলে ৷ তাৰ পাছতে মোৰ লেখিবলৈ মন গ’ল ৷
সেই যাত্ৰাৰ পাছত আৰু বহু যাত্ৰা কৰিলো ৷ প্ৰত্যেক যাত্ৰাতে
এসোপামান কাহিনী গোট খায় ৷ অহা শনিবাৰে শিৱসাগৰলৈ যোৱাৰ কথা ৷ এইবাৰ পাছে বিয়ালৈ বুলি
নহয়, এইবাৰ যাম আমাৰ লগৰ এজনৰ ঘৰলৈহে যাম ৷ দূৰ্ঘটনা এটাত তাৰ ককায়েক আৰু খুড়া এজন
ঢুকাইছিল অলপতে ৷ তাৰেই খবৰ কৰিবলৈ যাম ৷
এটা কথা জানো, কাহিনী এইবাৰো ওলাব অনেক ৷ পাছে সমস্যাটো হ’ল
তাৰে কিমান কাহিনী নো চেঞ্চৰ কৰি ইয়াত দিব পাৰিম সেইটোহে নাজানো দেই !!!!
টোকা -
লেখাটোৰ নাম পয়গম্বৰ কিয় ৰাখিলো, পয়গম্বৰ কেইজনে জানিব ৷
আমি আকৌ যাম তাৰ মানে ? হে হৰি, মোৰ লৰাৰ ৰিজাল্ত উলাবৰ কথা এইকেইদিনত -পাহৰিছিলোৱেই !
ReplyDelete