Vikramjit
Kakatiৰ ৱালত আপডেট দেখিলো.
"'Unfortunately , ( I feel ) Momo Ghar lost The Momo Battle of Guwahati , "Priyanka" of Wireless is the new winner ''
আজি এনেকুৱা অৱস্থা হ’লগৈ যে গুৱাহাটীক ছাগৈ মমো নগৰী বুলিব পৰা হ’ল ৷ হোটেল-ৰেষ্টোৰাত কথা বাদ দিওঁ সন্ধিয়া ৪ বা ৫ মান বজাৰ পৰা গোটেই গুৱাহাটীৰ ৰাজপথত হাজাৰৰ ঘৰত দেখা যায় মমো বিক্ৰী কৰা ঠেলা গাড়ী বা ৰিক্সা ৷
১৯৯০ চন মানত প্ৰথমবাৰৰ বাবে মমোৰ নাম শুনিছিলো ৷ নৱ ( Navajyoti Medhi) ) দাৰ্জিলিঙত পঢ়িছিল ৷ কেতিয়াবা কয় মমোৰ কথা ৷ কিমান ভাল লাগে খাবলৈ, কেনেকৈ তৈয়াৰ কৰা হয় ইত্যাদি ৷ মই মন দি শুনিছিলো কথাখিনি কিন্তু বৰ আকৃষ্ট হোৱা নাছিলো ৷ আকৃষ্ট নোহোৱাৰ মূল কাৰন আছিল মমো গুৱাহাটীত পোৱা নাযায় ৷ লোভ লাগি যাব, খাবলৈও নাপাম, কথাটো বেয়া হ’ব !!
১৯৯২ চনত খবৰ পালো গুৱাবাটীত এখন ৰেষ্মটোৰাত মমো পোৱা যায় ৷ আমবাৰীত থকা পিৰিছ নামৰ ৰেষ্টোৰাখনত হ’লো গৈ এদিন উপস্থিত ৷ উদ্দেশ্য ম’মো খাম ৷ মই, উজ্জ্ল আৰু দিগন্ত ৷
বেছ ধুনীয়া ৰেষ্টোৰা !!!!!!
বহিয়ে মোৰ উজ্জলৰ মনত পৰিল আমি প্ৰথমবাৰ বাবে ৰেষ্টোৰাত ‘নান আৰু গাহৰি’ খোৱাৰ কাহিনী ৷ আকৌ যদি কিবা গন্ডগোল হৈ যায় ???
প্ৰথমবাৰৰ বাবে তন্ডুৰী মুৰগী খাবলৈ যাওঁতেই একেই অৱস্থা হৈছিল ৷
গতিকে মই চকুৰে উজ্জলক ইংগিত দিলো, ‘‘বাহিৰলৈ যাওঁ ব’লা ৷’’ দিগন্তক লৈ অসুবিধা নাই ৷ সি স্মাৰ্ট, বেপৰোৱাহ ধৰণৰ ৷
‘‘দিগন্ত তই অৰ্ডাৰ দেচোন ৷ আমি বাহিৰৰ পৰা ছিগাৰেট লৈ আহো ৰ ৷’’
‘‘কিমান দিম ?’’
‘‘দিবি আৰু ভাবি চিন্তি ৷’’
দিগন্তক কথা ক’বলৈ সুবিধা নিদি বাহিৰ পালো গৈ ৷
বাহিৰ পায় মই আৰু উজ্জলে কথা পাতিলো,
‘‘নবই মমোৰ কথা কৈ থাকে, কিন্তু আচলতে বস্তুটো কি ?’’
‘‘নাজানো নহয় !! খায় কিহৰ লগত বাৰু ?? ৰুটি, পৰাঠা, ভাত কি ল’ব লাগিব লগত ?’’
‘‘কেনেকৈ জানিম ?’’
‘‘দিগন্তই যি কৰে কৰিব দিয়া !!’’
আচলতে আমি যেতিয়া নতুন কিবা এটা খাবলৈ যাওঁ তেতিয়া গন্ডগোল হয় ৷
তন্ডুৰী মাংস খাবলৈ গৈ ভাবিছিলো মাংস যেতিয়া লগত জোল থাকিব ৷ ভাত আৰু তন্ডুৰী মাংসৰ অৰ্ডাৰ দিলো ৷ অৰ্ডাৰ লোৱাজনে বাৰে বাৰে সুধিলে, ‘‘ভাতৰ লগত ডালি বা তেনে ডাতীয় একো নলয় নেকি ?’’ আমি ভাবিলো বিলখন ডাঙৰৰ কৰাৰ বুদ্ধি !!
‘‘নাই আৰু অকল ভাত আৰু তন্ডুৰী খায়ে ভাল পাওঁ ৷’’
অকনমান পাছত যেতিয়া ভাত আৰু তন্ডুৰী দি গ’ল তেতিয়া আমাৰ অৱস্থা চাব লগা হৈছিল ৷
এবাৰ অশোকালৈ গ’লো নান আৰু গাহৰি মাংস খাবলৈ ৷
নান এবিধ ৰুটি বুলি ক’ৰবাত শুনিছিলো ৷
মই, দিগন্ত, উজ্জল আৰু নলিন ৷
অৰ্ডাৰ ল’ব আহিল, ‘‘নান কিমান দিম ?’’
‘‘অই কোনে কিমান খাবি ?’’
মই চিন্তা কৰি ক’লো, ‘‘মোৰ কাৰনে ৫/৬খন মান দিবি ৷’’
বাকীবোৰেও তেনে ধৰণৰ সংখ্যা কেইটামান ক’লে ৷
অৰ্ডাৰ ল’বলৈ অহাজনে বুজালে ,‘‘আপোনালোক চাৰিজনে ৫ /৬ খনতকৈ বেছি নান খাব নোৱাৰিব ৷’’
‘‘কিয় নোৱাৰিম ??? পাৰিম পাৰিম ৷’’
গতিকে আমি চাৰিটাৰ কাৰনে গাহৰি মাংসৰ সৈতে অৰ্ডাৰ দিলো ১৫/২০খনমান নান ৷
‘‘আপোনালোক চাৰিজনে ৫ /৬ খনতকৈ বেছি নান খাব নোৱাৰিব’’, এই কথাষাৰে আমাৰ আত্মসন্মানত বেয়াকৈ আঘাত কৰিলে ৷
কিয় তেনেকৈ ক’ব ?
আমাক দেখিলেই গম পাব লাগে আমি কিমান খাব পাৰো !!
নে আমাক টকা-পইছা নথকা ‘ফকটীয়া’ বুলি ভাবিছে ???
অকনমান পাছত গাহৰি আৰু নান আহিল ৷ নানৰ আকাৰ দেখি আমাৰ চকু কপালত উঠিল ৷ হে প্ৰভূ !!! আমি চাৰিটা নালাগে আৰু দহটামান থকা হ’লেও শেষ কৰিবলৈ অসুবিধা হ’ল হয় ৷ ইতিমধ্যে ফুটনিও মাৰি থৈছো, ‘‘কিয় নোৱাৰিম ??? পাৰিম পাৰিম’’ ! গতিকে শেষ কৰিবই লাগিব ৷ এসোপামান কাগজৰ নেপকিন অনাই ল’লো ৷
‘‘অই যি পাৰ খা, আৰু নোৱাৰাখিনি নেপকিনত মেৰিয়াই পকেটত ভৰাই ল’বি ৷’
‘‘কি কৰিম পকেটত ভৰাই ?’’
‘‘আৰে কি কৰিম পাছত দেখা যাব ! আগতে প্লেটত পৰা নান শেষ কৰিব লাগিব ৷’’
পিৰিছ ৰেষ্টোৰাৰ বাহিৰত ঠিয় হৈ মই আৰু উজ্জলে ছিগাৰেট হুপি হুপি এইবোৰেই কথা পাতি আছো ৷
মাজে মাজে ভিতৰলৈ ভুমুকি এটা মাৰো ৷ এপাকত আহিল প্লেটত মমো ৷
বগা চিংৰাৰ দৰে বস্তু কেইটামান ৷ ধোৱা ওলাই আছে ৷
‘‘আৰু একো নাই নেকি ?’’
‘‘নাই আপোনালোকে দেখোন আৰু একো অৰ্ডাৰ দিয়া নাই !’’
‘‘অ, অ ! হ’ব বাৰু ৷’’
খাওঁ নাখাওঁকৈ মুখত ভৰাই দিলো ৷

সেইদিনা যে মমো
মুখত দিলো তাৰ পৰা ছাগে আজিলৈ লোভত, ভোক নথকাকৈয়ে যিমান মমো খালো সেইখিনি নোখোৱা হ’লো এখন ডাঙৰ গাড়ীকে কিনিব পাৰিলো হয় ৷
No comments:
Post a Comment