Wednesday, 15 May 2013

এটা ভুলৰ পাছৰ কাহিনী :: তুমি কিয় ইমান পলম কৰিলা ?

গুৱাহাটীলৈ উভটি আহিলো ৷ কথাষাৰ কোৱা নহ’ল ৷ মনটোৰ মাজত নো কেনে ধৰনৰ কিছুমান প্ৰতিক্ৰিয়া হৈছে বুজাব নোৱাৰো ৷ এবাৰ ভাবো, ‘‘ঠিকেই হ’ল ৷ বেষ্ট ফ্ৰেন্ডৰ সৈতে বিয়াত বহিব নাপায় ৷’’ আন বাৰ আকৌ ভাবো, ‘‘কি মূৰ্খামী কৰি দিলো !!!! কিয় কৈ নাহিলো বাৰু ?’’
মাজে মাজে আকৌ ভাবো
‘‘নোকাৱা কথাষাৰি, নোকোৱাকৈ থাকিলে,
ধৰা পৰে তোমাৰ চকুত…’’, 
ইমান ভাল বান্ধৱী অথচ তোমাৰ চকুত কিয় ধৰা নপৰে নে ?

কাম-কাজৰ কথাটো বাদেই দিলো, খাবলৈ বা শুবলৈকো মন নোযোৱা হ’ল ৷ 
অনবৰতে শিৱসাগৰত থকা এখনি মুখে অনুৰাগৰ প্লাৱন আনিছে ৷ 
অকলশৰে থাকো, আকাশৰ ফালে চাই থাকো ৷
‘ইয়ে দিল ঔৰ উনকি
নিগাহো কি ছায়ে,
মুঝে ঘেড় লেটি য়ে বাহুোঁ কি ছায়ে …..’’ বুজি নাপাওঁ, এনেয়ে গুনগুনাই থাকো ৷ 

গাননো কেনেকৈ বুজি পাম ? মই লাহে লাগে একোকে বুজি নোপোৱা হৈ আহিছো ৷ 

কিহে পাইছিল বাৰু মোক ৰাতুলদাৰ বিয়ালৈ যাবলৈ ? 
কিহে পাইছিল বাৰু মোক চিনাকি হ’বলৈ ? 
কিহে পাইছিল বাৰু মোক গুৱাহাটীত আকৌ এবাৰ লগ পাবলৈ ? 
কিহে পাইছিল বাৰু মোক ‘তাই’ৰ প্ৰেমত পৰিবলৈ ? এ
ইবোৰ  কেনেবাকৈ বুজি পাবও পাৰি বাৰু ৷ 

ডেকা ল’ৰা এটা ধুনীয়া চোৱালী এজনীৰ সৈতে প্ৰেমত পৰিবও বাৰে ৷ 
সেইটোনো কি ডাঙৰৰ কথা ? 
কিন্তু কিহে পাইছিল তাইক মোৰ বেষ্ট ফ্ৰেন্ড বুলি ভাবিবলৈ ৷
মই অকৰা মৈত উঠিলো ৷ এতিয়া ‘বেষ্ট ফ্ৰেন্ডক বিয়া কৰাব নোৱাৰি’ নামৰ মৈখনৰ পৰা নামিব নোৱাৰা হ’লো ৷
মাজে মাজে মনতে ভাবো মই বাৰু ভাবিছো নেকি ‘তাই’ মোতকৈ বহু গুণে ভাল ল’ৰা এটা পাব ? ঠিক নাই মই ভাবিও পাৰো ৷ এনেকুৱা ওলোটা কথা ভবাত মই সিদ্ধহস্ত ৷

২০০১ চনৰ চেপ্তেম্বৰ মাহ ৷ অনুৰাধা হ’ল মই আৰু বন্ধু এটাই ‘ডিল ছাহতা হ্যায়’ নামৰ চিনেমাখন চাই আছো ৷ চিনেমাখনত এটা দৃশ্যত আমিৰ খানে যেতিয়া কইনাসাজত থকা প্ৰীতি জিন্টাক বিয়াৰ প্ৰস্তাব আগবঢ়াই মোৰ মাজতো কিবা এটা হৈ গ’ল ! বন্ধুক হ’লৰ মাজতে অকলে এৰি ওলাই আহি এটা পি.ছি.ও পালো গৈ ৷
০৩৭৭২-২২০৮…, ফোন কৰিলো ৷
‘‘হেল্ল’ ! পিকলু ….’’

হয় তাইৰ নাম পিকলু আৰু মই ফোন কৰিছিলো বিয়াৰ প্ৰস্তাব আগবঢ়াবলৈ ৷
মই কিবা ক’বলৈ পোৱা আগতেই তাই মোক ক’লে, ‘‘এটা ভাল খবৰ আছে ৷’’
মোৰ মুখৰ মাত নোহোৱা হৈ গ’ল ৷ ‘ভাল খবৰ’ মানে……….
মুখৰ পৰা কোনোমতেহে মাতষাৰ ওলাল, ‘‘কোৱা !!!!’
আচলতে তাই ভাল খবৰ বুলি ক‘লেই মোৰ ভয় লাগে ৷ যদি কেনেবাকৈ কৈ দিয়ে ‘মোৰ বিয়া ঠিক হৈছে ’’ !
তাই  বৰ উৎসাহেৰে খবৰটো দিলে, ’‘মই অহা সপ্তাহত গুৱাহাটীলৈ গৈ আছো ৷ লগ পাম দিয়া৷’’

কোনোমতেহে উশাহ ঘুৰি আহিল ৷ আকাশৰ ফালে চাই নেদেখাজনক মনতে সেৱা এটা জনালো ৷ 
নতে ভাবিলো, ‘‘দুটা কাম গৈ গ’ল ৷ এক, মই ভাবি ভয় খোৱা ধৰনৰ ‘ভাল খবৰ’ নহয় ৷ দুই, মই এতিয়া ফোনত প্ৰস্তাব নজনালেও হ’ব ৷

বেছ ফুৰ্তিৰেই ক’লো, ‘‘অ, অ আহিবা আহিবা ৷ ভাল কথা, মই থাকিমেই তেতিয়া ইয়াত ৷’’
দুই এটা আন আন কথা পাতি ফোনটো ৰাখিলো ৷ ফোনটো থৈয়ে মনলৈ ভাব এটা আহিল, ‘‘ভুল কৰিলো নেকি বাৰু ? ফোনতে কৈ দিয়া ভাল আছিল ৷ ‘তাই’ক দেখি যদি আকৌ পাহৰি যাওঁ ?’’

আৰম্ভ হ’ল ‘তাই’ গুৱাহাটীলৈ অহাৰ দিনটোলৈ অধীৰ অপেক্ষা ৷
১ অক্টোবৰ, ২০০১ ৷ মই আবেলি চাৰি বজাত হাতীগাওঁ লিটিল ফ্লাৱাৰ স্কুলৰ ওচৰত ‘তাই’ক লগ পোৱাৰ কথা ৷ দুপৰীয়া ১২মান বজাৰ পৰা আৰম্ভ হ’ল বৰষুণ ৷ বৰষুণ মানে দুইমান বজাৰ ভিতৰত গুৱাহাটীৰ ৰাজপথে নদীৰ ৰূপ ল’লে গৈ ৷ সেই বৰষুণতে ৰেইন কোট, ছাতি আদি লৈ পালো গৈ এখন চিনাকি অটোৰিক্সাৰ কাষ ৷ যাবলৈ লগ ধৰিলো ৷
‘‘কেনেকৈ যাম দাদা এই পানীত ?’’
‘‘নাই যাবই লাগিব ৷’’
‘‘সদায়ে যাওঁ দাদা, আজি কেনেকৈ যাওঁ কওঁকচোন ?’’
‘‘আজি যদি নোযোৱা তেনেহ’লে আৰু কেতিয়াও যাব নালাগে ৷ ’’
‘‘দাদা কথা কি ?’’
সেই দোপালপিটা বৰষুণত মই বুজাই আছো অটোৰিক্সা চালকক কিয় যাবই লাগিব চাৰি বজাত হাতীগাওঁ লিটিল ফ্লাৱাৰ স্কুলৰ পোৱাকৈ ৷
‘‘তেনেকুৱাই যদি কথা, বানপানী নালাগে গুলিয়া-গুলি চলি থাকিলেও যাম ৷ উঠক দাদা ৷ মই আছো দাদা, চিন্তা নকৰিব আপুনি ৷ ময়ো ইয়াৰ লোকেল দাদা ৷’’

তেওঁৰ কথা শুনি মোৰ ভয়তে অৱস্থা নোহোৱা হ’ল ৷ মই বুজালো কি, এওঁ বা বুজিলে কি ? 

মনে মনে গৈ আছো ৷ মোৰ অৱশ্যে  চিন্তা বাঢ়িল, ‘‘ইমান বৰষুণত জানো তাই আহিব ?’’ মই ইমান বৰষুণত, বানপানীৰ মাজত আহিছো কাৰন মই বিয়াৰ প্ৰস্তাব আগবঢ়াম, মোৰ প্ৰেয়সীক ৷ কিন্তু তাইতো আহিব বন্ধুক লগ কৰিবলৈ ৷ ইমান বৰষুণত. বানপানীৰ মাজত আহিব জানো বন্ধুক লগ কৰিবলৈ ?

অটো লাগে লাগে আগবাঢ়িছে ৷ গোটেই বাটটোতে পানী আৰু যানজট ৷ চাৰি বজাৰ ঠিক আগে আগে গৈ পালো গৈ হাতীগাওঁ চাৰিআলিৰ সেই নিৰ্দিষ্ট স্থান ৷ দূৰৈৰ পৰায়ে চকু পৰিল ছাতি এটা লৈ ‘তাই! ৰৈ আছে ৷ মই অটোখনৰ পৰা নামিয়ে তাইৰ ফালে খৰধৰকৈ খোজ দিলো ৷ তায়ো মোৰ ফালে আগবাঢ়ি আহি মাত দিলে, ‘‘ব’লা ব’লা, সোনকালে অটোত উঠা ৷ নহ’লে বৰষুণত তিতি জুৰুলি-জুপুৰি হ’ব লাগিব ৷ ’’
দুয়ো আহি অটোৰ ভিতৰ পালো ৷ আগতেও ‘তাই’ৰ সৈতে অটোত উঠি পাইছো ৷ সেইদিনা পাছে কথাটো সুকীয়া আছিল ৷ বেছ আচহুৱা লাগিবলৈ ধৰিলে ৷ কথাটো কওঁ বুলি ভাবিও ক’ব নোৱাৰা হ’লো ৷ এইবাৰ অসুবিধা দিবলৈ ধৰিলে চিনাকি অটোৰিক্সাচালকজনে ৷
মোৰ ফালে চাই ক‘লে, ‘‘আৰু কোৱা তোমাৰ খবৰ !’’
ময়ো তাইৰ হাততখনত ধৰি ক’লো, ‘‘এটা ডাঙৰ খবৰ আছে ৷ তুমি শুনি ভাল পাবা ৷’’
‘‘আৰে আৰে কোৱা কোৱা ৷’’

অটোৰিক্সাৰ চালকজনে মোৰ ফালে কেৰাহীকৈ চোৱা যেন লাগিল ৷ মোৰ মুখৰ পৰা ওলাল, ‘‘মোৰ বিয়া ৷ মানে মই বিয়া পাতিম ৷’’ মই নাজানো এই কথাখিনি কেনেকৈ মোৰ মুখৰ পৰা ওলাই গ’ল ৷

‘তাই’ অটোখনৰ ভিতৰতে জাপ এটা মাৰি দিলে ৷ ‘‘বাহ্ কি বঢ়িয়া খবৰ !!! কোন সেই ভাগ্যৱতী ?’’
বৰষুণৰ পানীত তিতি থকা তাই চুলিকেইডালৰ ফালে চাই চাই মই ক’লো, ‘‘ব’লা পানবজাৰত ক’ৰবাত বহি লওঁ ৷ তাতে  ক’ম দিয়া ৷’’

পানবজাৰলৈকে ‘তাই’ কিবা কিবি খবৰ দি গ’ল ৷ মই চিন্তা কৰি গ’লো, ‘‘যদি না বুলি কৈ দিয়ে তেতিয়া ধেমালি কৰিছিলো বুলি ক’ম নেকি বাৰু ?’

পানবজাৰত সোমালোগৈ এক ৰেষ্টোৰেন্তৰ ভিতৰত ৷ বহিলৈয়ে প্ৰথম প্ৰশ্ন, ‘‘অ এতিয়া কোৱা কাৰ সৈতে বিয়া ৷’’
মই এক চেকেন্ডো পলম নকৰি ক’লো, ‘‘তুমি ৷’’
চাৰিওফালে তেতিয়া নিস্তব্ধতা, মৌণতা !! তাৰ মাজত শুনিছো মাথো মোৰ নিজৰ শ্বাস-প্ৰশ্বাসৰ শব্দ ৷ মই চাই ৰ’লো ‘তাই’ৰ সেই ওলট পালট লগাই দিয়া চকুকেইটাৰ ফালে একে থৰে ৷ নাজানো আকৌ চাবলৈ পাম নে নাই ৷

সঁচাকৈয়ে চকুদুটাই সদায়ে ওলট পালট লগাই দিয়ে  ৷ সেইদিনা দুচকুৰ পৰা ওলাই আহিল দুধাৰি চকুলো ৷ মোৰ ফালে চাই সুধিলে, ‘‘তুমি মোক মাত্ৰ এটা কথা কোৱা ৷ এই কথাটো ক’বৰ কাৰনে কিয় তুমি ইমান সময় ল’লা ? কিয় তুমি ইমান পলম কৰিলা ?’’

কথাষাৰ শুনাৰ লগে লগে মোৰ শৰীৰ সকলো শক্তি নোহোৱা হৈ গ’ল ৷ ‘‘তাৰমানে বিয়া ঠিক হৈ গ’ল !!! মই যদি আৰু কেইদিন মান আগতে কথাখিনি ক’লো হয় ! মই যদি সেইবাৰ যোৰহাটৰ পৰা যাওঁতেই কথাষাৰ ক’লো হয় !!’’
‘তাই’ মোৰ হাতখন ধৰি ক’লে, ‘‘বুদ্ধু !! নিজৰ বেষ্ট ফ্ৰেন্ডক এই সাধাৰণ কথাটো কওঁতে ইমান দেৰি কৰিব নাপায় নহয় ৷ মই তোমাৰ মুখেৰে এই কথাষাৰ শুনিবলৈকে আজি অতদিনে বাট চাই আছিলো ৷’’

তাৰ পাছত কি হ’ল মোৰ মনত নাই !!!!!!!!!!

এটা কথা মনত আছে ,
২০০২ চনত ১৩ ডিচেম্বৰৰ দিনা শিবসাগৰত ‘তাই’ৰ সৈতে মই বিয়া বহিলো ৷   











5 comments:

  1. iss aaji he xanti paalu...uff otodin adharuwa hoi asil xunibo pora nasilo !!!

    dada ki kom jeneke apuni koi jai kothabor jenke apuni likhi jai Dil Garden Garden hoi jai

    Morar agot ebar log kori morim...dangor type or fan hoi goisu apunar,apunar likhonir :) :)

    ReplyDelete
  2. কি সাংঘাটিক লিখনী প্ৰটিভু দা, দুইটা খণ্ড একেলগে পঢ়িলো।

    ReplyDelete
  3. নিজৰ প্ৰেম কাহিনী এনেদৰে লিখিব পৰা মানুহ কম আছে দেই। খুব ভাল লাগিল।

    ReplyDelete
  4. ভাল লাগিল পঢ়ি

    ReplyDelete