Thursday 9 May 2013

মেট্ৰিকৰ ৰিজাল্ট আৰু প্ৰেম লেটাৰ

পেপাৰত পালো মেট্ৰিকৰ ৰিজাল্ট দিবৰ হৈছে ৷

আমাৰ দিনৰ কথা কওঁ ৷
কওঁ মানে আধামান কথা আগতে কোৱা হৈ গ’ল ৷
তাৰ পাছৰ কাহিনী ৷

যিমানেই দিন গৈছে সিমানেই উৎকন্ঠা বাঢ়িছে ৷
চিনেমা, ছেগাৰেট এইবোৰত আমেজ নোপোৱা হৈ আহিছো ৷
সকলোৰে চকু মুখ দেখিলেই গম পোৱা যায় ৰাতি ৰাতি কিমান হিচাপ চলিছে ৷

‘‘তিনিটাত পালেই ৰগৰীবাড়ীত চাকি জ্বলাম !’’
‘‘পাছ কৰিলে মা কামাখ্যাদেবীৰ ভৰিত পৰি দিম ৷’’
সেইবোৰ কথা পাতিয়ে মনটোক সান্তনা দিবলৈ চেষ্টা কৰো ৷

তাৰ মাজতে কোনোবা এজনী খুড়ী বা বৰমাই খবৰ দিয়ে, ‘‘২২ মেত ৰিজাল্ট দিব ৷’’
২০ মে মানত খবৰ ওলাই, আন কোনোবা খুড়ী ‘‘নাই জুনৰ প্ৰথম সপ্তাহৰ আগতে ৰিজাল্ট নোলাব ৷ এইবাৰ এটা চেন্টাৰত ছছিয়েলত বিৰাট বেয়া হৈছে ৷ টেবুলচন কৰোতে কথাটো ওলাল ৷ এতিয়া আকৌ ৰি-ছেক কৰিছে ৷ পাছ পাৰছেন্টেজ বিৰাট বেয়া ৷ গ্ৰেছ দি পাছ কৰাব লগা হৈছে ৷’’
‘‘খবৰটো ক’ত পালে ?’’
‘‘আমাৰ ভাইবোৱাৰীৰ ককায়েকৰ ঘৰৰ সন্মুখতে টেবুলেচনৰ আচল মানুহজন থাকে ৷ ভাই বোৱাৰীয়ে খবৰটো দিলে ৷’’

শুনি আমাৰ বুকু কঁপি যায় ৷ টেবুলেচনৰ আচল মানুহজনৰ ঘৰৰ পৰা খবৰ আহিছে ৷ সঁচা কেনেকৈ নহ’ব ?
মোৰ কথাটো ক’বই নালাগে ! ‘আন্তৰ্জাতিক বুজা পৰা’ৰ ১০ নম্বৰত খেলিমেলি কৰি আহিছো ৷ গ্ৰেছ পোৱাকেইটাৰ মাজত মই আছো নেকি বাৰু ?

জুনৰ প্ৰথম সপ্তাহত খবৰ আহে আৰু কেইদিনমান লাগিব ৷

মই শুনিবলৈ বাদ দিলো সেইবোৰ ৷ এটা  ৰিজল্টৰ নামত ইমান খন কষ্ট খায় থাকিব নোৱাৰো ৷
যি হয় হ’ব ৷ চাকি জ্বলাম বুলি কৈ থৈছো ৷ হৈ যাব ৷

মই বেলেগ কথা এটাতহে মন দিবলৈ পাঙিছো ৷

এখন প্ৰেম লেটাৰ লেখিবলৈ ছোৱালী এজনী বিচাৰি পালো ৷
বিচাৰি পালো মানে প্ৰেম লেটাৰ লিখি দিলোৱে ৷
এতিয়া মোৰ কথা ৰিজাল্ট যেতিয়া দিয়ে দিব ৷ 
মোক আগতে প্ৰেম লেটাৰৰ ৰিজাল্টহে লগা হ’ল ৷

1 comment:

  1. আপোনাৰ লেখনি প্ৰকাশভঙ্গীয়ে মোক এজন মানুহৰ কাষলৈ টানি লৈ গ্'ল .... "খবিৰ আহমেদ চাৰ্"

    ReplyDelete