ৰাতিপুৱাৰে
পৰা নৃপেনৰ মনটো ভাল ৷ আজি তাৰ এটা বহু দিনৰ সপোন সাৰ্থক হ’ব ৷ সি কামটোৰ কাৰণে সন্ধিয়া সময়তহে যাব লাগিব যদিও ৰাতিপুৱাই গা-পা ধুই সাজু ল’লে ৷
বাৰে বাৰে বায়েকৰ ওচৰলৈ যায় ৷ সি আচলতে কলেজ এৰাৰে পৰা বায়েক-ভিনিহিয়েকৰ লগতে আছে ৷
‘‘অ বাইদেউ, কি আনিম ক ?’’
‘‘এহ্ কি আনিবিনো ? তোৰ যি মন যায় আনিবি
আৰু কিবা এটা ৷ মিঠাইকে আনিবি দে !’’
‘‘ধেই মিঠাই বাদ দে, মই আজি মাংসকে আনিম ৷ সেইবোৰ সোধা নাই মই ৷ তোৰ কাৰনে কি আনিম সেইটো ক ! পাটৰ কাপোৰ ?’’
‘‘তই পগলা হৈছ নেকি ? মোৰ কাৰনে আকৌ কিয় কাপোৰ
আনিবি ? ইমান পইছা খৰছ কৰিব নালাগে তই ৷’’
নৃপেনে
অকনমান সময় চিন্তা কৰি ক’লে, ‘‘বাইদেউ তই টকাৰ কথা চিন্তা নকৰিবি ৷ আজি প্ৰথম উপাৰ্জন ৷ অৱশ্যে তোৰ কাৰনে পাটৰ কাপোৰ এজোৰ আনিবলৈ বহু টকা লাগিব ৷ মাহটোৰ শেষৰ ফালে টনা-টনি হৈ যাব পাৰে ৷ বাবু আৰু মাইনাৰ কাৰনেই কিবা কিবি লৈ আনিম দে ৷’’ বাবু আৰু মাইনা মানে নৃপেনৰ ভাগিন দুটা ৷ বায়েকে মুখেৰে একো নামাতি আতৰি গ’ল ৷
নৃপেনে
তাৰ জীৱনটোৰ কথা চিন্তা কৰিবলৈ ধৰিলে ৷
‘সেই সৰু গাওঁখনৰ পৰা সি আহি কেনেকৈ কষ্ট কৰি পঢ়িলে’, ‘তাৰ মাক আৰু বায়েকহঁতে কেনেকৈ তাৰ কাৰনে কিমান কষ্ট কৰিলে’ এই সকলোবোৰ কথা তাৰ মনলৈ আহিবলৈ ধৰিলে ৷
নৃপেন
পঢ়া শুনাত ভালেই আছিল ৷ মেট্ৰিক ভালকৈ পাছ কৰিলে , তাৰ পাছত বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পাছ কৰিলে ৷ তাৰ পাছত ৰাজ্যৰ আগশাৰীৰ অভিযান্ত্ৰিক মহাবিদ্যালয়খনতো নাম লগালে ৷ চাৰি বছৰ অশেষ কষ্ট কৰিলে ৷ এদিন সুখ্যাতিৰে তাৰ পৰাও পাছ কৰিলে ৷
ঘৰত
সকলোৱে স্বস্তিৰ নিশ্বাস পেলালে ৷ সকলোৱে ধাৰণা কৰিলে কষ্টৰ, সমস্যাৰ শেষ হ’ল ৷ ঘৰৰ ল’ৰা অভিযন্তা হৈ আহিছে ৷ এতিয়া নৃপেনেই সকলো চম্ভালি ল’ব ৷
পাছে
তাতেই কেণা লাগি ল’ল ৷ যদিও নৃপেনৰ হাতত এটা প্ৰথম শ্ৰেণীৰ অভিয়ান্ত্ৰিক ডিগ্ৰী আছে চাকৰিৰ ‘চ’টোকেই সি বিচাৰি পোৱা নাই ৷ চাকৰিৰ সন্ধান কৰিবৰ বাবেই সি গাওঁৰ পৰা আহি গুৱাহাটীত থকা বায়েকৰ ঘৰতে থাকিবলৈ ল’লে ৷ সদায় ৰাতিপুৱা বায়েকে ৰান্ধি দিয়া গৰম ভাত কেইটা খায়ে নৃপেন ওলাই যায় ৷ বায়েকে দুৱাৰ মুখলৈ গৈ তাক আগবঢ়াই আহে গৈ আৰু লগতে তাৰ হাতত টকা ১০টা গুজি দিয়ে ৷ আজি এই ১৯৯৪ চনত ১০ টকাৰ মুল্য নৃপেনে বুজি পায় ৷ সি বায়েকক সদায় কয়, ‘‘দৰমহা পালেই তোৰ টকাকেইটা মই ঘুৰাই দিম ৷’’ সন্ধিয়া
সি যেতিয়া বিমৰ্ষ হৈ ঘুৰি আহে বায়েকে তাৰ ওচৰতে বহি কয়, ‘‘বাপু হ’ব দে, কাইলৈ যাবিচোন ভিনিহিয়ে কোৱা মানুহজনৰ ওচৰলৈ ৷ কিবা এটা হ’ব লাগে ৷’’
লাহে
লাহে নৃপেনৰ মস্তিস্কই কাম নকৰা হৈ আহিছে ৷ সি মাজে মাজে লগৰে প্ৰতিভূহঁতক লগ কৰিব যায় ৷ সেই সময়ত তাৰ লগৰবোৰেই চাকৰি পোৱা নাই ৷ দুটামানে মাজে মাজে চোৰাং ব্যৱসায় আদিৰ কথাও চিন্তা নকৰা নহয় ৷ কেতিয়াবা নৃপেনেৰ মনলৈকো আহে চোৰাং ব্যৱসায়ৰ কথা ৷
এদিন
নৃপেনে চান্দমাৰি কলনিত লগ পায় গ’ল অজিত কলিতাক ৷ অজিত কলিতা আচলতে নৃপেনতকৈ এবছৰমান আগতে সি পঢ়া কলেজখনৰ পৰায়ে পাছ কৰিছে ৷ অজিত কলিতাই নৃপেনক খবৰ দিলে টিউচন কৰি ভালেমান টকা ঘটিব পৰা যায় ৷ তেওঁ
মানুহৰ ঘৰে ঘৰে গৈ টিউচন কৰে ৷ কিছুমান ঘৰত দুই নালাগে আঢ়ৈ হাজাৰ টকামানো মাননি পোৱা
যায় ৷ কথাখিনি শুনি নৃপেনৰ মুখলৈ
পানী আহিল ৷ আঢ়ৈ নালাগে সি যদি ডেৰ হাজাৰমানকৈয়ো মাননি পায় এটা এটা ঘৰৰ পৰা তেনেহ’লে
সি আৰু জীৱনত টিউচনৰ বাহিৰে আন একো কাম নকৰে ৷ পাছে সমস্যা এটাই দেখা দিলে ৷
‘‘আজিত দা, মইনো ইমান টকা দিয়া ঘৰ
ক’ত বিচাৰি পাম ?’’
‘‘চিন্তা নকৰিবি ৷ মই তোক সকলো ঠিক
কৰি দিম ৷ তই মাথো টকা পইছাৰ কথা ভালকৈ পাতি ল’বি ৷’’
দুদিনমান পাছত সঁচাকৈয়ে অজিত কলিতাই
‘টিউচন’ এটাৰ খবৰ দিলে ৷ বৰা ছাৰ্ভিছৰ ওচৰলৈ যাব লাগিব ৷ যথা সময়ত নৃপেন গৈ উপস্থিত
হ’ল গৈ নিৰ্দিষ্ট ঠিকনাত ৷ ঘৰটো দেখিয়ে নৃপনৰ মুখত হাঁহি এটা বিৰিঙি উঠিল ৷ ইমান ডাঙৰ
ঘৰ, দুখনকৈ মাৰুতী গাড়ী !!!!! সি ডেৰ নহয়, আঢ়ৈহে খুজিব ৷
ছাত্ৰ তথা ছাত্ৰৰ মাক দেউতাকৰ সৈতে
চিনাকি হ’ল ৷ কথাই কথাই গম পালে ছাত্ৰৰ দেউতাকে ‘টকা থকা’ বিভাগ এটাতে কাম কৰে ৷ নৃপেনে
ভাবিলে সি আঢ়ৈতকৈ এক টকাও কম নলয় ৷ মানুহজনেও ক’লে, ‘‘দাস আপুনি ভালকৈ পঢ়াওক ৷ ফীজৰ
কথা চিন্তা নকৰিব ৷’’ নৃপেনক আৰু কোনে পায় !!! সদায় চান্দমাৰীৰ ৰেল ক্ৰচিঙৰ পৰা খোজ
কাঢ়ি বৰা ছাৰ্ভিছ পায় গৈ ৷ তাৰ পাছত আৰম্ভ হয় জামেতি, ট্ৰিগ’নমেট্ৰী, দ্বিঘাত সমীকৰণ
আদি ৷ মাজে মাজে ছাত্ৰৰ দেউতাকৰ সৈতে দেখা দেখি হয় ৷ তাৰ মনটো ভাল লাগি আহে ৷ মনতে
ভাব হয় আজি ছাগৈ মাননিটো পাব ৷ পাছে নাই, তেনে একে নহয় গৈ ৷
এদিন ছাত্ৰৰ দেউতাকে ক’লে, ‘‘দাস মাহটো
শেষ হ’বৰ হৈছে ৷ আপোনাক ফীজ কিমান দিব লাগিব ?’’
নৃপেনে মুখৰ হাঁহিটো যিমান পাৰি সিমান
লুকুৱাই উত্তৰ দিলে, ‘‘আঢ়ৈমান নল’লে বৰ কম লোৱা হ’ব ৷’’
নৃপেনৰ উত্তৰ শুনিয়ে ছাত্ৰ দেউতাক
জাঙোৰ খায় উঠিল, ‘‘এহ্ দাস, কি কৈছে হে ?? আপুনি এজন ইঞ্জিনীয়াৰ হৈ আঢ়ৈ কিয় ল’ব হে
????? আপোনালোককলৈ এইটোৱে প্ৰবলেম ৷ নিজৰ মূল্যটো বুজি নাপায় ৷ মই আপোনাক আঢ়ৈ দিব নোৱাৰে
দেই !!!’’
কথা শুনি নৃপেনৰ মুখ শুকাই গ’ল ৷ মনতে
ভাবিলে প্ৰথম দিনাখনেই কৈছিল টকাৰ কথা চিন্তা কৰিব নালাগে ৷ সেয়েহে সি আঢ়ৈৰ কথা কৈছে
৷ কোনো মতেহে তাৰ মুখৰ পৰা ওলাল, ‘‘তেনেহ’লে আপুনি যি ভাল দেখে তাকেই দিব ৷’’
মানুহজনে অকনমান চিন্তা কৰি ক’লে,
‘‘আপুনি ইমান কষ্ট কৰিছে, ইমান ভালকৈ পঢ়াইছে যে মোৰ ল’ৰাই আপোনাক বৰ ভাল পাইছে ৷ আপোনাক
মই তিনি এটা দিম হ’ব নে ? তাতকৈ বেছি দিবলৈ মোৰো অকনমান অসুবিধা হ’ব ৷’’
নৃপেনে পাৰিলে মানুহজনৰ ভৰিত পৰি দিলে
হয় ৷
আজি মাহটো শেষ হ’ব ৷ আজি সি তাৰ জীৱনৰ
প্ৰথম উপাৰ্জনৰ টকাকেইটাত হাত দিব ৷
মনতে ভাবিলে আজি সি চান্দমাৰিৰ পৰা
খোজ কাঢ়ি নহয় ৰিস্কা এখনতে যাব ৷
সময়ত গৈ নৃপেন বৰা ছাৰ্ভিছ পালে গৈ
৷ কোনে মতেই সি পঢ়া-শুনাত মন দিব পৰা নাই ৷ এটা চিন্তা এশ টকীয়া নোট দিব নে, নে পঞ্চাছ
টকীয়া নোট দিব বাৰু ? দহ টকীয়া নোট দিলে আৰু ভাল লাগিব ৷ পকেটত তিনিশখন নোট লৈ ফুৰিবলৈ
কেনেকুৱা লাগিব বাৰু ?
টিউচন শেষ হোৱাৰ লগে লগেই ছাত্ৰ দেউতাকে
আহি নৃপেনৰ হাতত তুলি দিলে এটা বন্ধ লেফাফা ৷ লেফাফাটো হাতত লৈ তাৰ উশাহ-নিশাহ বন্ধ
হৈ যাবৰ উপক্ৰম হ’ল ৷
বাহিৰলৈ ওলাই আহি এবাৰ পকেটত থকা লেফাফাত
হাত দিয়ে পাছ পাকৰে কেনেকৈ টকাকেইটা খৰছ কৰিব তাৰে হিচাব কৰে ৷ মিঠাই, মাংস, বাবুহঁতৰ
নতুন চোলা-কাপোৰ!!!!!!!!!
সি ৰিক্সা এখনত উঠি চান্দমাৰিৰ দিশে
যাবলৈ ধৰিলে ৷ বাৰে বাবে তাৰ মন গৈছে লেফাফাটো খুলি ভিতৰত থকা নোট কেইখন চুই চাবলৈ
৷ পাছে ৰাজপথত ইমান খিনি টকা তেনেকৈ উলিয়াই লোৱাও ঠিক নহ’ব ৷ সি মনতে ভাবিলে গোটেইখিনি
টকা বায়েকৰ হাততে দি দিব ৷
নাই সি পাছে নোৱাৰিলে নিজকে চম্বালিবলৈ
৷ লেফাফাটো খুলি দিলে ৷ ভিতৰৰ নোটকেইখন দেখি সি নিজৰ চকু দুটাকে বিশ্বাস কৰিব নোৱাৰা
হ’ল ৷
নৃপেনৰ হাতত তেতিয়া আছে তিনিখন এশ টকীয়া নোট !!!
তাৰ উপাৰ্জনৰ ধন !!
No comments:
Post a Comment