Sunday, 5 May 2013

পাৰিলে আহিবচোন, অড’মছ লৈ


১৯৭৬চনত দেউতাৰ চালাকাটিলৈ বদলি হল ৷ 

তাত সন্ধিয়া বুলিলে পঢ়াৰ বাহিৰে আন একো কাম নাছিল ৷ 

পঢ়ো আৰু পঢ়ি হলেই ভাত খাই শুই গৈছিলো ৷ 


কেতিয়াবা গৰমৰ দিনত মা-দেউতা আৰু ভাইটিৰ সৈতে চোতালত বহি আকাশৰ তৰাবোৰ চাই চাই কথা পাতি থাকো ৷ 


মোৰ মনত আছে কেতিয়াবা দেউতাৰ বা মাৰ কোলাত শুই শুই আকাশখনলৈ চাই থাকোতে একো 
একোটা পোহৰৰ বিন্দু দেখা পাওঁ ৷ এনে লাগে যেন সেই পোহৰৰ বিন্দুটো আকাশখনৰ এটা দিশৰ পৰা আন এটা দিশলৈ গতি কৰি আছে ৷ তেতিয়া মনতে ভাবো মই কোপাৰ্নিকাছ বা গেলিলিওৰ দৰে কোনো জ্যোতিষ্কৰ আবিস্কাৰ কৰিলো নাইবা মাৰ্কিন যুক্তৰাষ্ট্ৰ কোনো চোৰাংচোৱা যান এখন ধৰা পেলালো ৷
 
কিমান বছৰ যে হল আকাশৰ সেই তৰাবোৰ দেখা নাই ! 
কিমান বছৰ যে হল আকাশৰ সেই মেঘৰ সৈতে লুকা ভাকু খেলা জোনটো দেখা নাই !
কিমান বছৰ যে হল আকাশৰ সেই জ্যোতিস্কৰ বিন্দুবোৰ বা মাৰ্কিন চোৰাংচোৱা যানবোৰ দেখা নাই !

টি.ভি., ফেছবুক., ইন্টাৰনেট, ছুপাৰ মাৰ্কেট, শ্বপিং ম’ল আদিৰ পৰা দেখোন সময়ে নোপোৱা হলো আকাশৰ তলত বহিবলৈ ৷

বতৰ ফৰকাল হলেই বহিম মুকলি আকাশৰ তলত প্ৰাপ্তিৰ সৈতে ৷
বিচাৰিম ধ্ৰুৱতৰাটো, বিচাৰিম সপ্তৰ্ষি মন্ডল, বিচাৰিম হাতীপটি, বিচাৰিম আকাশৰ বুকুৱেদি জোৰেৰে পাৰহৈ যোৱা কোনো জ্যোতিস্ক !

ঘুৰি যাম আকৌ মোৰ সেই এৰি অহা দিনবোৰলৈ!
পাৰিলে আপুনিও আহিবচোন , একে লগে বহি কথা পাতিম !
(পাছে অড’মছ আনিবলৈ নাপাহৰিব আকৌ !’

No comments:

Post a Comment