মেট্ৰিকৰ ৰিজাল্ট হেনো ১০ তাৰিখে নিদিয়ে ৷ অলপ সময় লাগিব ৷
১৯৮৭চনৰ মে মাহৰ কথা ৷ মেট্ৰিক দি ঘৰতে আছো ৷ প্ৰথম কেইদিনমান ঠিকে ঠাকে গ’ল ৷
লাহে লাহে চিনাকি মানুহবোৰে দেখিলেই প্ৰশ্ন কৰিবলৈ ধৰিলে
‘‘লেটাৰ কেইটা থাকিব ?’’
‘‘মেথছত ১০০ থাকিব নে ?’’
‘‘পজিচন ???????????’’
দিনটো ছিগাৰেট হুপি, ‘লাইন মাৰি’, চিনেমা চাই, আড্ডা মাৰি পাৰ কৰি দিওঁ ৷ মেট্ৰিক যে দি থৈছো মনলৈকে নাহে ৷ পাছে ৰাতি হোৱাৰ লগে লগে মনত পৰি যায় পৰীক্ষাটোৰ কথা ৷
মনতে ভাবিবলৈ ধৰো যদি চাৰ-বাইদেউসকলে ভবাৰ দৰে ফলাফল নহয় তেতিয়া কি বুলি ক’ম বাৰু ?
‘‘আপোনালোকক কোনে ভাবিবলৈ কৈছিল মই পজিচন পাম বুলি ?’’
‘‘বহী বেয়া চেন্টাৰত চেক কৰিছিল নেকি জানো !’’
তাতকৈ ভাল অজুহাত এটা পালো ৷ অজুহাত আৰুনো কি ? সঁচা কাৰনেই হয় ৷
মোৰ চেন্টাৰ আছিল উলুবাৰী হাইস্কুলত ৷ ছিটটো খিৰিকিৰ কাষত ৷ পৰীক্ষা দি থাকো ৷ দেৱালৰ কাষত যি ঘৰ মানুহ আছিল তেওঁলোকৰ পাকঘৰটো মোৰ ছিটটোৰ ওচৰতে ৷ ১১ মান বাজিল মাত্ৰকেই সেই পাকঘৰটো পৰা ইমান ভাল ভাল গোন্ধ আহিবলৈ ধৰে যে মোৰ লিখিবলৈকে মন নোযোৱা হৈ যায় ৷ মাছ-মাংসনো সদায়ে কিয় খাব লাগে বাৰু ? ল’ৰা এটাই মেট্ৰিক দি আছে অকনমানটো ভাবিব লাগিছিল ৷ সঁচা কথা কৈছো সেই পাকঘৰটোত যদি তাত নাথাকিল হয় সেই বছৰ ছাগৈ অভিজিৎ বৰুৱাৰ সলনি মই ১ নম্বৰ স্থানত থাকিলো হয় !!!
হঠাতে মনত পৰে মোৰ এইবোৰ কাহিনী সঁচা হ’লেও কোনেও মানি নল’ব ৷
শোৱা পাটীৰ পৰা উঠি জাপ মাৰি গৈ প্ৰশ্ন কাকতবোৰ বাহিৰ কৰি লওঁ ৷ এফালৰ পৰা হিচাব কৰি যাওঁ ৷
নিজৰ লগতে কথা পাতো (এই কামটোত মই ওস্তাদ) ৷
‘‘অংকত অৱনীৰ পৰা এটা কিয় চাই দিছিলো বাৰু ???????? ১ নম্বৰ গ’ল ৷ বৰঠাকুৰ চাৰে গম পালে দিব ৷ তেওঁ বৰ আশা কৰিছিল ১০০ পাম বুলি ৷’’
‘‘এডভাঞ্চ, চায়েঞ্চ, সংস্কৃত আৰু ইংৰাজীত হৈ যাব ৷ ফালি আহিছো ৷’’
‘‘উফ ৰাম !!!!!!!!! মোক কিহে পাইছিল ছচিয়েলৰ দিনা চিনেমা চাবলৈ ?’’
আচলতে কথাটো এনে ধৰণৰ ৷
১৭ নং প্ৰশ্নটোত মানে শেষ প্ৰশ্নটো ১০ নম্বৰ আছিল ৷ মোৰ মনত আছে প্ৰশ্নটো আছিল ‘আন্তৰ্জাতিক বুজা পৰাৰ’ ওপৰত আছিল ৷ মই দিয়া উত্তৰটোও মোৰ মনত আছে ৷ মই দুটা শব্দত উত্তৰ দিছিলো, ‘‘আজিৰ বিশ্ব..’’ ৷ সেইখিনিলৈকে লিখাৰ পাছতে দেখিলো লগৰ কেইবটাও উঠি গ’ল ৷ সিহঁতে চিনেমা চাবলৈ যোৱাৰ কথা আছিল ৷ মোৰো চাবৰ মন গ’ল ৷ গতিকে মই উত্তৰ বহী জমা দি দিলো ৷ উলুবাৰী হাইস্কুলৰ চেন্টাৰৰ বাহিৰত ৰৈ থকা নিৰ্মালী বাইদেৱে মোক আধা ঘন্টা বাকীা থাকোতেই ওলাই অহা দেখি কপালত হাত দি মাটিতে বহি দিলে ৷ মোৰ এনে লাগিল বাইদেউৰ কাৰনে আকৌ এবাৰ ঘুৰি গৈ উত্তৰটো লিখি আহো গৈ ৷ পাছে অপ্সৰাৰ আকৰ্ষণ বেছি আছিল ৷ পালো গৈ অপ্সৰা ৷
নাই নাই শুই থকাই ভাল ৷
এনেয়ে চিন্তা কৰি আছো ৷
কাইলৈ ৯-৩০ত ‘পেৰিছ বাই নাইট’খন চাব যাম ৷
এডাল্ট চিনেমা হ’লে কি হ’ব ময়ো কলেজ পাম গৈ, ৰিজাল্ট যিয়ে নহওঁক !!!

No comments:
Post a Comment