Thursday 16 May 2013

মেট্ৰিক পৰীক্ষা


(১) ৰিজাল্টৰ ডোছা
....................
‘‘হিমন্তাদা, কি SMSত ৰিজাল্ট দিয়াৰ কাৰবাৰ উলিয়াইছে ?’’ 

..................
আমাৰ দিনত মেট্ৰিকৰ ৰিজাল্ট দিবৰ দিনাৰ কথাই বেলেগ আছিল ৷ ৰিজাল্ট দিয়া চেন্টাৰবোৰলৈ যাওক, ঠেলা-হেটা কৰক, বহুজনক লগ পাওঁক, সকলোৰে ৰিজাল্টবোৰ লওক, নিজৰ ৰিজাল্ট যদি ভাল হৈছে সকলোকে দিয়ক ৷ আৰে সেইবোৰ নাই যদি কিহৰ ৰিজাল্ট আকৌ ???? 


আমি যিখন ঠাইত আছিলো তাৰ পৰা কোকৰাঝাৰলৈ ১৬ কিলমিটাৰমান ৷ মেট্ৰিকৰ
 ৰিজাল্টৰ কাৰনে তালৈ যাব লাগে ৷ কেইবাটায়ো একেলগে মেট্ৰিক দিছো ৷ আমাৰ পৰিকল্পনা আছিল ৰিজাল্টৰ দিনা একেলগে যাম আৰু ৰিজাল্ট লৈ ঘৰলৈ উভটিম ৷ ৰাতিপুৱা গা-পা ধুই কোকৰাঝাৰ যাবলৈ সাজু হৈছো তেনেতে দেখিলো মা আৰু দেউতাও সাজু হৈছে কোকৰাঝাৰ যাবলৈ ৷
‘‘তোমালোক আকৌ কলৈ যোৱা ?’’
‘‘ৰিজাল্ট আনিবলৈ আকৌ !’’
‘‘মেট্ৰিক কোনে দিছে ? তোমালোকে নে মই ?? নালাগে যাব ৷’’
পালো গৈ গোটেইকেইটা কোকৰাঝাৰ ৷ হায়াৰ ছেকেন্ডেৰীৰ দিশে গৈ থাকোতে কোনোবাই কলে, ‘‘ল ডোছাকে খাওঁ ৷’’
ঘৰৰ পৰা ভাত খায়ে গৈছিলো তথাপিও মেট্ৰিকৰ ৰিজাল্ট লোৱা আগতেনো কিয় ডোছা খালো গৈ নাজানো ৷ ৰাংজালী ছিনেমাহল কাষৰ হোটেলখনত বহি ডোছা খাই থাকোতে চকুত পৰিল চিনেমাৰ পোষ্টাৰ ৷ জিতু জাপ মাৰি উঠিল, ‘‘নাই নাই ৰিজাল্ট লব আছে !!’’
‘‘এটা কাম কৰ, তয়ে আমাৰ গোটেইকেইটাৰে ৰিজাল্টবোৰ লৈ লবি ৷ আমি আধা চাই গৈ আছো ৷’’ জিতুৱে যিদৰে চিঞৰ-বাখৰ কৰিবলৈ ধৰিলে শেষত অকলতাৰ কাৰনেই আমিবোৰে চিনেমাখন নাচাই নিজৰ নিজৰ ৰিজাল্ট লবলৈ বুলি চেন্টাৰলৈ বুলি খোজ ললো ৷

দূৰৰৈ পৰায়ে চকুত পৰিল, ডাঙৰ গছ এজোপাৰ তলত মা আৰু দেউতা ডিঙি মেলি মেলি ৰৈ আছে ৷
 

‘‘ধেই হিমন্তদা, এই SMSত ৰিজাল্ট দিয়াটো বন্ধ কৰক দেই ! ৰিজাল্ট লবলৈ গৈ যদি ডোছাই নাখালো, চিনেমা চাম বুলিয়ে নাভাবিলো কিহৰ ৰিজাল্ট ললো আকৌ ???’’

(২) এজন বিশেষজ্ঞৰ দৃষ্টিত - মেট্ৰিক পৰীক্ষা
-------------------------------------
এই মেট্ৰিক পৰীক্ষাৰ সময়তে গম পোৱা যায় অসমৰ প্ৰতিজন মানুহ আন নহলেও মেট্ৰিক পৰীক্ষাৰ একো একোজন বিশেষজ্ঞ ৷
এই ধৰক কাইলৈ পৰীক্ষা আৰম্ভ হ, ইংৰাজী আছে ৷ বিশেষজ্ঞই আজি সন্ধিয়া ৫ মান বজাৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীৰ ঘৰে ঘৰে পাক মাৰি ফুৰিব ৷
চাহৰ লগত দিয়া থিনবিস্কুট খায় খায় পৰীক্ষাৰ্থীজনক ক, ‘‘বুজিছা ! একো চিন্তা কৰিব নালেগে’’
পৰীক্ষাৰ্থীৰ মনত চিন্তাই বাহ লয়, ‘‘কিয় চিন্তা নকৰিবা বুলি কলে ? কিবা চিন্তাৰ কথা আছে নেকি বাৰু ?’’
বিশেষজ্ঞই তাৰ পাছত ক, ‘‘একো বেলেগ পৰীক্ষা নহয় একেই পৰীক্ষা ৷ আগৰ দৰেই পৰীক্ষা ৷’’
তেতিয়ালৈকে বৰ বেশেষ চিন্তা নকৰা পৰীক্ষাৰ্থীৰ চিন্তাই লাহেকৈ দুঃচিন্তাৰ ৰূপ লয় গৈ, ‘‘কিয় কলে একেই পৰীক্ষা বুলি ? বেলেগ কিবা হব নেকি ?’’
বিশেষজ্ঞই তাৰ পাছত ক, ‘‘এইটো পৰীক্ষা ভাল কৈ দিবি ৷ এইটোৱে আচল পৰীক্ষা ৷ এইটো ভাল কৰি দে, তাৰ পাছত এনেয়ে গৈ থাকিবি ৷ তাৰ পাছত আৰু একো চিন্তা নাই ৷’’
পৰীক্ষাৰ্থীৰ মগজু তেতিয়ালৈ গোট মাৰে গৈ !!


পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পাছত বিশেষজ্ঞই আচল ৰূপ দেখুবাই দিয়ে ৷
 
ৰিজাল্ট ভালেই হওক, বেয়া হওক ৷ ষ্টেন্ডেই কৰক, ফেলেই মাৰক, বিশেষজ্ঞই ক, ‘‘আচলতে মেট্ৰিকত একো নাই ৷ হায়াৰ চেকেন্ডাৰীটোহে আচল ৷ সেইটো ভাল কৰিব লাগিব কিন্তু ৷ মেট্ৰিকৰ ৰিজাল্টত একো নাই !!’’

No comments:

Post a Comment