Tuesday 21 May 2013

নেকেৰাবিল নামৰ ঠাইখনৰ ওচৰত থকা ‘গৰু ডাক্টৰ’জনলৈ মুকলি চিঠি


নেকেৰাবিল নামৰ ঠাইখনৰ ওচৰত থকা ‘গৰু ডাক্টৰ’জনলৈ মুকলি চিঠি,

পোন প্ৰথমেই মোৰ নমস্কাৰ গ্ৰহন কৰিব ৷ ‘গৰু ডাক্টৰ’ বুলি সম্বোধন কৰাৰ বাবে বেয়া নাপাবা ৷ মই যোৱা দুদিনত গম পাইছো নেকেৰাবিলৰ ওচৰত আপুনি এসপ্তাহ আগতেই চিকিৎসা কৰি অহা গৰুজনীৰ মালিক তথা তেওঁৰ প্ৰতিবেশী অশ্ৰফুলে আপোনাক ‘গৰু ডাক্টৰ’ বুলিয়ে সম্বোধন কৰে ৷ সেই গতিকে ময়ো আপোনাক ‘গৰু ডাক্টৰ’ বুলিয়ে সম্বোধন কৰিছে ৷

এতিয়া চিঠিখনৰ মূল উদ্দেশ্যলৈ আহো ৷

মহোদয়, বৰ বিপদত পৰিছে ৷ যোৱা দুদিনত কেইবাৰ ফোন আহিল ঠিক নাই ৷ আপুনি যে এসপ্তাহ আগতে নেকেৰাবিলত গৰু এজনী চিকিৎসা কৰি আহিছিলে, সেই গৰুজনীৰ স্বাস্থ্যৰ পুনৰ অবনতি ঘটিছে ৷ মই সেই গৰুজনীৰ মালিকো নহয় বা গৰুজনীৰ মালিককো চিনি নাপাওঁ ৷ পাছে গৰুৰ মালিকে মোৰ ফোন নম্বৰটো আপোনাৰ ফোন নম্বৰ বুলি মোবাইলত ভৰাই থ’লে ৷ এতিয়া যোৱা দুদিন ধৰি কাকুটি মিনতি কৰি আছে ৷ প্ৰথম দুবাৰমান মই ভালদৰেই বুজালো যে মোৰ নাম প্ৰতিভূ দত্ত আৰু মই গৰুৰ চিকিৎসাৰ বিষয়ে ভাল দৰে নাজানো ৷ গৰুজনীৰ মালিকে কথাটো ভাল দৰে নুবুজিলে ছাগৈ ৷ ফোনও উপৰিও ফোন আহিবলৈ ধৰিলে ৷ মই যোৱাকালি উপায় নাপায় নিজকে বাৰাক ওবামা বুলি চিনাকি দিলো আৰু তেখেতৰ দৰে মাত উলিয়াই ইংৰাজীত ফৰফৰাই কিবাকিবি কৈ দিলো ৷ কি কৈছিলো এতিয়া মোৰ মনত নাই ৷ ক’ৰ পৰানো মনত থাকিবি, মই একোকে বুজা নাছিলো ৷ গৰুজনীৰ মালিকেও একো বুজা নাছিল ৷ তেওঁ কাৰাবাক কোৱা শুনিছিলো, ‘‘হে ডাক্টার বাবু, কি কয় ?????? বুজলাম না গ’ !!!!’’ মই মনতে ভাবিলো, ‘‘সাৰিলো বাপ্পেকে !’’

পাছে গৰুজনীৰ বেমাৰ সঁচাকৈয়ে বেছি হৈছে ছাগে ৷ আজি ৰাতিপুৱা ৬ বাজি ১১ মিনিটত আকৌ ফোন আহিল ৷ এইবাৰ ফোন কৰিছে গৰুজনীৰ মালিকৰ আশ্ৰাফুলে ৷ মোৰ বোধেৰে যোৱাকালি বাৰাত ওবামাৰ সৈতে হোৱা কথোপকথনৰ ফলাফল ! মই আশ্ৰাফুলক বাৰে বাৰে বুজাইছো মই গৰু ডাক্টৰো নহয় আৰু নেকেৰাবিল নামৰ ঠাইখনো মই দেখা চিনি নাপাওঁ ৷ তেতিয়া আশ্ৰাফুলে মোক যিখিনি কথা ক’লে তাৰ পৰা বুজি পালো নেকেৰাবিলত আপুনি চিকিৎসা কৰি অহা কেইবাজনী গৰু ইতিমধ্যে মৰিলে ৷ নেকেৰাবিলৰ ৰাইজে হেনো মনতে ভাবিছে আপুনি সেই গৰুকেইজনী মৰিল কাৰনে ভয়তে এতিয়া ফোন কৰিলে গৰু ডাক্টৰ নহয় বুলি কয় ৷

মহাশয়, এতিয়া উপায় নাপাই মই কৈছো যে মই চিকিৎসা কৰি দিব পাৰিম, পাছে মোক ৪/৫ বছৰ সময় লাগিব ৷ কাৰন মই আগতে পঢ়ি-শুনি ডিগ্ৰীটো লৈ ল’ব লাগিব ৷ কিন্তু আশ্ৰাফুল আৰু গৰুমালিক নাচোৰ-বান্দা ৷ মই আজিয়ে গৈ চিকিৎসা কৰি আহিব লাগে হেনো !! কি দৰব দিম বাৰু ক’ব পাৰিব নেকি ?

আৰু এটা কথা ৷ এই নেকেৰাবিললৈ যায় কেনেকৈ বাৰু ? মই ঠিকনাটো নাজানো ৷ আশ্ৰাফুলক কথাটো কওঁতে ক’লে, ‘‘আপুনি হস্পিতলেতে থাকিব, মই গৈ লৈ আহিম গৈ ৷’’

মহোদয়, অনুৰোধ কৰিছো পাৰিলে আপুনিয়ে যাওঁক ৷ যোৱাকালি ৰাতি ডেৰ বজালৈকে ফেছবুক কৰিছো ৷ এতিয়া চাওঁক ৰাতিপুৱা ৬ বাজি ১১ মিনিটত আকৌ ফোন আহিল ৷ বৰ বিপদত পৰিছো ৷ আপোনক যদি গৰুজনীৰ মালিকৰ ফোন নম্বৰটো ময়ে দিছো লওঁক- ৮৮৭৬৮১১৭১২ ৷

শ্ৰদ্ধাৰে,

প্ৰতিভূ দত্ত, গুৱাহাটী
২২ মে, ২০১৩
পুৱা ৬ বাজি ৫৪ মিনিট

No comments:

Post a Comment