Sunday 19 May 2013

অন্য চিন্তা - ২


হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফল ওলাল কেইদিনমান পাছত উচ্ছতৰ মাধ্যমিকৰ ফলাফল ওলাব
বহুতৰে ফলাফল ভাল , কিছুৰ ফলাফল তেনে নহ ফলাফল ভাল হোৱা সকলে আগলৈ আৰু ভাল ভাল ফলাফল কৰিব, আজি ফলাফল বেয়া হোৱা সকলেও জীৱনত সফলতাৰ বাট দেখা পাব, তাৰেই কামনা কৰিছে ৷
পাছে তাৰ মাজতে এনে কিছু খবৰো  ওলাইছেই যি ৰকৈ আঘাট দিছে ৷ কাকতত দেখা পালো, আজি এঠাইলৈ যাওঁতে শুনিও আহিলো ফলাফলত অসন্তুষ্ট হৈ, হতাশ হৈ ১৬ বছৰীয়া ছাত্ৰ-ছাত্ৰীয়ে আত্মহনণৰ পথ লৈছে

এইটো কেনেকুৱা ধৰণৰ কথা ? কেনেকৈ ভাবিব পাৰিছে সৰু সৰু ল’ৰা-ছোৱালীবোৰে আত্মহনণৰ কথা ? কেনেকৈ গম পালে তেওঁলোকে এটা পৰীক্ষাত কেইটামান নম্বৰ কমকৈ পোৱাৰ কাৰনে জীৱনটো বিফল হ’ল বুলি ?

মোৰ নিজৰ শৈশৱৰ দিনবোৰ, কৈশোৰৰ দিনবোৰলৈ মনত পৰিছে ৷ স্কুলৰ পৰা আহি ঘৰলৈ ভাত কেইটা খায়ে ওচৰৰে মুকলি পথাৰখনলৈ দৌৰ মাৰো ৷ প্ৰথম অৱস্থাত লুকা-চুৰি, দৌৰা-দৌৰি, পিটথু (কিবা বেলেগ নামো আছে হেনো !) আদি খেল খেলিছিলো ৷ ডাঙৰ হৈ অহাৰ লগে লগে ক্ৰিকেট, ফুটবল খেলিবলৈ ধৰিলো ৷ প্ৰতিদিনেই হৰা-জিকাৰ যুজ ৷ কেতিয়াবা হাৰো, কেতিয়াবা জিকো ৷ তাৰ মাজতে কাজিয়াও কৰো কেতিয়াবা ৷ কেতিয়াবা এনেকুৱাও লাগে নিজৰে অতি মৰমৰ কোনো বন্ধুৱে বিশ্বাসঘাতকতা কৰিলে ৷ কিন্তু হাৰিলো বা জিকিলো, কাজিয়া কৰিলো বা কোনোবাই অন্যায় কৰিলে কেনো কাৰনতে কান্দি কান্দি ঘৰলৈ উভটি নগৈছিলো ৷ খেল পথাৰৰ কাহিনী খেল পথাৰতে সামৰিছিলো ৷ আবেলিৰ সময়খিনিত ক’ত সময় পাৰ কৰো মা-দেউতাহঁতে জানিছিল ৷ কিন্তু মোৰ মনে নধৰে তাত কি কি ঘটে তেওঁলোকে জানিছিল ৷ স্কুলত বহু কথাই শিকিলো কিন্তু  জীৱন যুজৰ বহু আদিপাঠ আছিল আবেলিৰ সেই সময়খিনি ৷ সেই খেলবোৰৰ যোগেদিয়ে পৰাজয়ৰ সৈতে, প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ শিকিলো ৷

আজিৰ ল’ৰা-ছোৱালীবোৰে তেনে ধৰনৰ পৰিবেশ নোপোৱা হ’ল নেকি বাৰু ?? মোৰ ছোৱালীজনীয়ে নাই পোৱা, এই কথাত মই নিশ্চিত ৷
আজিৰ ল’ৰা-ছোৱালীবোৰে  হয়তো ডাঙৰ হৈছে এনে এক পৰিবেশত য’ত তেওঁলোকে প্ৰত্যাহবানৰ মুখামুখি হ’ব নালাগে ৷ মাক-দেউতাকেই তেওঁলোকৰ কাৰনে সকলো কৰি দিয়ে ৷ আজিৰ ল’ৰা-ছোৱালীবোৰে  হয়তো ডাঙৰ হৈছে এনে এক পৰিবেশত য’ত তেওঁলোকে পৰাজয়ৰ মুখামুখি হৈ পোৱা নাই ৷ কম্পিউটাৰত গুলি-গুলি খেলে, ‘কাৰ-ৰেছ’ খেলে বা আন কোনো খেল খেলে য’ত তেওঁলোক সদায়ে জয়ী হয় ৷  তেওঁলোকে কাজিয়া কৰিও পোৱা নাই ছাগে ৷ তেওঁলোকৰ জীৱনৰ প্ৰতিটো কথায়ে নিয়ন্ত্ৰিত ৷ ক’ত যাব, কি কৰিব, কেনেকৈ কৰিব ৷ কিন্তু হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্ছতৰ মাধ্যমিকত প্ৰথমবাৰৰ বাবে তেওঁলোক মুখামুখি হয় এনে এক পৰিস্থিতিৰ যি পৰিস্থিতিৰ ওপৰত তেওঁলোকৰ বা তেওঁলোকৰ মাক-দেউতাকৰ কোনো নিয়ন্ত্ৰন নাই ৷ ইপ্শিত ফলাফল নাপালেই হৈ পৰে হতাশ ৷

এইটোও এটা কাৰণ হ’ব পাৰে নেকি বাৰু ?
এনে ধৰনৰ ঘটনাবোৰ কিয় হৈছে মনোবৈজ্ঞানিক সকলে, শিক্ষাবিদসকলে, সমাজবিদ সকলে বাখ্যা কৰিব পাৰিব ছাগৈ ৷ পাছে এজন সাধাৰণ নাগৰিক হিচাবে, এজন দেউতাক হিচাবে মোক কিন্তু এই কথাখিনিয়ে বৰকৈ আমনি কৰিছে ৷


1 comment:

  1. Bhaal laagil Pratibhu..... ei lekhaa-tito bahu abhibhawakar manar prashna bilaakor baa bhaawanaa bilaakor prakaax ghatise.......

    ReplyDelete