দুই ডেকা ইঞ্জিনীয়াৰ ৷ ২৪/ ২৫ বছৰমান বয়স হৈছে
তেতিয়া ৷ ইঞ্জিনিয়াৰিং পাছ কৰা বেছি দিন হোৱা নাই ৷ তেল কোম্পানীত কাম
কৰে ৷ নতুনকৈ চাকৰিত যোগ দিছে ৷
শিৱসাগৰৰ ৰংঘৰ চাৰিআলিৰ ওচৰৰ ভাড়াঘৰ এটাত মেছ কৰি
থাকে ৷
এদিন বিয়লি বেলাৰ কথা ৷
জয়সাগৰ কলেজত পঢ়ি থকা দুই যুৱতীয়ে পাচলি আদি বজাৰ
কৰি ৰিক্সা এখনেৰে দুই ডেকা
মেছৰ আগেদি গৈ আছে ৷
প্ৰথম ডেকাই
মাত লগালে, ‘‘ভন্তি বজাৰ কৰিলা ?’’
দ্বিতীয় ডেকা
আচৰিত !
‘‘কেনেকৈ চিনি পায় ? পায় জানো চিনি ? জোকাইছে নেকি ?’’
দ্বিতীয় ডেকাক
আচৰিত কৰি যুৱতী দুগৰাকীয়ে মাত দিলে, ‘‘অ অ বজাৰ কৰিলো ৷’’
তাৰ পাছত দ্বিতীয় ডেকাক
আগতকৈয়ো আচৰিত কৰি দুই যুৱতীয়ে ৰিক্সাৰ পৰা নামি তেওঁলোকৰ মেছৰ ফালে খোজ দিলে ৷
মেছৰ বাৰান্ডাত উঠি দুই যুৱতীয়ে প্ৰথম ডেকাক জোৰ কৰিলে, ‘‘ব’লা ৰাতিৰ ভাত সাজ আমাৰ তাত খাবা গৈ ৷’’
প্ৰথম ডেকাই
বুজাইছে যে যাব পৰা নাযাব কাৰন তেওঁৰ নিশা ৮ বজাৰ পৰা ডিউটি আছে ৷
দুই যুৱতী নাচোৰ-বান্দা ৷ ‘‘নাই
তুমি যাবই লাগিব ৷ নহ’লে আমি তোমালোকৰ মেছতে থাকিম আজি ৰাতি
৷’’
প্ৰথম ডেকাই দুই যুৱতীক কেনেবাকৈ মান্তি কৰাই ওভটাই
পঠিয়ালে ৷
দ্বিতীয় ডেকাই প্ৰায় খঙেৰেই ক’লে,
‘‘গগৈ, তুমি যদি ইমান ভালকৈ চিনি পোৱা, মোক আগতে কোৱা নাছিলা কিয় ? বেয়া কথা নহয় ৷ মই ইহঁত দুজনীক মাজে মাজে ৰংঘৰ
চাৰিআলিত জোকাৱ ৷ আজি আহি আমাৰ ঘৰ পালে ৷ মই বৰ লাজ পাইছো দেই !!!’’
ইতিমধ্যে তালুত পানী দিব লগা অৱস্থা হোৱা প্ৰথমজনে মাত লগালে, ‘‘ৰিন্টুদা, মইনো ক’ত
চিনি পাওঁ ? ময়ো জোকাইছিলো হে !!’’
কৃষ্ণহে বুলিলো !!!!
(কফী খায় থাকোতে বিক্ৰমজিতৰ মুখে শুনা কথা দেই ৷ সঁচায়ে হ’ব লাগে ৷)
No comments:
Post a Comment