Friday 31 May 2013

অসমত ফ্ৰেড্ৰিক ফৰছইথ

ইংৰাজী উপন্যাসৰ লগত মোৰ চিনাকী ১৯৮৭চনৰ পাছত
কলেজ হোষ্টেলত মোৰ অন্তৰংগ বন্ধু পদুম বুঢ়াগোহাই আৰু সংলাপ নাহৰ ডেকাই বৰকৈ ইংৰাজী উপন্যাসবোৰ পঢ়ে এদিন ময়ো আৰম্ভ কৰিলো পঢ়িবলৈ প্ৰথম কোনখন পঢ়িছিলো মনত নাই তথাপিও প্ৰথম অৱস্থাত ছিডনী ছেলডন, ৰবাৰ্ট লুডলাম, ফ্ৰেড্ৰিক ফৰচইথ, জেফ্ৰী আৰ্ছাৰ আদিকে পঢ়িছিলো পঢ়ি বেছ ৰস পোৱা লো

বেছি ভাগ উপন্যাসতে মন কৰিছিলো কাহিনী আৰম্ভণি আমেৰিকা বা পৃথিবীৰ যি কোনো এখন দেশত হয় তাৰ পাছত কাহিনীৰ নায়ক, খলনায়ক তথা ঘটনা লেটিন আমেৰিকা, আফ্ৰিকা, অষ্ট্ৰেলীয়া বা জাপান আদি দেশ পায় গৈ প্ৰতিখন দেশ প্ৰতিখন চহৰৰ নিখুত বিবৰণ দিয়া যেনেই অনুভব হয় অনুভব হয় বুলি এই কাৰনেই কৈছো কাৰন সেইবোৰ দেশলৈ মই কোনো দিনেই গৈ পোৱা নাই কিন্তু লেখকে ইমান সুন্দৰকৈ বৰ্ননা কৰে যে এনে লাগে যেন মই সেই চহৰখন দেখিছো কেতিয়াবা কেতিয়াবা কোনো কোনো উপন্যাসত ভাৰতৰ কোনো মহানগৰৰ কথাও উল্লেখ হয় উপন্যাসবোৰ পঢ়িলে ভাব হয় প্ৰতিখন উপন্যাস একো একোটা সঁচা কাহিনীৰ ওপৰত আধাৰিত

এই উপন্যাসবোৰ পঢ়ি থাকোতে মই কল্পনা কৰো যদি কোনোবাই এনে এখন উপন্যাসত গুৱাহাটী বা ডিব্ৰুগড়ৰ কথা কৈ দিয়ে কেনে লাগিব বাৰু ! কেনে লাগিব বাৰু যদি এফ.বি.আই. এজেন্টজনে পান বজাৰৰৰেবতী বহি চিকেন চাউ খাই থাকে ! কেনে লাগিব বাৰু যদি এফ.বি.আই. এজেন্টজনে উংগাৰ এখনত উঠি খলিহামাৰিৰ পৰা চেপনলৈ গৈ থাকে !
পাছে তেনে কল্পনা যে অলীক বুজিব পাৰিছিলো কাৰন অসমৰ কোন কথাইনো ছিডনী ছেলডন, ৰবাৰ্ট লুডলাম, ফ্ৰেড্ৰিক ফৰচইথ, জেফ্ৰী আৰ্ছাৰ আদিক আকৰ্ষিত কৰিব নকৰে কেতিয়াও জানো
তেওঁলোকে যদি নেলেখে নালাগে বাৰু ! অসমৰে কোনোবাই যদি তেনে এখন উপন্যাস লেখিলে হয় ! পাছে কাহিনীয়ে নাই কোনো, গতিকে তনো আৰু উপন্যাস ওলাব মোৰ কল্পনা মোৰ মনৰ মাজতে থাকিল

দুদিনমান আগৰ কথা
হোটেলত বহি আমি কেইজনমানে আড্ডা মাৰি আছো বেছ ৰঙীন সন্ধিয়া ! আড্ডা জমি উঠিছে মোৰ বাহিৰে সেই আড্ডা বহি থকা বাকী কেইজন একো একোজন কোটিপতি ব্যৱসায়ী তাৰ এজনক ধেমালিতে লো, ‘‘তই দেখোন মোক এক কোটিমান দি দিব পাৰ তোৰ ইমান টকা !’’

তেওঁ তাৰ পাছত মোক যিখিনি কথা শুনালে তাকে শুনি মোৰ মুখৰ মাত নোহোৱা হৈ বুজি নাপালো কোটিপতি বন্ধুৱে মই সঁচাকৈ এক কোটি টকা বিচাৰিছো বুলি ভাবি তৎক্ষনাতে সাজি সাজি গোকাট মিছা কাহিনী এটা শুনাই দিলে নে ঘটনাটো সঁচা আছিল

ঘৰলৈ আহি ভাবিলো সঁচাই হওঁক বা মিছাই হওঁক কাহিনী কিন্তু অসমৰ পৰা আৰম্ভ হৈ কেইবাখনো দেশ, দুখন মহাদেশ পাৰ হ’ল ৷ লগতে আছে বিদ্ৰোহী, আমেৰিকাৰ চোৰাংচোৱা সন্থা, সাংঘাতিক প্লট !!!!!!!!

কোনোবাই যদি লেখি দিলে হয় !





No comments:

Post a Comment