২০০০ চনৰ কোনোবা এটা দিন ৷
ফ্লেছবেক – ১ :
ফ্লেছবেক – ৩ :
ফ্লেছবেক – ৪ :
যোৰহাটৰ পৰা বাছখন শিৱসাগৰ নাপাব গৈ
যেন লাগিছে ৷ দুবাৰমান আকৌ মনলৈ ভাব আহিছে চালকজনক কওঁ নেকি, ‘‘বাছখন যোৰহাটলৈকে ঘুৰাই দিয়া ৷ মই
নাযাওঁ ৷’’ পাছ ক্ষণতে আকৌ ভাবো, ‘‘নাই ! এইবাৰ যদি গৈ কেনেবাকৈ কথাটো কোৱা নহয় তেনেহ’লে
ছাগে শিৱসাগৰলৈ জীৱনত আৰু কেতিয়াও যোৱা নহ’ব !’’
খিৰিকীৰে বাহিৰলৈ চাই চাই চিন্তা কৰিব লৈ
ধৰিলো, ‘‘কি বুলি কথাটো কোৱা ভাল হ’ব
বাৰু ?’’
‘‘কথা এটা আছিল ৷……’’
নাই এনেকৈ আগতেও বহুবাৰ চেষ্টা কৰি চাইছিলো ৷ ‘তাই’ যেতিয়া বৰ আগ্ৰহেৰে কয়, ‘‘অ কোৱা আকৌ’’ তেতিয়া মোৰ মুখৰ পৰা ওলাই যায় বেলেগ কিবা কথা ৷
‘‘হেৰি নহয় …………’’
নাই নাই এনেকৈ মোৰ দ্বাৰা কেতিয়াও নহ’ব ৷ তাতকৈ পাতনি নেমেলাকৈ পোনে পোনে কৈ দিয়াই ভাল হ’ব কথাটো ৷ ‘‘মই
তোমাক বিয়া কৰাম বুলি ভাৱিছো ৷’’
নাই নাই ভাৱিছো বুলিও নকওঁ ৷ তাতকৈ কৈ দিম ‘‘মই তোমাক বিয়া কৰাম ৷’’
যোৱা কালি গোটেই ৰাতিটো সঞ্জয় আৰু মই
ৰৰৈয়াৰ বায়ুসেনাৰ চাউনিত বহি বহি এটা উজাগৰী নিশা কটালো, কেনেকৈ কথাটো কোৱা উচিত হ’ব তাৰ এটা উপায় বিচাৰি ৷ সঞ্জয়ে এটাৰ পাছত এটা বিকল্প উল্লেখ কৰি গৈ আছে ৷
মোৰ তাৰ ওপৰত বৰ
এটা বিশ্বাস নাই ৷
সি বায়ুসেনাৰ ‘ফ্লায়িং অফিচাৰ’ ৷ খঙতে তাক ক’লো, ‘‘তই মনে মনে থাকে ৷ তই উড়ন খটোলা উৰুৱা মানুহ, তাকেই উৰাই থাক ৷ মোক এইবোৰ কৈ নাথাকিব ৷
এনেও মোৰ মনত একো নাথাকে ৷ ‘তাই’ক
দেখাৰ পাছত একো মনত নপৰে দেখোন ?’’ এপাকত সি ক’লে, ‘‘ তাৰ মানে ‘তাই’ক
দেখিলে তই চব পাহৰি যাৱ ? ৰ ৰ মই
এটা কাম কৰো ৷
ডায়লগবোৰ তোক এখন কাগজত লিখি দিওঁ ৷ তই
বাছত যাওঁতে মুখস্থ কৰি কৰি যাবি ৷ কিবা এটা মনত থাকিবগৈ দে
৷ সেইটোকে কৈ দিবি ৷ কাম হৈ যাব ৷’’
কামিজৰ চোলাৰ পৰা সি লিখি দিয়া কাগজখন উলিয়ালো ৷
মনটো উৰা মাৰিলে ১৯৯৬চনৰ চেপ্তেম্বৰৰ ৩০
তাৰিখলৈ ৷
শিৱসাগৰ, মেলাচকৰ ৷
ৰাতুলদাৰ বিয়া ৷ তাতে ‘তাই’ক প্ৰথমবাৰৰ বাবে দেখিছিলো ৷
ফ্লেছবেক – ১ :
ৰাতুলদাৰ বিয়া বুলি শিৱসাগৰ পালো গৈ
৷ ৰভাতলতে চকুত পৰিল নীলা কাপোৰজোৰৰ সৈতে এজনী ধুনীয়া ছোৱালী ৷ মোৰ চকু ছোৱালীজনীতকৈয়ো তাইৰ চকু দুটালৈহে ৷ এবাৰ দুবাৰ মান চকুৱে চকুৱে পৰিল ৷
মাজে মাজে লাগে যেন মোলৈ চাই হাঁহি এটা মাৰিছে ৷ পাছে যিকোন সময়তে নোহোৱা নোপজা কথা এনেও মোৰ মনলৈ আহে ৷
গতিকে কথাটোত বৰ বেছি গুৰুত্ব নিদিলো ৷
তথাপিও মোৰ চকু দুটা বাৰে বাৰে সেই নীলা কাপোৰজোৰৰ ফালেই যাবলৈ ধৰিলে ৷ ‘‘নাই নাই, এই বিয়া খাবলৈ আহি ধুনীয়া ছোৱালী চাই লাভ নাই ৷ ক’ৰবাত মই প্ৰেমত পৰি যাম, তাৰ পাছত কি
লেঠা লাগে কোনে জানে ?’’ নিজকে বুজালো ৷ নিজকে আকৌ বুজালো, ‘‘চিনাকি হোৱাত নো কি আপত্তি ? প্ৰেমত নপৰিলেই হ’ল
৷’’ এপাকত নীলা কাপোৰৰ ওচৰ পালো গৈ ৷
চা-চিনাকি হৈয়ে ল’লো ৷ কথা পাতি গ’ম পালো ৰাতুলদাহঁতৰ কাষৰ ঘৰটোতে থাকে ৷ ‘‘কাষৰ ঘৰ ????????’’ মোৰ নিজৰ ওপৰতে খং উঠিল ৷ কেনেকৈ ইমান দিনে নেদেখাকৈ থাকিব পাৰিলো বাৰু ?
বিয়া শেষ হ’ল ৷ গুৱাহাটীলৈ উভটি আহিলো ৷ নীলা কাপোৰৰ গৰাকীয়ে গুৱাহাটীৰ দীঘলীপুখুৰীৰ ওচৰতে থাকি পঢ়া-শুনা কৰে বুলি জানি আহিছিলো ৷ গতিকে ক্ষীণ আশা এটা পুহি ৰাখিছিলো এদিন নহয় এদিন লগ পায় যাম ৷ দিনটোত হোৱাই নোহোৱাই দীঘলপুখুৰীৰ আশে পাশে পাক মাৰিবলৈ ধৰিলো ৷
সাংঘাতিক বুৰ্বকামী এটা কৰি আহিলো ৷ ঠিকনাটো লৈ
নাহিলো ! এদিন পায় গ’লো গ’লো নীলা কাপোৰৰ গৰাকী আৰু বিয়াতে লগ পোৱা তেওঁৰ এক
বান্ধবীক ৷ দুয়োৰে লগতে গৈ ওলালো গৈ তেওঁলোকৰ ঠিকনা ৷ কি কি
কথা পাতিলো এতিয়া মনত নাই ৷ আচলতে মইনো সেইদিনা কি কথা পাতিছিলো ধৰিবই নোৱাৰিলো দেখোন ! তেওঁলোকৰ তাত বহি থাকোতেই মোৰ বিশ্বাস এটা হ’ল মই
প্ৰেমত পৰি গ’লো
৷ তাৰ পাছতে মোৰ মস্তিস্কই কাম কৰিবলৈ বন্ধ কৰি দিলে ৷
এটা কথাই মনত থাকিল মোক কৈছিল, ‘‘আকৌ আহিবা দেই ৷’’ মই
লগে লগে সুধিলো, ‘‘আকৌ মানে কাইলৈ নে ?’’ উত্তৰ দিলে, ‘‘আহিবা ৷’’ ভালকৈ বুজি নাপায় সুধিলো, ‘‘কাইলৈ কেই বজাত আহিম ?’’ একো উত্তৰ নিদি মাথো হাঁহি এটা মাৰিলে ৷
ফ্লেছবেক – ২ :
পাছদিনা ৰাতিপুৱাৰে পৰা এটায়ে চিন্তা, ‘‘কেইটা বজাত যাম ?’’ এবাৰ ভাবিলো পুৱা ৯ মান বজাত যদি যাওঁ দেৰি হ’ব
নেকি বাৰু ? নাই পুৱাই নাযাওঁ বুলিয়ে ঠিক কৰিলো ৷ তথাপিও নাৰেংগীৰ পৰা বুলি চান্দমাৰি হৈ দীঘলীপুখুৰীৰ পাৰত দুপাক মাৰি গীতানগৰত থকা অফিছ পালো গৈ
৷ ঘনে ঘনে হাতঘড়ীটোলৈ চাই থাকিলো ৷ মাজে মাজে সন্দেহ হৈ অফিছৰ দাসক সোধো, ‘‘অ দাস, কেইটা বাজিছে হে ?’’
এনেকুৱা লাগিছে পাৰিলে পৃথিবীত থকা সকলো ঘড়ী কেইবা ঘন্টাও আগুৱাই দিব পাৰ হ’লে
সোনকালে আবেলি ৪ বাজিব ৷ মাজে মাজে ঘড়ীৰ কথা বাদ দি অফিছৰ বাহিৰলৈ ওলাই গৈ
সূৰ্য্যটোৰ ফালে চাওঁ ৷
এনেকুৱা লাগিছে যেন সূৰ্য্য দেৱতাৰ ৰথখন সেইদিনা বৰ
লাহে লাহে চলিবলৈ ধৰিছে ৷ পৰা হ’লে
ঘোৰাকেইটাৰ সলনি ময়ে ৰথখন টানি দিলো হয় ৷
কথাটো হ’ল আবেলি চাৰি কেতিয়া বাজিব ?
চাৰি বজাৰ লগে লগে পালো গৈ দীঘলীপুখুৰীৰ পাৰৰ সেই ঠিকনা ৷
সেই দিনাই আৰম্ভনি ৷ তাৰ পাছত সময় নাই অসময় নাই প্ৰতি দিনেই এবাৰৰ কাৰনে হ’লেও যোৱা
হ’লো সেই ঠিকনালৈ ৷ প্ৰথম অৱস্থাত কৈছিলো,
‘‘এইফালে গৈছিলো ৷ সেই কাৰনে সোমালো ৷’’
‘‘সেইফালে গৈছিলো ৷ সেই কাৰনে সোমালো ৷’’
‘‘বৰ গৰম পৰিছে ৷ সেই কাৰনে সোমালো ৷’’
‘‘বৰষুণ দিছে ৷ সেই কাৰনে সোমালো ৷’’
‘‘পিয়াহ লাগিছে ৷ সেই কাৰনে সোমালো ৷’’
লাহে লাহে একো অজুহাত নেদেখুৱা হ’লো ৷ কি কথা পাতে, কি কথা পাতো, মোৰ কানত একো নোসোমায়
৷ মই চকুকেইটা চাই থাকো ৷ মনে মনে ভাবো, ‘‘প্ৰেমত পৰি গ’লো তাৰ মানে !’’
প্ৰায়ে সন্ধিয়া দুয়ো পুখুৰীৰ পাৰে পাৰে খোজ কাঢ়ো ৷ ‘তাই’ৰ
সৈতে দীঘলপুখুৰীৰ পাৰত খোজ কাঢ়ি থকাতেই বুজি পালো ভগবানে মোৰ মগজুৰ ৱায়েৰিং কৰোতে ক’ৰবাত
খেলি মেলি কৰিলে ৷ আনৰ ক্ষেত্ৰত শুনিছিলো ‘প্ৰথমে বন্ধুত্ব তাৰ পাছত প্ৰেম’ ৷ মোৰ ওলোটা
হৈ হ’ল ৷ প্ৰথমে প্ৰেম, তাৰ পাছত বন্ধুত্ব ৷ বন্ধু মানে বেষ্ট ফ্ৰেন্ড হৈ গ’ল ৷ নিজকে
বুজাও মাজে মাজে, ‘‘মোৰ বেষ্ট ফ্ৰেন্ড বহুত আছে, ‘তাই’ৰ লগত প্ৰেম চলি থাকিলেই ভাল
হয় ৷’’ পাছে মনটোৱে নামানিলে ৷
প্ৰেম শেষ হ’ল ৷ নহ’বনো কিয় ? কোনোবাই মোৰ মুৰত সুমুৱাই দিলে,
‘‘বেষ্ট ফ্ৰেন্ডক হেনো বিয়া কৰাব নাপায় ৷’’ আমি দুয়ো হৈ পৰিলো সাংঘাতিক বন্ধু ৷
লাহে কৈ ১৯৯৭ চনৰ চেপ্টেম্বৰ মাহ আহিল ৷ ‘তাই’ পঢ়া-শুনা শেষ
কৰি শিৱসাগৰলৈ উভটিবলৈ ওলাল ৷ মই বুজি পোৱা নাই মোৰ বেষ্ট ফ্ৰেন্ড নিজৰ ঘৰলৈ উভটি যাব
অথচ মনটো মোৰ ব্যাকুল হৈ পৰিছে ৷ ক’ত বেষ্ট ফ্ৰেন্ড নিজৰ ঘৰলৈ উভটি গ’ল ৷ কেতিয়াও দেখোন এনেকৈ মন বেয়া
হোৱা নাছিল !!! কথাটো কি ? তাৰ মানে এনেকুৱা নেকি যে মোৰ প্ৰেম …..?
‘‘নাই নাই সেইবোৰ কথা ভাবিব নোৱাৰি ৷ কোনোমতে নিজকে বুজাইছো
বেষ্ট ফ্ৰেন্ডক বিয়া কৰাব নোৱাৰি ৷ এতিয়া আকৌ সেইবোৰ ভাবি লৈ বিপদ চপোৱাহে হ’ব ৷ ধুনীয়া
ছোৱালী, তাতে একে বয়সৰ ৷ বিয়া ঠিকেই হৈ আছে ছাগৈ ৷ মই বেষ্ট ফ্ৰেন্ড হৈ থকাই ভাল হ’ব
৷ বিয়াত লুছি বিলাম গৈ ৷’’
ফ্লেছবেক – ৩ :
মোৰ বেষ্ট ফ্ৰেন্ড শিৱসাগৰ
পালে গৈ ৷
যোগাযোগৰ মাধ্যম ব্লুহিলছৰ
কুৰীয়াৰ ছাৰভিছে অনা নিয়া কৰি দিয়া চিঠিবোৰ ৷ সদায়ে এখিলা পাতৰ চিঠি লেখো ৷ ৪/৫ দিনৰ
চিঠি একে লগ কৰি পঠিয়াই দিওঁ শিৱসাগৰলৈ ৷
পাছে আৰু এটা যোগাযোগৰ মাধ্যম
আছিল ৷ ২২২০৮৮৪ ৷ তাহাতৰ ঘৰৰ ফোনটো ৷ ফোন আছে বুলিয়ে সদায় সদায়নো কেনেকৈ ফোন কৰো ?
মই নিজেই বুজাব পৰা নাই বেষ্ট ফ্ৰেন্ড হ’ল বুলিয়ে সদায়ে আকৌ কিয় ফোন কৰিবলৈ লাগে ৷
‘তাই’ মাজে মাজে গুৱাহাটীলৈ
আহে ৷ আহিলে বাবলী, জ্যোৎস্নাহঁতৰ তাতে থাকে ৷ মই লগ ধৰো ৷ নধৰিমনো কিয় ? ‘তাই’ মোৰ
বেষ্ট ফ্ৰেন্ড ৷ সময় পালে দুয়ো একেলগে আকৌ খোজ কাঢ়ো ৷
প্ৰতিবাৰেই বৰ আশাৰে খবৰ কৰো,
‘‘বিয়া কেতিয়ালৈ ?’’ প্ৰশ্নটো কৰোতে মনৰ মাজৰ কোনোবা এটা কোণে শুনিবলৈ বিচাৰে, ‘‘নাই
হোৱা ৷’’ নাজানো কিয় সেই কোণটোৱে বিচাৰিছে ‘নাই হোৱা’ বুলি শুনিবলৈ ৷ হয়তো কিবা আশা
পুহি ৰাখিছে সেই কোণটোৱে ৷ পাছে মোৰ মনটোৱে আচলতে শুনিবলৈ বিচাৰে, ‘‘অ অ হ’ল ৷ তুমি
আহিবা দেই লুছি বিলাবলৈ ৷’’ মোৰ মনটোৱে জানে লুছি বিলোৱা হোৱাৰ পাছতে মুক্তি পাম কাৰো
আগতে স্বীকাৰ নকৰা এটা গুপুত আশাৰ পৰা ৷
সময় বাগৰি ৷ ২০০০ চন মান আহিল ৷ তেতিয়াও আশাৰেই বাট চাই আছো
এদিন খবৰ পাম লুছি বিলাবলৈ সময় হ’ল ৷ তেতিয়াও বৰ কষ্টৰে নিজকে বুজাই আছো ‘তাই’ মোৰ
বেষ্ট ফ্ৰেন্ড ৷ তেতিয়াও বৰ কষ্টৰে নিজকে বুজাই আছো ‘বেষ্ট ফ্ৰেন্ডক বিয়া কৰাব নাপায়’ ৷
লাহে লাহে বাবলী, জ্যোৎস্নাহঁতে মাজে মাজে সুধিবলৈ ধৰিলে,
‘‘তুমি তাইক কিয় বিয়া নাপাত ? পাতিব পাৰা দেখোন ?’’
মই তাহাঁতক উত্তৰ দিওঁ, ‘‘তোমালোকে নুবুজিবা ৷’’ দুয়োজনী জাঙোৰ খাই আহে, ‘‘কিয় বুজি নাপাম হে !! আমাক গৰু বুলি ভাবিছা নেকি ?’’ মই মনে মনে থাকো ৷ কি বুলিনো বুজাওঁ, ‘‘তোমালোক গৰু নহয় ৷ ময়ে এটা গৰু ৷ প্ৰেমত পৰিও প্ৰেমত নপৰিলো ‘তাই’ৰ বিয়াখন সোনকালে হৈ যাব বুলি ৷’’ কেনেকৈ বুজাওঁ, ‘‘ভাবিছিলো মই এষ্টাব্লিছ হোৱাৰ আগতেই তাইৰ বিয়া হৈ যাব ৷ নাই হোৱা এতিয়া মই কি কৰো ?’’
মই তাহাঁতক উত্তৰ দিওঁ, ‘‘তোমালোকে নুবুজিবা ৷’’ দুয়োজনী জাঙোৰ খাই আহে, ‘‘কিয় বুজি নাপাম হে !! আমাক গৰু বুলি ভাবিছা নেকি ?’’ মই মনে মনে থাকো ৷ কি বুলিনো বুজাওঁ, ‘‘তোমালোক গৰু নহয় ৷ ময়ে এটা গৰু ৷ প্ৰেমত পৰিও প্ৰেমত নপৰিলো ‘তাই’ৰ বিয়াখন সোনকালে হৈ যাব বুলি ৷’’ কেনেকৈ বুজাওঁ, ‘‘ভাবিছিলো মই এষ্টাব্লিছ হোৱাৰ আগতেই তাইৰ বিয়া হৈ যাব ৷ নাই হোৱা এতিয়া মই কি কৰো ?’’
মাজে মাজে মনলৈ আহে এইবাৰ ‘তাই’ক লগ পালে কৈ দিম, ‘‘তোমাক
বিয়া কৰাব খুজিছো ৷’’ মনতে ভাবো সুধিম, ‘‘মোৰ সৈতে বিয়াত বহিবা নেকি ?’’ পাছে ‘তাই’ৰ
মুখখন দেখিলে পাহৰি যাওঁ সকলো কথা ৷ মনলৈ আহে ‘বেষ্ট ফ্ৰেন্ডক বিয়া কৰাব নাপায়’ ৷
অকল বাবলীহঁতেই নহয়, ঘৰটো কথাটো ওলালে ৷
২০০১ চনৰ কোনোবা এটা দিন ৷
মোৰ জেঠাইদেৱৰ ল’ৰা, বৰদেউতাৰ ছোৱালীহঁতে হেনো মোক দেখা পাইছে
দীঘলীপুখুৰীৰ পাৰত কোনোবা এজনী ধুনীয়া ছোৱালীৰ সৈতে ঘুৰি ফুৰা ৷ এদিন ঘৰৰে বিয়া এখনত
নিপুদাই সুধিলে, ‘‘ছোৱালীজনী কোন নো ? বিয়াৰ
কথা পাতো নেকি ?’’ মই জাপ মাৰি উঠিলো, ‘‘নাই নাই ! তাই মোৰ বেষ্ট ফ্ৰেন্ড ৷’’ সেই সময়ৰ
আৰু কেইজনমান দাদা-বাইদেই-ভিনদেউ-বৌ ওচৰতে
ঠিয় হৈ আছিল ৷ আটায়ে মোক হেচা মাৰি ধৰিলে, ‘‘বেষ্ট ফ্ৰেন্ড হয় যদি হয় ৷ কি হ’ল তাতে
?’’ মই হাঁহিমেই নে কান্দিমেই ধৰিব পৰা নাই ৷ ‘ইমান ডাঙৰ কথাটোও নাজানে নেকি বাৰু দাদা-বাইদেউহঁতে
?’ বৰ দুখেৰেই ক’লো, ‘‘ তোমালোকে নাজানা নেকি বেষ্ট ফ্ৰেন্ডক বিয়া কৰাব নাপায় ?’’ মোক
ধৰি মাৰিবলৈহে বাকী ৷ ‘‘মূৰ্খ !! কোনে ক’লে
তোক এইটো কথা ?’’
সেইদিনা বিয়াত আটায়ে মোক বুজালে বেষ্ট ফ্ৰেন্ডক বিয়া কৰাব
পাৰি ৷ কোনে কোনে বেষ্ট ফ্ৰেন্ডক বিয়া পাতিলে তাৰো হিচাব এটা দিলে ৷
ফ্লেছবেক – ৪ :
তাৰমানে ‘বেষ্ট ফ্ৰেন্ডক বিয়া কৰাব’ পাৰি ???
পাছ দিনাই পালো গৈ ৰৰৈয়াৰ সেনাৰ চাউনি ৷ বন্ধু সঞ্জয়ক মনৰ কথা ক’লো ৷ তাক আৰু কোনে পায় ৷ এইটো সেই
মৌচাকলৈ আধুনিক প্ৰেমৰ কবিতা পঠিয়াবলৈ উপদেশ দিয়াটোহে ** ৷ গোটই ৰাতি জল্পনা কল্পনা
চলিল ৷ মাজতে এবাৰ এই ভাবটো মনলৈ নহাও নহয় যে মই ঘৰৰ ল’ৰা ঘৰলৈ উভটি যোৱাই ভাল হ’ব
৷ পাছে নগ’লো উভটি ৷ উজাগৰী নিশা পাৰ হ’ল ৷ সঞ্জয়ে ৰাতিপুৱাই বৰুৱা চাৰিআলিত নমাই দিলে
৷
উঠিলো শিৱসাগৰলৈ বুলি বাছ এখনত ৷ পাছে যোৰহাটৰ পৰা বাছখন শিৱসাগৰ নাপাব গৈ যেন লাগিছে ৷
সেই বিশেষ দিনটো, শিৱসাগৰত :
‘‘শিৱসাগৰ’’, ‘‘শিৱসাগৰ’’
বুলি চিঞৰ কেইটা শুনিহে মই খকমক্ কৈ সাৰ পালো ৷ বাছ ৰৈ আছে দৰিকাপাৰৰ বাছ ষ্টেন্ডত
৷ দীঘল দীঘল কৈ উশাহ কেইটামান লৈ মই আগবাঢ়িলো যোৰহাট অভিমুখি বাছ এখনৰ দিশে ৷ ‘তাই’ৰ
ঘৰলৈ নাযাওঁ আৰু বুলিয়ে ঠিক কৰিলো ৷ নাহো আৰু
জীৱনত শিৱসাগলৈ বুলিয়ে ঠিক কৰিলো ৷ পাছে কেনেকৈ জানো মই বাছখনৰ সলনি পালো গৈ এখন ৰিক্সাৰহে
ওচৰ, ‘‘অই ! ব’ল মেলাচকৰলৈ ৷’’
‘‘দাদা ২০ টকা লাগিব ৷’’
‘‘ৰিক্সাৰ পৰা মই জাপ মৰাৰ আগতেই যদি মেলাচকৰ পোৱাই দিব পাৰ তেনেহ’লে ১০০
টকা দিম ৷’’ বেচেৰা ৰিক্সাৱালাই ভয়তে ক’লে, ‘‘দাদা মোৰ ভাৰাটো দিলেই হ’ব ৷ ১০ টকা ৷’’
চকু দুটা মুদি গৈ
আছো ৷ মনতে ঠিক কৰি ল’লো যিয়ে নহওক আজি ‘তেৰি-মেৰি’ নাই ৷ সন্মুখত ঠিয় হৈ কৈ দিম,
‘‘মই তোমাক বিয়া কৰাম ৷’’ বুকু ডাঠ কৰি লৈ সঞ্জয়ে লেখি দিয়া কাগজৰ টুকুৰাটো দলি মাৰি
দিলো ৷
তাহাতৰ ঘৰৰ অকনমান আগত ৰিক্সাৰ পৰা নামি দিলো ৷ ৰিক্সাৱালাক
কোৱা মনতেই ১০০ টকা দিলো ৷
‘‘দাদা খুচুৰা দিয়ক ৷’’
‘‘আৰে তোমাক ১০০ টকাই দিছো ৷ লোৱা, লোৱা ৷’’ জোৰ কৰি তেওঁৰ
হাতত ধৰাই দিলো ১০০ টকাটো ৷ দুখ মনেৰে ৰিক্সাৱালাজনে ৯০ টকা ঘুৰাই দিলে ৷
ঘৰটোৰ ফালে খোজ ল’লো ৷
মনতে ভাবিলো প্ৰথমে ৰাতুলদাহঁতৰ ঘৰলৈ নাযাওঁ ৷ আগত কামটো কৰি লওঁ ৷ তাৰ পাছত
যাম ৷ দূৰৈৰ পৰায়ে দেখিলো ৰাতুলদাহঁতৰ জেঠাই বাহিৰত বহি আছে ৷ গতিকে জেঠাইক মাত নিদি
কাষৰ ঘৰলৈনো কেনেকৈ যাওঁ ? ৰাতুলদাহঁতৰ ঘৰতে সোমালো ৷ জেঠায়ে ঘৰৰ খা-খবৰ ল’লে ৷ ইটো-সিটো
কথা সুধিলে ৷ তাৰ পাছত ক’লে, ‘‘হেৰা কথা এটা নহয় ! তুমি দেখোন ‘তাই’কে বিয়া কৰাব পাৰা ৷ মই পাতো নেকি
কথা ?’’
মই হাঁহি এটা মাৰি ক’লো, ‘‘কিয় জোকাইছে জেঠাই ? তাইক আকৌ
মই কেনেকৈ বিয়া কৰাম ? তাই মোৰ বেষ্ট ফ্ৰেন্ড ৷ বেষ্ট ফ্ৰেন্ডক বিয়া নকৰাই নহয় ৷ হেৰি
নহয় মই ডিব্ৰুগড়লৈ যাওঁ ৷ এনেয়ে আপোনাক মাত লগাবলৈ সোমাইছিলো ৷ পানী এগিলাছ দিয়ক, খাওঁ
আৰু যাওঁ ৷ পলম হৈছে ৷’’
পানী আনিবলৈ যাওঁতে জেঠায়ে ভোৰভোৰাই গ’ল, ‘‘কি বেষ্ট ফ্ৰেন্ড
নাজানো পায় ! ইমান ঘনে ঘনে আহি থাকা দেখিহে কৈছিলো ৷’’
পানী খায়ে মই খোজ ল’লো আকৌ দৰিকাপাৰলৈ ৷ সোনকালে ডিব্ৰুগডলৈ
যোৱা বাছ এখন ধৰিব লাগে ৷
haidinau kua nohol mane apunar...pise kole ketia take janiboloi roi asu...
ReplyDeletemukui kunubai koisil je best friend.k biya krabo napai..haikrne moiu ejnik propose nkrilu..atiahe gom palu best friend.k biya krabo pai buli..seh kisudin agot gom pua hole koiei ilu heten taik..
ReplyDelete