Thursday, 30 May 2013

মন্দিৰৰ প্ৰসাদ

নৃপেনে তাৰ ফেছবুক একাউন্টটো বন্ধ কৰি দিলে ৷নৃপেন মানে সেই টিউচন কৰা নৃপেন, বিদ্যৰ নৃপেন, ৰেগিঙৰ মাজত কবিতা পঢ়া নৃপেন, লাষ্ট ডিজিট লটাৰীৰ মেকিং কৰা নৃপেন !
বহুদিন তাৰ সৈতে কথা পতিব পৰা নাছিলো ৷ আজি  সি ফোন কৰিলে (মই তালৈ ফোন কৰিবলৈ অসুবিধা, বহু টকা লাগিব ! ভয়তে নকৰো ৷

সি প্ৰায়ে মোক কাহিনী শুনাই থাকে ৷ আজিও শুনালে এটা কাহিনী ৷
বৰ বেজাৰ পালো ৷ তেনেকুৱা হব নালাগিছিল ৷ মানি ললো বাৰু তেনেকুৱাই হৈছিল ৷ ২০১১ চনৰ ঘটনাটো আজি আকৌ মোক কিয় শুনালানো ? অলপ টানকৈয়ে ক’লো ৷ সি মোক কথা দিলে, ‘‘এই ডিচেম্বৰত গৈ আছো ৷ এইবাৰ তোমাৰ তাত ৷’’

নৃপেনৰ কাহিনীটো 

‘‘বুজিছা প্ৰতিভূ যোৱাবাৰ ঘৰলৈ যাওঁতে তিনিটা বস্তুলৈ গৈছিলো ৷ এটা মোৰ গাওঁৰ ঘৰৰ ওচৰৰ বন্ধু দুজনমানলৈ, এটা মোৰ ভিনিহি আৰু তেওঁ বন্ধু এজনৰ বাবে ৷ তিনি নম্বৰটো তোমাৰ আৰু পাৰ্থৰ বাবে ৷’’

মই জাপ মাৰি উঠিলো ৷ কানাডাৰ পৰা মোৰ নামত বস্তুআহিছিল অথচ মই নাপালো দেখোন !!
‘‘হেৰা নৃপেন মই নাপালো দেখোন ??????????’’
‘‘বাহে সেইটোৱেই কাহিনীটো ৷’’
‘‘অ অ কোৱা ৷’’
নৃপেনে আৰম্ভ কৰিলে, ‘‘জানানে মোৰ দিল্লীৰ ঘৰটোত চাৰিটা মান এতিয়াও থৈ দিয়া আছে ৷ আজি চাৰি বছৰমান আগতে কিনোতেই ২০ বছৰ পুৰণি আছিল ৷’’
‘‘হেৰা সেইবোৰ ফাল্টু কথা বাদ দিয়া হে ! তোমাৰ দিল্লীৰ ঘৰৰ চাবিটো ক’ত আছে ?’’
মোৰ প্ৰশ্নটো শুনি ছাগে নৃপেনে অলপ ভয় খালে ৷ সি তাৰ আচল কাহিনী আৰম্ভ কৰিলে, ‘‘অ অ শুনা কাহিনীটো ৷ প্ৰথম দুটা বিলোৱাৰ পাছত বাইদেউৰ ঘৰত তোমালোকৰ ‘বস্তু’টো লুকুৱাই থৈছো ৷’’
কথাখিনি কওঁতে নৃপেনে ‘তোমালোকৰ’ শব্দটোত লগাতকৈ অলপ বেছি জোৰ দিয়া যেন লাগিল ৷ মই সুধিলো, ‘‘আমাৰ ‘বস্তু’ তুমি বাইদেউৰ ঘৰত আকৌ কিয় লুকুৱাই থৈছিলা ?’’
‘‘আৰে প্ৰতিভূ তুমি নাজানা !! ভিনিয়ে পালে খটম কৰি দিব ৷ মই লুকুৱাই থোৱা বস্তুটো দেখি বাইদেৱে সুধিলে – তই বহুত কেইটা আনিছ নেকি ? মই তাইক বুজালো আৰু নাই ৷ এইটোৱে শেষ ৷ প্ৰতিভূহঁতৰ কাৰনে আনিছো ৷’’
নৃপেনৰ কথা শুনি মোৰ মুৰটো আকৌ গৰম উঠি গ’ল ৷ আৰে ভাই মোলৈ যদি আনিছিলা তেনেহ’লে নিদিলা কেলৈ ?

নৃপেনে বাইয়েকৰ পৰা এটা প্লাছটিকৰ মোনা এটা লৈ পাৰ্থৰ অফিছলৈ বুলি ওলাল ৷ মোনত সুমুৱাই ল’লে ‘প্ৰতিভূহঁতলৈ অনা বস্তুটো’ ৷
নৃপেনে কৈ গ’ল, ‘‘মই পাৰ্থক ফোন কৰিলো ৷ বস্তুটোৰ কথা ক’লো ৷ তোমালোকক মাতিবলৈ ক’লো ৷ তাত গৈ দেখো আলু আৰু পাৰ্থ বহি আছে ৷’’
মই বৰ আশাৰেই সুধিলো, ‘‘মই বহি আছিলো নে নাই ?’’ বহি থকা যে নাই সেইটো মই জানো, কিন্তু নৃপেনৰ কাহিনীটোতে বহি থাকিব পালেও মনটো ভাল লাগিব ৷ তাৰ বাহিৰেনো উপায় কি ?
নৃপেনে ঢেক-ঢেকাই হাঁহি মাৰি ক’লে, ‘‘নাই নাই ! তুমি আৰু ক’ত ? পাৰ্থৰ তাত হেনো তোমাৰ নম্বৰটো নাছিলে ৷’’
‘‘কি কপাল ??????? পাৰ্থৰ তাত মোৰ নম্বৰটো নাই ??? কিন্তু তাৰ দুয়োটা মোবাইলত মোৰ মোবাইল নম্বৰ আছিল দেখোন !!’’ মনতে ভাবিলো ৷
তাক সুধিলো, ‘‘তিনিটাই দুলিটাৰ মাৰি দিলা নেকি ?’’
‘‘নাই নাই !!!!! আলুৱে নল’লেই ৷ পাৰ্থয়ো দুটাহে ল’লে ৷ তুমিটো জানাই মই তিনিটাতকৈ বেছি নলওঁ ৷’’
হিচাবটো শুনি মন ভাল লাগি গ’ল ৷ কিবা অকনমান আশা আছে তাৰ মানে এতিয়াও !!
‘‘তাৰ পাছত বাকী থকাখিনি কি কৰিলা ?’’
নৃপেনে এটা আশাৰ বাতৰি দিলে, ‘‘মই পাৰ্থক ক’লো তয়ে ৰাখি থ ৷ প্ৰতিভূহঁতক দি দিবি ৷’’
মনটোৱে বিদ্যুতৰ গতিত হিচাব কৰিলে ৷ ২০১১ চনৰ পৰা ২০১৩ চনলৈ পাৰ্থক বহুবাৰ লগ পালো ৷ এবাৰো একো দিয়া নাই দেখোন !
নৃপেনে আকৌ মাত দিলে, ‘‘পাৰ্থই কি ক’লে জানা নে ? সি হেনো ‘বস্তু’টো তাৰ ঘৰত ৰাখিব নোৱাৰে ৷’’
নিজৰ মুৰটো লেপটপৰে মাৰি দিম যেন লাগিল ৷ পাৰ্থকে লাগি পাৰিলো, ‘‘আৰে ভাই পাৰ্থ !! এইটো কি AK 47 ? তই নোৱাৰ মোৰ ঘৰত আহি দি যাব লাগিছিল ৷ আৰু কোনে কৈছে এইবোৰ ৰাখি থোৱা বস্তু ৷ আমাক খবৰ দিবি আমি ব্যৱস্থা কৰিম নহয় ৷’’
মই মনে মনে থকা দেখি নৃপেনে ক’লে, ‘‘তাৰ পাছত কি হ’ল শুনা ৷ মই বগা প্লাছটিকৰ মোনাত ভৰাই আকৌ ‘বস্তু’টো নি বাইদেউৰ ঘৰ পালো গৈ ৷ মোৰ হাতত বগা মোনা দেখা পায় বাইদেৱে সুধিলে – তই এইটো আকৌ ঘুৰাই আনিলি যে ? মই তাইক কথাটো বুজাই ক’লো ৷ তাৰ পাছত বাইদেৱে কি ক’লে জানা নে ?’’
মোৰ জানিবলৈ বৰ মন নাছিল ৷ পাৰ্থৰ তাত মোৰ ফোন নম্বৰ কেনেকৈ নাই মোৰ সেইটোহে জানিবলৈ মন আছিল ৷ তথাপিও অভদ্ৰামি হ’ব বুলি নৃপেনক সুধিলো, ‘‘কি বুলি ক’লে ?’’
নৃপেনৰ বায়েকে হেনো তাক সুধিলে, ‘‘তইযে ঘৰে ঘৰে এইবোৰ বিলাই ফুৰিছ, এইয়া কি মন্দিৰৰ প্ৰসাদ ????’’

মই দুখেৰেই সুধিলো, ‘‘
পাছে বস্তুটোৰ নামটো কি আছিল ?’’
‘‘জনী ৱাকাৰ ৷’’
‘‘কিমান বছৰ পুৰণি ?’’
‘‘১৮ নে ২০ বছৰ পুৰণি !!’’
মই লেপটপৰ আগত বহি বহি দুখতে ঢোক এটা গিলিলো ৷

টোকা – এইবাৰ মই নৃপেনক মোৰ ফোন নম্বৰ, লগতে মোৰ পৰিবাৰৰ ফোন নম্বৰ দি ৰাখিছো ৷ সি ডিচেম্বৰত অসমলৈ আহিব ৷
   

1 comment: