প্ৰথম
বছৰেই বৰ মন দি চালো ৷ আগতে দেখা নাছিলো এনে ধৰনৰ পৰিবেশ ৷ আই. পি. এল. ৷ তাৰ পাছৰ
কেই বছৰ তেনেকৈ নোচোৱা হ’লো ৷ সময় নোপোৱা হ’লো
৷ দুবছৰমান গমেই নাপালো কোন জিকিলে, কোন হাৰিলে ৷
এইবাৰ
কিন্তু আৰম্ভণিৰে পৰা মন দি চাইছিলো ৷ কাৰন আছে ৷ এই যে খান বাইদেৱে অফিছৰ ভিতৰ, ৰেলগাড়ীৰ
ভিতৰ, শোৱণি কোঠাৰ ভিতৰ সকলোতে কিবা ‘ডিল
জাম্পিং জাপাং গিলি গিলি আ’ শিকাই ফুৰিছিলে তেতিয়াই ময়ো
নাচটো শিকি গ’লো ৷ গতিকে চাৰি বা ছয় মাৰিলে নাচিম
বুলিয়ে আ.পি.এল. চাবলৈ ল’লো ৷
আন
এটা কথায়ো মোৰ আই.পি.এল. প্ৰতি থকা অনুসন্ধিৎসা বঢ়াই তুলিলে ৷ খেলবোৰ আৰম্ভ হোৱাৰ
আগে আগে মাজে মাজে টি.ভি. কোৱা শুনো, ‘‘কই নেহী বাছে গা’’ মানে ‘‘কোনো নাবাচিব’’ ৷ মনতে
ভাবো খেলৰ মাজত এইটো কেনে ধৰণৰ কথা ? সকলো মৰিব কেলৈ বা ??
গতিকে মই ভাবিবলৈ ধৰিলো আই.পি.এল.খন নাচৰ প্ৰতিযোগিতাৰ লগতে এক
চাঞ্চপেঞ্চ থ্ৰিলাৰো হ’ব ৷
আই.পি.এল.
শেষ হওঁ হওঁ হ’ল ৷ কোনো এজনকো মৰা নেদেখিলো ৷ সকলো দেখোন বাচি আছে ! এওঁক কথাটো কওঁতে
খঙতে ক’লে, ‘‘তুমি ইমান অধৈৰ্য্য কিয় ?
আধাতে কেনেকৈ মৰিব ? শেষ হোৱাৰ আগে আগে মৰিব ৷
তুমি ‘জাম্পিং
জাপাং’ কৰি কৰি প্ৰগ্ৰেম চাই থাকা ৷ কি খাবা কোৱা ! বুট ভাজি
?’’
মই
বুট ভাজি খাই খাই ‘জাম্পিং জাপাং’ কৰিবলৈ ধৰিলো ৷
তাৰ
পাছত আহিল ‘খেল কা আচলি মজা!’’
আহি
ওলাল আই.পি.এল.ৰ মাজত দিল্লী পুলিছ ৷ দিল্লী পুলিছৰ পাচত আহিল মুম্বাই পুলিছ ৷ আজি
শুনিলো কলকাতা পুলিছো আহিছে ৷ মোৰ লাগিছে এতিয়া অসম পুলিছো আহিব ৷
এতিয়া
আৰম্ভ হ’ল ‘চোৰ-পুলিছ’ৰ খেলা ৷ জমি গৈছে ৷
‘‘কই নেহী বাছে গা!!!!!!!!!!!!!’’
টোকা
:
শ্ৰীশান্ত, ছান্দিলা,
ছাভান আৰু বিন্দু, তোমালোকে চিন্তা নকৰিবা ৷
খেলা শেষ হ’লে তোমালোকক এৰি দিব ৷ ঘৰত খবৰটো দি দিম বাৰু
দিয়া, তোমালোকৰ গৈ পাওঁতে দেৰি হ’ব
বুলি ৷
No comments:
Post a Comment