Wednesday, 22 May 2013

ডিল জাম্পিং জাপাং গিলি গিলি আ - কই নেহী বাছে গা!!!!!!!!!!!!

প্ৰথম বছৰেই বৰ মন দি চালো ৷ আগতে দেখা নাছিলো এনে ধৰনৰ পৰিবেশ ৷ আই. পি. এল. ৷ তাৰ পাছৰ কেই বছৰ তেনেকৈ নোচোৱা হ’লো ৷ সময় নোপোৱা হ’লো ৷ দুবছৰমান গমেই নাপালো কোন জিকিলে, কোন হাৰিলে ৷

এইবাৰ কিন্তু আৰম্ভণিৰে পৰা মন দি চাইছিলো ৷ কাৰন আছে ৷ এই যে  খান বাইদেৱে অফিছৰ ভিতৰ, ৰেলগাড়ীৰ ভিতৰ, শোৱণি কোঠাৰ ভিতৰ সকলোতে কিবা ‘ডিল জাম্পিং জাপাং গিলি গিলি আ’ শিকাই ফুৰিছিলে তেতিয়াই ময়ো নাচটো শিকি গ’লো ৷ গতিকে চাৰি বা ছয় মাৰিলে নাচিম বুলিয়ে  আ.পি.এল. চাবলৈ ল’লো ৷

আন এটা কথায়ো মোৰ আই.পি.এল. প্ৰতি থকা অনুসন্ধিৎসা বঢ়াই তুলিলে ৷ খেলবোৰ আৰম্ভ হোৱাৰ আগে আগে মাজে মাজে টি.ভি. কোৱা শুনো, ‘‘কই নেহী বাছে গা’’ মানে ‘‘কোনো নাবাচিব’’ ৷ মনতে ভাবো খেলৰ মাজত এইটো কেনে ধৰণৰ কথা ? সকলো মৰিব কেলৈ বা ?? গতিকে মই ভাবিবলৈ ধৰিলো আই.পি.এল.খন নাচৰ প্ৰতিযোগিতাৰ লগতে এক চাঞ্চপেঞ্চ থ্ৰিলাৰো হ’ব ৷

আই.পি.এল. শেষ হওঁ হওঁ হ’ল ৷ কোনো এজনকো মৰা নেদেখিলো ৷ সকলো দেখোন বাচি আছে ! এওঁক কথাটো কওঁতে খঙতে ক’লে, ‘‘তুমি ইমান অধৈৰ্য্য কিয় ? আধাতে কেনেকৈ মৰিব ? শেষ হোৱাৰ আগে আগে মৰিব ৷ তুমি   ‘জাম্পিং জাপাং’ কৰি কৰি প্ৰগ্ৰেম চাই থাকা ৷ কি খাবা কোৱা ! বুট ভাজি ?’’

মই বুট ভাজি খাই খাই ‘জাম্পিং জাপাং’ কৰিবলৈ ধৰিলো ৷
তাৰ পাছত আহিল ‘খেল কা আচলি মজা!’’

আহি ওলাল আই.পি.এল.ৰ মাজত দিল্লী পুলিছ ৷ দিল্লী পুলিছৰ পাচত আহিল মুম্বাই পুলিছ ৷ আজি শুনিলো কলকাতা পুলিছো আহিছে ৷ মোৰ লাগিছে এতিয়া অসম পুলিছো আহিব ৷

এতিয়া আৰম্ভ হ’ল ‘চোৰ-পুলিছ’ৰ খেলা ৷ জমি গৈছে ৷
‘‘কই নেহী বাছে গা!!!!!!!!!!!!!’’

টোকা :
শ্ৰীশান্ত, ছান্দিলা, ছাভান আৰু বিন্দু, তোমালোকে চিন্তা নকৰিবা ৷ খেলা শেষ হ’লে তোমালোকক এৰি দিব ৷ ঘৰত খবৰটো দি দিম বাৰু দিয়া, তোমালোকৰ গৈ পাওঁতে দেৰি হ’ব বুলি ৷

No comments:

Post a Comment