এখন গাড়ী ৰৈ গ’ল দিখৌ দলঙৰ ওচৰত ৷ বজাৰ-সমাৰ, ফটো বিভিন্ন কাৰনত ৷ আনখন গাড়ী সুতীব্ৰ গতিৰে আগবাঢ়িল জাঁজি অভিমূখে ৷
কিছুপৰ বৰ বিশেষ কথা বতৰা হোৱা নাই ৷ মই মনে মনে ৰিন্তুৰ ঘৰত এৰি থৈ অহা ৫টা ছিভাজ ৰিগেলৰ কথা
ভাবি আছো ৷ গৌৰীসাগৰ মান পাওঁতে অগ্নিয়ে মাত লগালে, ‘‘ দাদা কেতিয়াও জেক খাব নাপায় !’’
মই অগ্নিৰ মুখলৈ চালো ৷ কাক কৈছে বাৰু ? মোক নে দিগন্তক কৈছে ধৰিব পৰা নাই ৷ কাক কৈছে বাদ দিলো বাৰু ৷ কিন্তু কৈছে কি বাৰু ? জেক ডেনিয়েলৰ কথা কৈছে নেকি বাৰু ?? এনেও মই ৰিন্তুৰ ঘৰত থকা ছিভাজ ৰিগেল কেইটাৰ কথা ভাবিয়ে
আছিলো ৷ একো ধৰিব নোৱাৰি অগ্নিক ক’লো, ‘‘তাৰ মানে ? জেক ডেনিয়েল
বেয়া নহয় কিন্তু !! অন দ্যা ৰকছ্ খাব লাগে কিন্তু !!’’
অগ্নি জেক জেকাই উঠিল, ‘‘আপোনাক ছিৰিয়াছ কথা ক’ব নাপায় !! মই কি কৈ আছো আৰু আপুনি যা-তা কথা কৈ আছে !’’
মনে মনে গাড়ী চলাই থকা দিগন্তই মাত লগালে, ‘‘তই কি জেকৰ কথা কৈছ ? এই যে মানুহক উঠাই দিয়ে যে !! সেইটো ?’’
অগ্নিয়ে উৎসাহেৰে ক’লে, ‘‘অ অ !! সেইটো জেকৰ কথা কৈছো ৷ (মোৰ ফালে দেখুৱাই ) এইজনো কম মানুহ নহয় !! জেক দি মানুহ চন্দ্ৰ পোৱাই দিব আৰু তাৰ পাছত গায়েব হৈ যায় ৷’’
অগ্নি মনে মনে আছে ৷ দিগন্তই মনে মনে গাড়ী চলাই আছে ৷ ময়ো মনে মনেই আছো ৷ বুজি পোৱা নাই অগ্নিয়ে কি প্ৰসংগত কথটো উলিয়ালে ৷ অলপ পৰ ৰৈ অগ্নিয়ে আকৌ আৰম্ভ কৰিলে, ‘‘জেক খাই কোনেও কেতিয়াও একো কৰিব নাপায় ! হ’ব লগা কাম নহয় গৈ !’’
মোৰ কথা এটা মনত পৰি গ’ল ৷ ‘‘এন্টি জেক (anti jack) আৰু বেয়া বস্তু !!! জেক খালেও এন্টি জেক কেতিয়াও নাখাবা ৷’’
‘‘এন্টি জেক !!!! এইটো কি বস্তু ??’’, অগ্নি আৰু দিগন্ত দুয়ো প্ৰশ্ন কৰিলে ৷
‘‘জেকত কাম নহ’লেও তোমাক হীৰোৰ মৰ্য্যদা এটা
দিয়ে ভাই !!! এন্টি জেকত কিন্তু তোমাৰ কাম নোহোৱাটো খাটাং আৰু লগতে তোমাক অপদাৰ্থ বুলিও বুজাই দিব ৷’’
‘‘তাৰমানে ?? কথাবোৰ এনেকৈ ঘুৰাই পকাই নক’ব ৷ উদাহৰণ এটা দিয়ক ৷’’ অগ্নিয়ে অকনমান খঙতে ক’লে ৷
শিৱসাগৰত থাকিলে মোৰ শ্ৰীমতীৰ বাহিৰে বেলেগ একো কথাকে মনত নপৰে ৷ আমাৰ বিয়াৰ আগৰ, এওঁ মোৰ বেষ্ট ফ্ৰেন্ড হৈ থকা দিনোবৰৰ কথা মনত পৰিল ৷ মই কৈ গ’লো, ‘‘ৰ’বা ভাল উদাহৰণ এটা মনত পৰিছে ৷ তেতিয়া আমাৰ বিয়াৰ আগৰ কথা ৷ মই তেতিয়া ঘোষণা কৰি থৈছো বেষ্ট ফ্ৰেন্ডক বিয়া নাপাতো বুলি ৷ বুদ্ধিটো কাৰ আছিল মোৰ ভাল কৈ মনত নাই ৷ পাছে মোৰ কানত আহি খবৰ পৰিল শিৱসাগৰত থকা মোৰ বেষ্ট ফ্ৰেন্ডৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ আহিছে ৷ ল’ৰা নিউয়ৰ্ক, আমেৰিকাত থাকে ৷ ডাক্টৰ ৷ কথা শুনি মই ভালেই পালো ৷ লুছী বিলাবলৈ মনে মনে সাজু হ’লো ৷ এইটোক ‘এন্টি জেক’ বুলি কয় !’’
অগ্নিয়ে খঙতে মুৰ জোকাৰিলে, ‘‘ধুই!!!!!!!!!!!! কি ফাল্টু কথা কৈ আছে হে ?? মই একো বুজা নাই ৷ দিগন্তু দা, A.C বন্ধ কৰক, অকনমান ধোৱা খায় লওঁ ৷’’ লগে লগে গাড়ী ৰখিয়ে গ’লো ৷ আমি খিৰিকীৰে ধোৱা বাহিৰ কৰি কৰি ‘ধোৱা’ খাবলৈ ধৰিলো ৷
মই আকৌ আৰম্ভ কৰিলো, ‘‘কৈছিলো দেখোন কাৰ বুদ্ধি নাজানো বুলি ৷’’ মোৰ কথাষাৰ শুনাৰ লগে লগেই অগ্নি আৰু দিগন্ত দুয়ো মোৰ ফালে প্ৰশ্নবোধক চাৱনিৰে চালে ৷ অৰ্থটো মই বুজি পালো, ‘‘আব্বে শন !!! বেছি ব’ৰ নকৰি মেইন মালটো কি ক !!’
অগ্নিয়ে বৰ গহীনত সুধিলে ‘‘আপুনি কথাখিনি ক’ব নে ?’’
মই ক’লো, ‘‘শুনা ……………
মই বাখ্যা কৰিবলৈ
ল’লো এন্টি জেকৰ সূত্ৰ উদাহৰণৰ সৈতে ৷
‘‘মই যেতিয়া বহু
দিনলৈ বিয়াত বহাৰ কোনো ধৰণৰ প্ৰস্তাব আগ নবঢ়ালো, তেতিয়া মোক কানত পেলোৱা হ’ল যে দৰা
এটা ওলাইছে ৷ আশাটো আছিল এটা ‘জেক’ দি দিয়া যাওক, অলপ দৌৰা – দৌৰি লাগক ৷ উদ্দেশ্য
সজ আছিল ৷ পাছে ‘জেক’ৰ পৰিমান বেছি হ’ল ৷ যিজন কাল্পনিক দৰাৰ কথা উল্লেখ কৰিলে তেওঁ
হেনো নিউয়ৰ্ক থকা ডাক্টৰ ৷ মই তেতিয়া কোনো মতে পেটে ভাতে খায় থকা ঠিকাদাৰ ৷ কি সাহসত,
কোনখন মুখলৈনো ছোৱালী বিচাৰি যাওঁ বাৰু কোৱাচোন ৷ গতিকে মনে মনে ভাবিলো মই বিয়াত লুছী
বিলাবলৈ যোৱাতকৈ আৰু বেলেগ উপায় নাই ৷ এইটোকে ‘এন্টি জেক’ বুলি কয় ৷ ই হ’ব লগা কাম
নোহোৱা কৰি দিয়ে আৰু লগতে যে তুমি এটা অপদাৰ্থ তাকো বুজাই দিয়ে ৷’’
গাড়ীৰ ভিতৰত হাঃ হাঃ হাঃ হাঃ বাহিৰে বেলেগ একোকে নুশুনি মই বাখ্যা
বন্ধ কৰিলো ৷
No comments:
Post a Comment