(মোৰ এজন বন্ধু অগ্নিশ্বৰ মিত্ৰ ৷ সাংঘাতিক লেখি দিয়ে মাজে
মাজে ৷ পাছে তেওঁ এতিয়ালৈকে কোনো ব্লগ তৈয়াৰ কৰা নাই৷ গতিকে তেওঁৰ এই লেখাটো বৰ্তমান ইয়াতেই সংৰক্ষণ কৰি ৰাখিছো ৷ )
আজি মাখন লাল দাস চাৰৰ ইন্টাৰভিউৰ কাহিনীটো পঢ়ি পুৰণি ঘটনা এটালৈ মনত পৰি গ’ল ৷ এই ঘটনাটো মোৰ নহয় ৷ মোৰ বন্ধু অংকুৰ বুঢ়াগোহায়ে বহু দিন আগতে কৈছিলে ৷
পৰীক্ষা চলি আছে ৷ শেষ হ’বলৈ আৰু ২০ মিনিটমান বাকী ৷
বন্ধু ১ : অই দোষ্ট, দেনা ৫ নম্বৰৰ উত্তৰটো ৷ একেবাৰে পাহৰি গ’লো অ !
বন্ধু ২ : ৰ ভাই ! দুই মিনিট দে ৷ দি আছো ৷ এই পাতখিলাত লিখি শেষ কৰি লওঁ ৷
১৫ মিনিট বাকী
বন্ধু ২ : ল ল আৰু সোনকালে লেখ ৷ সময় নাই কিন্তু !
বন্ধু ১ ব্যস্ত হ’ল খৰকৈ লিখাত ৷
৫ মিনিট বাকী
বন্ধু ১ : দোষ্ট তই মোক আজি ভাল ৰক্ষা কৰিলি ভাই ! কোনোমতে পাছ কৰিম আৰু !
২ মিনিট বাকী
বন্ধু ২ : ভাই আমি এইটো ভুল লেখিলো নেকি বাৰু ? ঠিক ধৰিব পৰা নাই ৷ ভুল হৈছে যেন লাগিছে কিন্তু !!
বন্ধু ১ : দোষ্ট, তেনেকৈ নক’বি ভাই ! মই মৰি যাম দেখোন ?
কথাখিনি কৈ শেষ নহঁতেই বন্ধু ১ জনে কাটি পেলালে লিখাখিনি ৷ টানি দিলে দীঘল দীঘল ৪ / ৫ ডাল মান লাইন উত্পাতৰ লিখি থোৱা তখিলাৰ মাজেৰে !
১ মিনিট বাকী
বন্ধু ২ : দোষ্ট আমি ঠিকেই লিখিছো হে ! এক্কেবাৰে ঠিক আছে ৷
বন্ধু ১ : কি কি কৈছ অ !!!! মই কাটি দিলো নহয় !!
বন্ধু ২ : কিয় কাটিলি ?????????
ইনভিজিলেটৰৰ চিঞৰটো সকলোৰে কানত পৰিল, ‘‘পৰীক্ষাৰ সময় শেষ হ’ল !’’
বন্ধু ২ : দোষ্ট, ভাই ঠিক কৰিব পাৰিলি নে ?
বন্ধু ১ : ক’ত পাৰিম আৰু সময়ে নাছিল দেখোন ? সেই দীঘল দীঘল লাইন কেইডাল আকৌ কাটি আহিলো ৷ আৰু লগতে ডাঙৰ ডাঙৰ আখৰেৰে লিখি আহিছো

No comments:
Post a Comment