Tuesday 28 May 2013

Anon চাহাবৰ সৈতে Meh & Mah Friend

মোৰ বন্ধু অগ্নিয়ে বহুদিন আগতে ফেছবুকত লেখিছিল তেওঁ হেনো ভাবিছিল Anon. (এনন ) নামৰ মানুহজনে অকল কবিতাহে লেখে বুলি ৷ পাছত গম পালে Anon. চাহাবে অকল কবিতা নহয় বহু গল্পও লেখিছে ৷

কথাখিনি দেখি অকল ময়ে নহয় বহুতেই গুগুল কৰিলে এনন চাহাবৰ কৰ্মৰাজিৰ এটা আভাষ লবলৈ ৷ আচৰিত ধৰণে ইমান কবিতা লেখি থোৱা, ইমান গল্প লেখি থোৱা মানুহজনৰ কথা কিন্তু গুগুলত উল্লেখ নাই ৷ চিন্তাত পৰি গ’লো ৷ কেনেবাকৈ এই Anon. (এনন ) নামৰ চাহাবজন ছেক্সপিয়েৰ নেকি বাৰু ? মনলৈ এৰণ ৰংপি দাদাৰ কথাও আহিল ৷ নাম দুটাৰ মিল আছে ৷ পাছে এৰণদাই কাহানিও একো লিখা মনত নপৰে দেখোন !
শেষত উপায় নাপায় মই লাজ মান কাটি কৰি সুধি দিলো, ‘‘অগ্নি এই এনন নামৰ মানুহজনৰ কথা কত পাম বাৰু ?’’
দেখিলো অকল ময়ে সোধা নাই ৰাজ কিশোৰকে ধৰি আৰু দুজনমানে সেই প্রশ্নটো কৰিছে ৷
অগ্নিয়ে উত্তৰ দিলে, ‘‘পাব বিচাৰিলে ৷ Anonৰ সম্পূৰ্ণ নামটো হৈছে Anonymous ’’

কৃষ্ণ !!!!!!!! কতে মৰো !!!!!!!!!!!!!!!!!!!!!!!!!!
মনত পৰিল ময়ো সৰুৰে বহু কবিতাৰ তলত, বহু উদ্ধৃতিৰ তলত দেখিছো লিখা থাকে Anon.

বেলেগ এটা কথা ৷
 
আজি কালি ফেছবুকত দুজন সদস্য আছে ছাগৈ ৷ মই বিচাৰিছোহে বিচাৰিছো ৷ বিচাৰি উলিয়াব পৰা নাই প্ৰফাইলটো ৷ কিন্তু তেওঁলোকৰ কথা দেখোন বহুতেই কৈ থাকে ফটো আপলোড কৰি -
Meh and Mah Friend মানে মেহ আৰু মাহ বন্ধু ৷

এই মেহ আৰু মাহ বন্ধুজন কোন বাৰু ??

2 comments: