Thursday 27 September 2012

মই জানো মোক সিহঁতে ভাল পায়


মই যোৱা ১০ বছৰৰো অধিক কাল শিক্ষকতাৰ সৈতে জড়িত ৷ এই সময়চোৱাত মই বহু লৰা ছোৱালীক পঢ়ালো ৷ বহু ছাত্ৰ—ছাত্ৰী সৌৰোজ্জল ভট্ট, উৎসব , সৌৰভ আগৰৱাল, কৌস্তভ, সুমন কাকতি, অন্নপূৰ্ণা, ৰীদম, ঋষভ বৰদলৈ, হিমাঙ্গনা, ভাৰ্গভ , অভ্ৰ, অৰিন্দম, শ্যামানুজ,সঞ্জয় কাদেল, প্ৰীতম, গায়ত্ৰী, দিপিকা, ৰঞ্জিভ, অৰিঞ্জয়, অল্পাক্ষী…………………..কিমান লৰা—ছোৱালীক পঢ়ালো !
নামবোৰ মনত পঢ়িলেই মনতো ভাল লাগি যায়, কেতিয়াবা চকু দুটা সেমেকি উঠে ৷ এই লৰা—ছোৱালীবোৰৰ লগত লাগি থাকোতেই এটা দশক পাৰ হৈ গ’ল ৷ গমেই নাপালো ৷
কোনোবা AEC পালেগৈ, কোনোবা JEC পালেগৈ, কোনোবা দিল্লী বিশ্ববিদ্যালয় পালেগৈ, কোনোৱা IIT পালেগৈ, কোনোবা NIT পালেগৈ, দুটামান উচ্ছ শিক্ষাৰ কাৰনে বিলাত পালে গৈ ৷ বহুত চাকৰিত সোমাল ৷ গুৱাহাটীলৈ আহিলে মোক লগ কৰে ৷ মই ৰ’ লাগি চাই থাকো ৷ মনত পৰে কোনতো লৰা কেনেকুৱা আছিল, কি কি ভুল কৰিছিল, কি বুলি গালি পাৰিছিলো ৷ সিহঁতক মনত পেলাই দিলে লাজ কৰে ৷ 

ACHIEVERS' POINT
ভালেই পঢ়াওঁ ছাগৈ ৷
নহ’লেনো মোৰ ওচৰলৈ যোৱা এটা দশক ধৰি কিয় পঢ়িবলৈ আহিব ?
ভালেই পঢ়াওঁ ছাগৈ ৷
নহ’লেনো মোৰ ওচৰলৈ মই পঢ়োৱা পুৰণি ছাত্ৰবোৰৰ ভায়েক ভনীয়েকবোৰ পঢ়িবলৈ আহিব নেকি ?
ভালেই পঢ়াওঁ ছাগৈ ৷
নহ’লেনো বাটে—ঘাটে দেখিলে উধাতু খাই আহিব জানো মাত এষাৰ লগাবলৈ ?
ভালেই পঢ়াওঁ ছাগৈ ৷
নহ’লেনো দুৰদুৰণিত থকা ছাত্ৰ—ছাত্ৰীবোৰে মোৰ লগত যোগাযোগ ৰাখিব জানো ?



পেপাৰে পত্ৰই দেখি থাকো ছাত্ৰসমাজ আৰু অপৰাধ ৷ মই কোনো দিনেই ভাবি উলিয়াব পৰা নাছিলো কেনে ধৰনৰ ছাত্ৰ অপৰাধ সৈতে জড়িত হয় ৷
আজি বুজিলো কেনে ধৰনৰ ছাত্ৰ অপৰাধৰ সৈতে জড়িত হ’ব পাৰে ৷
মোৰেই ছাত্ৰ, খুব ভাল ছাত্ৰ ৷ যোৱা ১ মাহ ধৰি ফোন যোগে মোক ধমকি দি আছে ৷ মই গমেই পোৱা নাছিলো ৷ আজি যেতিয়া গম পালো৷  সঁচাই বৰ দুখ পালো ৷ সেইয়া কোনো ধেমালি নাছিল কাৰন অকল মোকেই ধমকি দিয়া নাই ৷ সেই নম্বৰৰ পৰা আৰু বেলেগ বেলেগ মানুহক ধমকি দিছে ৷

খুব দুখ লগা কথা ৷ এইয়া এক মানসিক দুৰ্নীতি ৷
বহু কথাই ক’বৰ মন আছিল, কিন্তু মই খুবেই বেজাৰ পাইছো ৷ আৰু একো নকওঁ ৷
মাত্ৰ এটা কথা, আজি গম পালো মোক মোক ছাত্ৰ সকলে কিমান ভাল পায় ৷ গোটেই ভাৰতৰ পৰা ফোন আহিছে — ‘চাৰ কথাটো জানি বৰ দুখ পালো ৷ গুৱাহাটীলৈ গ’লে আপোনাক লগ কৰিম ৷’
মই মাথো সন্তুষ্টিৰ হাঁহি মাৰো প্ৰতিবাৰেই, ‘মই জানো মোক সিহঁতে ভাল পায় ৷’

7 comments:

  1. nice and towards direction sir...love you always


    ~Swarupam,System officer,Hindustan College

    ReplyDelete
  2. ‘মই জানো মোক সিহঁতে ভাল পায় ৷’ ......bohriya lagise...

    ReplyDelete
  3. Mrinal Borah, calicut27 September 2012 at 10:49

    dutaman beya lorar majot baki iman je bhal lora ase, apunar imanbilak student e je apunak bhal pay xeya janibor karone eta xujug pale apuni.

    ReplyDelete
    Replies
    1. mrinal, juwa kali je mur kimaan lora-suwali-e muk phone korile.
      matured hoi gol xihot, kotha-t gom pai. muk xantona dise, aboy dise.
      eta bela mathu phone phone aru phone.................

      Delete
  4. Loved the title...:-) aapunak bohut maanuhe bhaal paai :-)
    --Daisy

    ReplyDelete
    Replies
    1. তই মোক ভাল পাৱ বুলি জানো :)

      Delete