Monday 17 September 2012

চৰাই উৰি গ’ল

জীৱন ডেকাই পুৱাৰ চাহকাপ, বাতৰি কাকতখন লৈ অলপ বহিল গৈ টি.ভি.টোৰ আগত ৷ উদ্দেশ্য এটাই, অফিছলৈ যোৱাৰ আগেয়ে দেশবিদেশৰ খবৰবোৰ জানি লব খোজে ৷ বিশেষ মন নৰকাকৈয়ে এটাৰ পাছত আনটোকৈ নিউজ চেনেল  ছাৰ্ফ কৰি গল ৷ হঠাতে চকু পৰিল DayNickনামৰ চেনেলটোৰ ওপৰত ৷
তাত ফ্লেছ আহিবলৈ ধৰিছে :
আজি পুৱা ৯ বজা বজাৰ বুলেটিনত
মাথোঁ আমাৰ চেনেল দৈনিক ৩৬৬ত আমি দেখুৱাম

কেনেকৈ গল...........
লৈ গল ....................................
কি গল............................................
এই যোৱা আঁৰত আচলতে সোমাই আছে কি ৰহস্য .............
মাথোঁ আমি দেখুৱাম, আছে নেকি ইয়াৰ আঁৰত কোনো প্ৰভাৱশালী মন্ত্ৰী আৰু দিল্লীৱালা বেপাৰী চক্ৰৰ গোপন মিতিৰালি !!!!!!!!!!!!
চাবলৈ নাপাহৰিব ৯ বজাত আমাৰ বিশেষ প্ৰতিবেদন : চৰাই উৰি গ
*******
ডেকা ফূর্ত্তিবাজ মানুহ ৷ সকলো কথাতে ফূর্ত্তিৰে লাগি থাকে ৷ কথাই কথাই কয় — LFS LFSৰ মানে কি আজিলৈকে কোনোৱেই বুজা নাই ৷ কিন্তু তেওঁৰ LFS শুনিলে সকলো লাগি যায় নিজৰ নিজৰ কামত ফূর্ত্তিৰে ৷  সেই জীৱন ডেকায়ে সাংঘাটিক টেনছনত আহি গল ৷ চিন্তা কৰিবলৈ ধৰিলে,‘ৰ পৰা কি চৰাই উৰিল বাৰু ? কাৰ চৰাই আছিল বাৰু ?’ তেওঁ বাতৰি কাকতকেইখনৰ পাত লুটিয়াবলৈ ধৰিলে ৷ কতা! কতো দেখোন একো খবৰ নাই ? ধুৰৰৰৰ !! কাম নাই এই পেপাৰৰবোৰৰ ৷ কিডাল খবৰ থাকেনো ? না পৃথিৱী ধংসৰ দিন আগতীয়াকৈ জনাব পাৰে , না ভূমিকম্পৰ আগজাননী দিব পাৰে, নে ঈশ্বৰৰ লগত কথা পতা মানুহৰ বিষয়ে কেতিয়াবা কিবা এক কলম লিখি পাইছে ৷ অথচ এই মাই ডিয়েৰনিউজ চেনেলবোৰৰ এটাই কেইদিন আগতে তেনে এজন মানুহৰ সাক্ষাৎকাৰ এক ঘন্টা ধৰি প্ৰকাশ কৰিছিল ৷ খঙতে তেওঁ কাকতকেইখন দলি মাৰি উঠি গল ৷ যাওঁতেও কিন্তু চকু দৈনিক ৩৬৬তে, কিবা আৰু সম্ভেদ দিয়েই বা ৷ পাছে একো নাই ৷ তেওঁ পৰিবাৰক উদ্দেশ্যি কলে,‘হেৰা এইটো বন্ধ নকৰিবা হে ৷ আৰু মন কৰিবাচোন কৰ কি চৰাইনো উৰিল

অফিছলৈ যাবলৈ বুলি ওলাই ভাবিলে চৰাইজনীৰ খবৰতো লৈ যোৱাই ভাল হব ৷ আজি ৯ বজা নহয় তেখেতে ৯৩০ত অফিছ পাব গৈ ৷

তেখেতে গাড়ীৰ চাবিপাট দলি মাৰি পৰিবাৰক কলে,‘হেৰা, কাম-বন বাদ দিয়াহে ৷ নিউজ চাওঁ আহা, ৰ চৰাই কলৈ গ

৯ বজাৰ লগে লগে আৰম্ভ হDayNickত পুৱাৰ বাতৰি ৷ বাতৰিৰ মুখ্যাংশৰ পাছতে আৰম্ভ হল জীবন ডেকাই অধীৰ অপেক্ষাৰে ৰৈ থকা চৰাই উৰি গ
….

বিমল প্ৰশান্ত বাৎসল্য (বাতৰি পৰিবেশক) :

এতিয়া আমি আপোনালোকক দেখুৱাম এই মুহূৰ্তৰ সবাতোকৈ 
গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ, চৰাই উৰি গল ৷ 
হয় আপোনালোকে ঠিকেই শুনিছে চৰাই উৰি গল ৷ 
আমালৈ অহা বাতৰি অনুসাৰে অসমৰ সবাতোকৈ গুৰুত্বপূৰ্ণ 
চৰাইজনী উৰি গল ৷ চৰাইজনী উৰি ল সুৰক্ষাৰ অভেদ্য 
বেষ্টনী ভাঙি ৷ এই ঘটনাই এতিয়া সৰ্বত্ৰ সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷

(
বিমল প্ৰশান্ত বাৎসল্যৰ কথা শুনি জীবন ডেকা শিলঙৰ শীতৰ পুৱাতো ঘামিবলৈ ধৰিলে ৷ কি ঘটনা ঘটিছে জানিবলৈ তেওঁ বৰ উৎসুক হৈ পৰিল)

বিমল প্ৰশান্ত বাৎসল্য (বাতৰি পৰিবেশক) :
ইতিমধ্যে আমাৰ সাংবাদিক গৈ ঘটনাস্থলীত উপষ্ঠিত হৈছে গৈ আৰু আমি, আপোনালোকৰ চেনেল DayNickৰ যোগেদি আপোনালোকক দেখুৱাম আচলতে ঘটিছিল কি ৷ আপোনালোকক জনাই দিওঁ মাথো আপোনালোকৰ চেনেল DayNickতে আমি দেখুৱাম Live n Exclusive চৰাই উৰি গল ৷
(
জীবন ডেকাৰ মুখত সন্তুষ্টিৰ হাঁহি বিৰিঙি উঠিল, কিমান আপোন ভাব জগাই তুলিব পাৰে! আপোনালোকৰ চেনেল DayNick’)

ইতিমধ্যে টেলিভিচনৰ পৰ্দাত ভাঁহি উঠিল দৰাধৰা পাহাৰত থকা শ্ৰীনবীন গগৈৰ চৰকাৰী বাসগৃহ ৷
জীবন ডেকাই তেখেতেৰে নিজৰে চেনেল DayNickৰ সাংবাদিক নয়ন নিশান্তৰ চিনাকি মুখখনো দেখা পালে ৷

বিমল প্ৰশান্ত বাৎসল্য (বাতৰি পৰিবেশক) :
হয় নয়ন, আমাক জনোৱাচোন ঘটনাটোত আচলতে কি হৈছে ৷

নয়ন নিশান্ত (সাংবাদিক) :
হয় বিমল, এতিয়া আমি আছোহি দৰাধৰা পাহাৰত থকা শ্ৰীনবীন গগৈৰ চৰকাৰী বাসগৃহত ৷ হয় এইটোৱে শ্ৰীনবীন গগৈৰ চৰকাৰী বাসগৃহ, যি বাসগৃহ আছে দৰাধৰা পাহাৰত ৷ এই দৰাধৰা পাহাৰত থকা শ্ৰীনবীন গগৈৰ চৰকাৰী বাসগৃহত 24 hours মানে ২৪ ঘন্টাই থাকে পুলিচব্লেককেটৰ কটকটীয়া নিৰাপত্তা ৷ পুলিচব্লেককেটৰ কটকটীয়া নিৰাপত্তাৰ মাজত থকা দৰাধৰা পাহাৰৰ শ্ৰীনবীন গগৈৰ চৰকাৰি বাসগৃহতে যোৱাকলি সংঘটিত হল এক চাঞ্চল্যৰ ঘটনা ৷ শ্ৰীনবীন গগৈৰ পাৰচৰাইজনী আজি ৰাতিপূৱাৰে পৰা গৰালত নাই ৷

বিমল প্ৰশান্ত বাৎসল্য (বাতৰি পৰিবেশক) :
নয়ন, এই ঘটনা কেইটা বজাত সংঘটিত হল আমাৰ দৰ্শকক জনাব পাৰিবা নেকি?

নয়ন নিশান্ত (সাংবাদিক) :
হয় বিমল, এই বিষয়ে এই মুহূৰ্তত আমাৰ হাতত একো তথ্য নাই ৷ হয় তথাপিও আমি এই কথা অনুমান কৰিব পাৰোযে এই ঘটনা যোৱা নিশা আৰু আজি ৰাতিপুৱাৰ মাজতে সংঘটিত হোৱাটো  খাটাং ৷

(
জীবন ডেকাৰ স্তম্ভিত উঠিল! কিমান জানে এই সাংবাদিক সকলে, হাতত একো তথ্য নাই ৷ কিন্তু তথাপিও কেনেকৈ যে কথাবোৰ ইমান খাটাংকৈ  জানে!)

নয়ন নিশান্ত (সাংবাদিক) :
হয় আমি আপোনালোকক এতিয়া দেখুৱাম সেই গড়ালটো যৰ পৰা নেকি পাৰচৰাইটো মানে পাৰচৰাইজনী উৰা মাৰিছিল ৷ সেই তাত আপোনালোকে যি গড়ালটো দেখিছে সেইয়া কোনো সাধাৰণ গড়াল নহয় ৷ সেই গড়ালটো হৈছে দৰাধৰা পাহাৰত থকা শ্ৰীনবীন গগৈৰ চৰকাৰী বাসগৃহৰ পাৰ গড়াল ৷ এই বিশেষ গড়ালটোৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনী ভাঙি পাৰ চৰাই উৰি গল ৷ আমি এতিয়া …..

বিমল প্ৰশান্ত বাৎসল্য (বাতৰি পৰিবেশক) :
হয় নয়ন, আমাৰ হাতলৈ এই মাত্ৰ আহিছে এটা ব্ৰেকিং নিউজ ৷ পাৰচৰাইজনীৰ সম্ভেদ উলিয়ালে আমাৰ সাংবাদিক মনমী কাশ্যপে ৷ আমাৰ হাতলৈ অহা খবৰ অনুসৰি পাৰচৰাইজনী আছে খাৰঘূলিৰ ওচৰত নদীৰ পাৰত ৷ ইয়াৰ অৰ্থ এয়েযে পাৰচৰাই উৰি গৈ পালে নদীৰ পাৰ ৷ ইতিমধ্যে আমাৰ সাংবাদিক মনমী খাৰঘূলিৰ ওচৰত নদীৰ পাৰতে আছে ৷ আমি আপোনালোকক লৈ যাম আমাৰ সাংবাদিক মনমীৰ ওচৰলৈ ৷

মনমী  (সাংবাদিক) :
হয় বিমল, আমি এতিয়া আছোঁ খাআঘূলি ওচঅত নদী পাঅত আও এই নদী পাঅতে এটা ওখ ঘঅত পয়ি আছে সেই পাঅ চয়াইজনী যিজনী পাঅচয়ায়ে দআ পাহাঅত থকা চি নবীন গগৈ চঅকায়ি বাসগৃহ পৰা উৱা মায়িছিল ৷ এতিয়া আমি আপোনালোকক দেখুৱাম সেই দিচ্ছঅ যি দিচ্ছঅই সমগঅ খাআঘূলি অঞ্চলতে চিষ্টি কয়িছে তিব্য চাঞ্চল্য আউ আমি জনাও যে ইতিমইধে সমগঅ অঞ্চলতে বিয়াজ কয়িছে এক চেপা উতেজনা ৷

(
মনমীৰ কথা কোৱাৰ ষ্টাইলটো জীবন ডেকাৰ বৰ প্ৰিয় ৷ ইমান ধুনীয়াকৈ কথাবোৰ কয়, একো বুজিবই নোৱাৰি ৷)
সৌ যে ওখ ঘঅটো দেখিছে সেইটোৱে ঘঅ যত বতমান বহি আছে পাঅচয়াইজনী ৷ হয় আপোনালোকক জনাব খোজোযে এইটো আনন্দ মহন্ত, হয় বিয়োধীপক্ষঅ নেতা আনন্দ মহন্তৰ ঘঅ ৷ পুলিচে সেই ওখ ঘঅঅ চায়িওপিনে নিয়াপত্তা বেবস্থা মজবুত কয়িছে ৷ ইতিমইধে আমি আনন্দ মহন্তক তেখেতঅ মতামত জানিব খোজাত তেখেতে জনালে এইটো হেনো এটা political conspiracy, তেখেতঅ ভাবমূতি বিনষ্ট কয়িব খোজা হৈছে ৷

বিমল প্ৰশান্ত বাৎসল্য (বাতৰি পৰিবেশক) : (বৰ খৰধৰ কৈ)
হয় মনমী, ধন্যবাদ ৷
ইতিমধ্যে আমাৰ ষ্টুডিঅত আহি উপস্থিত হৈছেহি আমি আন্দোলন কৰিমসংগঠনৰ সচিব প্ৰধান শ্ৰী দিগন্ত গগৈদেৱ, অসম ছাত্ৰ সমাবেশৰ বয়োজ্যেষ্ঠ নেতা ৰাজকিশোৰ বৰ্মনদেৱ আৰু জ্যোতিষ বিশাৰদ শ্ৰীযুত ৰামানুজ ইয়ং দেৱ ৷

হয়, আমি এতিয়া কব পাৰো যে,
পাৰ চৰাই উৰি গ
পালে নদীৰ পৰা
ওখ ঘৰত উঠি থাকিল
গোটেই শুকুৰবাৰ………………..
মই শ্ৰীযুত ৰামানুজ ইয়ংদেবৰ পৰা জানিব বিচাৰিছো, পাৰ চৰাইযে শুকুৰবাৰে উৰি গল তাৰ কিবা তাৎপৰ্য আছে নেকি?
ৰামানুজ ইয়ং :
হয় আমি দেখিছোঁ যে শ্ৰীগগৈদেবৰ ৰাহুৰ ওপৰত বৃহস্পতিৰ পূৰ্ণ দৃষ্টি আছে ৷ সেয়ে তেখেতৰ ঘৰৰ চৰাইজনীয়ে বৃহস্পতিবাৰৰ পাছদিনা অৰ্থাত শুকুৰবাৰে উৰা মাৰিছে ৷ আনহাতে আমি দেখিছোঁ আপোনাৰ শ্ৰীমহন্তৰ সপ্তম স্থানত মঙ্গল বহি আছে ৷ গতিকে তেখেতৰ সাতমহলীয়া ঘৰত পাৰচৰাই বহা কাৰ্য্য তেখেতৰ বাবে মঙ্গলকাৰক ৷ আৰু মই………..
বিমল প্ৰশান্ত বাৎসল্য (বাতৰি পৰিবেশক) : (বৰ খৰধৰ কৈ)
হয় ইতিমধ্যে আমাৰ ফোন লাইনত আছে পক্ষী মুক্তি সংগ্ৰাম সংস্থাৰ সভানেত্ৰী শ্ৰীযুতা নীলাঞ্জনা অধিকাৰী বাইদেউ ৷ আমি জানিবলৈ বিচাৰিম তেখেতৰ মতামত ৷
(ট্ৰিং,ট্ৰিং,ট্ৰিং………..)
বাইদেউ, আপুনি ইতিমধ্যে পাৰ চৰাই উৰি যোৱা ঘটনাৰ বিষয়ে অৱগত ৷ এই সন্দৰ্ভত আপোনাৰ মতামত আমাৰ ৰাইজৰ আগত জনাব নেকি?

নীলাঞ্জনা অধিকাৰী :
পক্ষীক কোৱা হয় মুক্ত বিহংগ ৷ পক্ষীক কেতিয়াও গড়ালত ৰাখিব নালাগে ৷ যদি ৰবাত এটা পক্ষীকো গড়ালত ৰাখিছে তেনেহলে আমি তীব্ৰ প্ৰতিবাদী আন্দোলন কৰিম ৷ কিন্তু আমাৰ সমাজত এৰাল ছিগা গৰুৰ স্থান নাই ৷ সকলো এৰাল ছিগা গৰুক এৰাল দি থব লাগে ৷ আৰু …….

বিমল প্ৰশান্ত বাৎসল্য (বাতৰি পৰিবেশক) :
হয়, শ্ৰী দিগন্ত গগৈদেব এই সন্দৰ্ভত আপুনি কি কব খোজে ?

শ্ৰী দিগন্ত গগৈদেৱ :
নাই এই কথা কেতিয়াওঁ হব দিব নোৱাৰি ৷ যদি এনে হয় তেনেহলে আমাৰ সকলো গ্ৰেজিং হয় বাংলাদেশী নহয় পূঁজিবাদী শক্তিৰ হাতলৈ যাব ৷ আমাৰ শৰীৰত একমাত্ৰ বিন্দু তেজ থকালৈকে আমি এনে কাৰ্য্যৰ তীব্ৰ বিৰোধীতা কৰি যাম ৷

বিমল প্ৰশান্ত বাৎসল্য (বাতৰি পৰিবেশক) : (অলপ আচৰিত হৈ )
গগৈদেৱ আপুনি ………..

শ্ৰী দিগন্ত গগৈদেৱ :
নীলাঞ্জনা অধিকাৰী বাইদেউ আপুনি A.C.Roomত বহি কি বুজিব আমাৰ গৰুৰ সমস্যা ? আপুনি কৈছে সকলো এৰাল ছিগা গৰুক এৰাল দি থব লাগে, কিন্তু মই কওঁ শুনক মোৰ হাতত তথ্য আছে আপুনি কিমান…………

বিমল প্ৰশান্ত বাৎসল্য (বাতৰি পৰিবেশক) :
গগৈদেৱ মই আচলতে আপোনাৰ পৰা পাৰ চৰাই উৰি যোৱা ঘটনাৰ বিষয়ত আপোনাৰ মতামত জানিব বিচাৰিছিলোঁ ৷

শ্ৰী দিগন্ত গগৈদেৱ :
পাৰ চৰাই?? পাৰ চৰাইতো উৰিবই ৷ এই গগৈদেবৰ চৰকাৰৰ শাসন কালত কি উৰা নাই ৷ আজি আপোনালোকে চাওঁক এই চৰকাৰ দিনত কি হ? ইয়াত কেলেংকাৰী, তাত অনিয়ম ৷ ইমান আন্দোলনৰ পাছতো নদীবান্ধৰ সমস্যা সমাধান হোৱা নাই ৷ আমি ৰাজপথ অৱৰোধ কৰিম ৷ আমি ….

(শ্ৰী দিগন্ত গগৈদেৱৰ কথাৰ মাজতে ৰাজকিশোৰ বৰ্মনে তেখেতৰ মতামত দাঙি ধৰিলে)

ৰাজকিশোৰ বৰ্মনে :
আমাৰ ছাত্ৰ সমাবেশে ভালেমান সময়ৰ পৰা মাত মাতি আহিছোঁ এই বিষয়ত ৷ আমি কৈ আহিছোঁ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ হব লাগে, ডিভোটাৰৰ নাম আতৰ কৰিব লাগে , থলুৱা ৰাইজক ভূমি অধিকাৰ দিব লাগে ৷ যেতিয়ালৈকে এইখিনি কৰা নহয় তেতিয়ালৈকে চৰাই উৰি থাকিবই! আমি সংগ্ৰাম কৰি যাম ৷ ………. ….. ….

সময় তেতিয়া ৯-৩০ বাজিছে ৷ জীৱন ডেকাই এবাৰ ঘড়ীতো চাই এবাৰ তেওঁৰ নিজৰ টি.ভি. চেনেললৈ চায় ৷ মানুহজন দোধোৰমোধোৰত পৰিল ৷ কি কৰা উচিত তাকে চিন্তা কৰি পাৰ পোৱা নাই ৷ অফিছলৈকো যাব লাগে ফেছবুক কৰিব আছে, অথছ চৰাই কিয় উৰিল তাকো গম পোৱা নাই ৷ অবশ্যে চৰাই কিয় উৰিল ভালকৈ বুজি নাপালেও তেওঁ বহুত কথা শিকিলে আজি ৷ তেওঁৰ নিজৰ টি.ভি. চেনেলত চৰাই উৰাৰ ওপৰত আলোচনা চলিয়ে আছে ৷ কিন্তু মাথোঁ ফেছবুকৰ কাৰণেই তেওঁ অফিছলৈ বুলি ওলালে ৷

তেনেতে টি.ভি. পৰ্দাত ওলাল শ্ৰীনবীন গগৈ, তেওঁৰ স্বভাৱসিদ্ধ এমোকোৰা হাঁহি ৷
শ্ৰীনবীন গগৈ : হেঁ, চৰাই উৰিবই, উৰা বস্তু হেঁ ৷  চৰাই উৰা বস্তু উৰিব, আমি গাড়ীত যোৱা মানুহ আমি গা৷ড়ীত যামনে কি কোৱা, হেঁ? শুনক, আসামখনৰ উন্নতি হৈছে ৷ আপোনালোকে নেদেখে সেইবোৰ ৷ খালি ষড়যন্ত্ৰ, ষড়যন্ত্ৰ কৰি চিঞৰি থাকে ৷ নাপাই নহয় ৷ দৰাধৰাৰ পৰা খাৰঘুলিলৈ চৰাই উৰি গৈছে, কাইলৈ হেলিকাপ্টাৰ উৰিব ৷ আসামত এতিয়া শান্তি ৷  হয়নে নহয় হেঁ , হেঁ?


টি.ভি. পৰ্দাৰ পৰা শ্ৰীনবীন গগৈ নোহোৱা হ, আলোচনা চলি আছে ৷ জীবন ডেকা ওলাল অফিছলৈ বুলি, ফেছবুক কৰিব আছে ৷
———————————————————————————————————————————

পাৰ চৰাই উৰি গ
পালে নদীৰ পৰা
ওখ ঘৰত উঠি থাকিল
গোটেই শুকুৰবাৰ………………..
আমি সকলোৱে শুনি আহিছোঁ ৷ এই চৰাইজনী উৰি যোৱা ঘটনাটোৰ ওপৰত যদি আমাৰ নিউজ চেনেলকেইটাই এটা প্ৰতিবেদন তৈয়াৰ কৰে, তেনেহলে কেনেকৈ কৰিব ?

এইখিনিতেই উল্লেখ কৰোঁ যে ইয়াত বৰ্ণনা কৰা প্ৰতিজন ব্যক্তি বা প্ৰত্যেকটো ঘটনায়েসঁচাকৈয়েকাল্পনিক ৷ এই লিখনি কোনো জীৱিত বা মৃত ব্যক্তিৰ ওপৰত বা কোনো সঁচা ঘটনাৰ ওপৰত আধাৰিত নহয় ৷ নিউজ চেনেলত বাতৰি চাই হোৱা মোৰ তিক্ততা আৰু বন্ধুবৰ ৰাজদীপ পাথকৰ এটা লিখনিকে আধাৰ কৰি এখন তৈয়াৰ কৰা হৈছে ৷





1 comment: