Sunday 23 September 2012

পোলাও আৰু সাহিত্য

আজি দুদিনমানৰ পৰা  বহু কেইজন চিনাকি মানুহে দেখিলেই, লগ পালেই এটাই কথা সোধে — ‘কি হে সাহিত্যিক দেখোন ! ফেছবুকৰ পৰা গৈ যে একেবাৰে ব্লগ !! সাহিত্য সভাৰ সভাপতি হ’বৰ মন ছাগৈ ৷’

মই মনে মনে থাকো, একো উত্তৰ নিদিওঁ, কিনো উত্তৰ দিম ?
মই হ’লো তেনেই সাধাৰন মানুহ ৷  মই ভুল নকৰাকৈ অসমীয়াত ১০ মিনিট কথাকে পাতিব নোৱাৰো ৷ সাহিত্যনো কি কৰিম ??

কিন্তু মই মোৰ চিনাকি মানুহকেইজনৰ কথাৰ লগত সহমত নহয় ৷
হয় মই ফেছবুকৰ পৰা আহি মোৰ ব্লগ পালোহি, সেইটো সঁচা কথা ৷
কিন্তু মই সাহিত্যিক হোৱা বা সাহিত্য সভাৰ সভাপতি হ’বলৈ মন কৰা কথাটোত অকনো সত্যতা নাই ৷
হয়তো তেওঁলোকৰ কিবা ভুল ধাৰনা হৈছে নতুবা অলপ মস্কৰা কৰিছে ৷

মই সাহিত্যৰ ‘স’টোৰে নাজানো, কি আৰু সাহিত্য হ’ব মোৰ দ্বাৰা ?
কিন্তু সেইবুলিয়ে যে মই মোৰ জীবনৰ আশেপাশে ঘটি থকা সৰু সৰু কথাবোৰ কাকো ক’ব নোৱাৰিম  তাৰো মানে নাই ৷
মই দেখি থকা ঘটনাবোৰকে লিখিছো বা ইন্টাৰনেটত পোৱা কোনো ঘটনা মই নিজে বুজি পোৱা ভাষা এটাত লিখিছো ৷
এইখিনি লিখোতে মই এবাৰলৈকো ভবা নাইযে এইয়া কোনো সাহিত্যৰ সৃষ্টি কৰিছো ৷
এইখিনি লিখোতে মই এবাৰলৈকো ভবা নাইযে আন কোনোবাই সাহিত্য বুলি ভাবিব ৷

মই জানো মোৰ কোনো লিখনি বাতৰি কাকত বা আলোচনীত প্ৰকাশ নহয়, কিন্তু মোৰ নিজৰ ব্লগত কিয় নোৱাৰিমনো প্ৰকাশ কৰিব ?? কৰিছো দিয়ক, বেয়া নাপাব ৷


মোক আচৰিত কৰি যোৱা ৭ দিনত কেইবাজনেও (গুগুলৰ মতে ১৩০০তকৈ বেছি visit)  মোৰ ব্লগটোত ভুমুকি মাৰিলে ৷
বহুজনে পৃথিবীৰ বিভিন্ন প্ৰান্তৰ পৰা মোক জনাইছে তেওঁলোকে হেনো পঢ়ি ভাল পাইছে ৷

যিহেতুকে আমেৰিকাত নয়ন, নয়নমনি, নীলান্জনা বা মালবিকাই ভাল পাইছে, যিহেতুকে ঘানাত পাৰমিতাই পঢ়িছে, যিহেতুকে বাহৰেইনত হেমন্তই দৈনিক এবাৰ হ’লেও পঢ়িছে, যিহেতুকে NIT Silcharত মনদীপে ভাল পাইছে, যিহেতুকে অভিজিতে তাৰ ব্যস্ততাৰ মাজতো পঢ়িছে, যিহেতুকে NRLৰ অফিচত কোনোবাই কামৰ মাজতো মোৰ ব্লগত ভুমুকি মাৰিছে
সেয়ে মই ভাবিছো
মোৰ ব্ললত থকা লিখনিবোৰ কোনো সাহিত্যৰ ভিতৰত নপৰে যদিও লিখি থাকো নেকি ?

এইখিনিতেই মনত পৰি গ’ল পোলাও অকমানৰ কথা ৷
এবাৰ আমাক এঘৰলৈ নিমন্ত্ৰণ কৰিলে ৷ বৰ আদৰ সাদৰ কৰিলে ৷ প্ৰথমে মই, ভাইটি আৰু দেউতা খোৱা টেবুলত বহিলো গৈ ৷ মাংস পোলাও বিধে বিধে বস্তু ৷ মই প্ৰথমে পোলাও মাংসকে ল’লো ৷ মুখত দিয়ে গম পালো কথা বিসম ৷ অকনো সা—সোৱাদ নাই ৷ উপায় নাই, ভদ্ৰতাৰ খাতিৰত মনে মনে খাই আছো ৷ গৃহিনী ঠিয় হৈ আছে ওচৰত ৷
বাৰে বাৰে কৈছে,‘অকমান পোলাও দিওঁ, অকমান মাংসকে দিওঁ ৷’
মই পেটো ভাল নহয় নে কিবা এটা কৈ বেছিকৈ নাখাও বুলি ক’লো ৷
ভাইটিয়েও তেনেকৈয়ে কিবা এটা অজুহাত উলিয়ালে ৷
দেউতাই আকৌ খাই থাকোতে কৈ আছে,‘বৰ ভাল হৈছে, বৰ ভাল হৈছে ৷’
গৃহিনীয়ে দেউতা ক’লে,‘দাদা, আপুনি ইমান ভাল পাইছে, অকমান ল’বই লাগিব কিন্তু ৷ ইহঁত দুটাই একোকে নাখালে সেইটোত হে মনটো বেয়া লাগিছে ৷’

দেউতাৰ কাঁহীত আকৌ পোলাও আৰু মাংস  !!!!!!
ঘুৰি আহোতে দেউতাই ক’লে,‘কিবা বস্তু ভাল নাপালে পাইছো বুলি এনেয়ে ক’ব নাপায় ৷ নহ’লে মোৰ দৰে হ’ব ৷’

মোৰ পোলাওখিনি সঁচাকৈয়ে ভাল হৈছে নে বাৰু???????
———————————————————————————————————
এই প্ৰশ্নটো মনলৈ বাৰে বাৰে আহিছে কাৰন
‘আজি দুদিনমানৰ পৰা  বহু কেইজন চিনাকি মানুহে দেখিলেই, লগ পালেই এটাই কথা সোধে — ‘কিহে সাহিত্যিক দেখোন ! ফেছবুকৰ পৰা গৈ যে একেবাৰে ব্লগ !! সাহিত্য সভাৰ সভাপতি হ’বৰ মন ছাগৈ ৷’

7 comments:

  1. আপোনাৰ লিখনী বোৰ সচাই বৰ মনোৰম হয় , সেই কাৰনে আপোনাৰ লিখনী বিলাক পঢ়ি ভাল লাগে|

    ReplyDelete
  2. নিৰর্থক প্রশ্ন। আমাৰ পঢ়ি ভাল লাগিছে। আপোনাৰ লিখি ভাল লাগিছে। মাজতে এই মানুহবোৰৰ কথা শুনিবলৈ কি দৰকাৰ। বিন্দাছ কাম কৰক, গল্প শুনাওক আৰু সময় পালেই লিখি যাওঁক। শুভকামনাবোৰ সদায় থাকিল।

    ReplyDelete
    Replies
    1. মই কাহিনী কৈ যাম,
      শুনিবলৈ মানুহ আছে শুনিব
      সাহিত্য নকৰো বাৰু !

      Delete
  3. what are you saying sir???????????????????

    sir, yours is a unique blog, one of the best!!!!!

    ReplyDelete
  4. ভাষা আৰু সাহিত্য হৈছে মনৰ ভাব প্রকাশ কৰা এটা মাধ্যম । আপুনিও নিজৰ মাতৃভাষাৰ জৰিয়তে নিজৰ মনৰ ভাব প্রকাশ কৰিছে । কথা সিমানেই । আৰু মোৰ বোধেৰে আপোনাৰ লিখনী আৰু প্রকাশভংগী খুবেই ধুনীয়া । গতিকে, বেলেগে ভাল পোৱা, বেয়া পোৱাৰ কথা সিমান বেছিকৈ ভাবি নাথাকিব ।

    "অবিশ্রান্ত"ৰ দীর্ঘায়ু কামনা কৰিলো ।

    ReplyDelete
  5. Khura aji dudin manor pora apunar blog 2 porhibo loisu, gatanugatik ghatana burar rahal upasthapon hodai birat val lagise.....

    ReplyDelete
  6. Khura aji dudin manor pora apunar blog 2 porhibo loisu, gatanugatik ghatana burar rahal upasthapon hodai birat val lagise.....

    ReplyDelete