Wednesday 19 September 2012

এটা ভৌতিক গল্প : গাড়ী


বৰষুণে ধুৱাই নিয়া এটা ৰাতি ৷ 



এটা বোকা পানীৰে
ভৰা ৰাস্তাৰে মই অকলসৰে খোজ কাঢ়ি গৈ আছো
৷ হঠাতে দেখিলো বৰ লাহেকৈ আহি গাড়ী এখন মোৰ ওচৰত ৰৈ গল ৷ একো চিন্তা নকৰি ময়ো গাড়ীখনৰ সন্মুখৰ ছিটটোত বহি দিলো ৷
গাড়ীখন আকৌ নিশব্দে চলিবলৈ ধৰিলে ৷ মুখত পৰা বৰষুণৰ পানীখিনি মছিলৈ মই ড্ৰাইভাৰৰ ছিটৰ ফালে চালো ৷ 

হে মোৰ প্ৰভু !!!!!!!!!!!!!!!!!!

কোনো ড্ৰাইভাৰ নাই দেখোন চলি থকা গাড়ীখনৰ ৷
বৰ ভয় লাগিবলৈ ধৰিলে ৷
কি কৰিম কি নকৰিম ভাবি থাকোতেই বাহিৰৰ পৰা হাত এখন আহি গাড়ীৰ ষ্টেয়েৰীং চম্ভালিবলৈ ধৰিলে ৷
মোৰ সৰুপানী ওলাওঁ, ওলাওঁ অৱস্থা ৷ মই চকু বন্ধ কৰি প্ৰাৰ্থনা কৰিবলৈ ধৰিলো ৷
চকু মেলি দেখো গাড়ীখন আহি এটা কেকুৰী পালেহি ৷
কি হ
ব কি নহব ভাবি থাকোতেই আকৌ বাহিৰৰ পৰা হাত এখন আহি গাড়ীৰ ষ্টেয়েৰীং চম্ভালি ধৰিলে ৷
মই
আৰু ৰৈ থাকিব নোৱাৰিলো ৷ মোৰ শৰীৰৰ সকলো শক্তি, সাহস গোটাই মই গাড়ীখনৰ দুৱাৰখন খুলিলো আৰু বাহিৰলৈ জাপ মাৰি দিলো ৷
মই বোকাত পৰিলো
, তাৰ পৰা কোনোমতে উঠিলো আৰু ওচৰতে থকা বাৰ এখনলৈ দৌৰ মাৰিলো ৷

তাত এটা লাৰ্জ পেগ হুইস্কী অৰ্ডাৰ কৰি মই ওখ টুল এখনত  বহি কোনোমতে নিজৰ উশাহ ঘুৰাই আনিবলৈ যত্ন কৰিলো ৷ 

মই মোৰ হুইস্কীত সোহা মাৰিছোহে
, এনেতে বোকাৰে লুটুৰিপুটুৰি, বৰষুণত জুৰুলিজুপুৰিহৈ দুজন লোক বাৰখনৰ  ভিতৰলৈ সোমাই আহিল ৷
মোক দেখি তাৰে এজনে কলে দাদা এই মুৰ্খটোৱেই আমি ঠেলি থাকোতে গাড়ীখনত জাপ  উঠিছিল ৷

6 comments:

  1. Rini i wrote a scary story which turned out to be funny :)))

    ReplyDelete
  2. Kot j pai apuni eibur idea.....
    Manuh maribo dey..... hahi hahi pet bikhai gol...

    ReplyDelete
  3. হা হা হা-----কি জমনি!!!!মানুহ পাগল হৈ যাবদেই

    ReplyDelete
  4. ha ha ha Manuh maribo dei apuni

    ReplyDelete