Sunday, 25 May 2014

আধৰুৱা গুৱাহাটী ৯০ আৰু এটি ছেটিং

সুবিধা পালেই মই ফেছবুকত লগ-ইন কৰি নিজৰ অনুভৱৰ কথা. অভিজ্ঞতাৰ কথা লিখো ৷
কেতিয়াবা মাজনিশা ১ বা ২ বজাতো লিখো ৷

কেইমাহমান আগৰ নিশা ১ বজাৰ কথা ৷ শুবলৈ লৈ মনত পৰি গল ঘটনা এটা ৷ 
লগ-ইন কৰি লিখিবলৈ আৰম্ভ কৰিলো ৷

‘‘১৯৯০ চনৰ এপ্ৰিল মাহৰ কোনো এক সন্ধিয়া ৷
স্থান নেহেৰু ষ্টেডিয়াম, গুৱাহাটী ৷
গুৱাহাটী ৯০ নামৰ এটি অনুস্থান ৷ ৰূপা গাংগুলী 
আদিৰ সাংস্কৃতিক অনুস্থান ৷
লোকে লোকাৰণ্য ৷
আমি কলেজৰ পৰাও……………….’’

*****
ইনবক্সত বাৰ্তা আহিল,
‘‘আংকুল ভাল নে ?’’
চেলাউৰি ঘোপা কৰি বাৰ্তা প্ৰেৰকৰ নামটো চালো ৷ কোনো ইংৰাজ নেফিউ (Nephew) এইজন ? মাজৰাতি আংকুলবুলি সম্বোধন কৰিছে যেতিয়া নেফিউ বুলি নাভাবি কি বুলি ভাবিম বাৰু
দেখিলো নেফিউৰ ঘৰ শিৱসাগৰৰ ফালে ৷ 
কোনো ধৰণৰ কথাবতৰা আগে পাছে কৰি পোৱা নাই ৷ 
উত্তৰ দিলো, ‘‘ভাল ভাল ! তোমাৰ কেনে ?’’ উত্তৰলৈ বাট চালো ৷ 
সেউজ চাকি জ্বলি আছে যদিও কোনো উত্তৰ নাই ৷ 
মনতে ভাবিলো, ‘‘শুলে নেকি বাৰু ?’’

মই আকৌ লিখিবলৈ আৰম্ভ কৰিলো ৷

*****
‘‘……… এক বাছ লৰা-ছোৱালী অনুস্থান উপভোগ কৰিবলৈ বুলি নেহেৰু ষ্টেডিয়ামত উপস্থিত হলো গৈ ৷ আমি আমাৰ নিৰ্দিষ্ট গেলাৰীত সোমালো ৷
 
মুৰ ঘুৰাই গল ৷ যিফালে চকু যায় সেই ফালেই মাথো …………’’

*****
ইনবক্সত আকৌ বাৰ্তা আহিল ৷
‘‘ভাল ভাল ৷ আপুনি কি কৰি আছে ?’’
মই স্মাইলী এটাৰ সৈতে উত্তৰ দিলো, ‘‘কিবা অকনমান লিখিবলৈ লৈছো ৷ তুমি কি কৰি আছা ? পঢ়া-শুনা ?’’

এতিয়া মনত নাই কিয় বা সুধিছিলো পঢ়া-শুনা কৰি আছে নেকি বুলি ৷ ফেছবুকত মাজৰাতিখন বাৰু কি পঢ়া-শুনানো কৰিব ? নেফিৱে কতনো পঢ়ে তাকো নাজানো ৷
উত্তৰ আহিল, ‘‘মই এনেয়ে আছো ৷ পঢ়া-শুনা কৰিব মন যোৱা নাই ৷’’
মই ওলোটাই সুধিলো, ‘‘তুমি কত পঢ়া ?’’

কিবা এটা উত্তৰ দিলে ৷ তাৰ পাছত বহু সময় একো বাৰ্তা নাই ৷ 

সেউজ চাকি জ্বলি আছে ৷ মনতে ভাবিলো, ‘‘শুলে নেকি বাৰু ?’’

মই আকৌ লিখিবলৈ আৰম্ভ কৰিলো ৷

*****
‘‘…….. ৰূপহীৰ জাক ৷ কোনগৰাকীৰ ফালে চাম, কোন গৰাকীৰ ফালে নাচাম ? আমি কেইজনমানে লগ হৈ ৰূপহীৰ সৈতে নয়ন-সংযোগ স্থাপন কৰিবলৈ যত্ন কৰিলো ৷ আশা, যদি কিবা সেউজ সংকেতৰ সম্ভেদ পাওঁ ওচৰতে বহিম গৈ ৷ পাৰিলে কথা পাতিবলৈ যত্ন কৰিম,
 
নামটো জানিবলৈ যত্ন কৰিম,
ঠিকনাটো সুধিবলৈ যত্ন কৰিম ৷
আমাৰ লগৰ জেমছে ঘোষণা কৰিলে, ‘আজি এজনীক প্ৰপোজ কৰিমেই মই ৷
আমি অনুস্থান বাদ দি………………….’’
 

*******
ইনবক্সত আকৌ বাৰ্তা আহিল ৷
‘‘আংকুল, ভাত খালে নে ?’’
মই উচপ খাই উঠিলো ৷
 
নিজৰ পেটটোত হাত দি চালো, ঘড়ীটোৰ ফালে চালো ৷
এতিয়া ৰাতি ডেৰমান বাজিছে দেখোন ! মনতে ভাবিলো ভাত খোৱাৰ কথা সুধিলে যে ? নেফিউ আচলতে ইংলেন্ডৰ ফালেই থাকে নেকি বাৰু ?
মই প্ৰশ্ন কৰিলো, ‘‘তুমি এতিয়া আছা ক?’’
উত্তৰ আহিল, ‘‘ঘৰতে আছো ৷’’
মোৰ খুদুৱণি মাৰ নগল ৷ মই আকৌ প্ৰশ্ন কৰিলো, ‘‘ঘৰ মানে ?’’
উত্তৰ আহিল, ‘‘নেমুগাওঁ৷’’
সুধিব মন গৈছিল, ‘‘ইংলেন্ডৰ নেমুগাওঁ কাউন্টি ?’’
 
পাছে সুধিলো, ‘‘নোশোৱা ?’’

তাৰ পাছত বহু সময় একো বাৰ্তা নাই ৷ সেউজ চাকি জ্বলি আছে ৷ মনতে ভাবিলো, ‘‘শুলে নেকি বাৰু ?’’

মই আকৌ লিখিবলৈ আৰম্ভ কৰিলো ৷

*****
‘‘……….. আমাৰ নিজৰ কামত ব্যস্ত হলো ৷ এবাৰ ভাৱ হল দুগৰাকী ৰূপহীয়ে যেন আমাৰ ফালে চাই ঈষৎ হাঁহি এটা মাৰিছে ৷ এনে লাগিল যেন কোনো অচিন গ্ৰহৰ পৰা কোনো সংকেতহে পালো ৷ একেজাপে গৈ…………..’’

*****
ইনবক্সত আকৌ বাৰ্তা আহিল ৷
‘‘আংকুল, আপুনি ফাষ্টফুড খায় নে ?’’
ভাত খোৱাৰ পাছত এতিয়া ফাষ্টফুড ওলাল যে ! কথাটো কি
ঘড়ীটো লৈ মন কৰিলো ৷ তেতিয়া সময় নিশা ১ বাজি ৪০ ৷
ইতিমধ্যে নেফিউৰ সৈতে হৈ থকা বাৰ্তালাপে মোক বাৰুকৈয়ে আমনি কৰিবলৈ আৰম্ভ কৰিছে ৷ মনতে ভাবিবলৈ ধৰিলো কি বুলি উত্তৰ দিলে বাৰু কথাটো আগ নবঢ়াকৈ থাকিব ?
মনতে ভাবিলো,
 
যদি কওঁ ভাল পাওঁ, নেফিৱে সুধিব কি ফাষ্টফুড ভাল পায় ৷
যদি কওঁ ৰোল ভাল পাওঁ, নেফিৱে সুধিব কি ছিকেনৰোল নে ভেজৰোলভাল পায় ৷
নাই নাই ভাল নাপাওঁ বুলি কোৱাই ভাল হব ৷
আকৌ বাৰ্তা আহিল,
‘‘আংকুল শুলে নেকি ? একো নকলে যে ?’’
মই উত্তৰ দিলো, ‘‘কি সুধিছিলা ?’’

তাৰ পাছত বহু সময় একো বাৰ্তা নাই ৷ সেউজ চাকি জ্বলি আছে ৷ মনতে ভাবিলো, ‘‘শুলে নেকি বাৰু ?’’

মই আকৌ লিখিবলৈ আৰম্ভ কৰিলো ৷

*****
‘‘……………. ৰূপহীদ্বয়ৰ ওচৰ পালো গৈ ৷ আমাক দেখি তেওঁলোক দুয়ো আৰু লগৰ আন কেইবা ৰূপহীয়ে খিলখিলাই হাঁহি দিলে ৷ আমিও হাঁহিৰ সহাৰি জনালো ৷’’

১৯৯০চনৰ সেই কাহিনীটো মই টাইপ কৰি আছো যদিও মোৰ চকু বাৰে বাৰে ইনবস্কত ৷ নেফিউৰ একো বাৰ্তা নাই ৷ মনতে ভাবিলো, ‘‘শুলে ছাগৈ ৷ ৰক্ষা ! এতিয়া আৰামত লেখিব পাৰিম ৷

মই আকৌ লিখিবলৈ আৰম্ভ কৰিলো ৷

‘‘জেমছে এপাকত গৈ এগৰাকী ৰূপহীৰ তেনেই কাষতে বহি ললে ৷ তাকে দেখি আমিও…………..’’

*****

ইনবক্সত আকৌ বাৰ্তা আহিল ৷
‘‘আংকুল, আপুনি ফাষ্টফুড খায় নে ?’’
মোৰ চকু কপালত উঠিল ৷
 
মনতে, ‘‘তাৰমানে নেফিউ শোৱা নাই ? ময়ে শুই থাকো নেকি ? আজি এওঁ মোক লিখিব নিদিব ছাগৈ !’’
নেফিৱে আকৌ বাৰ্তা দিলে, ‘‘কওক আকৌ ৷’’
মই স্মাইলী এটাৰ সৈতে উত্তৰ দিলে, ‘‘নাই নাখাওঁ ৷’’

তাৰ পাছত বহু সময় একো বাৰ্তা নাই ৷ সেউজ চাকি জ্বলি আছে ৷ মনতে ভাবিলো, ‘‘শুলে নেকি বাৰু ?’’

মই আকৌ লিখিবলৈ আৰম্ভ কৰিলো ৷

*****
‘‘…….. গৈ ৰূপহীসকলৰ মাজ…………..’’

*****

ইনবক্সত আকৌ বাৰ্তা আহিল ৷
বাৰ্তা দেখি মই লগ-আউট কৰিলো ৷
মোৰ পেটে গুৰগুৰাবলৈ আৰম্ভ কৰিলে ৷

নেফিউৰ বাৰ্তাটি আছিল, ‘‘কিয় ? ফাষ্টফুড খালে গেছ হয় নেকি ?’’

হিপ হিপ হুৰে

যোৱাকালিৰ কথা ৷
ক্লাছ শেষ কৰি ভাবি আছো ঘৰলৈ যাওঁ নে মাইনাৰ বিয়াৰ ৰিচেপচনলৈ যাওঁ ৷
ভাবি পালো নগলে দীপৰ গালি খাব লাগিব ৷
দীপ মানে দৰাৰ ককায়েক, বিয়াৰ কেপ্তেইন ৷

বিয়ালৈ বুলি গৈ পণ্ডিতৰ দোকানৰ সন্মুখত অকনমান সময়ৰ বাবে ৰলো ৷ মই ফুটপাথত ৰৈ আছো ৷ বাঁহৰ দলঙখনৰ সিপাৰৰ পৰা লৰা এটা দৌৰ-মাৰি মোৰ ফালে আহি থকা যেন লাগিল ৷
‘‘চাৰ চাৰ !’’
কোনে মোক ‘‘চাৰ চাৰ’’ বুলি মাতিছে বুজি পোৱাৰ আগতেই তেওঁ মোৰ হাতত মোবাইলটো ধৰাই দি কলে, ‘‘চাৰ মায়ে আপোনাৰ সৈতে কথা পাতিব খুজিছে ৷ কথা পাতক না, প্লিজ !’’
মুখখনলৈ চায় গম পালো ২০০৯ চনমানতে হায়াৰ চেকেন্ডেৰী পাছ কৰা মোৰেই ছাত্ৰ এজন ৷

কিন্তু কথা পাতক না, প্লিজমানে কি আকৌ ?

মই ফোনটো হাতত লৈ হেল্লৌবুলি কলো ৷

সিফালৰ পৰা ছাত্ৰৰ মাকে মোক সম্ভাষন জনাই সুধিলে, ‘‘আমাৰ ই মানে সঁচাকৈয়ে আপোনাৰ লগত আছে ? কি কৰিছে সি আপোনৰ লগত ? ত আছে এতিয়া ? বহু সময় ধৰি তাক ফোন কৰি আছো ফোন ধৰা নাই .............!!’’

মই একো উত্তৰেই দিব পৰা নাই ৷ পাছে ইতিমধ্যে মই অনুমান কৰিব পাৰিলো উৰহী গছৰ ওৰ কত ৷ ফোনটো থৈ চকু ঘোপা কৰি ছাত্ৰৰ ফালে চাই দেখিলো অকল তেওঁৰ সৈতে ফুটপাথত মোৰ সন্মুখত থিয় হৈ মোৰেই আন দুজন ছাত্ৰ ৷
 
মই কিবা এটা কবলৈ পোৱা আগতেই দুটাই ফুটপাথৰ ওপৰতে মোৰ ভৰিত পৰি দিলে, ‘‘চাৰ মাৰিলেও মাৰক আৰু ! আজি অলপ ধৰি দিলো ৷ পুৰা ফিটিং হৈ আছো দেই কে... (সেই অসমীয়া শব্দটো) !’’’’

তিনিটাৰ ভিতৰত যে এটাই ভৰিত নপৰাকৈ আছিল তেওঁ চিঞৰি চিঞৰি পণ্ডিতৰ তাত পান খাবলৈ যোৱা আটাইৰে আগত মোৰ পৰিচয়টো দিলে, ‘‘এইয়া আমাৰ চাৰ ! দত্ত চাৰ !’’

ভৰিত পৰি থকা দুটাই চিঞৰিলে, ‘‘হিপ হিপ হুৰে !’’

মোৰ সংগীত সাধনা, ৰেজিয়া ছুলতানা, আছিফ আৰু হুন্ড্ৰা

(১)
এই ফটোখন ভৃগুৱে তুলিছিল ৷
ফটোখন দেখি প্ৰথমে মোৰো ধাৰণা হৈছিল মই গান গায় আছো বুলি ৷
এওঁক সুধিলত ভেকাহি মাৰিলে, ‘‘কি কথা কোৱানো তুমি অ ? কোন দিনা গান পাইছা নো ?’’

আজি কুশল দত্ত আৰু বুলজিতৰ সৌজন্যত ফটোখনলৈ আকৌ মনত পৰিল ৷
মোৰ মনত পৰাটো ডাঙৰ কথা নহয় ৷ ফেছবুকত ফটোখন বহুজনে দেখিলে ৷
বহুতেই সুধিছে, ‘‘ত গান গাইছে ?’’

মই নাই গোৱা বা মই গান গাব নাজানো বুলি কলে বিশ্বাস নকৰে ৷

ভাবি ভাবি তত পোৱা নাই কত কেতিয়া গান পাইছিলো বুলি কওঁ এতিয়া ৷
বহুদিন আগেয়ে এবাৰ সমৱেত সংগীতত ওঁঠ মিলাবলৈ গৈ ধৰা পৰিছিলো ৷
তাৰ বাহিৰে গান গাইছিলো জানো ?

মনত পৰিল এবাৰ লতা মংগেশকাৰৰ সৈতে গান নোগোৱা নহয় ৷
সেইয়া ১৯৮৮চনৰ কথা ৷
আমি তেতিয়া উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ৷
সেই বছৰ লতা মংগেশকাৰ গুৱাহাটীলৈ আহিছিল ৷
নেহেৰু ষ্টেডিয়ামত গীত পৰিবেশন কৰিছিল ৷

সেই তেতিয়াই এটা গীতত ময়ো তেওঁৰ সৈতে গান গাইছিলো ৷
গীতটি আছিল ৰেজিয়া ছুলতানাছিনেমাখনৰ
ছুলতানা ছুলতানা
মেৰা নাম হ্যায় ছুলতানা ............’’

সেই গীতটিত মাজত পুৰুষ কণ্ঠত
 
মাজে মাজে
 
‘‘ছু-ল-তা-না’’ বুলি চিঞৰে ৷
গেলেৰীৰ পৰা ময়ো মাজে মাজে ফুৰ্তিতে
 
‘‘ছু-ল-তা-না’’ বুলি চিঞৰি চিঞৰি গান গাইছিলো ৷
মোৰ বাবে সংগীত সাধনাৰ সেইয়া স্মৰণীয় অধ্যায় ৷

(২)
ৰেজিয়া ছুলতানা আৰু আছিফ
---------------------------
মই বহু কথা যিদৰে পাহৰি যাওঁ সেই দৰেই হঠাতে মোৰ বহু কথা মনতো পৰি যায় ৷
যোৱা কালি ফটো এখনৰ পৰা মোৰ মনত পৰিল লতা মংগেশকাৰ তথা ৰেজিয়া ছুলতানাৰ কথা ৷
ৰেজিয়া ছুলতানাৰ পৰায়ে মনত পৰিল আন এটা কথা ৷

মেট্ৰিক পাছ কৰি উচ্চতৰ মাধ্যমিকত নাম লগালো ৷
অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু বন্ধুক লগ পালো ৷ তাৰে বহু কেইজন ২৭ বছৰত কব নোৱাৰাকৈয়ে বন্ধুৰ পৰা গৈ পৰিয়ালৰ সদস্য হৈ পৰিল ৷ বহু এনে বন্ধু আছে যিসকল অভিন্ন হৃদয় হৈ পৰিল ৷ 

পাছে এনে বহু বন্ধু আছিল যাৰ সৈতে উচ্চতৰ মাধ্যমিকৰ দুটা বছৰত কিমান মধুৰ সময় পাৰ কৰিলো ভাবিলে আজিও ৰোমাঞ্চিত হৈ উঠো কিন্তু ১৯৮৯চনৰ পাছতনো তেওঁলোক কেনি গল খবৰেই নাপালো ৷ আজি কত আছে, কি কৰে জানিবলৈ বৰ মন যায় ৷

তেনে এজন বন্ধু আছিল ৰেজিয়া ছুলতানাৰ আছিফ ৷
১৯৮৭-৮৯ চনৰ সময়খিনিত মই আৰু আছিফ বহু সময় একে লগে পাৰ কৰিছিলো ৷ পদাৰ্থ বিজ্ঞান, ৰাসায়ন বিজ্ঞান, গনিত আদিৰ ক্লাছবোৰত আমি একে লগে বহিছিলো ৷
 

সাংঘাতিক ৰসাল ব্যক্তি ৷
আমাৰ ছাত্ৰাবাস দুটাও ওচৰা-ওচৰি আছিল ৷ আবেলি সময়ত হোটেল কেলিফৰ্নিয়াত বহি পৰঠা টানি টানিকিমান যে ৰসাল কথা নাপাতিছিলো !

কলেজত সোমাৱাৰ পাছত ফ্ৰেছাৰ ছছিয়েল নোহোৱালৈকে যিখিন সময় থাকে সেইখিনিক হেনো ৰেগিং পৰিয়ডবলি কয় ৷ আমাৰ লগৰ প্ৰাণীবিজ্ঞান/উদ্ভিদ বিজ্ঞানৰ ক্লাছ কৰিবলৈ যোৱা প্ৰথম বাৰ্ষিক ছাত্ৰীৰ বাবে তেওঁ পাছে এক প্ৰকাৰৰ সন্ত্ৰাস আছিল ৷ (কি কৰিছিল নকওঁ বাৰু
  )

১৯৯৫ চনত মানত এবাৰ ইমাদাদুলক মেঘদূত ভৱন লগ পায় প্ৰথম প্ৰশ্ন কৰিছিলো,
‘‘আছিফ কত থাকে অ ?’’
মোৰ যিমানখিনি মনত আছে ইমদাদে জনাইছিল আছিফ হেনো ইটানগৰত থাকে ৷ অৰুনাচল চৰকাৰৰ পশু চিকিৎসাবিভাগত (?) কাম কৰে ৷
বৰ মন আছে এবাৰ তাক লগ পায় আকৌ পৰঠা টানি টানিকেই ঘন্টামান লেকচাৰ মাৰিবলৈ ৷

ৰেজিয়া ছুলতানা !!!!!!!!!!!
নাই ৰেজিয়া ছুলতানা আছিফৰ প্ৰেমিকা নহয় ৷
মই যে লতা মংগেশকাৰৰ সৈতে ছু-ল-তা-না’, ‘ছু-ল-তা-নাবুলি চিঞৰি চিঞৰি গান গাইছিলো সেই লাগটোত আছিফো মোৰ আৰু শ্ৰীযুতা মংগেশকাৰৰ সহশিল্পী আছিল ৷ আছিফক দেখিয়ে মোৰ মনলৈ আহিছিল ছু-ল-তা-না’, ‘ছু-ল-তা-নাবুলি চিঞৰ মাৰিবলৈ ৷
 
কিন্তু ৰেজিয়া ছুলতানা তথাপিও আছিফৰ প্ৰেমিকা নহয় দেই৷

কলেজৰ ফ্ৰেছাৰছ ছছিয়েলত ষ্টেজ ৰেগিংবুলি বস্তু এটা হয় ৷
নাম শুনিয়ে ভয় লাগিছে ৷ মঞ্চৰ ওপৰত তুলি হেনো গান গাব দিয়ে, নাচিব দিয়ে আৰু কিবা কিবি কৰে ৷ আমি প্ৰেক্ষাগৃহত বহি আছো ৷ এটা এটাকৈ লগৰবোৰক মঞ্চলৈ মাতি আছে ৷ কাৰোবাক নাচিব দিছে, কাৰোবাক গান গাব দিছে ৷
 

এপাকত আছিফক মাতিলে ৷ তাক আকৌ সহজ প্ৰশ্ন এটা সুধিলে, ‘‘তুমি কি কৰিবা ?’’
আছিফে তপৰাই উত্তৰ দিলে, ‘‘দাদা মই গান গাম ৷’’
মঞ্চত থকা এজনে (SMKদাদা আছিল মঞ্চত মোৰ মনত আছে) কলে, ‘‘গোৱা গোৱা ৷’’
আছিফে সকলোকে আচৰিত কৰি কলে, ‘‘দাদা মই কিন্তু ডুৱেটহে গাম ৷’’
লগে লগে আমি ফুৰ্তিতে উঁকিকে মাৰি দিলো ৷
ডুৱেট গাবলৈ গায়িকাৰ প্ৰয়োজন হল ৷
আছিফক তাৰ পচন্ডৰ গায়িকা বাচনি কৰিবলৈ দিলে ৷
আছিফে ১ ছেকেন্ডতে গায়িকা পচন্ড কৰিলে ৷

তাৰ পাছত গায়িকা আৰু আছিফ মাইকৰ আগত ঠিয় হল ৷
গান গাবলৈ সাজু ৷
আমি শুনিবলৈ সাজু ৷
না গায়িকাই কিবা গাইছে না আছিফে কিবা গাইছে ৷
কোনোবা এজনে আছিফক সুধিলে, ‘‘আৰে নোগোৱা কিয় ? গোৱা আকৌ ৷’’

আছিফে সেমেনা সেমনকৈ কলে, ‘‘দাদা তেওঁ আৰম্ভ কৰিলেহে মই গাব পাৰিম ৷ মই মাত্ৰ এটাই গান জানো ৷ তাকো গানটোৰ পুৰুষ কন্ঠত গোৱাখিনিহে জানো ৷’’
‘‘কোনটো গান গাব জানা ?’’
আছিফে তপৰাই উত্তৰ দিলে, ‘‘দাদা মই ৰেজিয়া ছুলতানা ছিনেমাখনৰ
 
ছুলতানা ছুলতানা মেৰা নাম হ্যায়
 
ছুলতানা...
গানটো জানো ৷’’

তাৰ পাছত গায়িকাই গাবলৈ আৰম্ভ কৰিলে গানটো আৰু আছিফে যিমান পাৰে সিমান চিঞৰিলে
 
ছু-ল-তা-না’, ‘ছু-ল-তা-না’ !!!!!!!!!!!!!!!!!!!

(৩)
ৰেজিয়া ছুলতানা আৰু হুণ্ড্ৰা
------------------------

মই বহু কথা যিদৰে পাহৰি যাওঁ সেই দৰেই হঠাতে মোৰ বহু কথা মনতো পৰি যায় ৷
যোৱা কালি ফটো এখনৰ পৰা মোৰ মনত পৰিল লতা মংগেশকাৰ তথা ৰেজিয়া ছুলতানাৰ কথা ৷
ৰেজিয়া ছুলতানাৰ পৰায়ে মনত পৰিল আন এটা কথা
 

এতিয়া ৰেজিয়া ছুলতানাৰ পাছৰ কাহিনী আৰু এটা মনত পৰিছে ৷
হুণ্ড্ৰা বাইদেউৰ কথা ৷

ৰেজিয়া ছুলতানা আৰু আছিফৰ কাহিনীটো লিখাৰ পাছত বহুতেই জনালে যে চিনেমাখনৰ নাম হেনো ৰেজিয়া ছুলতানা নহয় ৷ সেই চিনেমাখনৰ নাম তাৰাণা ৷
 
ৰাজুদালৈ ফোন কৰোতে মোক কলে, ‘‘বুজিছা প্ৰতিভূ মোৰ দেখিয়ে সন্দেহ হৈছিল চিনেমাখনৰ নামটো ৰেজিয়া ছুলতানা আছিল জানো ? ৰেজিয়া ছুলতানাখন কমল আমৰোহীৰ চিনেমা ৷ তেওঁৰ চিনেমাত সাধাৰণতে নৌশাদে সংগীত দিয়ে ৷ নৌশাদ জানো ছুলাতানা ছুলতানা মেৰা নাম হ্যায় ছুলতানাৰ দৰে গীত তৈয়াৰ কৰিছিল ? ইউ টিউৱত চাই গম পালো চিনেমাখনৰ নাম ৰেজিয়া ছুলতানা নহয় তাৰাণা ৷’’

মই কথাখিনি মন দি শুনিলো ৷
ভাবিবলৈ ধৰিলো মই বহু চিনেমাই চালো ৷ কলেজত থাকোতে এদিনত তিনিটা হলত তিনিখন চিনেমা চায়ো পাইছো ৷ পাছে কোনোবা চিনেমাৰ সংগীতজ্ঞৰ নাম মনত আছেনে বাৰু মোৰ ?
সংগীতজ্ঞ বাদ দিলো বহু চিনেমাৰ পৰিচালকৰ নামো মই নাজানো ৷
পৰিচালক বাদ দিলো বহু সময়ত মই কি চিনেমা চাই আছো সেইটো নজনাকৈয়ো চিনেমা চাই পাইছো ৷

বাছৰ পৰা নামি গৈ পাওঁ পাওঁ মানে চিনেমা আৰম্ভ হৈ যায় ৷ টিকট কাটি ভিতৰ সোমাওঁ মানে নেম কাষ্টিং পাৰ হৈ যায় ৷ অকনমান সময় চিনেমা চাই কাষত বহি থকা জনক সোধো, ‘‘হেৰি চিনেমাখনৰ নাম কি বাৰু ?’’

কেতিয়াবা আকৌ চিনেমাৰ নাম পাহৰি আগতে চাই ভাল নলগা চিনেমাকে পুনৰ চাই পাইছো ৷ চিনেমা আধা চোৱাৰ পাছত মনত পৰে, ‘‘আৰে এইখন চাই দেখোন আগতে কামোৰ খাই থৈছিলো ! চেহ্ আকৌ সোমাই দিলো পায় !’’
 
ওলাই নাহো পাছে ৷ সোমালোৱে যেতিয়া চাই দিওঁ ৷
 
কিজানি এইবাৰ ভাল লাগি যায় ৷
 
একো নহলেও ৰিভিজন (revision) এটা হৈ গল বুলি ধৰি লওঁ ৷
 

আমি উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ হৈ থকাৰ সময়ৰ কথা ৷ গুৱাহাটীৰ ছবিঘৰলৈ এখন চিনেমা আহিল ৷
 
নাম হুণ্ড্ৰা (Hundra)
সোনালী চুলিৰ স্বল্পবসনা হুণ্ড্ৰা বাইদেউৰ ফটো থকা চিনেমাৰ ফটো চাৰিওফালে লাগি আছে ৷ হুণ্ড্ৰা বাইদেউ বুলি এই কাৰণে কৈছো কাৰণ বাইদেৱে হাতত তৰোৱাল, ডেগাৰ আদি লৈ থাকে আৰু দেখিলেই গম পোৱা যায় বাইদেউ কেনন দ্যা বাৰবেৰিয়ানতকৈ কম নহব ৷
 

যিফালেই যাওঁ সেই ফালেই হুণ্ড্ৰাৰ ফটো ৷ ঠিক কৰিলো দেওবাৰে চাবই লাগিব ৷ হোষ্টলৰ দেওবৰীয়া লুছি ভাজি খায় মই আৰু দুটামান ওলালো হুণ্ড্ৰা বাইদেউৰ দৰ্শনলৈ ৷ তেতিয়া ১১ বজাৰ মেটিনি শ্বোত ইংৰাজী চিনেমা চলে ৷ আমি দৌৰা দৌৰিকৈ মেঘদূত হল পালো গৈ ৷ টিকট কাটি হলৰ ভিতৰ সোমালো ৷
ইতিমধ্যে হলৰ ভিতৰ অন্ধকাৰ হল ৷
বোধহয় নিউজ ৰীলত দেখুওৱা মহাত্মা গান্ধীৰ বিলাত যাত্ৰা অথবা কুষ্ঠৰোগ নিবাৰণীৰ কথা শেষ হল ৷
 
পৰ্দাত তেতিয়া সোনালী চুলিৰ স্বল্পবসনা হুণ্ড্ৰাৰ সলনি ওলাই আছে শাড়ী পিন্ধা, ওৰণি লোৱা নবৌ ৷
 
কথা কি হল বুজি পোৱা নাই ৷
 
ইংৰাজী ভাষাৰ সলনি অভিনেতা অভিনেত্ৰীয়ে ভোজপুৰীত কথাবতৰা পাতিছে ৷
 
বিলাতৰ সলনি বিহাৰ ওলাইছে ৷
 
লগৰ এজনে কথাটো বুজাই দিলে, ‘‘ট্ৰেইলৰ দেখুৱাইছে ৷ অকনমান পাছত হুণ্ড্ৰা বাইদেউ ওলাব ৰ !’’
অকনমান মানে বহু সময় পাৰ হৈ গল ৷
ট্ৰেইলৰ শেষ নহয় হে নহয় ৷
কাষত বহি থকাজনক সুধিলো, ‘‘চিনেমাখনৰ নাম কি ?’’
‘‘বাজে ছেহনাই হামাৰ আংগনা’’

এটাই কলে, ‘‘এহ্ হব দে ৷ অহা সপ্তাহত ৰূপায়নত লগাব ৷ আজি এইখনেই চাই দিওঁ ৷’’

শ্বোলে চিনেমাৰ নাম হেনো বাছন্তী



এবাৰ মই, শ্ৰীমতী আৰু মোৰ ভাই এটা গলো প্ৰদীপ চৰকাৰ পৰিচালিত পৰিনীতা ৷
মই বেছ ভাল পালো ৷
চিনেমাখনো ভাল পালো, গান কেইটাও বেছ ভালো ৷
শেষত ছেঈফ আলী খানে দেৱাল ভঙা দেখি বেছ আমোদ পালো ৷
ভাইটোৱে এসোপামান পপকৰ্ণো খুৱালে ৷

চিনেমা চাই উভটি আহোতে মই কলো, ‘‘চিনেমাখন মোৰ ভাল লাগিল ৷’’
ভাইটোৱে মাত লগালে, ‘‘মোৰো ভাল লাগিল যদিও মই কথা এটা বুজি নাপালো ৷’’
‘‘কি বুজি নাপালি ?’’
সি কওঁ নকওঁককৈ কলে, ‘‘পৰিনীতা কোনজনীৰ নাম আছিল ?’’
‘‘মানে ?’
ভাইটোৱে বুজালে, ‘‘চোৱা, বিদ্যা বালনৰ নাম ললিতা, দীয়া মিৰ্জাৰ নাম গায়ত্ৰী আৰু ৰিয়া সেনৰ নাম কোয়ল ৷ চিনেমাখনত বাকী কাৰো নামেই দেখোন পৰিনীতা নহয় ৷ মই বাট চাই থাকিলো কোনোবা এজনীক ছেঈফে মাতিব পৰিনীতা বুলি ৷ নামাতিলে দেখোন ! তেনে হলে আকৌ চিনেমাখনৰ নাম কিয় পৰিনীতা ৰাখিলে ?’’
‘‘তই কি কৈ আছ তইহে বুজিছ দেই !’’
ভাইটোৰ অকনমান খঙেই উঠিল, ‘‘ছান্দনীখনত শ্ৰীদেৱীৰ নাম ছান্দনী আছিল, হীনাখনত জেৱা ৱখতিয়াৰৰ নাম হীনা আছিল গতিকে এইখন হয় চিনেমাখনৰ নাম পৰিনীতাৰ সলনি ললিতা ৰাখিব লাগিছল নহয় বিদ্যা বালনৰ নাম পৰিনীতা ৰাখিব লাগিছ ৷’’
মই ভাইটোৰ কথা বুজি তাক সুধিলো, ‘‘তাৰ মানে শ্বোলেখনৰ নাম বছন্তী ৰাখিব লাগিছিল নেকি ?’’
সি বেছ আত্মপ্ৰত্যয়েৰে উত্তৰ দিলে, ‘‘আৰু কি ৰাখিব লাগিছিনো ? চিপ্পী চাহাবে বিৰাট ডাঙৰ ভুল কৰিছিল !’’

ৰভাতলীত মেহমুদ



মই সিন্ধান্ত লৈছিলো যে বিয়া খাবলৈ গলে পাগুৰি মৰি খুছৱন্ত সিং নাইবা লুঙী পিন্ধি বুলেট আন্নাৰ ভেশত যাম ৷ পাছত ভাবিলো আজি জাপজাপকুছিতহে বিয়া ৷ তাত আকৌ মোৰ কোন চিনাকি ওলাব ?

মই জাপজাপকুছিৰ নাম দুদিনমান আগতে প্ৰথমবাৰৰ বাবে শুনিছিলো ৷
কেনে দৰে যাব লাগে গৈ থাকোতে বাটত সুধি সুধিহে জানিলো ৷
তাতে যে এনে কোনো চিনাকি মানুহ ওলাব যিজনক মই কেতিয়াবা গল পাইছিলো আৰু পাহৰি গলো তাৰ কোনো সম্ভাৱনা নাই ৷
গাড়ীখন বিয়াৰ ঘৰৰ সন্মুখতে থকা মুকলি খেলপথাৰত ৰখাই ৰভাতলীলৈ খোজ দিলো ৷
এজন কোৱাকুবিকৈ আমাৰ ফালে আহি থকা দেখিলো ৷
খোজ দেখিয়ে মোৰ সন্দেহ হল ৷

শ্ৰীমতীক কিবা এটা সুধিবলৈ পোৱা আগতেই কোবাকুবিকৈ আহি থকাজন আহি ওচৰ পালে, ‘‘চাৰ ভাল নে ? মোক চিনি পাইছে নহয় ? আমাৰ ভাইটিৰ বিয়াত আপুনি আমাৰ ঘৰলৈ গৈছিল ৷ মোৰ মনত আছে ৷’’
 
মই কি কম একো ভাবিয়ে পোৱা নাই ৷ অকনমান টুকুৰিয়াই চাওঁ বুলি সুধিলো, ‘‘ভাইটিৰ বিয়ালৈ বুলি এবাৰহে গৈছিলো ৷ ইমান মনত আছে নে ?’’
উত্তৰ হিচাবে যিখিনি শুনিলো মোৰ অন্ঠ-কন্ঠ শুকাই গল ৷

‘‘হাঃ হাঃ হাঃ চাৰ ! কিয় মনত নাথাকিব ৷ আপুনি কিমান যে জমাইছিল ! গোটেই গাওঁখনে আপোনাৰ কথা কৈ থাকে ৷’’

কাৰ ভায়কৰ বিয়াত, কোনখন গাওঁত মই মেহমুদৰ ভাওঁ লৈছিলো এতিয়া মনত পৰা নাই ৷
গোটেই দিনটো ভাবি আছো একোকে মনত পৰা নাই দেখোন ৷
 
সেই গাওঁখনৰ কোনোবাই যদি এই আপডেট পঢ়ে দয়া কৰি ইন-বক্সত মোক জনাবচোন বিয়াখন কাৰ আছিল ৷

(মই সেই মই বিয়া খোৱা ভায়েকজনৰ ককায়েক পুনৰ ৰভাতলীত দেখা নাপালো ৷ নহলে নিজেই কলো হয়, ‘‘দয়া কৰি জনাব নেকি আপোনাৰ ভাইজনৰ নামটো কি ?’’ )


লিংগটোৱে নাই, চাবই নোৱাৰিলে


উচ্চপদস্থ চৰকাৰী বিষয়া ৷ পুৱা কাৰ্য্যালায়লৈ আহিবৰে পৰা ব্যস্ত ৷
ফাইলত চহী কৰিব লাগে, সহকৰ্মীৰ সৈতে আলোচনা আদিৰ পৰা আহৰি নাপায় ৷

এপাকত তেওঁৰ মনত পৰিলে বেংকত ছেক এখন দি থোৱা আছিল ৷ একাউন্টত সেইখন জমা হল নে নাই খবৰ কৰিব লাগিছিল ৷ নিজে গৈ খবৰ কৰিবলৈ উপায় নাই ৷ 


গতিকে পিয়নজনকে মাতিলে ৷ বিষয়াই পিয়ন লোকেশ্বৰক নিজৰ পাছবুকখন দি কলে, ‘‘
লোকেশ্বৰ, তই বেংকলৈ যা আৰু মোৰ একাউন্টত চেকখন জমা হল নে নাই খবৰ কৰি আহচোন ৷‘‘

পিয়ন লোকেশ্বৰ বেংকলৈ গল ৷
 
বিষয়া ব্যস্ত হল নিজৰ কামত ৷
এপাকত সহকৰ্মী শ্ৰীমতী বন্তি শৰ্মা আৰু শ্ৰীমতী পল্লবী মহন্ত বিষয়াৰ কোঠালৈ আহিল ৷ তিনিও ব্যস্ত হল কিবা চৰকাৰী কামৰ আলোচনাত ৷
 

পিয়ন লোকেশ্বৰ বেংকৰ পৰা উভটি আহিল ৷
বিষয়াই মুৰ তুলি লোকেশ্বৰৰ ফালে চালে ৷
চকুত প্ৰশ্নবোধক চিহ্ন ৷
লোকেশ্বৰে কওঁ নকওঁকৈ কলে, ‘‘চাৰ, আপোনাৰটো চাবই নোৱাৰিলে ৷ লিংগটোৱে নাই বোলে !‘‘

তৎক্ষণাত ফাইলৰ পৰা মুৰ তুলি শ্ৰীমতী বন্তি শৰ্মা আৰু শ্ৰীমতী পল্লবী মহন্তই ওপৰৱালা বিষয়াৰ ফালে চালে ৷ চকুত প্ৰশ্নবোধক চিহ্ন ৷

বিষয়াই কওঁ নকওঁকৈ কলে, ‘‘মানে বেংকলৈ গৈছিল ৷ লিংকটো নাই বুলি কৈছে ৷‘‘

১৮ +


বিনম্ৰ অনুৰোধ পঢ়ি উঠি গালি নাপাৰিব ৷ সঁচা কথা কৈছো লিখিবলৈ মন নাছিল ৷ পাছে কেইবাজন বন্ধুৱে কৈ আছিল, ‘‘আব্বে তই ১৮ + অলপ নিলিখ কিয় ?‘‘ বন্ধুৰ কথা পেলাব নোৱাৰিহে লিখিছো ৷
.
.
.
এতিয়া লিখিবলৈ লৈ ভাবিছো, ‘‘মই হলো অংকৰ শিক্ষক ৷ আই.আই.টি.ৰ প্ৰবেশিকা পৰীক্ষাৰ বাবে অংক শিকাওঁ ৷ ইন্টিগ্ৰেট কেলকুলাছ, ডিফাৰেঞ্চিয়েল কেলকুলাছ আদিৰ কথা ঘন্টাৰ পাছত ঘন্টা লেকচাৰ দিব পাৰিম ৷ কিন্তু ১৮ + ৰ ওপৰত কি নো লিখিম ?‘‘
.
.
.
লিখিবলৈ লৈ আকৌ ভাবিলো, ‘‘১৮ + ৰ ওপৰত লিখিলে বেয়া হব নেকি ? কোনোবাই যদি কিবা ভাবে ? এহ্ কিনো হ? কিবা বেয়া কথা নিলিখো নহয় !‘‘
.
.
.
.
১৮ +১ = ১৯
১৮ +২ = ২০
১৮ +৩ = ২১
১৮ +৪ = ২২
১৮ +৫ = ২৩

ব আৰু নহয় নে ?

Birth Control Technique

আমাৰ ওচৰৰ কলিতা ফাৰ্মেছীলৈ মোৰ মাহেকে পষেকে গৈ থকা হয় ৷
এওঁৰ বাবে থাইৰো নৰ্ম, মাৰ বাবে ওলমিন ৪০, মোৰ নিজৰ অট্ৰিভিন ৷
এই কেইটাই কিনিব লগা ঔষধ ৷

মালিক কলিতা মোৰ বন্ধু ৷
কেতিয়াবা ময়ো হাততে পোৱা দৰব উলিয়াই গ্ৰাহকক দিওঁ ৷
কলিতাক সহায় কৰো ৷

গ্ৰাহকৰ ভিৰ নাথাকিলে বিভিন্ন লেকচাৰ মাৰো ৷
কলিতাই আকৌ ইংৰাজীত কথা পাতি ভাল পায় ৷

এদিন মই কলিতাক কলো, ‘‘হেৰি কলিতা মোৰ ওজন ৯৬ কেজি পালে গৈ ৷ ওজন কমোৱা ঔষধ কিবা আছে নেকি হে ?’’
কলিতাই জাঙোৰ খাই উঠিল, ‘‘কি ঔষধ খায় দে দত্তবাবু ? আপুনি বাৰ্থ কন্ট্ৰল টেকনিক ইউজ কৰক ৷’’
মই উচপ খাই উঠিলো ৷
‘‘আৰে এওঁ আকৌ কি কৈছে এইবোৰ ?’’
ভাগ্য কোনো বেলেগ মানুহ নাছিল যেনিবা ৷ জানিবও মন গল বাৰ্থ কন্ট্ৰলত নো কেনেকৈ ওজন কমে ৷
সুধিলো, ‘‘কেনেকৈ কমে ?’’

কলিতাই তাৰ পাছত ছাৰ্ট আৰু গেঞ্জিটো বুকুলৈ দাঙি মোৰ আগত প্ৰদৰ্শন কৰিলে ওজন কমোৱাত সহায় কৰা বাৰ্থ কন্ট্ৰল টেকনিক,
এই চাওক দত্তবাবু ! এনেকৈ এবাৰু উশাহ ভিতৰলৈ নিব, এবাৰ বাহিৰলৈ আনিব ৷ এনেকৈ দৈনিক ফিফটি টাইমছ কৰিব ৷ ১০ দিনত ওৱেট কমি যাব ৷’’

মই কোনোমতে হাঁহি বন্ধ কৰি সুধিলো, ‘‘কলিতা যদি কোনোবাই আপোনাক ব্ৰেথ কন্ট্ৰলৰ বাবে কিবা খুজে তেতিয়া কি দিয়ে ?’’

ইতিমধ্যে ফাৰ্মাছীলৈ সোমাই আহিল মিছেছ শইকীয়া ৷
কলিতাই ৰঙা-চিঙা পৰি মোক গালি পাৰিলে, ‘‘হেই দত্ত বাবু ! লেডিছ প্ৰেজেন্ট আছে দেখা নাই নেকি ?’’

হাঁহোতে হাঁহোতে মোৰ বাৰ্থ মানে ব্ৰেথ বন্ধ হবৰ উপক্ৰম হল ৷
কৃষ্ণ হে বুলিলো !

march 2014

প্ৰেমালাপৰ একাংশ

(দুয়োৰে কাম-বন নাই ৷ ড্ৰয়িং ৰূমৰ ছোফাত বহি কথা পাতি আছে ৷ )

প্ৰথম ব্যক্তি : হেৰা তুমি বিয়া কৰাই সুখী নে ?
দ্বিতীয় ব্যক্তি (বাতৰি কাকত পঢ়ি পঢ়ি ) : অ অ !
প্ৰথম ব্যক্তি (আপত্তি কৰি ) : ভালকৈ কোৱা না !
দ্বিতীয় ব্যক্তি : বিৰাট সুখী ! তাম্মাম সুখী ! চুমা এটা খাই দিওঁ নেকি ?
ৰথম ব্যক্তি : তোমাৰ খালি ফাল্টু কথা ! মই চিৰিয়াছলী কিবা এটা সুধিলেও পেংলাই কৰি কথা কোৱা কিবা !

কিছু সময় নীৰৱতা ৷ তাৰ পাছত

প্ৰথম ব্যক্তি : সেইবোৰ বাদ দিয়া ৷ বেলেগ এটা কথা কোৱা না !
দ্বিতীয় ব্যক্তি (বিৰক্তিৰে) : মই সেইবোৰ সঁচাকৈয়ে ভবা নাই হে ! এতিয়া পেপাৰখন পঢ়ো নে ?
প্ৰথম ব্যক্তি (আচৰিত হৈ ) : কি কথা ভবা নাই ?
দ্বিতীয় ব্যক্তি : এই যে তোমাৰ লগত বিয়া নোহোৱা হলে মোৰ কি হল হেতেন ৷ আৰে মই তোমাক দেখাৰ আগলৈকে বিয়াৰ কথা ভবাই নিছিলো আৰু তোমাক দেখাৰ পাছত তোমাকেই বিয়া কৰাম বুলি ঠিক কৰিছিলো ৷ তাৰ পাছত তোমাক বিয়াও কৰালো ৷ গতিকে কেতিয়ানো সময় পালো বেলেগক বিয়া কৰালে কি হল হেতেন সেইবোৰ ভাবিবলৈ ?
প্ৰথম ব্যক্তি (মুখত সন্তুষ্টিৰ হাঁহি ) : মই সেইবোৰ কথা জানো ৷ কিন্তু কোৱা না মোৰ সৈতে বিয়া নোহোৱা তোমাৰ কি হল হেতেন ৷ প্লিজ কোৱা না ! মোৰ জানিব মন যায় ৷
দ্বিতীয় ব্যক্তি (পেপাৰ সামৰি, গহীণ ভাবেৰে) ) : মই পাগল হৈ গলো হয়, মই সন্যাসী হৈ গলো হয়, মই কুটুব মিনাৰৰ ওপৰৰ পৰা জাপ মাৰি দিলো হয়.............
প্ৰথম ব্যক্তি (খৰধৰ কৈ) : হব হব কি যা তা কথা কৈ থকা ৷ সুধিম কিবা এটা কবা কিবা এটা ৷
দ্বিতীয় ব্যক্তি : হেৰা তুমি সদায়ে এইটো প্ৰশ্ন কৰা ৷ মই সদায়ে একেটা উত্তৰ দিওঁ ৷ তুমিয়ে প্ৰশ্নটো কৰি উত্তৰ দি নিদিয়া কিয় ?
প্ৰথম ব্যক্তি : মই আকৌ কিয় উত্তৰ দিম ?

কিছু সময় নীৰৱতা ৷ তাৰ পাছত

প্ৰথম ব্যক্তি : সেইবোৰ বাদ দিয়া ৷ আগতে নকৰা প্ৰশ্ন এটা কৰো ৷
দ্বিতীয় ব্যক্তি : তাৰমানে পেপাৰ পঢ়িব নোৱাৰিম ৷ সোধা ৷
প্ৰথম ব্যক্তি : কোৱা না মোৰ সৈতে বিয়া নোহোৱা তুমি কাক হেতেন ৷ প্লিজ কোৱা না ! মোৰ জানিব মন যায় ৷
দ্বিতীয় ব্যক্তি : আয়েছাক বিয়া কৰালো হয় ৷
প্ৰথম ব্যক্তি (চকুত আশ্বৰ্য্য) : আয়েছা ? কোন আয়েছা ? মই দোখোন আজিলৈকে নাম শুনা নাই ৷
দ্বিতীয় ব্যক্তি (পেপাৰখন পুনৰ হাতত লৈ) : জো জিতা ৱহী ছিকন্দৰ চিনেমাখনত যে আছিল আয়েছা ঝুলকা মনত আছে ? তাইক বিয়া কৰালো হয় ৷
প্ৰথম ব্যক্তি : সদ্দায় তুমি পেংলাইখন কৰি থাকিবা ৷ কিবা এটা চিৰিয়াছ কথা সুধিলে অকাই-পকাই উত্তৰ দিবা ৷ তোমাৰ লগত কথা পাতি সময় নষ্ট কৰাত কৈ শুই থকাই ভাল ৷
 

প্ৰথম ব্যক্তি উঠি ভিতৰলৈ সোমাই যায় ৷ নেপথ্যত প্ৰথম ব্যক্তিৰ মাতত শুনিবলৈ পোৱা যায়
‘‘শুনা কাইলৈ ৰাতিপুৱা মই অকনমান দেৰি কৈ উঠিম ৷ বন্ধ বুলি শুম অলপ ৷ ৰাতিপুৱা ৰুটি তুমি বনাবা ৷’’

......................

প্ৰথম ব্যক্তি আৰু দ্বিতীয় ব্যক্তি কোন কোন হব পাৰে নিজৰ ইচ্ছা অনুযায়ী অনুমান কৰি লব ৷

বাটে পথে : ভাৰতীয়ৰ দৃষ্টিত যানবাহন চালনৰ নিয়ম

১) ৰাজপথ থকা বগা-কলা জেব্ৰা ক্ৰছিং নামৰ বস্তুটো ৰং কৰি জীৱিকা উপাৰ্জন কৰা লোকসকলক সংস্থাপন দিবলৈ চৰকাৰে হাতত লোৱা এটি প্ৰচেষ্টা ৷ আপুনি যদি জেব্ৰা ক্ৰচিঙৰ বিষয়ে আন কিবা কথা শুনিছে তেনে হলে সেইয়া গুজৱৰ বাহিৰে আন একো নহয় ৷

২) কোনো চাৰি আলি বা তিনিআলিত থকা ৰঙা-হালধীয়া-সেউজীয়া ট্ৰেফিক লাইটবোৰ আমাৰ বেৰং জীৱনবোৰত অকন ৰং চতিয়াবলৈ চৰকাৰে লোৱা এটি পদক্ষেপ ৷ 
কোনো ট্ৰেফিক পইন্টত আকৌ ৰঙা লাইট দেখি আপুনি গাড়ী ৰখাই সেই ৰং উপভোগ কৰি সময় নষ্ট কৰাৰ কোনো অৰ্থ নাই ৷ আগুৱাই গৈ থাকিব ৷ অতি সোনকালেই পৰবৰ্তী ৰঙা লাইট আপোনাৰ আগত ওলাবই বুলি আপুনি নিশ্চিত হৈ থাকিব পাৰে ৷

৩) যদি পথত কোনো দূৰ্ঘটনা ঘটে তেনেহলে যিখন গাড়ীৰ দৈৰ্ঘ্য বেছি সেইখন গাড়ীৰেই ভুল বুলি গণ্য কৰা হব ৷ যদি কোনো চৰকাৰী বাহন দূৰ্ঘটনাত পতিত হয় তেনেহলে চৰকাৰী গাড়ীখন সমবেত জনতাই ভাঙিব পাৰিব ৷

৪) আপুনি যদি আপোনাৰ গাড়ীৰ ৰিয়েৰ ভিউ আইনাত ৰঙা লাইট লগোৱা এম্বেছাডাৰ গাড়ী এখন দেখা পায় তেনে হলে ততাতৈয়াকৈ সেই গাড়ীখন পাৰ হৈ যাবলৈ দিব ৷ তেনে নকৰিলে কোনো ডাঙৰ কেলেংকাৰী এটা ঘটাৰ ক্ষেত্ৰত আপুনি হেঙাৰ সৃষ্টি কৰিছিল বুলি গণ্য কৰা হব ৷
পাছে যদিহে আপুনি ৰিয়েৰ ভিউ আইনাত ৰঙা লাইট লগোৱা এম্বুলেঞ্চ এখন দেখা পায় তেনেহলে কি কৰিব লাগে সেই কথা সৰ্বজন বিদিত ৷ এম্বুলেঞ্চৰ চালকজন কান গধুৰ বাবেই ছাগৈ ভেঁপুটো বৰকৈ বজাইছে বুলি সকলোৱে ধৰিয়ে লওঁ ৷
৫) সকলো চালকে নিজৰ পকেটত ১০০ চকীয়া নোট ৰখাটো বাঞ্চনীয় ৷ অন্যথা যদি যানবাহন আৰক্ষীয়ে জৰিমনা নামত জমা দিয়া ৫০০ বা ১০০০ টকাৰ খুচুৰা ঘুৰাই দিব নোৱাৰে তাৰ বাবে আৰক্ষী দায়ী নহয় ৷

৬) আপুনি গাড়ী চলাই গৈ থাকোতে হঠাতে লেন সলনি কৰিবা পাৰিব বা যিফালে মন যায় সেই ফালে টাৰ্নিং লব পাৰিব ৷ ইন্ডিকেটৰ জ্বলাই ইংগিত দিয়াৰ প্ৰয়োজন নাই ৷ পাছৰ গাড়ীখনে তেনে পৰিস্থিত নিজকে চম্ভালিব জানিব লাগিব ৷ তাৰ বাবে আপুনি মুঠেও চিন্তা নকৰিব ৷

৭) সকলো সময়তে আপুনি হৰ্ণ বজাই থাকিব ৷
 

৮) আলিবাটবোৰ অকল মাথো গাড়ী চলাবলৈ সজা হোৱা নাই ৷ আপুনি মন কৰিলে মাজবাটতে গাড়ী পাৰ্ক কৰিব পাৰিব ৷ কোনোবা ঠাইত যদি ন পাৰ্কিংবুলি লিখা থাকে তেনেহলে জানিব সেই ঠাই চৰকাৰে আপোনাৰ গাড়ী পাৰ্ক কৰিবলৈকে আৰক্ষিত কৰি ৰাখিছে ৷

খতৰোঁ কি খিলাড়ী (ঘৰত চেষ্টা নকৰিব)

কেইবাদিনৰে পৰা হাতখনত অকনমান বিষ ৷
গতিকে বেন্ডেজ এটা মাৰি থওঁ ৷
বিভিন্নজনৰ বিভিন্ন প্ৰশ্ন ৷
‘‘কি হৈছে ? দুখ পালা নেকি ?’’ (উত্তৰ - নাই নতুন ষ্টাইলৰ ঘড়ী এটা কিনিলো )
‘‘ডাক্টৰক কিয় দেখুওৱা নাই ?’’ (উত্তৰ - নতুন পঞ্জিকাত দিন-বাৰ চাই দেখুৱাম )

আচলতে মই কিবা বেমাৰ আজাৰ হলে পেলাই নথওঁ ৷ এইবাৰ বিভিন্ন ব্যস্ততাৰ মাজত সময় উলিয়াব পৰা নাই ৷ মোৰ আকৌ চিকিৎসকৰ ওচৰলৈ যোৱা কাৰবাৰটো অকনমান দীঘল ৷
প্ৰথমে ফোন কৰিম মাধবলৈ, ‘‘অই মোৰ অমুক হৈছে ৷ কাক দেখুৱালে ভাল হ?’’
মাধব, ‘‘ধেই ডোষ্টি ! ফোনত এইবোৰ নহয় ৷ তই মোৰ তালৈ আহি যা ৷’’
একো তাৰ তালৈ যাব লগা কথা নাথাকে ৷ ফোনতে সি ডাক্টৰৰ নাম কৈ দিব পাৰে ৷ তথাপিও মাতিব তাৰ অফিছলৈ ৷
 
, ‘‘পুৱা ৮ বজাত এহ্ নালাগে দে ৭-৩০ বজাত আহি যাবি ৷ আমি গজা, চিংৰা আৰু চাহ খাম ৷ আৰু কথা পাতিম ৷’’
‘‘মোৰ কামটো কি হ?’’
‘‘ধেই আহি যাবি না পাৰ্টনাৰ ! অকনমান লেকচাৰ মাৰিব ৷’’

ভাবি ভাল লাগে ৷ ব্যস্ততাৰ মাজতো, বেমাৰৰ মাজতো যে আমি সকলো পাহৰি দুঘন্টামান লেকচাৰ মাৰিবলৈ সময় উলিয়াব পাৰো !
পাছে আজিকালি মাধবক লগ পাবলৈ অকনমান অসুবিধা হোৱা হল ৷
আগতে তাৰ ছেম্বাৰ আছিল চিকিৎসা মহাবিদ্যালয়ত ৷ ৭-৩০ বজাত গলে তাক লগ পোৱা যায় ৷ আজিকালি তাৰ অফিছ তথা চেম্বাৰ আকৌ পানবজাৰত ৷ গলেও সি আকৌ সকলো সময়তে তাত নাথাকে ৷ কেতিয়া চিকিৎসা মহাবিদ্যলায়ত থাকে, কেতিয়াবা চৰকাৰী কামত থাকে ৷ গতিকে মোৰ হাতৰ বিষটোৰ কথা তাক কোৱা হোৱা নাই ৷

এতিয়া উপায় ?
নিজেই বেন্ডেজ এটা মাৰি ললো ৷
বিষ ভাল হোৱা নাই যদিও বঢ়াও নাই ৷
মনতে ভাবি আছো যিদিনা সহ্য কৰিব নোৱাৰা হম সেইদিনা কিবা এটা কৰিম ৷

যোৱাকালি খুলশালী লৰা ভাইমন আহিছিল ৷
মোক দেখিয়ে ভাইমনৰ প্ৰশ্ন, ‘‘ভিনদেউ কি হল হাতত ?’’
মই,‘‘এহ্ নকবা আৰু ! গমেই নাপালো হে কেনেকৈ দুখ পালো !’’
ভাইমন, ‘‘অ ! মই তেনেহলে গম পালো আপুনি কেনেকৈ দুখ পালে ৷’’
মই, ‘‘মানে ?’’
ভাইমন, ‘‘ময়ো আপোনাৰ দৰে এবাৰ গম নোপোৱাকৈ হাতত দুখ পাইছিলো ৷ পাছত ভাবি ভাবি উলিয়ালো বাইক চলাওঁতে দুখ পাইছিলো ছাগে ৷ মই ১০০% কনফাৰ্ম আপুনি বাইক চলাওঁতে দুখ পালে ৷’’
ভাইটিক ওলোটাই সুধিলো, ‘‘সেইবোৰ বাদ দিয়া ৷ ইলাজ কি আছে ?’’
ভাইমনয়ে হাঁহি মাৰি কলে, ‘‘ভিনিহি ১০০% আছে ৷ কৰাব নেকি ?’’
মই, ‘‘কৰাব লাগিছিল হে ৷ কলৈ যাব লাগিব ?’’
ভাইমন, ‘‘মই থাকোতে আকৌ কলৈ যাব ? চাওঁ বেন্ডেজ খোলক আৰু হাতখন দিয়ক ৷’’
কথাখিনি কৈয়ে ভাইমন ব্যস্ত হল মোৰ হাতৰ বেন্ডেজ খোলাত, মই ব্যস্ত হলো ইষ্ট দেবতাক প্ৰাৰ্থনা কৰাত ৷
এওঁ উধাতু মাৰি আহিল, ‘‘হেই হেই কি কৰিছ ????’’
ভাইমনে বায়েকক বুজালে, ‘‘ভিনিৰ হাতখন ঠিক কৰি দিওঁ ৷ তই মনে মনে থাক ৷’’
মই ভয়ে ভয়ে সুধিলো, ‘‘ট্ৰিটমেন্ট মানে কি কৰিবা ? কিবা হিমালয়ৰ বাবাজীৰ তাবিজ আছে নেকি ?’’
ভাইমনৰ খং উঠিল, ‘‘কি ফাল্টু কথা কৈছে ? পুৰা চায়েন্টিফিক মেথদ ! আচলে আপোনাৰ হাতৰ বল-চকেট এটা নিজৰ চকেটৰ পৰা ওলাই গল ৷ এতিয়া মই আপোনাৰ হাতৰ আঙুলিকেইটাত ধৰি টানিম এফালে আৰু আপুনি গাৰ জোৰেৰে নিজৰ হাতখন টানিব ওলোটা ফালে ৷ তেতিয়া আপোনাৰ হাতৰ এই জইন্টটো বহল হৈ যাব ৷ তেতিয়া মই টেপা মাৰি আপোনাৰ বল-চকেটটো নিজৰ ঠাইত বহুৱাই দিম ৷ বছ্ হৈ যাব !’’
মই, ‘‘বিষাব নেকি ?’’
ভাইমন, ‘‘নাই নাই ! গমেই নাপাব ৷ কতককৈ শব্দ এটা শুনিব ৷ শেষ ৷’’

ভাইমন, ‘‘ভিনি ৰেডি নে?????’’
মই, ‘‘বিষাব নেকি ?’’
ভাইমন, ‘টানো নে ?’’
মই, ‘‘অকে !’’
ভাইমন, ‘‘ৰেডি ওৱান, টু, থ্ৰী..............’’
কট্টক !!!!!!!!!!!!!!!!!!
আই ঔ!!!!!!!!!!!!!!!!!!!
তাৰ পাছত মই গমেই নাপালো
কোনেনো আনি
 
ইউনাইটেড কেয়াৰ নাৰ্ছিং হোমৰ ৩০২ নম্বৰ কোঠাত সুমোবালেগৈ !


১৫ এপ্ৰিল, ২০১৪

হাতৰ বেন্ডেজ

হাতখন কেইবাদিনো ধৰি বিষাই আছে ৷
গতিকে ৰাতিপুৱাই লাগি গলো ডাক্টৰ বিচাৰিবলৈ ৷
প্ৰথমে ফোন কৰিলো মাধবলৈ ৷
তাৰ ফোন নট ৰিচ্ছেবল
তাৰ পাছত ফোন কৰিলো গীতালৈ ৷
তাই হস্পিতলত আকৌ অৰ্থপেডিকছৰ ডাক্টৰ নাই ৷
ঠিক কৰিলো ইৰানদাৰ ওচৰলৈকে যোৱা ভাল হব ৷
এক্কে টানে ঠিক কৰি দিব !

গৈ আছো ৷ বাটতে লগ পালো ৰুবুলক ৷
‘‘আৰে দোষ্টি ! কোন ফালে যোৱা ? আৰে ! হাতত আকৌ কি হ?’
মই হাতৰ বিষৰ কথা কলো, ইৰানদাৰ কথা কলো ৷
‘‘অ অ, যোৱা যোৱা ! ভাল ডাক্টৰ ৷ ঠিক হৈ যাব ৷’’
ৰুবুল আৰু মই ফুটপাথতে ঠিয় হৈ এটো-সিটো কথা পাতি আছো ৷
ৰুবুলে আকৌ সুধিলে, ‘‘বেছি বিষ নেকি ? ফুলিছে নেকি ?’’
‘‘নাই নাই ফুলা নাই ৷ কিন্তু কোনোবা এটা পজিচনত অকনমান বিষ হয় দেখোন ৷’’
ৰুবুলে অভয় দিলে, ‘‘হেহ্ হাত ভঙা নাই তেনেহলে দিয়া ৷ বেছি বিষালে কি কৰা ?’’
‘‘কিনো কৰিম আৰু ? আই ঔ , মা ঔ বুলি চিঞৰি দিওঁ ৷’’
ৰুবুল ছিৰিয়াছ ৷ ‘‘ফাল্টু কথা নকবা হে ৷ পিকলুৱে একো কোৱা নাই ?’’
ময়ো ছিৰিয়াছ হৈ কলো, ‘‘কিয় নকব আকৌ ? কৈছে কৈছে ৷ ডাক্টৰক দেখুৱা নাই ৷ হাতৰ কিবা হলো
মোৰ ওচৰত চিঞৰি নাথাকিবা ৷ মই সেই কাৰণে আই ঔ , মা ঔ বুলি চিঞৰো ৷’’
ৰুবুলে কলে, ‘‘বাচোন ! ময়ে চাই দিওঁ দিয়া ৷’’
ময়ো ভালেই পালো ৷
‘‘হেৰা ৰুবুল তুমিয়ো ডাক্টৰেই দেখোন ৷ তুমিয়ে চাই দিয়াহে !’’
ৰুবুলে কলে, ‘‘চাওঁ কাপোন খোলা ৷’’
মই উচপ খাই উঠিলো ৷ সুধিলো,‘‘হাতৰ বিষত ৰাস্তাৰ ওপৰত আকৌ কিয় কাপোৰ খুলিম ?’’
ৰুবুল নিজেই লাগি গ, ‘‘কাপোৰ মানে তোমাৰ হাতৰ বেন্ডেজটো খোলা হে !’’
মোক ফুটপাথতে বহুৱাই হাতৰ গাঠিটো টেপিবলৈ ধৰিলে ৷
‘‘যদি বিষাই তুমি চিঞৰি দিবা ৷’’
মই সুধিলো, ‘‘চিঞৰি দিলে কি হ?’’
ৰুবুলে মই নজনা কথা এটা কলে, ‘‘তুমি চিঞৰিলে মই গম পাম তুমি দুখ পাইছা বুলি ৷ আচলতে তুমি চিঞৰ নামাৰিলেও মই গম পাম ৷ গৰুৱে নো কত চিঞৰ মাৰে ?’’
ভালে মান সময় পৰীক্ষা কৰি ৰুবুলে কলে, ‘‘তোমাৰ একো হোৱা নাই হে !’’
মই কলো,‘‘মাজে মাজে অকনমান বিষ হয় যে ?’’
 
‘‘এহ্ কিবা এটা হৈছে আৰু ! এটা কাম কৰো ৷ বেন্ডেজটো ভালকৈ মাৰি দিওঁ ৷ ভাল হৈ যাব ৷’’
মই সুধিলো,‘‘পাৰিবা বেন্ডেজটো মাৰিব ?’’
ৰুবুলৰ খং উঠি গ, ‘‘কি কোৱা হে ! গৰু ঘোৰা বাদ দিয়া মই হাতীৰ ভৰিত কিমান এনেকুৱা বেন্ডেজ মাৰিলো তাৰ হিচাব নাই ৷ ভেটেৰনেৰী এনেয় পাছ কৰিলো বুলি ভাবিছা নেকি ?’’
ৰুবুল লাগি গল ফুটপাথৰ ওপৰতে মোৰ হাতত বেন্ডেজ কৰিবলৈ ৷
‘‘বুজিছা টানি টানি বান্ধি দিছো ৷ হাতীয়েও বাপ বাপ দেখি যাব ৷ তুমি কোন কুটা !’’


১৭ এপ্ৰিল, ২০১৪

ইংৰাজী-অসমীয়া, বুজি পাওঁ- বুজি নাপাওঁ : মোবাইল কোম্পানীৰ




হাইস্কুলৰ পৰা আহি কলেজ পাইছো ৷ চাৰ-বাইদেউসকলে ক্লাছত ইংৰাজীতে বুজায় ৷ বুজি নাপাওঁ ৷ তেখেত সকলেও কথাটো জানে ছাগৈ ৷ অসমীয়াতে সোধে, ‘‘বুজি পাইছা নে ?’’
‘‘নাই পোৱা !’’, অসমীয়াতে কওঁ ৷
চাৰ-বাইদেউ সকলে অসমীয়াতে বুজাই দিয়ে ৷
ইংৰাজীত কলে বুজি নাপাওঁ ৷
অসমীয়াত কলে বুজি পাওঁ ৷

আজি কালি আকৌ ওলোটা হল ৷
ইংৰাজীত কলে বুজি পাওঁ, অসমীয়াত কলে বুজি নাপাওঁ ৷

বিশেষ দৰকাৰত কাৰোবালৈ আপুনি ফোন কৰিছে ৷
যুৱতীয়ে ইংৰাজীতে উত্তৰ দিলে, ‘‘The person you have dialed is unavailable to receive the call’’.
ইংৰাজীতে কথাখিনি কলেও বুজি পাওঁ যে মই বিচৰা ব্যক্তিজন ফোনটোৰ ওচৰত নাই ৷
তাৰ পাছতে অসমীয়াতে সেই আগৰ ছোৱালীজনীয়ে অদ্ভূত কথা এটা কয়,
‘‘আপুনি বিচৰা ব্যক্তিজন কল লব পৰা অৱস্থাত নাই ৷’’
তাৰ মানে কি বাৰু ?
তেওঁ কল লব পৰা অৱস্থাত নাই মানে কি অৱস্থাত আছে ?
 
কেনে অৱস্থাত থাকিলে কল লব নোৱাৰে ?
আই.ছি.ইউ.ত থকা অৱস্থা ? অসংযত অৱস্থা? শৌচ কৰি থকা অৱস্থা ?
ছোৱালীজনীয়ে এইবোৰ কথা কেনেকৈ গম পালে ?
 
ছোৱালীজনী সৰবজান নেকি ?
মোবাইল কোম্পানীত সৰবজানৰ চাকৰিও ওলাই তাৰ মানে ?

আৰু এটা কথাবুজি নাপাওঁ ৷
কল লোৱা, কল দিয়াৰ কথা কেনেকৈ ওলাল বাৰু ?
মই ফোনহে কৰিছিলো ৷
 
ছোৱালীজনীয়ে বাৰু কিয় কলে যে কল লব পৰা অৱস্থাত নাই ?
কল কোনে দিব বা ?
 

ত্ৰিকোণমেট্ৰি শিকো

সৰুতে মই অংকত বেয়া নাছিলো ৷ 
প্ৰথমে দেইতাই অংক শিকাইছিল ৷
তাৰ পাছত বন্ধৰ দিনত অভিজিতদাই মানে অভিজিত শৰ্মা বৰুবা, অভিযন্তা আৰু সুলেখক ৷ এতিয়াহে ভাবিছো দেই মোৰ দেউতাও অভিযন্তা তথা সুলেখক আছিল ৷

মূল কথালৈ আহো ৷
সৰুতে বহুতৰে মুখত শুনিছিলো ট্ৰিকোণমেট্ৰি বুলি বস্তু এটা আছে ৷ সাংঘাতিক টান ৷
দেউতা আৰু অভিজিতদাৰ হাতত পৰি ট্ৰিকোণমেট্ৰি পানী হৈ গল !
মই কোনো দিনেই ট্ৰিকোণমেট্ৰি টান নাপালো ৷
মোৰ মনত আছে তেওঁলোকে আৰম্ভ ট্ৰিকোণমেট্ৰি শিকাবলৈ কৰিছিল এটা অচহুৱা কবিতাৰে
 

Some People Have
 
Curly Black Hair
Turned Permanently Brown.

পাছত গম পালো আমাৰ লগৰ সকলোৱে ট্ৰিকোণমেট্ৰি তেনেকৈয়ে শিকিলে ৷

বহু বছৰ পাছত মই অংক শিকাবলৈ আৰম্ভ কৰিলো ৷
ট্ৰিকোণমেট্ৰি শিকাবলৈ লওঁতে সেই কবিতাটো মাতি লওঁ ৷

আজি পুৱা ৫-৪৫ৰ ক্লাছত আৰম্ভ কৰিলো,
‘‘Some People Have
 
Curly Black Hair
Turned Permanently Brown.

তাৰ মানে কি জানা নে ?’’

‘‘জানো চাৰ’’, সুমিতে উত্তৰ দিলে ৷
মনতে ভাবিলো, ‘‘মইহে প্ৰথম দিনা নাজানিছিলো ! ধেই !’’
সুমিতৰ ফালে চাই সুধিলো, ‘‘কি কোৱা চোন ৷ মই কিহৰ কথা কৈছো ?’’

সুমিতে গৰ্বেৰে উত্তৰ দিলে, ‘‘চাৰ আপুনি শ্ৰীলংকাৰ লাছিথ মালিংগাৰ কথা কৈছে ৷’’

কৃষ্ণহে বুলিলো দেই !

10/5/14

প্ৰাপ্ত-বয়স্কৰ বাবে


নিৰ্বাচন শেষ হবৰ হল ৷
নোকোৱা কথাসাৰি নোকোৱাকৈ থাকিলে জগৰ লাগিব ৷
সেয়ে যদিও অকনমান অশ্লীল যদি কওঁ আৰু ৷
১৮ বছৰৰ তলৰ সকলে নপঢ়িলেই ভাল হব ৷

উত্তৰ প্ৰদেশৰ ফালৰ স্কুল এখনৰ কথা ৷

চতুৰ্থ শ্ৰেণীৰ শিক্ষক এজনে ছাত্ৰ-ছাত্ৰী সকলক কৈছে, ‘‘এজন এজনকৈ কৈ যোৱা তোমালোকৰ দেউতাই কি কাম কৰে৷’’

সকলো ধৰণৰ উত্তৰ আহিবলৈ ধৰিলে ৷
 
যেনে মেকানিক, অগ্নি-নিৰ্বাপক, আৰক্ষী, সৈনিক, শিক্ষক, পুৰোহিত, শ্ৰমিক, ব্যৱসায়ী.........ইত্যাদি ৷

সকলোৱে উত্তৰ দিলে ৷ পাছে কপিলে তল মূৰ কৰি মনে মনে বহি আছে ৷ গতিকে শিক্ষকে গৈ কপিলৰ ওচৰ পালে গৈ ৷ কপিল পঢ়া-শুনাত বেছ ভাল ৷ ভদ্ৰ লৰা ৷ সকলো শিক্ষকেই কপিলক ভাল পায় ৷
‘‘কপিল, তোমাৰ দেউতাই কি কৰে ?’’
কপিলে কান্দো কান্দো হৈ উত্তৰ দিলে, ‘‘চাৰ মোৰ দেউতা এজন ইৰোটিক ডেঞ্চাৰ (exotic dancer) ৷ তেওঁ এখন গে-বাৰত (Gay Bar) কেবাৰে নাচে ৷ তেওঁ নাচি নাচি সকলো কাপোৰ খুলি দিয়ে আৰু মানুহবোৰে তেতিয়া টকা-পইছা দলি মাৰি দিয়ে ৷ কেতিয়াবা টকা বেছি পালে তেওঁ ৰাতি .............’’

কপিলৰ উত্তৰ শুনিি শিক্ষকৰ মুছকছ যাবৰ অৱস্থা ৷ আধাতে কপিলক ৰখাই শিক্ষকে বাকী ছাত্ৰসকলক কিবা এটা লিখবলৈ দি কপিলক একাষৰলৈ লৈ গ, ‘‘সঁচাকৈ তোমাৰ দেউতাই এইবোৰ কাম কৰে নেকি ?’’

কপিলে হুকহুকাই কান্ধি দিলে, ‘‘নাই চাৰ দেউতাই এইবোৰ নকৰে ৷’’

‘‘তেনেহলে ?’’ শিক্ষকে সুধিলে ৷

"আচলতে মোৰ দেউতাই ৰাহুলৰহৈ কাম কৰে ৷ ২০১৪ৰ নিৰ্বাচনত তেওঁৰ কাৰণে ভোট বিচাৰি ফুৰিছে ৷ বাকী লৰা-ছোৱালীবোৰৰ আগত এইবোৰ কথা কবলৈ লাজ লাগিল কাৰণে মই মিছা কথা কলো ৷ চাৰ মোক ক্ষমা কৰি দিয়ক ৷’’

বন্ধুৰ বিয়াৰ ঘটক

দিপাংকৰে লিখিছে
‘‘মোকে ধৰি লগৰ প্ৰায়বোৰ সহকৰ্মী, বন্ধুৱেই বিবাহিত হল। নিজৰ নিজৰ সংসাৰত ব্যস্ত হৈ যোৱাৰ পিছত বন্ধু বান্ধৱ বোৰক বৰকৈ লগ নোপোৱা হলোঁ। সংযোগৰ ভিতৰত মোবাইল ফোনটোৱে একমাত্ৰ মাধ্যম হৈ থাকিল। মোৰ বিশেষ বন্ধুৱে পিছে বহুদিন বিয়া নপতাকৈ থাকিল। গীটাৰ বজাই ভাল পোৱা বন্ধুৱে সংগীত সাধনাত ব্যস্ত হৈ থাকিল। ’’
দিপাংকৰৰ বন্ধুজন মোৰো বন্ধু ৷ প্ৰকৃততে বন্ধুজন মোৰ
 হোষ্টেলৰ জীৱনৰ প্ৰথম ৰূমমেট ৷ তেওঁৰ সৈতে মই হোষ্টেলত ৬ বছৰ একেলগে পাৰ কৰিছিলো ৷ গতিকে বন্ধুৰ বিয়াৰ খবৰ ময়ো পায় থাকো ৷
দিপাংকৰে কবৰ দৰে সংগীত সাধনাৰ কথাখিনি বাৰু সঁচা ৷ পাছে বন্ধুৰ শুভাকাংশী ঘটকসকলো বন্ধুৰ বিয়াৰ বিলম্বৰ আন এক কাৰণ ৷

ঘটক ১ : বন্ধুৰ ওপৰৱালাৰ পৰিবাৰ
 
বন্ধু বিয়াৰ বাবে ছোৱালী এজনীৰ দেখুৱালে ৷ দেখুৱালে মানে জনালে ৷ বন্ধুৰ সহমতি সাপেক্ষে ছোৱালী ঘৰত কথা পালিতে ৷ পাছে লেঠা লাগিল ৷ বৰগোঁহাই-বৰগোঁগাইৰ মাজত হেনো বিয়া সম্ভৱ নহয় ৷ ওপৰৱালাৰ পৰিবাৰে মনতে বৰ বেজাৰ পালে ৷ নিজৰ স্বামীক মানে বন্ধুৰ ওপৰৱালাক এবাৰ সুধিলে, ‘‘বৰগোহাঁই নে বুঢ়াগোঁহাই ?’’
ওপৰৱালাই জনালে, ‘‘বৰগোঁহাই ৷’’

বিয়াৰ সেই প্ৰস্তাৱ সিমানতে শেষ হল ৷
বৰগোঁহাই-বৰগোঁগাইৰ মাজত হেনো বিয়া সম্ভৱ নহয় ৷

সেইয়া ২০১১ চনৰ কথা ৷

ঘটক ২ : নীতু
বন্ধু, মই, নীতু ১৯৮৭চনতে কটনৰ নিউ হোষ্টেলত লগ পোৱা বন্ধু ৷ কেতিয়ানো বন্ধুৰ পৰা গৈ পৰিয়ালৰ এটা এটা হৈ পৰিল গমেই নাপালো ৷
বন্ধুৰ বিয়া নোহোৱাৰ বাবে নীতুও সমানে চিন্তিত ৷ বন্ধু আৰু নীতু আকো একে বিভাগতে কাম কৰে ৷ সদায়ে লগ পায় থাকে ৷

এদিন নীতুৱে মনতে ভাবিলে, ‘‘ছোৱালীজনী যে আছে ইয়াৰ লগতে বিয়া ঠিক কৰি দিব লাগিব ৷ কিন্তু case build up লাহে লাহে কৰিব লাগিব ৷ tactical move কৰিব লাগিব ৷’’

নীতুৱে আৰম্ভ কৰিলে, ‘‘হৌৰা বন্ধু ৷ বয়স বদুত হল বুজিছা ৷ সেই বুলিও ইমান বয়সো হোৱা নাই ৷’’
এইখিনি কৈয়ে নীতুৱে ভাবিলে case build up হৈ গল ৷ এতিয়া তাৰ পাছৰখিনি আৰম্ভ কৰা ভাল হল ৷
নীতুৱে কলে, ‘‘তুমি ফাল্টু কথা বাদ দিয়া ৷ বিয়া পাতিবা নাই কোৱা ৷’’

case build up দেখিয়ে বন্ধুৰ মগজুৰ তাঁৰচিঙি গৈছিল ৷ শেষৰ বাক্যটো শুনি ধমক পুৰা উঠি গল ৷ তথাপিও বিয়াৰ কথা ৷
 
সুধিলে, ‘‘ছোৱালী কোন ?’’
নীতু, ‘‘মই নাম নকওঁ ৷ তুমি আগতে কোৱা বিয়া পাতিবা নে নাই ?’’
বন্ধু, ‘‘তুমি যদি নাম নোকোৱা মই কেনেকৈ কম বিয়া পাতিম নে নাই ?’’
নীতু, ‘‘নাই বিয়া পাতিম বুলি কলে হে মই ছোৱালীৰ নাম কম ৷’’
বন্ধুৱে খং সামৰিব নোৱাৰি কলে, ‘‘নাপাতো যোৱা তুমি দিয়া ছোৱালীক বিয়া ৷’’

বন্ধু উঠি আহিলে নীতুৰ টেবুলৰ পৰা ৷

সেই ২০১২ চনৰ কথা ৷
তাৰ পাছত ৬মাহ, ৮ মাহ মানৰ অন্তৰে অন্তৰে নীতুৱে বন্ধুক কৈ থাকে, ‘‘অফাৰ এতিয়াও ভেলিড কিন্তু !’’
 

ঘটক ৩ : বন্ধুৰ সম্বন্ধীয় ভিনিহী
২০১৩ চনৰ নভেম্বৰ মাহৰ কোনো এদিন বায়েক-ভিনিহীয়েকৰ ঘৰত পাত্ৰ আৰু পাত্ৰীৰ দেখা দেখি হল ৷ বিয়া ঠিক হল ৷

################## সমাপ্ত #############

টোকা
 
১) বন্ধুৱে নীতুক যেতিয়া খবৰ দিলে তেতিয়া নীতু ফুৰ্তিতে ৰব নোৱাৰা হ, ‘‘আব্বে দোছ মই দেখুৱাই দিয়া ছোৱালীজনীয়ে ৷’’
 
এতিয়া নীতুৱে সকলোকে কয়, ‘‘মই ঘটক আছিলো ৷আমাৰ ঘৰটো বন্ধুৰ বিয়াৰ খবৰ নীতুৱেই দিছে ৷
বন্ধুৱে ভোৰ-ভোৰাই, ‘‘সি তেনেকে কলেই হব নেকি কিবা ? সি এবাৰ যদি ছোৱালীৰ নাম কৈ দিলে হয় তেনেহলে ২০১২ মোৰ বিয়া হৈ গল হয় ৷ ড্ৰীলিঙৰ মানুহ ঘটক হব নাপায় কিন্তু !’’
 

২) বন্ধুৱে যেতিয়া বিয়াৰ নিমন্ত্ৰণ জনাবলৈ বুলি ওপৰৱালাৰ ঘৰলৈ গল তেতিয়া ওপৰৱালাৰ পৰিবাৰে চিঞৰি উঠিল, ‘‘আৰু মই ভৱা ছোৱালীজনীৰ সৈতেই দেখোন বিয়া ৷ মই ভৱা কথাটোৱে হল ৷’’
বন্ধুৱে মনতে ভোৰ-ভোৰালে, ‘‘ভাবিছিলে ঠিকেই ৷ পাছে মোৰ নামটো কিয় বুঢ়াগোঁহাইৰ পৰা বৰগোঁহাই কৰিছিল ৷ সেইটো ঠিককৈ কৈ দিয়া হলে ২০১১তে বিয়া হৈ গল হয় ৷’’
বন্ধুৰ নাম পদুম বঢ়াগোঁহাই !

৩ )আমাৰ লগৰ বন্ধুবোৰলৈ, আমি যোৱাকালি জোৰোণৰ পৰা পদুমৰ লগত আছো ৷ তহঁতো আহি যা ৷ পদুমে মাতিছে নাই মতা সেইবোৰ খবৰ কৰি নাথাকিবি ৷ নাই মতা কোনো কথা নাই ৷
ৰভাতলত ঠিয় হৈ চিঞৰি, ‘‘পদুম এতিয়া সময় আছে, মাত যদি মাত, নহলে মই নমতাকৈয়ে ৰভাৰ তলত সোমাম গৈ ৷ পাছত তোৰ আপছোছ হব ৷’’

৪) বিয়া ঠিক নোহোৱা সকললৈ, ঘটকৰ লগত কথাবোৰ পোনপতীয়াকৈ পাতিলে অহৈতুকী বিলম্বৰ পৰা হাত সাৰিব পৰা যাব পাৰে ৷

...................................
পদুম বুঢ়াগোঁহাই আৰু ডা০ মধুস্মিতা বৰগোঁহাইলৈ মৰম আৰু হিয়া ভৰা শুভেচ্ছা জনালো ৷
12/5/14