Thursday, 31 October 2013

বেংকৰ পৰিচালকৰ পক্ষপাত

বহুদিন আগৰ কথা মোৰ বন্ধু এজন সেই সময়ত নতুনকৈ চাকৰিত সোমাইছে এখন মটৰ চাইকেলৰ প্ৰয়োজন বৰকৈ অনুভৱ কৰিলে হাতত ধন নাই গতিকে বেংকৰ পৰা ঋণ এটা লোৱাৰ কথাকে চিন্তা কৰিলে
এদিন সাজি-কাচি বেংকলৈ উদ্দেশ্য মটৰ চাইকেলৰ ঋণৰ বিষয়ে আলোচনা কৰিব বন্ধু সোমালৈ গৈ বেংকৰ পৰিচালকৰ কোঠালীত সেই সময়ত বেংকৰ পৰিচালকে চাহ-বিস্কুট খাই আছিল বন্ধুলৈকো চাহ বিস্কুট আগবঢ়ালে বন্ধুৱে আকৌ কথা পাতি বৰ ভাল পায় চাহ-বিস্কুট খাই খাই বেংকৰ পৰিচালকৰ সৈতে বিভিন্ন ধৰণৰ কথা পাতিলে দেশ, ৰাজনীতি, বতৰ, শিক্ষা…….
অৱশেষত বেংকৰ পৰিচালকে সুধিলে, ‘‘কওঁক চোন মই আপোনাৰ বাবে কি কৰিব পাৰো ?’’
বন্ধুৱে জনালে তেওঁৰ আগমণৰ উদ্দেশ্য হাতত থকা কাগজ পত্ৰ আদি আগবঢ়াই দিলে বেংকৰ পৰিচালকে সেইখিনি পৰীক্ষা কৰিবলৈ লে বন্ধুৱে মনতে ভাবিলে, ‘‘ইমান দেৰী কথা পাতিলো বেংকৰ পৰিচালক এতিয়া মোৰ বন্ধুৱে হৈছে গৈ ভাল চিনাকী হৈ কি আৰু মটৰ চাইকেল কিনিম ? একেবাৰে মাৰুটী ৮০০ এখনকে লৈ লওঁ এনেও ঋণ, তেনেও ঋণ !’’

বন্ধুৱে বেংকৰ পৰিচালকক জনালে মনৰ কথা
পৰিচালকে কাগজৰ পৰা মূৰ তুলি লে, ‘‘আপোনাৰ দৰমহাত মই কোনোমতেহে মচৰচাইকেল এখনৰ কাৰণে ঋণ দিব পাৰিম মাৰুটী ৮০০ৰ বাবে ঋণ দিব নোৱাৰিম বেয়া নাপাব ’’
বন্ধুৱে দেখিলে কথা বিষম যেনেতেনে কিবা এটা কৰিব লাগিব কথা পাতি থাকোতে বন্ধুৱে মন কৰি আছিল পৰিচালকে বৰকৈ ইংৰাজীত কথা কয় গতিকে বন্ধুৱে ইংৰাজীতে লে, ‘‘Sir you can do it. Doing or not doing it is you DISCRIMINATION.”
পৰিচালকে ঘোপাকৈ বন্ধুৰ ফালে চালে যদিও মটৰ চাইকেলৰ ঋণ প্ৰদান কৰিলে৷

(Of course my friend did not did not mean DISCRIMINATION. He meant discretion.)

    

Bebo আৰু Raju DC

মবাইল ফোনৰ সৈতে মোৰ সম্বন্ধটো বৰ খেলিমেলি লগা ধৰণৰ ৷
১০/১২ বছৰমান আগয়ে মই মোৰ জীৱনৰ প্ৰথম মোবাইলটো কিনিছিলো ৷
Polyphonic Ringtone, coloured Screen সাংঘাটিক মবাইল হেনো ৷ Nokia 2600 ৷ ৫০০০মান টকা ভৰছিলো ৷ সেই ফোনটোৰ পৰা মই ফোন কৰিব পাৰিছিলো ৷ sms কৰিব জানিছিলো ৷ দৰকাৰ পৰিলে কেইবাজনলৈকো sms একেলগে কৰিহ পাৰিছিলো ৷ আনকি আপোনালৈ পঠাব খোজা sms আপোনালৈকে পঠিয়াব জানিছিলো ৷ snake, bounce আৰু গুলী মৰা খেল এটা খেলিব জানিছিলো ৷
আটাইতকৈ ডাঙৰ কথা মই নম্বৰবোৰ চেভ কৰিব জানিছিলো আৰু দৰকাৰ পৰিলে কোনোবাই বেলেগৰ নম্বৰ বিচাৰিলে ফোন নকটাকৈয়ে নম্বৰটো চাই দিব জানিছিলো ৷

পাছে কিছু বছৰ যোৱাৰ পাছত মোৰ সেই অত্যধুনিক মোবাইলটো পুৰণি হবলৈ ধৰিলে ৷ মাজে মাজে দুই-এজোৰাই কবলৈ ললে, ‘‘এটা নতুন মবাইল ললে ভাল হয় আৰু !’’

২০১১ চন মান ছেন্নাইত চাকৰি কৰি থকা ভন্টি অসমলৈ ঘুৰি আহিল ৷ তাই যেতিয়া এটা নতুন মবাইল কিনিলে ব্যৱহাৰ কৰি থকা মবাইলটো মোক দিলে ৷ সেই মবাইলটো মোৰ বাবে বেছ অত্যধুনিক আছিল ৷ আনকি তাত এটা কেমেৰাও আছিল ৷ মোৰ এটা নতুন মবাইল হল !

পাছে আহুকালো বহুত হল ৷
মবাইলটো মই ভালকৈ ব্যৱহাৰ কৰিব নাজানো ৷ তাতে আগৰত মবাইলত থকা বহু নম্বৰ এই মবাইলটোলৈ নাহিল ৷ মই নম্বৰবোৰ চেভ কৰিবলৈকো বৰ অসুবিধা পালো ৷
স্ক্ৰিনখনতে আঙুলিৰে খুন্ডা মাৰি মাৰি আখৰ লেখিব লাগে ৷ মোৰ ডবহা আঙুলি কেইটাৰে কিবা এটা টেপা মাৰিলে কিবা এটা ওলাই ৷
 
মই পৰাপক্ষত নম্বৰ মুখস্থ কৰি ৰাখিবলৈ ধৰিলো ৷
মই সঘনাই ফোন কৰি থকা সকলৰ নম্বৰ মই চেভ কৰি থোৱা নাই ৷
বহুতৰে নাম সাংকেতিক ভাবে বা সংক্ষিপ্ত ভাবে সাচি থৈছো ৷

পাছে মাজে মাজে খেলিমেলি হৈ যায় ৷
এদিন মই কিবা কামত ব্যস্ত আছিলো ৷ ফোন বাজিল ৷এওঁক কলো, ‘‘চোৱাচোন কোনে কৰিছে ?’’
ফোনটোৰ ফালে চাই এওঁ অকনমান বেলেগ সুৰত কলে, ‘‘মিছ কল ৷’’
মোৰ অকনমান খঙেই উঠিল, ‘‘আৰে ফোন বাজিয়ে আছে ! কি আকৌ মিছ কল ? চোৱাচোন কোনে কৰিছে ৷’’
‘‘মইনো কত কলো ফোন বজা নাই ৷ কোনোবা Beboই ফোন কৰিছে ৷ কোন এএই মিছ ?’’
মই আচৰিত ৷ আৰে কোন এই বেব ?কেনেবাকৈ কৰীনা কাপুৰে মোলৈ ফোন কৰিছে নেকি বাৰু ?
জানিবলৈ মন গল ৷ পাছে শ্ৰীমতীৰ আগত কাম বাদ দি মিছ বেবলৈ ফোন কৰিবলৈ সাহস নহল ৷
মই ৰুটি বেলাত ব্যস্ত হলো (হয় কাম মানে মই ৰুটি বেলি আছিলো !)
 

কাম আজৰাই মিছ বেবলৈ ফোন কৰিলো, (অলপ সম্ভ্ৰমেৰে ) ‘‘হেল্ল’ !’’
সিফালৰ মাত দিলে, ‘‘প্ৰতিভূ দা, শিৱসাগৰলৈ আহিব নহয় ?’’
মই আচৰিত কৰীনা কাপুৰে মোক প্ৰতিভূ দা বুলি মাতিছে !!
তাতোকৈ আচৰিত হলো মিছেছ চেঈফ আলীখানৰ মাতটো মোৰেই কোনোবা চিনাকি বন্ধু এজনৰ দৰে লাগিল ৷ সুধিবলৈ বেয়া পালো, ‘‘হেৰা তুমি নো কোন বেব !’’
গতিকে টুকুৰিয়াবলৈ ধৰিলো ৷
পাছত গম পালো সেইয়া Bedabrata Borah ৷ মই তাৰ নামটো লেখিব খুজিছিলো Bedo ৷ পাছে হৈ গBebo

আন এটা নাম Raju DC
এইটো কাৰ নম্বৰ ধৰিব নোৱাৰা হলো ৷
কেনেবাকৈ বাৰু ৰাজু সৰকাৰৰ নম্বৰ নেকি ?
Raju Sarkar Delhi College of Engineering সংক্ষেপতে Raju DEC লেখিবলৈ গৈ Raju DC লেখি থলো ! নে ছিডনীত থকা ৰাজু দাস ? নাই ছিডনীৰ ৰাজুৰ এই নম্বৰ নহয় ৷ তাৰ মানে এইটো দিল্লীৰ বাজুৱে হব ৷ পাছত গম পালো দি্ল্লীৰ ৰাজুৰ নম্বৰ বেলেগ এটাহে ৷ কাৰ হব পাৰে বাৰু ??
 
ফোন এটা কৰি সুধিবলৈকো বেয়া পালো, ‘‘এইটো কাৰ নম্বৰ ?’’ বুলি ৷
 

যোৱাকালি এটা sms আহিল Raju DCৰ পৰা
‘‘I will be delayed today as I have to attend the inauguration of inter college debating competition to be held in Assam Engineering College in memory of my father"
তেতিয়াহে গম পালো Raju DCনো কোন !!!

আৰু কাৰ কাৰ নম্বৰ ছাগে কি বুলি ছেভ কৰি থৈছো নাজানো আৰু দেই !!!

Tuesday, 29 October 2013

গীতামণিৰ নম্বৰ

মোলৈ বিভিন্নজনে ফোন কৰে ৷ বিভিন্নজনৰ পৰা SMS আহে ৷
কেতিয়াবা খবৰ লয় আলু আহি পালে নাই, কেতিয়াবা খবৰ লয় চিলাপথাৰৰ বাছ কেই বজাত যাব ৷

এবাৰ এজনে নেকেৰাবিলৰ পৰা কৰিছিল, তেওঁৰ গৰুজনীৰ বেমাৰ হেনো ৷ মই বুজাই বুজাই হায়ৰাণ মই গৰু ডাক্টৰ নহয় ৷ মোক ওলোটাই বুজাই, ‘‘গৰু মৰেই, আপুনি সেই কাৰণে নহাকৈ থাকিব নে ?’’
(http://pratibhudutta.blogspot.in/2013/05/blog-post_21.html)
এবাৰ SMS হিল পাৰিজাতৰ নামত ৷
(http://pratibhudutta.blogspot.in/2013/02/blog-post_5182.html)
এবাৰ SMS আহিল বৰ্নালীৰ নামত ৷
http://pratibhudutta.blogspot.in/2013/04/blog-post_25.html

যোৱা কালি এক অচিনাকি নম্বৰৰ পৰা SMS আহিল , ‘‘sms Gitamoni's no (গীতামণিৰ নম্বৰ SMS কৰা )’’

কোন এই গীতামণি, কাক লাগে গীতামণিৰ নম্বৰ ?
এই SMS মোবৰ আহিলেই মোৰ ভয় লাগি যায় ৷ আগেয়ে চুটুকাপাই থৈছো ৷ তথাপিও জানিবলৈ মন গল কোন গীতামণি ৷
ফোন কৰিলো, ‘‘হেল্লা !’’
মই সুধিব খুজিছিলো - কোন গীতামণি ?
মই কব খুজিছিলো - মই প্ৰতিভূ দত্তই কৈছো ৷ এটা SMS আহিছিল মোৰ তালৈ ........’’
একো কবই নাপালো ৷
সিফালৰ পৰা বৰ ধুনীয়া মাতেৰে নাৰী কন্ঠই কলে, ‘‘যোৱাকালিৰে পৰা ৰৈ আছো ৷ মোৰ বিৰাট দৌৰা-দৌৰি ৷ বজাৰ, মানুহ মাতিবলৈ আছে ৷ (অকনমান গালি পৰাৰ দৰে) সোনকালে দিয়ক ৷ ৰাখিলো দেই !’’

হে প্ৰভু !!!!!!! কাৰ লগত কথা পাতিলো বাদ দিলো বাৰু ৷ কিন্তু কাৰ নম্বৰ পঠিয়াম ? অকনমান পৰ চিন্তা কৰি আকৌ ফোন কৰিলো, ‘‘(সিফালৰ পৰা কিবা এটা কবলৈ পোৱাৰ আগতেই কৈ দিলো) মোৰ তাত গীতামণিৰ নম্বৰ নাই !’’
‘‘অ হয় নেকি ? দিগন্তদাৰ নম্বৰটোকে দিয়ক ৷’’
চিন্তা কৰিলো কোনটো দিগন্তৰ নম্বৰ দিওঁ বাৰু ?
Diganta Kumar Bhattacharyaৰ নে
 Diganta Dasৰ নে Diganta Yadav Sarmaৰ নে Diganta Lahkar?
সুধি দিলো, ‘‘কোনটো দিগন্তৰ নম্বৰ দিম ?’’
‘‘ধেই কি ধেমালি কৰি থাকে ? মোৰ বিৰাট দৌৰা-দৌৰি ৷ বজাৰ, মানুহ মাতিবলৈ আছে ৷ (অকনমান গালি পৰাৰ দৰে) সোনকালে দিয়ক ৷’’
মই সেপ ঢুকি কলো, ‘‘মানে কোনটো দিগন্ত সেইটো কৈ দিলে ভাল হয় ৷ তেতিয়া সোনকালে দি দিব পাৰিম ৷’’
‘‘আৰে আপোনাৰ ৰূমমেট, আপোনাৰ বন্ধু, NRLৰ দিগন্তদাৰ নম্বৰ ৷ গীতাৰ হাজবেন্ড দিগন্তদাৰ নম্বৰ ৷’’
‘‘অ তাকেই নোকোৱা কিয় ? মোৰ WHATS UP বন্ধু
 Diganta Boraৰ নম্বৰ লাগে...’’
‘‘মই নো আৰু কি কৈ আছো ?’’
‘‘লোৱা লোৱা ৯৪৫৩৭০৩০..’’

নম্বৰ বিচৰা ছোৱালীজনীৰ বিয়া অহা ৮ নভেম্বৰত ৷
হিয়া ভৰা শুভেচ্ছা জনালো তৃপ্তি ৷
 

ছেটিং

ফেছবুকত সোমাই লৈ প্ৰায়ে কিবা লেখিবলৈ যত্ন কৰো, আনে কি লেখিছে পঢ়ো ৷ তাৰমাজতে কেতিয়াবা ‘ছেটিঙ’ত ব্যস্ত হৈ পৰো ৷

সেউজীয়া লাইটটো জ্বলি থকা দেখিলে চিনাকি অচিনাকি বহজনে কথা পাতে ৷ কেতিয়াবা ময়ো কথা পাতো ৷ ভাল লাগে কথা পাতি ৷ বিভিন্ন ধৰনৰ কথা পতা যায় ৷ মাজে মাজে দুজন এজনে অকনমান বিৰক্ত নকৰাও নহয় ৷ বিৰক্ত হ’লেও প্ৰকাশ নকৰো ৷ মৰমতে, আগ্ৰহতে সোধে ৷ মোৰ কথাটো ছাগে কিমান বিৰক্ত হৈছে কি ঠিক ! বেছিকৈ বিৰক্ত কৰিলে তেওঁক ছেটিঙৰ পৰা disable কৰি থওঁ ৷

দুদিনমান আগতে সৰু ল’ৰা এজনৰ সৈতে কথা পাতিলো প্ৰথমবাৰৰ বাবে ৷ তেতিয়া ৰাতি ১ মান বজিছিল ৷ তেওঁ সুধিলে, ‘‘Uncle আপুনি ফাষ্টফুড ভাল পায় নে ?’’
মই, ‘‘নাই ভাল নাপাওঁ ৷ বেয়া পাওঁ ৷’’
সৰু ল’ৰা, ‘‘কিয় ? গেছ হয় নেকি ?’’
‘হে প্ৰভু ! ৰাতিখন তুমি নিজেই আবিৰ্ভাব হৈ কামুৰিছা নেকি ?’

পাছে কিছুমানৰ সৈতে কথা পাতি ভাল লাগে ৷ যোৱা কালি কথা হ’ল আন এজন সৰু ল’ৰাৰ সৈতে ৷ সৰু মানে বয়স ২২ বছৰমান হৈছে ৷ কেইমাহমান আগেয়ে ইঞ্জিনিয়াৰিং পাছ কৰিছে ৷ মই পঢ়া কলেজখনতেই পঢ়িছিল ৷ ভাল কোম্পানী এটাত চাকৰি পাই অসমৰ বাহিৰত আছে ৷ বেছ সপ্ৰতিভ, অমায়িক ল’ৰা ৷ আমি বহু পৰ কথা পাতিলো ৷ তেওঁ কথাৰ মাজতে জনালে ‘চাৰ কলেজৰ চিনিয়ৰৰ কথা পাতিলে মই বৰ নাৰ্ভাছ হওঁ ৷’’ মোৰ মৰম লাগিল গ’ল ল’ৰাজনলৈ ৷
কথা পাতি আছো ৷ এপাকত তেওঁ জনালে, ‘‘চাৰ যোৱাকালি মই বজাৰ কৰিবলৈ যাওঁতে অলপ বয়সীয়া মহিলা এগৰাকী লগ পালো ৷ তেওঁ ফোনত অসমীয়াতে কথা পাতি থকা দেখি চিনাকি হ’লো গৈ ৷ বহুদিনৰ পাছত অসমীয়াত কথা পাতি ভাল লাগিল ৷’’
মই hmmm জাতীয়া কিবা এটা জনালো ৷
তেওঁ জনাই গ’ল, ‘‘চাৰ, মহিলা গৰাকীৰ স্বামীও আমি পঢ়া কলেজখনৰে পৰা পাছ কৰা ৷’’
মই সুধিলো, ‘‘কোন batchৰ আছিল ?’’
তেওঁ জনালে, ‘‘দ্বিতীয় batchৰ আছিল ৷’’
কথাটো শুনি ভাল পালো ৷ মই ক’ব খুজিলো, ‘মোৰ দেউতাও সেইটো batchৰ আছিল ৷ মোৰ দেউতাৰে বন্ধু হ’ব ৷’ মনতে চিন্তা কৰিলো মই ছাগে চিনি পাম ৷ দেউতাৰ লগৰ বহুজনক মই চিনি পাওঁ বা নাম জানো ৷
মই সুধিলো, ‘‘তেখেতৰ স্বামীৰ নাম কি ?’’
বহু সময় একো উত্তৰ নাই ৷ ৰৈ ৰৈ আমনি লাগি মই টাইপ কৰিলো, ‘‘my dad was also in 2nd batch”.
মই কথাখিনি লেখি উঠি পঠিয়াই উঠিছো মাত্ৰ সিফালৰ পৰা উত্তৰ আহিল, ‘‘he is dead probably’’ ৷
ভালেমান সময় একো কথা বতৰা নাই ৷
তাৰ পাছত তেওঁ আকৌ লেখিলে, ‘‘আচলতে আপুনি সোধেতে মই বহু পৰ ভাবিলো, কি বুলি লেখো ৷ মই মানুহ গৰাকীক একো সোধা নাছিলো ৷ মানুহ গৰাকীয়ে বেছ বয়স্থ ৷ গতিকে মই ভাবিলো যে……..’’
মই ক’লো, ‘‘ধেই হ’ব দিয়া ! cheer up !’’
তেওঁ ক’লে, ‘‘চাৰ আপোনাৰ দেউতাৰ ভাল নে ?’’
মই জানো ল’ৰাজনে চিনিয়ৰৰ সৈতে কথা পাতোতে নাৰ্ভাছ হয় ৷
সেয়ে কওঁ নকওঁকৈ ক’লো, ‘‘he too is dead !”

তাৰ পাছতে সৰু ল’ৰাজন অফ লাইন হৈ গ’ল ৷ আজি তেওঁৰ ফোন নম্বৰ গোটাব লাগিব !


Sunday, 27 October 2013

ফেছবুক একাউন্টটো ডি-এক্টিভেট কৰি দিওঁ নেকি বাৰু?

যোৱা কেইদিনমান ধৰি মাথো দৌৰা দৌৰি ৷ শ্ৰীমতী পূৱা ৬ মান বজাতে স্কুললৈ যায় ৷ ঘুৰি আহি পাওঁতে নিশা ৯মান বাজি যায় ৷ তাৰ পাছতো কিবা কিবি কামত ব্যস্ত ৷ হোৱাৰে কথা ৷ তেওঁলোকৰ স্কুলে এখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সাংস্কৃতিক আয়োজন কৰিছে ৷ তেওঁৰ লগে লগে মোৰো ব্যস্ততা বাঢ়িছে ৷
ক্লাছ কৰি থকাৰ মাজতে তেওঁৰ ফোন আহে, ‘‘ক’ত আছা ?’’
মই দীঘল উশাহ এটা লৈ সোধো, ‘‘ক’লৈ যাব লাগিব ?’’
কেতিয়াবা যদি ‘just দুই চেকেন্ডৰ কাৰণে চান্দমাৰীৰ পৰা ভেটাপাৰাৰ আমাৰ ঘৰলৈ গৈ, ঘৰৰ পৰা ২০০ মিটাৰ আতৰত থকা তেওঁৰ স্কুলত কিবা এটা দি আহিব লাগে’ আন কেতিযাবা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অডিটৰিয়ামত থৈ আহিব লাগে নাইবা গীতাঞ্জলীৰ পাৰ্লাৰলৈ লৈ যাব লাগে থ্ৰেডিং কৰাবলৈ ৷

মই কাম বন সামৰি ঘৰলৈ উভটি আহি শ্ৰীমতীৰ বাবে অপেক্ষা কৰি থাকো ৷ লোহাৰ গেটখনত ‘খটং’কৈ শব্দটো হোৱাৰ লগে লগে ‘কৰি থকা দৰকাৰী কাম’ আধাতে সামৰি দুৱাৰখন খুলি দিওঁ গৈ, ‘‘আহিলা ?
‘‘সাংঘাতিক ভাগৰ লাগিছে ৷ এতিয়া আৰু একো নকৰো ৷ ভাতকেইটা খায়ে শুই নিদিলে মোৰ গা বেয়া হৈ যাব ৷’’
মনতে ভাবো, ‘‘হয়তো কথাটো ৷ ১৫ ঘন্টামান কাম কৰিছে ৷ এওঁ শোৱা পাছত আজি অলপ ৰাতিলৈ ‘দৰকাৰী কাম’ত বহিব পাৰিম ৷’’

শ্ৰীমতী পাছে ড্ৰয়িং ৰূমৰ ছোফাতে বহি লয় ৷ তাৰ পাছত দিনটোত কি কি হ’ল তাৰ এটা চমু বিবৰণ দিয়ে ৷ মোৰ মনটো যদিও মই আধাতে সামৰি থৈ অহা ‘কৰি থকা দৰকাৰী কাম’ত থাকে তথাপিও যিমান পাৰি সিমান আন্তৰিকতাৰে তেওঁৰ কথাবোৰ শুনিবলৈ যত্ন কৰো ৷ মাজে মাজে চিন্তা কৰো আধাতে এৰি অহা ‘কৰি থকা দৰকাৰী কাম’ত বা আৰু কি কি নতুন ‘আপ-ডেট’ আহিছে ??
শ্ৰীমতীক মনত পেলাই দিবলৈ যত্ন কৰো তেওঁৰ বৰ ভাগৰ লাগি আছিল ৷ ভাতকেইটা খায়ে শুই নিদিলে তেওঁৰ গা বেয়া হৈ যাব পাৰে ৷
তেওঁ কয়, ‘‘ৰবাচোন, অকনমান কথা পাতি লওঁ ৷ আৰু কি হ’ল জানা ? আজি প্ৰিঞ্চিপাল মেডামে…..’’

এটা সময়ত তেওঁ বহাৰ পৰা উঠি শোৱা কোঠাৰ ফালে খোজ দিবলৈ ধৰে, ‘‘আজি মই আৰু একো কাম নকৰো দেই ! বাকীখিনি তুমি সামৰিবা ৷’’
কোঠাত সোমায়ে, ‘‘তুমি যে কি মানুহ !! এইটো গোটেই গাহালী কৰি থৈছা ! ইমান জধলা কেনেকৈ হ’ব পাৰা বাৰু ?’’
তাৰ পাছত আৰম্ভ হয় ‘কোঠা-ছাফাই’ অভিযান ৷
‘‘হেৰা তুমি ফ্ৰেছ হোৱা চোন ! মই দুই মিনিটতে গোটেই ৰূম টিপ-টিপ কৰি দিম ৷’’
ৰূমটোত অত ত’ত থকা কাপোৰবোৰ মই আলমাৰি, কাপোৰ ধোৱা চৰিয়া আদিত থ’বলৈ আৰম্ভ কৰি দিওঁ ৷
এওঁ মুখৰ ভিতৰতে কিবাকিবি কৈ কৈ বাথৰূমত সোমাই গৈ ৷

মই বাহিৰৰ পৰা মাত দিওঁ, ‘‘হেৰা ভাত বাঢ়ি দিওঁ নে ? তোমাৰ ভাগৰ লাগিছে নহয় ৷ সোনকালে ভাত খাই শোৱা আৰু ৷’’
শ্ৰীমতী বাথৰূমৰ পৰা ওলায়ে সোধে, ‘‘আজিও গোটেই দিনটো ফেছবুক কৰি আছিলা ? কাম নাই আৰু !!’’
‘‘ভাত বাঢ়িছো দেই !’’
‘‘ভাত খাম ৷ কিন্তু কি ইমান ফেছবুক কৰি থাকা নো ?’’
মনে মনে শপত খালো ‘আজিৰ পৰা ফেছবুক নকৰো, যেতিয়ালৈকে ৰূমটো পৰিপটি হৈ নাথাকে !’’
এওঁ আকৌ ফেছবুকৰ কথা কোৱাৰ আগতেই বিষয়টো সলাবলৈ যত্ন কৰিলো, ‘‘আজি কোনে কি ড্ৰেছ কৰি আহিছিল ?’’

এক মিনিটমান একো উত্তৰ নাই ৷
তাৰ পাছত ৷


‘‘আজি জ্যোৎস্নাই কি ধুনীয়া নীলা কাপোৰ এজোৰ পিন্ধি আহিছে ! বিৰাট ভাল লাগিছিল তাইক ৷’’
‘‘ক’ত কিনিছিল ?’’ বুলি সুধিয়ে গম পালো ভুলটো কৰি পেলালো ৷
‘‘ৰূপাছ্ বুটিকৰ পৰা ল’লে ৷ ময়ো এজোৰ ল’ম বুলি ঠিক কৰিছো ৷’’
‘‘হে ভগৱান ! মই এজোৰ কাপোৰ ল’ম বুলি ভাবিছোৰ সলনি দেখোন একেবাৰে ঠিক কৰিছো বুলিয়ে কৈ দিলে !’’
তথাপিও চেষ্টা এৰি নিদিলো, ‘‘ল’বা মানে ৰূপা নে কোন তেওঁৰ তাত কাপোৰ থাকিবও লাগিব নহয় ৷ তেওঁলোকে ভাল ভাল কাপোৰ মাত্ৰ এজোৰেই বনায় ৷ সেই কাপোৰজোৰ জ্যোৎস্নাই লৈ ল’লে ৷ এতিয়া গৈ তাত ভাল কাপোৰ নাপাম ৷ গৈ লাভ কি হ’ব ?’’
এওঁ মোৰ ফালে যেনে দৰে চালে তাৰ অৰ্থ ‘তুমি মোক কি বুলি ভাবিছা ?’ বা তেনে কিবা এটাই হ’ব ৷
‘‘মই জ্যোৎস্নাৰ পৰা ফোন নম্বৰ লৈ বুটিকলৈ ফোন কৰিলো ৷ তেনেকুৱা আৰু ভাল ভাল কেইবাজোৰো কাপোৰ আছে তাত ৷ কাইলৈ ৯ বজাত মাতিছে ৷ মই কাপোৰজোৰ ল’মেই ৷ তুমি যদি ফেছবুক কৰি থাকিব পাৰা ময়ো কাপোৰ ল’ব পাৰিম ৷’’

কানখন চফা কৰিবৰ মন গ’ল ৷ কি শুনিলো, কি বুজিলো ধৰিব নোৱাৰিলো ৷
‘‘তুমি যদি ফেছবুক কৰি থাকিব পাৰা ময়ো কাপোৰ ল’ব পাৰিম ৷’তাৰ মানেটো কি ?? আৰে আগতে যদি কথাটো জানিলো হয় ফেছবুক একাউন্টটো ডি-এক্টিভেট কৰি থ’লো হয় ৷’’
মই একো নোকোৱা দেখি সুধিলে, ‘‘তুমি যাব পাৰিবা নহয় ?’’

কি বুলি কওঁ বাৰু ?
নোৱাৰো ?
নে ফেছবুক একাউন্টটো ডি-এক্টিভেট কৰি দিওঁ ?
এইজোৰ পাছে শ্ৰীমতীৰ নিজৰ সৃষ্টি


Saturday, 26 October 2013

স্বপ্নৰ ঘৰৰ নক্সা

শনিবাৰৰ সন্ধিয়াটো এনেয়ে ঘৰত বহি আছো ৷ মটৰ চাইকেলৰ শব্দ শুনিয়ে গম পালো দেৱব্ৰত আহিছে ৷ আন্ধাৰ বাৰান্ডাখনৰ এচুকত দুই বন্ধু বহি ল’লো ৷ ভালে মান সময় বাৰান্ডাখনত আয়নাৰ গিলাছৰ ঠুনক-ঠানাক
বাহিৰে আন একো শব্দ শনা নগ’ল ৷
এটা সময়ত মই মৌনতা ভংগ কৰিলো ৷
‘‘বৰ চিন্তাত পৰিছো বুজিছ নে ?’’
মোৰ ফালে নোচোৱাকৈয়ে দেৱব্ৰতই সুধিলে, ‘‘কি হ’ল এইবাৰ ?’’
‘‘ভাবি আছো ফ্লেট এটা লওঁ নে মাটি ডোখৰত ঘৰ এটা সাজো ৷ একো এটা সিদ্ধান্ত আহিব পৰা নাই ৷ এতিয়াও বহি বহি তাকেই চিন্তা কৰি আছো ৷’’
এইবাৰ দেৱব্ৰতই গিলাছটো থৈ মোৰ ফালে ঘুৰি বহিল, ‘‘চা বন্ধু ! তই হৈছ মাটিৰ মালিক ৷ ফ্লেটৰ কথা নাভাবিবি ৷ যেনেকৈয়ে হওঁক ঘৰ এটা সজাৰ কথা ভাব ৷ গুৱাহাটী মহানগৰীত মাটিৰ মালিক হৈ তই কি ফ্লেটত থকাৰ কথা ভাবিছ ?’’
মই বুজাবলৈ আৰম্ভ কৰিলো ঘৰ সাজি থাকিলে কি কি অসুবিধা হ’ব, ফ্লেটত থাকিলে কি কি সুবিধা হ’ব ৷ মোৰ যুক্তিখিনি শুনি দেৱব্ৰত অকনমান সময় মনে মনে থাকি আৰম্ভ কৰিলে, ‘‘তোৰ কথাখিনি ঠিক, কিন্তু……’’
‘‘কি ঠিক কথা ? একো ঠিক কথা নহয় !’’ আমি উচপ খাই উঠিলো ৷ এওঁনো কেতিয়া আন্ধাৰত আমাৰ পাছ ফালে ঠিয় হৈ আছিল গমকে পোৱা নাছিলো ৷
তেওঁ ক’বলৈ ধৰিলে, ‘‘মই ইমান কৈছো যেনে তেনে এচলীয়াকৈ হ’লে ঘৰ এটা সাজি মাটি ডোখৰলৈকে যাওঁ ৷ আপোনাৰ বন্ধুৱে (মোৰ ফালে দেখুৱাই) মোৰ কথা শুনিলেহে !’’
দেৱব্ৰতই সুবিধাই পালে, ‘‘তাই ঠিকেই কৈছে ৷ তই সব কথা বাদ দে ৷ তাইৰ কথা শুন ৷ সৰুকৈ হ’লেও ঘৰ এটা সাজি তালৈ গুছি যা ৷ মাটিৰ মালিক হৈ কিয় ভাড়াঘৰত থাকিবি ?’’
তাৰ পাছত দেৱব্ৰত আৰু এওঁ ব্যস্ত হ’ল ‘এটা সৰু ঘৰ’ৰ নক্সা তৈয়াৰ কৰাত ৷
এপাকত দেৱব্ৰতই সুধিলে, ‘‘মাটি কিমান আছে ?’’
‘‘ডেৰ কথা ৷’’
‘‘ধেই দীঘলে কিমান, বহলে কিমান সেইবোৰ ক ৷ দেখা নাই নেকি ড্ৰয়িং আকি আছো ৷’’
মই চকু দুটা মুদি মুদি হিচাবটো দি ক’লো, ‘‘বহু দিন হ’ল ৷ বছৰেই হ’ল নেকি জানো ৷ মাটি ডোখৰলৈ যোৱাই নাই ৷’’
এওঁ কান্দো কান্দো হৈ আপত্তি কৰিলে, ‘‘মই ইমান কৈ থাকো এবাৰ গৈ মাটিখিনি চাই আহিবলৈ ৷ নুশুনে মোৰ কথা ৷’’
মই তেতিয়াও চকু মুদিয়ে আছো, ‘‘কি চাব যাবি আৰু ! মাজে মাজে ভাৱ হয় কিয় যে কিনিলো মাটিখিনি !’’

দেৱব্ৰতই নক্সা সামৰি ক’লে, ‘‘এটা কাম কৰো ৷ মই কাইলৈ ৰাতিপুৱা আহিম, মাটিখিনি চাম ৷ তাৰ পাছতহে ড্ৰয়িঙটো কম্পলিট কৰিম ৷’’
মোৰ সাংঘাতিক খং উঠিছিল যদিও শ্ৰীমতীৰ উলাহত উজলি উঠা চকু দুটা দেখি দেৱব্ৰতক সুধিলো, ‘‘তই তাৰমানে আই.আই.টি. পৰা আৰ্কিটেক্সাৰ পাছ কৰিলি ?’’
শ্ৰীমতী জেকজেকাই উঠিল, ‘‘কোনোবাই ভাল কথা এটা ক’লে তোমাৰ খালি ঠাত্তা ৷ দাদা কাইলৈ ৰাতিপুৱা আহিব ৷ এওঁ নগ’লে ময়ে যাম ৷’’

পাছদিনা দেৱব্ৰত, মই আৰু শ্ৰীমতী মাটি লৈ বুলি ওলালো ৷ স্বপ্নৰ ঘৰৰ নক্সা তৈয়াৰ কৰিম আজি ৷
এবছৰ পাছত গৈছো ৷ কেইবাটাও নতুন নতুন ঘৰ হ’ল ৷ বাটটো আচহুৱা যেন লাগিল ৷ নিজৰ মাটিডোখৰেই বিচাৰি নোপাৱা হ’লো ৷
যিখিনি ঠাইত মাটিডোখৰ আছিল যেন অনুমান কৰিলো ঠিক তাৰ ওচৰতে ঠিয় হৈ সুধিলো,‘‘হেৰা, কোন ডোখৰ আছিল হে ? একো দেখোন ধৰিবই পৰা নাই ৷’’


মোৰ প্ৰশ্নৰ উত্তৰ নিদি এওঁ কান্দি কান্দি মাটিত বহি দিলে, ‘‘আমাৰ মাটি ডোখৰত এইটো কাৰ ফ্লেট ?’’

Friday, 25 October 2013

খেয়ালী মোৰ মনৰ আকাশ : মন উৰুৱাই লৈ যোৱা গীতৰ কথাৰে

ফেব্ৰুৱাৰী মাহত ৰা-ছোৱালীবোৰৰ পৰীক্ষাবোৰ আৰম্ভ হোৱাৰ লগে লগে মোৰ কাম-বন নোহোৱা হয় হাতত অফুৰন্ত সময় বন্ধু এজনে মোলৈ পঠিয়াই দিয়া লিংক এটাত ভালেমান পুৰণি গীতৰ সংগ্ৰহ দেখা পালো দিনে নিশাই তাকেই শুনি আছিলো

দুদিনৰ আগৰ কথা ৰাতি বিচনাত বহি বহি শুনি আছো জ্যোতিৰ্ময় কাকতিদেবে কন্ঠতদূৰে দূৰে কোনে মুৰুলী বজালে৷ মোৰ ওচৰতে বহি মোৰ ছোৱালী প্ৰাপ্তিয়ে কিবা ছবি আকি আছিল ৷ হঠাৎ মন কৰিলো তাই ছবি আকি আকি গুণগুণাই আছে
দূৰে দূৰে কোনে মুৰুলী বজালে
সুৰে সুৰে ধৰনী পাচলি কঁপালে..’
মই তাইক কলো,‘কি পাচলি কঁপালে বুলি গাইছা ? পাচলি কিয় কঁপাব ?’
প্ৰাপ্তিয়ে ছবি বাদ দি মোৰ ওচৰলৈ আহি কলো,‘মন দি শুনা পাচলি বুলিয়ে গাইছে দেখোন ৷ নহলে কি বুলি গাইছে নো ?’
গানটো ভাল দৰে মন কৰি দেখিলো হয় ময়ো দেখোন পাচলি বুলিয়ে শুনিছো !
মনতে ভাবিলো,‘শীলা কি জাৱানী বা বাহৰ চুঙা দৈ শুনি ডাঙৰ হোৱা মোৰ ছোৱালীয়ে গাব খুজিছে এই গানবোৰ ৷ কথাখিনি বিচাৰি দিয়াটো মোৰ কৰ্তব্য ৷ ইন্টাৰনেটতে বিচাৰিলো কৰবাত গীতৰ কথাখিনি, কবিতাটো পায় যাবও পাৰো ৷ নাই নাপালো ৷
আচলতে বিচাৰিবলৈ মই নাজানোৱে গীতিকাৰনো কোন ৷
তাৰ পাছত মনলৈ আহিল,‘কাম-বন নাই এই কেইদিন ৷ দ্বিতীয় বিশ্বযুদ্ধৰ ছিনেমাবোৰ পাছতো চাব পাৰিম ৷ তাৰ আগে গানবোৰকে শুনো, যিমান পাৰো শুদ্ধকৈ কথাবোৰ লিখি যাম ৷ তাৰ পাছত কোনোবা জনা মানুহক দিম, ভুলখিনি শুধৰাই দিবলৈ ৷
মনলৈ এবাৰ আহিল মোৰ মোমাইদেউৰ বন্ধু ৰফিক মামাৰ কথা ৷ তেখেতৰ ওচৰত এই গানবোৰৰ কথা নালাগে স্বৰলিপিও পাব লাগে ৷ মই বহুবাৰ তেখেতৰ কন্ঠত শুনিছো এইবোৰ গান ৷ ৬০ দশকৰ পৰা ৯০ দশকলৈ অসম চিকিৎসা মহাবিদ্যালয়ত বা ডিব্ৰুগড়ত হোৱা কোনো মেহফিলত ছাগৈ বহুতেই শুনিছে ৰফিক মামাৰ কন্ঠত এইবোৰ গান ৷ তথাপি ভাবিলো নিজেই চেষ্টা এটা কৰি চাওঁচোন ৷ একো নহলেও গানবোৰ বাৰে বাৰে শুনাৰ সুবিধা এটাকে পাম ৷

জ্যোতিৰ্ময় কাকতি, জ্যোতিষ ভট্টাচাৰ্য্যদেব আৰু মিহিৰ বৰদলৈৰ গীতখিনিৰেই কাম আৰম্ভ কৰো বুলি ভাবিলো ৷
লাগি গলো গান শুনিবলৈ, কবিতাবোৰ বুজিবলৈ ৷
যিমানেই শুনিছো সিমানেই প্ৰেমত পৰিছো ৷
কি যে মন্ত্ৰমুগ্ধ কৰিব পৰা
কবিতা,
সুৰ,
কন্ঠ !
মন উৰি গল আশীৰ দশকলৈ ৷ মনত পৰিল ডিব্ৰুগড় আৰু কেতিয়াবা গুৱাহাটী অনাতাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত সেই মনোমোহা গীতৰ অনুস্থানবোৰলৈ ৷ পুৰণি ৰেডিওটো বিচাৰি উলিয়ালো ৷ জাৰি-জোকাৰিলৈ, নতুন বেটাৰী লগাই পকাবলৈ ধৰিলো ৷ কেনেবাকৈ কিজানি শুনিবলৈ পাব পাৰো সেই গানবোৰ ৷ ডিব্ৰুগড় কেন্দ্ৰটো লগাবকে নোৱাৰিলো আৰু যোৱা দুদিনত গুৱাহাটী কেন্দ্ৰৰ পৰা এই গানবোৰ হয়তো প্ৰচাৰ হোৱা নাই ৷

যোৱা দুদিনত ৮টা গানৰ কথাখিনি লিখি উলিয়াবলৈ সক্ষম লো বহু শব্দত প্ৰশ্নবোধক চিহ্ন দি লগাত পৰিলো
মনত পৰিলপাচলিশব্দটোলৈ সেইটো দেখোন এতিয়াও পাচলি হৈয়ে আছে কি জানো ?
মাখন লাল দাস চাৰক অনলাইন দেখি গানৰ লিংটো পঠিয়াই দি সুধিলো,‘চাৰ শব্দটো কি বাৰু ? মই দেখোন পাচলি যেন শুনিছো
চাৰে শুনি মোক লো,‘হেৰা ময়ো পাচলি যেনেই পাইছো
মোৰ মনতে ভাবিলো দূৰে দূৰে কোনে মুৰুলী বজাই পাচলি কঁপাব ?’
চাৰ আৰু মোৰ কান বেয়া হল ৷
ইন্দ্ৰনীল গায়ন অনলাইন ৷ ভাল কবিতা লিখে ৷ গানৰ লিংটো পঠিয়াই দি তাক সুধিলো,‘শব্দটো কি বাৰু ? মই দেখোন পাচলি যেন শুনিছো
দাদা মই চাই-চিতি বাৰু
পাছদিনা সি মেছেজ দিলে,‘দাদা শব্দটো কাছুলী লাগে কাছুলীৰ অৰ্থ আৱৰণ
সেই সময়তে অনলাইন দেখা পালো বন্ধু অয়ন উত্তমক তেওঁক গীতৰ কথাখিনি দি সুধিলো,‘কি পাৰে বাৰু ?’
লগে লগেই উত্তৰ দিলে,‘কাঁচুলীমানে একো নাই.... কাঁচুলিমানে তিৰোতাৰ স্তনযুগল ঢাকিবলৈ ব্যৱহাৰ কৰা এক অন্তৰ্বাস
মনতে ভাবিলো এটা গীত সম্পূৰ্ণ

আজিৰ কথা
এটা ক্লাছ টেষ্ট আছিল প্ৰশ্ন কাকতখন দি মই চকীত বহি আছো ৰাহতে পৰীক্ষা দি আছে মোৰ আকৌ এই কেইদিন গান শুনি শুনি অনবৰতে কবিতাৰ কথাবোৰেই মনলৈ আহি থকা হৈছে নোৱাৰাকৈয়ে গুণগুণালো
কি নো কয়, দুটি মুগ্ধ মুগ্ধ নয়নে
কি নো কয়, দুটি মুগ্ধ মুগ্ধ নয়নে
কি নো কয়, দুটি নিৰব শব্দ চয়নে..’
মোৰ সন্মুখত বহি পৰীক্ষা দি থকা আৰ্জভ ফুকনে লিখিবলৈ বাদ দি মোৰ ফালে চাবলৈ ধৰিলে ৷ মই অলপ লাজেই পালো ৷ মাষ্টৰ হৈ পৰীক্ষা হলত গান গাই আছো ৷ এইবাৰে নিশব্দে গুণগুণাবলৈ ধৰিলো এপাকত মন কৰিলো আৰ্জভ ফুকনে পৰীক্ষা দি আছে যদিও মুখেৰে কিবা বিৰবিৰাই আছে ৷ মনে মনে গৈ তাৰ পাছত ঠিয় হলো গৈ ৷ সি গুণগুণাই আছে
যোৱাৰ পৰত
সৰা শেৱালী বুটলি
কি কোৱা ?
নাই যে সময়
উভটি চোৱাৰ
এতিয়া বিদায় দিয়াৰ
যোৱাৰ পৰত
সৰা শেৱালী বুটলি
কি কোৱা ?...’
আৰে মাৰিয়া মন্টেচৰিত পঢ়া, ইংৰাজীত ফৰফৰাই কথা কোৱা আৰ্জভ ফুকনে এই গানটো কেনেকৈ জানিলে ?
পৰীক্ষা শেষ হল ৷
মই তাক সুধিলো,‘তুমি পৰীক্ষাৰ মাজত কি গান গাই আছিলা ?’
আৰ্জভ ফুকনে এটা ৰহস্যপূৰ্ণ হাঁহি মাৰি মোক সুধিলে,‘চাৰ এতিয়া কলৈ যাব ?’
মই ভ্ৰু কোচাই উত্তৰ দিলো,‘ঘৰলৈ ৷ কিয় সুধিলা ?’
চাৰ সময় আছে যদি আমাৰ ঘৰলৈ যাব নেকি ? আইতাই তালৈ লৈ যাব খুজিছো ৷
মোৰ প্ৰশ্নৰ উত্তৰ নিদি আইতাকৰ কথা কিয় উলিয়ালে ?
পালোগৈ আইতাৰ ওচৰ ৷
আইতাকে মোৰ খা-খবৰ ললে ৷ আৰ্জভ ফুকন বহিল পিয়ানোত ৷
বজাই গ
‘‘যোৱাৰ পৰত
সৰা শেৱালী বুটলি
কি কোৱা ?...’’

‘‘
কি নো কয়, দুটি মুগ্ধ মুগ্ধ নয়নে
কি নো কয়, দুটি মুগ্ধ মুগ্ধ নয়নে
কি নো কয়, দুটি নিৰব শব্দ চয়নে…’’

‘‘
খেয়ালি মোৰ মনৰ আকাশ
ক্ষণে ক্ষণে বৰণ সলায়..’’

মই শেষত সুধিলো,‘তুমি এইবোৰ গান কেতিয়া শিকিলা ?’
চাৰ এইবোৰ গান শুনি শুনিয়ে মই ডাঙৰ হৈছো ?’
মানে ?’
চাৰ এইবোৰ মোৰ সোন মামা ককাৰ গান ৷
 
আৰ্জভ ফুকনৰ আইতাকে মাত লগালে,‘‘খেয়ালি মোৰ মনৰ আকাশ প্ৰথম বাৰৰ বাবে গ্ৰামফোনত মই গাইছিলো ৷ (তফজ্জুল) আলি চাৰে নিজেই মোক শিকাইছিল ৷ তাৰ পাছত সোনদাই (জ্যোতিষ ভট্টাচাৰ্য্য) গাইছিল আৰু তাৰ পাছত জ্যোতিৰ্ময় (কাকতি) দাদাই গাইছিল ৷ মোৰ ওচৰত সোনদাৰ গোটেইবোৰ গানৰ ৰেকৰ্ড আছে ৷ কিন্তু এতিয়া নাবাজে সেইবোৰ ৷
মই লগে লগে লেপটপটো খুলি তেখেতক শুনাই গলো মোৰ ওচৰত থকা জ্যোতিষ ভট্টাচাৰ্য্যদেব ১১ টা গানৰ ট্ৰেক ৷ আইতাই ককায়েকৰ, আৰ্জভে ককাৰ গানবোৰ একান্ত মনে শুনি গল ৷

লগতে কলো মই যে শুনি শুনি গানৰ কথাবোৰ লিখি উলিয়াইছো ৷
তেওঁ সেইখিনি চাই দিলে ৷ দুই এটা ভুল আছিল, শুধৰাই দিলে ৷
মই ৰূবায়টক (তফজ্জুল আলি চাৰৰ পুত্ৰ) কৈ তোমাক বাৰু বাকীখিনি কবিতা/গীতৰ কথা অনোৱাই দিম ৷
আহিবৰ পৰত মোৰ গালে মুখে মৰম কৰি, আশীৰ্বাদ দি বিদায় দিলে ৷

ঘৰলৈ আহি থাকোতে গুণগুণাই আছিলো ৰাণু ফুকন বাইদেউৰ কন্ঠত প্ৰথমবাৰৰ বাবে বানীবদ্ধ হোৱা গীতটোৰে এটা লি
তোমাৰ ওঁঠত ফুলে যদি
এটি হাঁহিৰ ফুলাম পাহি
সৰা পাতত চিঠি লিখি দিবা উৰুৱাই…..’
 

হিমতৱালা


তাথেয়া তাথেয়া হো 


আজি কালি লেখিবলৈ মন নোযোৱা আকৌ আগৰ দৰে সন্ধিয়াবোৰ পাৰ কৰিবলৈ আৰম্ভ কৰিছিলো এওঁ কয়, ‘‘এইবোৰ কৰাতকৈ কিবা এটা নিলিখা কিয় নো ?’’
মই মনতে ভাবো, ‘‘মোক কি বুলি ভাবিছা ?? চেক্সপীয়েৰ নে মাৰ্ক টোৱেইন ? সদায় সদায় লেখিম ?’’
পাছে যোৱাকালি লটাৰী লাগিল সঞ্জয়ে দিগন্তৰ লেখা অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিছে মই সঞ্জয়ৰ লেখা ইংৰাজীৰ পৰা অসয়মীয়ালৈ অনুবাদ কৰিম

হিমতৱালা
এনেকুৱা মোৰ সৈতে প্ৰায়ে হয় ৰবাত কেনেবাকৈ গান এটা শুনাৰ পাছত গোটেই দিনটো সেই গানটো মোৰ কাণত বাজি থাকে নোৱাৰাকৈয়ে মই গোটেই দিনটো সেই গানটো গুণগুনাই থাকো এবাৰো মনলৈ নাহে মোৰ যে মোৰ কাৰণে ওচৰে পাজৰে থকা লোকসকলৰ ওপৰত কেনে প্ৰভাৱ পেলাব পাৰে কেতিয়াবা এনেকুৱাও হয় গৈ যে মোৰ গান শুনি শুনি মই নিজেই বিৰক্ত হৈ পৰো
হিম্মতৱালা মোৰ ৰালি দিনৰ এখন ছুপাৰ হিট চিনেমা সেই ছিনেমাখনৰ গীতবোৰো বৰ জনপ্ৰিয় আছিল সেইদিনবোৰ  নলবাৰীত ৰাসৰ  সময়ত মাইকবোৰত নেৰানেপেৰাকৈ মাথো হিম্মতৱালাৰ গানবোৰেই বাজি থাকে মন গহণত ৰবাত লুকাই থকা সেই তাহানিৰ স্মৃতি আজি সজীৱ হৈ উঠিল যেতিয়া মই 98.3 FM নতুনতাথেয়া তাথেয়াগানটো শুনিলো গোটেই শুকুৰবাৰ মাথো তাথেয়া তাথেয়া কৰিয়ে থাকিলো

প্ৰস্ৰাৱগাৰৰ পৰাতাথেয়া তাথেয়া হোকৰি মোক ওলাই অহা দেখি মই নতুনকৈ নিযুক্তি দিয়া ডেকা ৰাজনৰ চকুত আশ্চৰ্যৰ চাৱনি মই যেতিয়া মোৰ ওপৰৱালাৰ কক্ষলৈতাথেয়া তাথেয়া হোকৰি সোমাই লো সেই সময়ত মোৰ ওপৰৱালাজনৰ চকুত যি চাৱনি আছিল তাৰ অৰ্থনো কি মই বুজি নাপালো নিশা মই যেতিয়াতাথেয়া তাথেয়া হোকৰি ঘৰ সোমালো তেতিয়া মোৰ শ্ৰীমতী নিশ্চিত মই মানসিক ভাৰসম্য হেৰুৱালো

তাথেয়া তাথেয়া হো
তাথেয়া তাথেয়া হো
ধুম তান নান

নেইনো মেই স্বপ্না, স্বপ্নো মেই সজনা
সজনা পে ডিল গেয়া,
কিউ সজনা পে ডিল গেয়া

ধেই !!!!!!
মই এই গানটো বেয়া পাওঁ দেই !!!!!!!!!

মূল ৰচনাৰ উৎস : http://sanjoybarua.blogspot.in/2013/03/himmatwala.html