Saturday 6 April 2013

জয়ন্ত চলিহাৰ কবিতা - ১


(জয়ন্ত চলিহা এজন চাকৰিয়াল ৷ গুৱাহাটীতে থাকে ৷ বিবাহিত ৷ তেওঁ মাজে মাজে, সুবিধা পালে  মোৰ লগত বহি আড্ডা মাৰে ৷ মোক কয়,‘‘হেৰা লিখিবা হে !’’
এইয়া চলিহাৰে কবিতা, চলিহাৰ মুখেৰে )


সপোনত মই মোৰ জীৱনটোক লগ পায় সুধিলো,
‘‘তুমি কিয় ইমান নিষ্ঠুৰ ?
প্ৰতি দিনেই দেখোন
মোৰ পৰীক্ষা লোৱা,
কঠোৰ !’’

জীৱনে হাঁহি মাৰি কলে,
‘‘এবাৰ মাথো শিকা
উপভোগ কৰিবলৈ
সৰু-বৰ কথাবোৰ,
তোমাৰো সময় হ
মধুৰ ৷’’

2 comments:

  1. বা: .. সুন্দৰ কবিতা...

    ReplyDelete
  2. চাৰ জয়ন্তই মাজে মাজে কবিতা নিলিখা নহয়

    ReplyDelete