Sunday, 21 April 2013

বিহু সমিটিৰ সভাপতি


যোৱা দুদিন ধৰি চলি থকা জিন্টু মিন্টু বিহুখন আজি শেষ হ’ল ৷

মোৰ আকৌ এই বিহুখনৰ লগত একেবাৰে সম্বন্ধ নথকা নহয় ৷

২০০২ চনৰ ফাগুন-চ’ত মাহমানৰ কথা ৷ ওচৰৰে জিন্টু মিন্টু জোনটিহঁতে দেউতাৰ আগত খবৰ দি গ’ল, ‘‘অহা দেওবাৰে জৰুৰী মিটিং এখন আছে ৷ দাদাক যেনেতেনে যাবলৈ ক’ব ৷’’
সেই অঞ্চলটোত থাকিবলৈ লোৱা প্ৰায় ৮ বছৰমান হৈছে গৈ ৷ জীবিকাৰ তাগিদাত কোনো দিনে কোনো সামাজিক কামত আগভাগ ল’ব পৰা নাই ৷ তথাপিও জৰুৰী মিটিং এখনলৈ মোক যেনেতেনে মাতিছে ! অলপ আচৰিত হ’লো ৷
গতিকে নিৰ্ধাৰিত দেওবাৰৰ দিনা ঘৰৰ সন্মুখতে থকা স্কুলঘৰটোত হৈ থকা মিটিঙখনত ওলালো গৈ ৷
মোক দেখি দুটামান ওলাই আহি আগবঢ়াই লৈ গ’ল ৷
‘‘দাদা আহিছে ?’’
‘‘দাদা ভালনে ?’’, কেতিয়া মোক মাত নিদিয়া, মই কোনো দিনে নেদেখা কেইবাজনেও মাত দিলে ৷ আদৰ-সাদৰ দেখি ভাল লাগিল ৷ অলপ লাজো পালো ৷ ইমান দিন হ’ল এই অঞ্চলটোত থকা, অথচ মই ইমান কম মানুহ চিনি পাওঁ !
মনতে ভাবিলো, ‘‘কলেজ থকা দিনৰ দৰে অলপ ৰাজহুৱা কামত আগ ভাগ ল’ব লাগিব ৷ ঠিকা-ঠুকুলিৰ মাজতে সময় উলিয়াব লাগিব ৷’’
মোৰ চিন্তাত যতি পেলাই ৰমেনে ক’লে, ‘‘দত্তদা, আপুনি অহা দেৰি হোৱা দেখি আমিয়ে সিদ্ধান্তটো লৈ পেলালো ৷ এইবাৰ আপুনিয়ে সভাপতি হ’ব ৷’’
‘‘হাঁ ! কি কৈছা ?’’, মই একো বুজি নাপায় সুধিলো ৷
‘‘মানে দাদা এইবাৰৰ বিহু সমিটিৰ আপুনি  সভাপতি ৷’’
উচপ খাই উঠিলো ৷ ‘‘বিহু সমিটি আৰু মই সভাপতি ?’’
‘‘নাই দাদা আপুনি একো চিন্তা নকৰিব ৷ আমি সকলো কাম কৰিম, আপুনি আমাৰ লগত থাকিলেই হ’ব ৷ আপোনৰ দৰে হাত দীঘল মানুহ আমাক লাগে ৷’’
মই জনাত জানো ‘হাত দীঘল মানুহ’ মানে প্ৰভাবশালী ব্যক্তি ৷ মইটো চেন্ডেল চোঁচৰাই ঘুৰি ফুৰা তেনেই সাধাৰণ মানুহ ৷ তেনেহ’লে কিয় ক’লে বাৰু হাত দীঘল বুলি ? মনতে সন্দেহ এটা হোৱাত মই নিজৰ হাত দুখনলৈকে চালো ৷
কোনোবা এজনে মাত দিলে, ‘‘সভাপতিয়ে কিবা অকনমান ক’ব লাগে ৷’’
মই অকৰাটোৰ দৰে ঠিয় হৈ বক্তব্য আৰম্ভ কৰিলো, ‘‘মোক সভাপতি পতাৰ বাবে ধন্যবাদ ৷ পাছে বিহু পতাৰ মোৰ বৰ অভিজ্ঞতা নাই ৷ গতিকে মোৰ সলনি আন কোনোবা এজন সভাপতি হোৱাই ভাল হ’ব নেকি জানো ৷’’
জিন্টু-মিন্টুৱে মাত দিলে, ‘‘নাই নাই দাদা আপুনিয়ে হ’ব সভাপতি ৷ আৰু আপোনাৰ অভিজ্ঞতা নাথাকিলেও কথা নাই ৷ আমাৰ ১০ বছৰৰ অভিজ্ঞতা আছে ৷’’

সভা চলি আছে ৷ গম পালো বিহুৰ বাজেট ৩ লাখ টকা ৷
‘‘তিনি লাখ ? ক’ৰ পৰা পাম ইমান টকা ???’’ মোৰ মুখ শুকাই গ’ল ৷
‘‘হৈ যাব দাদা ৷ কয়লা চিন্ডিকেট ওচৰতে আছে, ট্ৰাকৰ চিন্ডিকেট ওচৰতে আছে, ডাঙৰ ডাঙৰ গুদামবোৰ ওচৰতে আছে ৷ সিহতৰ পৰায়ে তিনিলাখতকৈ বেছি উঠাই দিম ৷’’

সভা সামৰি ঘৰলৈ আহিলো ৷ মনটো ভালো লাগি আছে ৷ বিহু সমিটিৰ সভাপতি হ’ব পৰাটো কম কথা নহয় ৷ তাতে আকৌ একো কামো কৰিব নালাগে ৷ ১০ বছৰ ১০ বছৰ অভিজ্ঞতা থকা  জিন্টু-মিন্টুহঁত আছেই লগত ৷

দুসপ্তাহমান পাছত এদিন সন্ধিয়া জিন্টু-মিন্টুহঁত আহি আমাৰ ওলাল ৷
‘‘দাদা টকা তুলিবলৈ যাব লাগিছিল নহয় ৷’’
মই আচৰিত হৈ সুধিলো, ‘‘ক’লৈ ?’’
‘‘কয়লা চিন্ডিকেটলৈ যাম  দাদা ৷’’
‘‘কয়লা চিন্ডিকেটলৈ মই আকৌ কিয় যাম ?’’
এইবাৰ জিন্টু-মিন্টুহঁত আচৰিত হোৱাৰ পাল ৷
‘‘কয়লা চিন্ডিকেটৰ প্ৰেছিডেন্ট প্ৰাঞ্জল চাৰ দেখোন আপোনাৰ ভাল বন্ধু ৷’’
‘‘কোনে ক’লে তোমালোকক প্ৰাঞ্জলদা মোৰ ভাল বন্ধু বুলি ? তেওঁক  মই চিনি পাওঁ বাৰু ৷ কলেজত পঢ়োতে তেওঁ আমাৰ কাষৰ  হোষ্টেলতে আছিলে ৷ পাছে মোতকৈ তিনি বছৰমান ডাঙৰ হ’ব ৷ তেনেই সাধাৰণ চিনাকি মোৰ লগত ৷’’
‘‘আপোনাক তেখেতৰ লগত কেইবাদিনো কথা পতা দেখিছিলো ৷ আমি ভাবিছিলো আপোনাৰ ভাল বন্ধু বুলি ৷ সেই কাৰনেহে আপোনাক সভাপতি পাতিছিলো ৷ হ’ব বাৰু দিয়ক ৷ আমি যাওঁ ৷’’
১০ বছৰ অভিজ্ঞতা থকা  জিন্টু-মিন্টুহঁতে  বিদায় ল’লে ৷

তাৰ কেইবা সপ্তাহ পাছত এদিন মাইক টেষ্টিং 1-2-3-4 শুনিহে গম পালো সেইদিনা সন্ধিয়াই অনুস্থিত হ’ব বিহু সন্মিলন ৷
সভাপতিয়ে খবৰেই নাপালো ৷

-------------------

প্ৰাঞ্জল দা বোলাজন সঁচাকৈয়ে মোৰ ফেছবুকৰ বন্ধুৰ তালিকাত আছে ৷
তেখেতৰ নামটো মই সলনি কৰি দিছো ৷
তেখেতৰ বাহিৰে জিন্টু-মিন্টু-জোনটি-ৰমেন এতিয়া ব্যস্ত বিহুখনক লৈ ৷ এতিয়া তেওঁলোকৰ অভিজ্ঞতা ২১ বছৰমানৰ হল গৈ ৷

No comments:

Post a Comment