Thursday 25 April 2013

pay to ...Pratibha Dutta....


প্ৰসংগ : বন্ধু  Debabrat Borahৰ প্ৰশ্ন - ‘‘পিছে মাদামে কি উত্তৰ দিলে বা?’’

আজিকালি বৰ বেছি চিন্তা নকৰা হলো ৷
পাছে প্ৰথমবাৰ বৰ চিন্তা লাগিছিল ৷

১৯৮৮ চনৰ কথা ৷ মেট্ৰিকত ভাল ৰিজাল্ট কৰিছিলো ৷ চৰকাৰে উদগণি হিচাবে  হিচাবে জলপানী এটা দিলে ৷ কলেজলৈ চেক আহিল ৷ লাইন পাতি চেক ললো ৷
শিলপুখুৰীত থকা SBIৰ সান্ধ্য শাখালৈ দৌৰ মাৰিলো ৷ কথা হল সোনকালে চেকখন ভঙাই এটা ডেককিনিব লাগিব ৷ সেই সময়ত সকলো ডেকা লৰা জলপানীৰ টকাৰে ডেককিনাৰ নিয়ম এটা আছিল ৷

চেক জমা দিয়াৰ তিনি দিন মান পাৰ হল ৷  টকা জমা হোৱা নাই ৷ খবৰ লৈ গম পালো চেকখন হেনো মোৰ  নহয় ৷ সেইখন বোলে কোনোবা প্ৰতিভা দত্তৰ নামত আহিছে ৷ চেকত চকু ফুৰাই দেখো হয় কথাটো ৷
লিখা আছে pay to ...Pratibha Dutta....

‘‘কি কৰিম এতিয়া ?’’
‘‘কি কৰিম মানে ? আনৰ চেক জমা দিয়াটো অপৰাধ ৷ ঘুৰাই দিয়া গৈ চেক ৷’’
‘‘মানে?’’
 মেনেজাৰে মোক বুজাই দিলে যে প্ৰতিভা দত্তৰ জলপানীৰ টকা  আত্মসাৎ কৰিবলৈ চেষ্টা চলোৱাৰ অপৰাধাত মই জেললৈকো যাব পাৰো ৷

চেক ঘুৰাই লৈ আহি কলেজৰ অফিছ পালো গৈ ৷
‘‘পাটগিৰি দা ! এইবোৰ কি কথা ? আপুনি মোক বেলেগৰ চেক কিয় দিছে ?’’
‘‘কি বেলেগৰ চেক ? চাওঁ ! তোৰ ৰোল নম্বৰ কিমান ?’’
‘‘৬২, চেকচন B’’
‘‘এইয়া চা চেক নাম্বাৰৰো মিলিছে, তোৰ ৰোল নাম্বাৰো মিলিছে আৰু নামো মিলিছে ৷ অই ৰচোন ৰ ! তই মতাটো হৈ ছোৱালীৰ নাম ৰাখিছ কিয় ?’’
‘‘মানে ?’’
‘‘তই আৰু দুনীয়াত নাম নাপালি নাম প্ৰতিভা দত্ত কিয় ৰাখিলি  ?’’
‘‘কি কয় হে পাটগিৰি দা ? মোৰ নাম প্ৰতিভূ দত্ত ৷ প্ৰতিভা দত্ত নহয় ৷’’
‘‘মই সেইবোৰ নাজানো ৷ কলেজত তোৰ নাম প্ৰতিভা দত্ত হৈ আছে ৷ তোৰ চব কাগজ, ৰেকৰ্ড প্ৰতিভা দত্তৰ নামত আছে ৷’’
‘‘ধেই পাটগিৰি দা, কি কৈছে এইবোৰ ? ঠিক কৰক, ঠিক কৰক ৷’’
‘‘এটা কথা নহয় ৷ মই বাৰু কলেজত ঠিক কৰি দিম, কিন্তু তইটো এই চেক ভাঙিব নোৱাৰিবি ৷ কি কৰিবি ?’’
‘‘সেইটো হৈ যাব ৷’’

প্ৰতিভা দত্তৰ চেক হাতত লৈ হোষ্টল পালো গৈ ৷ এটাই কলে, ‘‘হৈ যাব  কাম ৷’’
চেকখনত থকা চিয়াহীৰ কলম এটা আনিলে আৰু Pratibha Duttaৰ  শেহত থকা 'a'টো ঘঁহি ঘঁহি 'u' কৰি দিলে . অৰ্থাৎ প্ৰতিভা দত্তৰ পৰা মই হলো গৈ প্ৰতিভূ দত্ত ৷

আকৌ চেক লৈ পালো গৈ শিলপুখুৰীৰ সান্ধ্য শাখা ৷
মেনেজাৰে কলে ,‘‘হেৰা এইবাৰলৈ তুমি টকা পাবা ৷ পাছে এনেকৈ চেকত ঘঁহা পিহা কৰি নাথাকিবা ৷ জেলত সোমাবৈ গৈ ৷’’

সেইয়াই জীৱন প্ৰথম বাৰৰ বাবে প্ৰতিভা দত্ত হলো ৷
তাৰ পাছত ডাক্টৰৰ চেম্বাৰ, বাছ-ৰেলৰ টিকটকে আদি কৰি কিমানবাৰ যে প্ৰতিভা দত্ত হব লগা হল ঠিক নাই ৷
বহুতেই অৱশ্যে মোৰ মোছকোছা দেখি ধৰিব পাৰে ছাগৈ মোৰ নাম প্ৰতিভা দত্ত হব নোৱাৰে ৷ তেওঁলোকে নিজেই শুধৰাই মাতে - বিভূতি দত্ত ৷

No comments:

Post a Comment