(জয়ন্ত চলিহা এজন চাকৰিয়াল ৷ গুৱাহাটীতে থাকে ৷ বিবাহিত ৷ তেওঁ মাজে মাজে, সুবিধা পালে মোৰ লগত বহি আড্ডা মাৰে ৷ মোক কয়,‘‘হেৰা লিখিবা হে !’’
এইয়া চলিহাৰে কবিতা, চলিহাৰ মুখেৰে )
সপোনত মই মোৰ
জীৱনটোক লগ পায় সুধিলো,
‘‘তুমি কিয় ইমান নিষ্ঠুৰ ?
প্ৰতি দিনেই দেখোন
মোৰ পৰীক্ষা লোৱা,
কঠোৰ !’’
জীৱনে হাঁহি মাৰি ক’লে,
‘‘এবাৰ মাথো শিকা
উপভোগ কৰিবলৈ
সৰু-বৰ কথাবোৰ,
তোমাৰো সময় হ’ব
মধুৰ ৷’’
বা: .. সুন্দৰ কবিতা...
ReplyDeleteচাৰ জয়ন্তই মাজে মাজে কবিতা নিলিখা নহয়
ReplyDelete