Tuesday, 30 April 2013

দেউতাৰ সৈতে .................

আই.পি.এল. চাই আছো প্ৰাপ্তিয়ে প্ৰশ্ন কৰিলে, ‘‘দেতা এন. ফ্ৰাংক কোন আছিল ?’’
‘‘কি ?’’
তাই আকৌ সুধিলে, ‘‘ডায়েৰী মানে কি ?’’
‘‘
তুমি গম পালা এন ফ্ৰাংকৰ কথা ?’’
মোৰ কথাত বৰ গুৰুত্ব নিদি তাই কৈ , ‘‘বৰ্ল্ড ৱাৰ টু নাইন্টিন ফৰ্টীটুত আৰম্ভ হৈছিল ?’’
গম পালো আজি আই.পি.এল চোৱা নহ’ব ৷

দুয়ো বিচনাত উঠি ল’লো ৷
আৰম্ভ কৰিলো এন ফ্ৰাংকৰ ডায়েৰীৰ কথা ৷
আৰম্ভ কৰিলো দ্বিতীয় বিশ্বযুদ্ধৰ কথা ৷
প্ৰাপ্তিয়ে দুয়োখন বিশ্বযুদ্ধৰ কথা অলপ অচৰপ জানে ৷ জানে মানে সাত আঠ বছৰীয়া ছোৱালী এজনী হিচাবে জানে তাই ৷ কোন চনত হৈছিল, কাৰ কাৰ মাজত হৈছিল, কোন জিকিলে আদি ৷
দ্বিতীয় বিশ্বযুদ্ধৰ ওপৰত মোৰ বৰ আগ্ৰহ ৷ সেই বিষয়ত চিনেমা পালেই চাওঁ, কেতিয়াবা তায়ো মোৰ সৈতে বহি লয় ৷ তাই মোৰ সৈতে বহিলে দুঘন্টাৰ চিনেমা চাৰি ঘন্টাতো শেষ নহয় ৷ তাইক বহু কথা বুজাব লগা হয় ৷

তাই হিটলাৰৰ কথা শুনিছে, জানে ৷  গতিকে বৰ অসুবিধা হোৱা নাই বুজাবলৈ কিয় এন ফ্ৰাংকৰ পৰিয়ালে আত্মগোপন কৰি থাকিব লগা হৈছেল ৷
‘‘প্ৰাপ্তি তুমি মোক হঠাতে সুধি দিলা  ৷ সকলো কথা এতিয়া মোৰ মনত নাই নহয় ৷’’
‘‘হ’ব দেতা, যি মনত আছে কোৱা ৷’’
মই গুগুলৰ পৰা বিচাৰি কোৱা কথাত কৈ মই যিখিনি নিজেই ক’ব পাৰো বা জানো সেইখিনি শুনিহে তাই ভাল পায় ৷ ভাবি পালো কাৰন বোধহয় দুটা ৷ প্ৰথম কাৰন দেউতাকে বহু কথা যে জানে সেইটো তেতিয়া প্ৰতিপন্ন হয় ৷ দ্বিতীয় তথা আচল কাৰন গুগুলত কিবা এটা বিচাৰি থকা সময়খিনিত তাই অধৈৰ্য্য হৈ যায় ৷
মই আৰম্ভ কৰিলো, ‘‘ঠিক আছে বাৰু ৷ এন ফ্ৰাংকে ১৯৪২ চনত তেওঁৰ ডায়েৰীখন লিখিবলৈ আৰম্ভ কৰিছিল ৷ তেওঁ..’’
‘‘দেতা ১৯৪২ত আইতাৰ বয়স কিমান আছিল ৷’’
‘‘তেতিয়া আইতাৰ জন্মই হোৱা নাছিল ৷’’
‘‘মামা ককা ?’’
‘‘আজু মাহী আইতাৰ সমান বয়স হ’ব ছাগৈ এন ফ্ৰাংক ৷’’ মই এনেয়ে অনুমান এটা কৰিলো ৷
‘‘দেতা আজুককা প্ৰথম বিশ্বযুদ্ধত কোনখন দেশলৈ গৈছিল ?’’
‘‘মেছপটেমীয়া ৷’’
‘‘মেছপটেমীয়া ! অ অ মই পাহৰি গৈছিলো ৷’’
‘‘প্ৰাপ্তি, তুমি এতিয়া মেছপটেমীয়াৰ কথা শুনিবা নে এন ফ্ৰাংকৰ কথা ?’’
‘‘অ অ, কোৱা কোৱা ৷’’ প্ৰাপ্তিয়ে ওঁঠত আঙুলি এটা থৈ তাই যে মনে মনে থাকিব বুজাই দিলে ৷

এনেকুৱাই হয় ৷ আমি আৰম্ভ কৰো এটা বিষয়ৰ ওপৰত আৰু শেহত আমি কথা পাতি থাকো বেলেগ এটা বিষয়ৰ ওপৰত ৷
তাই বুজা হোৱাৰে পৰা যে আমি কিমান কথা পাতিলো ! কথা পাতি পাতি কিমান দেশৰ ভ্ৰমণ কৰিলো ঠিক নাই ৷ আমাজনৰ বৰ্ষাবন, পিৰাহনা মাছ, সুমেৰুৰ পেংগুইনৰ জীৱন, সুমেৰুত থকা ভাৰতৰ গংগোত্ৰী, ছাইবেৰীয়া, য়েটী বা তুষাৰমানব, বাৰমুডা ত্ৰিভুজ, আটলান্টিছ নামৰ হেৰুৱা চহৰখন, আটলান্টিছ নামৰ মহাকাশযানখন, কল্পনা চাওলা, স্পুটনিক, এপল অভিযান, আন্তঃৰাষ্ট্ৰীয় মহাকাশ গবেষনা কেন্দ্ৰ, মহানাদ, আলাস্কা, গংগা নদীৰ উৎস, ব্ৰহ্মপুত্ৰৰ উৎস, জাতিংগা, পৰিভ্ৰমী চৰাই, ………..৷

প্ৰথমে আচৰিত হৈ সুধিছিলো, ‘‘ক’ত গম পালা এইটোৰ কথা ?’’
‘‘ছোটা ভীম (বা টম এন জেৰী)ত দেখুৱাইছিল ৷’’
এই কাৰ্টুনবোৰ চাই বহুত ভাল কথাও শিকিব পাৰি ৷ পাছে আমি জাতিংগা, ব্ৰহ্মপুত্ৰৰ উৎস আদি দুটামান কথাৰ বাহিৰে অসম সম্পৰ্কীয় বেছি কথা পতা নাই ৷ অসমৰ কথা ছোটা ভীমত নেদেখুৱাই ৷ গতিকে তায়ো মোক সোধাই নাই, মোৰো কোৱা নহয় ৷

প্ৰাপ্তিৰ লগত কথাবোৰ পাতি থাকি ভাল পাওঁ ৷ কাৰন প্ৰাপ্তিৰ মাজত নিজকে বিচাৰি পাওঁ ৷
প্ৰাপ্তিৰ দৰে মই সৰু থাকোতে ময়ো দেউতাক এনেদৰে কথা সুধিছিলো ৷ গুগুল নথকা দিনতো দেউতাই মোক যিমান পাৰে সিমান কথা বুজাই দিছিল ৷
প্ৰাপ্তিৰ দৰে ময়ো দেউতাৰ সৈতে কথা পাতি থাকোতে এটা বিষয়ত আৰম্ভ কৰি বেলেগ বিষয়ত শেষ কৰিছিলো ৷
মই প্ৰাপ্তিক কোৱাৰ দৰে দেউতায়ো মোক কৈছিল, ‘‘বুবী, এতিয়া তুমি এইটো শুনিবা নে কোনটো কথা শুনিবা ?’’
প্ৰাপ্তিৰ দৰে ময়ো তেতিয়া ওঁঠত আঙুলি থৈ কৈছিলো, ‘‘অ অ, কোৱা কোৱা ৷’’

পাছে মাজে মাজে এটা বুজাব নোৱাৰা ধৰনৰ বেজাৰে মনটো সেমেকাই দিয়ে ৷
সেই কাৰনে প্ৰাপ্তিৰ সৈতে যিমান পাৰো এতিয়াই কথা পাতি লৈছো ৷
তাই যদি মোৰ দৰে হৈ যায় ?
সৰুকাল চোৱাত দেউতাৰ হাতত ধৰি ধৰিয়ে ফুৰিলো ৷ দেউতায়ে মোক সকলো কথা শিকালে ৷ দেউতাৰ লগতে সকলো কথা পাতিছিলো ৷
পাছে পঢ়ি শুনি যেতিয়া ‘শিক্ষিত’ হ’লো তেতিয়া জানো মোৰ কি হৈ গ’ল ? এনে লাগিবলৈ ধৰিলে যেন দেউতাই একো নাজানে আৰু মই সকলো জানো ৷ দেউতাক পুৰনিকলীয়া যেন লগা হ’ল ৷ দেউতা ৰৈ থাকে মোৰ সৈতে কথা পাতিবলৈ ৷ মই পাছে নাপাতিলো তেখেতৰ সৈতে দেশ বিদেশৰ কথা ৷

এতিয়া দেউতা নাই ৷ মই নিজেই ‘দেউতা’ হ’লো ৷ এতিয়া মনত পৰে মোৰ সৰুকালৰ সেই দিনবোৰৰ কথা আৰু মনত পৰে মই শিক্ষিত হৈ অশিক্ষিত হৈ যোৱা সেই দিনবোৰৰ কথা ৷

আশা কৰিছো মোৰ ছোৱালীজনীয়ে সদায়ে মোক কিবা নহয় কিবা এটা সুধি থাকক ৷
যিমান দিনলৈ পাৰো তাইক কৈ যাম ৷
যিমান দিনলৈ পাৰো গুগুল নকৰাকৈয়ে কৈ যাম ৷
যিমান দিনলৈ পাৰো পুৰণিকলীয়া নহ’বলৈ যত্ন কৰিম !
স্বৰ্গীয় সদানন্দ দত্ত


‘‘দেউতা মোক আকৌ  ১৯৫০ বৰভূইকঁপৰ কথা কোৱাচোন ৷ বহুদিন আগতে পাতিছিলো মনত আছে নে তোমাৰ ?’’





No comments:

Post a Comment